ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলৰ পুনৰ নিৰীক্ষণ
২০০০ চনৰ জানুৱাৰী মাহৰ ৩ তাৰিখৰ পৰা এপ্ৰিল মাহৰ ১৭ তাৰিখৰ লৈকে থকা ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলৰ ভাষণবোৰৰ ওপৰত আধাৰিত কৰি এই পুনৰ নিৰীক্ষণ আলোচনা কৰা হʼব। নিযুক্ত কৰা সময়ৰ অনুসৰি, আপুনি যাতে প্ৰশ্নসমূহৰ উত্তৰবোৰ লিখিব পাৰে তাৰ বাবে এখন বেলেগে কাগজ ব্যৱহাৰ কৰক।
[সূচনা: পুনৰ নিৰীক্ষণৰ সময়ত, যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ মাত্ৰ বাইবেল ব্যৱহাৰ কৰিব পাৰে। প্ৰশ্নসমূহৰ পাছত উল্লেখ কৰা সংখ্যাবোৰ ব্যক্তিগতৰূপে আপুনি অনুসন্ধান কৰাত সহায়ৰ বাবে দিয়া হৈছে। প্ৰহৰীদুৰ্গ-ৰ পৰা উত্তৰ বিচাৰি পাবলৈ সকলো প্ৰশ্নৰ পাছত পৃষ্ঠা বা অনুচ্ছেদৰ নম্বৰ নাথাকিবও পাৰে।]
প্ৰত্যেক নিম্নলিখিত বিৱৰণ শুদ্ধ নে অশুদ্ধ তাৰ উত্তৰ দিয়ক:
১. যিহোৱাৰ আশীৰ্ব্বাদ পাবলৈ হয়তো কেতিয়াবা-কেতিয়াবা আমি অপেক্ষা কৰিব লগীয়া হয় কিয়নো তেওঁ আমাৰ পৰিস্থিতিক জানে আৰু যি সময়ত আমাৰ বাবে লাভজনক, সেই সময়ত আমাৰ প্ৰত্যেক আৱশ্যকতাক পূৰণ কৰিব। (গীত. ১৪৫:১৬; যাকো. ১:১৭) [w৯৮ ১/১ পৃ. ২৩ অনু. ৬]
২. যৌন সম্বন্ধে আমাৰ লʼৰা-ছোৱালীক শিক্ষা দিয়াটো মাত্ৰ উচিতেই নহয় কিন্তু ই এক কৃপাযুক্তও হয়। [w৯৮ ২/১৫ পৃ. ৮]
৩. আজি আমি মাত্ৰ যিহোৱাৰ বাক্যক পঢ়াৰ দ্বাৰা আধ্যাত্মিকৰূপে প্ৰতিপালন হৈছোঁ। (দ্বিতী. ৮:৩) [সপ্তাহিক বাইবেল পাঠ; w৮৫ ৬/১৫ পৃ. ১৭ অনু. ১৫, ১৭ চাওঁক।]
৪. দ্বিতীয় বিবৰণ ২৩:২০ পদত মোচিৰ ব্যৱস্থাত থকা এটা সিধান্তই উল্লেখ কৰি দেখুৱাইছে যে এজন খ্ৰীষ্টানৰ বাবে টকা ধাৰলৈ দি তাৰ বাবদ সুত লোৱাটো প্ৰেমৰ কাৰ্য্য নহয়। [সপ্তাহিক বাইবেল পাঠ; it-১ পৃ. ১২১২ অনু. ৫; it-২ পৃ. ২৫৯ অনু. ১১; w৮৬ ১০/১৫ পৃ. ১২ অনু. ৯ চাওঁক।]
৫. যিহোচূৱা আৰু কালেবৰ আশাপূৰ্ণ ৰিপৰ্ট এইবাবে দিছিল কিয়নো তেওঁলোকৰ সম্পূৰ্ণ বিশ্বাস আছিল যে ইস্ৰায়েলসকল বহুত শক্তিশালী আৰু তেওঁলোক সঙ্কল্পত বহু দৃঢ়। সেইবাবে ইস্ৰায়েলসকলে যি কোনো পৰিস্থিতিতে, সকলো বাধাৰ সন্মূখীন হৈ প্ৰতিজ্ঞাত দেশক অধিকাৰ কৰিব পাৰিব। (গণ. ১৩:৩০) [w৯৮ ২/১ পৃ. ৫ অনু. ৪]
৬. প্ৰথম তীমথিয় কিতাপত থকা “বৰ” বিষয়ে উল্লেখ কৰাৰ সময়ত পৌলে তীমথিয়ক সোৱঁৰাই দিছিল যে তেওঁ এজন পবিত্ৰ আত্মাৰে নিযুক্ত কৰা অভিষেক ব্যক্তি আৰু স্বৰ্গীয় পুৰস্কাৰ তেওঁৰ বাবে অপেক্ষা কৰি আছে। (১ তীম. ৪:১৪) [w৯৮ ২/১৫ পৃ, ২৫ অনু. ১]
৭. যদিও ব্যভিচাৰ ক্ষমা পাব পাৰে, কিন্তু নিৰ্দ্দোষী সঙ্গীৰ বাবে বিবাহ বিচ্ছেদ কৰাটো শাস্ত্ৰীয়ৰূপে যুক্তিসঙ্গত। (মথি ৫:৩২) [kl অধ্যায় ১৩ অনু. ১৩]
৮. যীচুৱে মণ্ডলীক সকলো সময়তে মৃদুতা, প্ৰেম আৰু ন্যায় দেখুৱাৰ দৰে স্বামীসকলেও নিজৰ স্ত্ৰীক সেইদৰে ব্যৱহাৰ কৰাৰ যোগেদি খ্ৰীষ্টৰ অধীনতাক স্বীকাৰ কৰে। (১ যোহন ২:৬; মথি ২০:২৫-২৮) [kl অধ্যায় ১৪ অনু. ১২]
৯. বিচাৰকৰ্ত্তাবিলাক ৬:৩৭-৩৯ পদত দেখুৱাইছে যে গিদিয়োনে অত্যাধিক সতৰ্কতা অৱলম্বন কৰিছিল আৰু তেওঁ যিহোৱাৰ শক্তিৰ ওপৰত সন্দেহ কৰাৰ বাবে অনুৰোধ কৰিছিল। [সপ্তাহিক বাইবেল পাঠ; w৮৮ ৪/১ পৃ. ৩০ অনু. ৬]
১০. যেতিয়া যীচুয়ে শিষ্যসকলক ‘বাটত কাকো নমস্কাৰ নকৰিবলৈ’ কৈছিল, তেওঁ কব বিচাৰিছিল যে প্ৰচাৰ কাৰ্য্য সকলোতকৈ আৱশ্যক কাৰ্য্য আৰু এই কাৰ্য্যত আমি সম্পূৰ্ণ মনোযোগ দিয়া উচিত। [w৯৮ ৩/১ পৃ. ৩০ অনু. ৫]
নিম্নলিখিত প্ৰশ্নৰ উত্তৰ দিয়ক:
১১. যিহোৱাই কৰা সকলো আজ্ঞা পিতৃ-মাতৃৰ হৃদয়ত থকাটো কিয় আৱশ্যক? (দ্বিতী. ৬:৫, ৬) [সপ্তাহিক বাইবেল পাঠ; w৯৮ ৬/১ পৃ. ২০ অনু. ৪ চাওঁক।]
১২. দ্বিতীয় বিবৰণ ১১:১৮, ১৯ পদত দিয়া সিধান্তক পৰিয়ালৰ মুখিয়ালে কেনেকৈ প্ৰয়োগ কৰিব পাৰে? [সপ্তাহিক বাইবেল পাঠ; fy পৃ. ৭০ অনু. ১৪ চাওঁক।]
১৩. বাইবেলৰ দ্বাৰা আমি কেনেকৈ প্ৰমাণ কৰিব পাৰোঁ যে পৌলে ফিলিমনলৈ চিঠি লিখাৰ পূৰ্ব্বেই পলাই যোৱা দাস ওনীচিম তেওঁৰ সৈতে কিছু সময় আছিল? [w৯৮ ১/১৫ পৃ, ৩০ অনু. ২]
১৪. যেতিয়া আমি নিজৰ সৈতে অন্যায় হোৱা অনুভৱ কৰোঁ বা আনৰ সৈতে অন্যায় হোৱা দেখোঁ, সেই সময়ত এক হতাশাগ্ৰস্ত বা নিৰাশাবাদ মনোভাৱ বৃদ্ধি হোৱাৰ পৰা আতঁৰি থাকিবলৈ কি কৰিব পাৰোঁ? [w৯৮ ২/১ পৃ. ৬ অনু. ২-৩]
১৫. এই ব্যৱস্থা কেনেকৈ ধ্বংস হʼব? [kl অধ্যায় ১১ অনু. ১৫]
১৬. যিহোচূৱা ১০:১০-১৪ পদত বৰ্ণনা কৰা ঘটনাবোৰ হৰমাগিদোনত অপেক্ষা কৰা ঘটনাবোৰৰ সৈতে কেনেকৈ সমান্তৰাল? [সপ্তাহিক বাইবেল পাঠ; w৮৬ ১২/১৫ পৃ. ২৩ অনু. ১২-পৃ, ২৪ অনু, ১৪]
১৭. উপযুক্ত আচৰণৰ বাবে প্ৰকৃত প্ৰশংসাৰ তিনিটা লাভৰ বিষয়ে উল্লেখ কৰক। (হিতোপদেশ ১৫:২৩ তুলনা কৰক।) [w৯৮ পৃ. ৩১ অনু. ৫-৬]
১৮. যিহোচূৱা ২০:৪ পদৰ সামঞ্জস্যত, কেনেকৈ এজন ব্যক্তি প্ৰতিৰূপী আশ্ৰয়-নগৰত পলাই যাব পাৰিছিল? [সপ্তাহিক বাইবেল পাঠ; w৮৬ ১২/১৫ পৃ. ২৪ অনু. ১৬ চাওঁক।]
১৯. বিচাৰকৰ্ত্তাবিলাক ৫:৩১ পদত কেনেকৈ উল্লেখ কৰিছে যে বিচাৰকৰ্ত্তা বাৰাকে কীচোন নদীৰ ওচৰত চীচৰাৰ শক্তিশালী সৈন্যৰ ওপৰত লাভ কৰা বিজয়ে আমাৰ সময়ৰ বাবেও বিশেষ অৰ্থ ৰাখে? [সপ্তাহিক বাইবেল পাঠ; w৮৬ ২/১৫ পৃ. ২১ অনু. ৪ চাওঁক।]
২০. বিচাৰকৰ্ত্তাবিলাক ৭:২১ পদৰ “প্ৰতিজনে নিজ নিজ ঠাইত থিয় হৈ ৰল” অভিব্যক্তিৰ পাছত থকা সিধান্তক আমি কেনেকৈ পালন কৰিব পাৰোঁ? [সপ্তাহিক বাইবেল পাঠ; w৮২ ৬/১ পৃ. ২৫ অনু. ১৭ চাওঁক।]
প্ৰত্যেক নিম্নলিখিত উক্তিক পূৰ্ণ কৰিবলৈ আৱশ্যকীয় শব্দ বা বাক্য দিয়ক:
২১. যিহোৱাৰ আশীৰ্ব্বাদক অধিকৰূপে অনুভৱ কৰিবলৈ, আমি _________________________ কৰা আৰু যিহোৱাই প্ৰদান কৰা বাক্যত থকা শিক্ষাবোৰ _________________________ সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰা আৱশ্যক। (১ তীম. ৪:৮, ৯) [w৯৮ ১/১ পৃ. ২৪ অনু. ৬]
২২. খোচামোদ কৰাটো যিহোৱাৰ বাবে অসন্তুষ্টকৰ কিয়নো ই _________________________ দ্বাৰা প্ৰেৰিত হয়, ইয়াত কোনো _________________________ বা _________________________ নাথাকে, ইয়াৰ ওপৰিও ই হৈছে _________________________ [w৯৮ ২/১ পৃ. ৩০ অনু. ২-৩]
২৩. প্ৰেতাত্মাবাদ _________________________ বা _________________________ লগত পোনপটীয়াকৈ বা _________________________ দ্বাৰা জড়িত হয়। [kl অধ্যায় ১২ অনু. ৬]
২৪. মথি ৭:২৪-২৭ পদত দিয়া যীচুৰ দৃষ্টান্তক পালন কৰি সুবিবেচক পিতৃ-মাতৃয়ে তেওঁলোকৰ সন্তানক _________________________ দিয়াৰ দ্বাৰাই ধুমুহাৰূপী হেচাঁবোৰত _________________________ হৈ থিয় দিবলৈ সহায় কৰিব পাৰে। [w৯৮ ২/১৫ পৃ. ৯ অনু. ১]
২৫. বাইবেলত _________________________তকৈও অধিক বাৰ, যিহোৱাক _________________________ বুলি কোৱা হৈছে। সাৰ্ব্বভৌম সেইজন ব্যক্তিক কোৱা হয় যিজনৰ ওচৰত _________________________ থাকে। [kl অধ্যায় ১৪ অনু. ৩]
প্ৰত্যেক নিম্নলিখিত উক্তিৰ শুদ্ধ উত্তৰ বাচঁনি কৰক:
২৬. এজন ব্যক্তিৰ মৃত্যু হোৱাৰ আগতে তেওঁৰ জমা থকা সম্পত্তি কি কৰিব লাগে বা নালাগে সেয়া হৈছে (মণ্ডলীৰ বিষয়; ব্যক্তিগত বিষয়; সত্য খ্ৰীষ্টানৰ বাবে এটা নিয়মৰ বিষয়)। (গালা. ৬:৫) [w৯৮ পৃ. ১৯ অনু. ৬]
২৭. পৌলে (ওনম; অনীচিফৰ; ওনীচিমক) নম্ৰতাৰে গ্ৰহণ কৰিবলৈ ফিলিমনক উৎসাহিত কৰিছিল কিন্তু পৌলে পাচঁনি হোৱা অধিকাৰক তেওঁক আজ্ঞা দিবলৈ ব্যৱহাৰ কৰা নাছিল যে তেওঁ সেইদৰেই কৰিব লাগে বা নিজৰ দাসক মুক্তি দিব লাগে। (ফিলী. ২১) [w৯৮ পৃ. ৩১ অনু. ১]
২৮. যি কুষ্ঠ ৰোগীসকলক যীচুৱে সুস্থ কৰিছিল তেওঁলোকৰ এক বিশেষ গুণৰ অভাৱ দেখা পোৱা যায়, সেইটো আছিল (বিশ্বাসৰ অভাৱ; অবাধ্যতা; অকৃতজ্ঞতা)। (লূক ১৭:১১-১৯) [w৯৮ ২/১৫ পৃ. ৫ অনু. ১]
২৯. ৰাহাবে যি কৰিছিল ঈশ্বৰে তাক সমৰ্থন কৰিলে, সেইবাবে ইস্ৰায়েলৰ গুপ্তচৰক বিচাৰি অহা যিৰীহোৰ মানুহবিলাকক তাই যি কৈছিল তাৰ পৰা এইটো প্ৰকাশ পাই যে (মিছা কথা কব লাগে নে নালাগে সেইটো আমাৰ ব্যক্তিগত সিদ্ধান্ত; যি ব্যক্তিৰ সচাঁ কথা জনাৰ অধিকাৰ নাই তেওঁক সেই কথা কোৱাটো আৱশ্যক নহয়; ৰাহাবে তেতিয়ালৈকে তাইৰ সকলোবোৰ জাগতিক কাৰ্য্যক ত্যাগ দিয়া নাছিল।) (যিহো. ২:৩-৫; ৰোমী. ১৪:৪ সৈতে তুলনা কৰক।) [সপ্তাহিক বাইবেল পাঠ; w৯৩ ১২/১৫ পৃ. ২৫ অনু. ১ চাওঁক।]
৩০. যোহন ১৩:৫ পদৰ অনুসাৰে যীচুৱে যি কৰিলে; তাত আমি (স্নেহ; সহানুভূতি; নম্ৰতা) গুণ শিকিবলৈ পাওঁ, যিয়ে এজন ব্যক্তিক আনৰ বাবে অতি ক্ষুদ্ৰ কাৰ্য্যও কৰিবলৈ প্ৰেৰণা দিয়ে। [w৯৮ ৩/১৫ পৃ. ৭ অনু. ৬]
নিম্নলিখিত শাস্ত্ৰপদবোৰ তলত দিয়া তালিকাৰ উক্তিবোৰৰ সৈতে মিলাওঁক:
দ্বিতী. ৭:৩, ৪; ২৫:১১, ১২; ২৮:৩; যিৰি. ১৫:২০; ইফিচীয়া ১:২২
৩১. প্ৰত্যেক খ্ৰীষ্টান দম্পতিক পৰিয়াল পৰিকল্পনাৰ বাবে সঠিক সিধান্ত লোৱাত সহায় কৰে যেতিয়া তেওঁলোকে স্মৰণ কৰে যে যিহোৱাই পুনৰাই জন্মাব পৰা অঙ্গবোৰক মুল্যৱান জ্ঞান কৰে। [সপ্তাহিক বাইবেল পাঠ; w৯৯ ৬/১৫ পৃ. ২৮ অনু. ১-৪ চাওঁক।]
৩২. ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তাক প্ৰচাৰ কৰিবলৈ দিয়া আজ্ঞা সম্পূৰ্ণ কৰা সময়ত আমি ভৰসা ৰাখিব পাৰোঁ যে যিহোৱাই আমাক সমৰ্থন কৰে। [w৯৮ ৩/১ পৃ, ২৮ অনু. ১]
৩৩. বাইবেলৰ সাৱধানবাণীয়ে আমাক সেই দুঃখজনক পৰিণামৰ পৰা আতঁৰাই ৰাখে যিটো এজন খ্ৰীষ্টান ব্যক্তিয়ে এজন অবিশ্বাসী সঙ্গীৰ সৈতে একেলগে যুঁৱলিত বন্ধাৰ ফলস্বৰূপে প্ৰায়ে ভুগিব লগীয়া হয়। [সপ্তাহিক বাইবেল পাঠ; w৮৬ ১১/১ পৃ. ২০ অনু. ১১ চাওঁক।]
৩৪. ঈশ্বৰৰ আশীৰ্ব্বাদসমূহ পাবলৈ আমি কʼত বাস কৰোঁ বা সেৱা কৰোঁ নাইবা ঈশ্বৰৰ সেৱাত কি কাৰ্য্য কৰোঁ তাৰ ওপৰত নিৰ্ভৰ নকৰে। [সপ্তাহিক বাইবেল পাঠ; w৯৬ ৬/১৫ পৃ. ১৫ অনু. ১৫ চাওঁক।]
৩৫. মণ্ডলী হৈছে যীচু খ্ৰীষ্টৰ অন্তৰ্ভুক্ত আৰু যেনেকৈ তেওঁ কৰিন্থীত কৰিছিল, তেওঁ নিজৰ উপযুক্ত সময়ত যি কোনো কঠিন সমস্যাক সমাধান কৰিবলৈ কাৰ্য্য কৰিব যিবোৰ সমস্যাই মণ্ডলীৰ আধ্যাত্মিক কল্যাণ আৰু শান্তিৰ বাবে বিপদ উৎপন্ন কৰে। [w৯৬ ৬/১৫ পৃ. ৩০.]