ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৪/০০ পৃষ্ঠা ৭
  • ঘোষণাসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণাসমূহ
  • ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৪/০০ পৃষ্ঠা ৭

ঘোষণাসমূহ

▪ এপ্ৰিল আৰু মে’ মাহত প্ৰহৰীদূৰ্গ আৰু সচেতন! আলোচনীৰ একোখনকৈ কপি বিতৰণ কৰক। আগ্ৰহী ব্যক্তিসকলক বিচাৰে ব্ৰচাৰখন দি বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ চেষ্টা কৰক। জুন: ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? ব্ৰচাৰখন দিয়ক আৰু বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ মনোযোগ দিয়ক। জুলাই আৰু আগষ্ট: তলত দিয়া ৩২ পৃষ্ঠাৰ যি কোনো ব্ৰচাৰ ব্যৱহাৰ কৰিব পাৰে: বাস্তৱতে ঈশ্বৰে আমাৰ বাবে চিন্তা কৰেনে?, পৃথিৱীত অনন্ত কাল জীৱনৰ আনন্দ লওঁক!, আপুনি ত্ৰিমূৰ্ত্তি বিশ্বাস কৰা উচিত নে?, সেই ঈশ্বৰীয় নাম যি সদায় স্থিৰ থাকিব, সেই চৰকাৰে যি পৰমদেশ আনিব, যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া আমালৈ কি ঘটে?, জীৱনৰ উদ্দেশ্য কি—আপুনি ইয়াক কিদৰে পাব পাৰে?, আৰু যেতিয়া কোনো আপোনজনাৰ মৃত্যু হয়। ইয়াৰ ওপৰিও আন ব্ৰচাৰসমূহ হৈছে সকলোৰ বাবে এখন কিতাপ, আমাৰ সমস্যাসমূহ—কোনে ইয়াৰ সমাধান কৰিব?, মৃত্যুবিলাকৰ আত্মা—তেওঁলোকে আমাক সহায় কৰেনে অথবা হানি কৰে? তেওঁলোকে বাস্তৱতে অস্তিত্বত আছেনে?, আৰু কি কেতিয়াবা যুদ্ধ বিহীন সংসাৰ সম্ভৱ হʼবনে?

▪ সংস্থাই ইংৰাজী ভাষাত পকাবন্ধা প্ৰহৰীদুৰ্গ আৰু সচেতন! আলোচনীৰ যোগান ধৰিছে। উপলব্ধ থকা প্ৰহৰীদুৰ্গ হৈছে, ১৯৫১-১৯৫৯, ১৯৮২-১৯৮৪, ১৯৯২, আৰু ১৯৯৭-৯৮ চন, সচেতন! হৈছে ১৯৯২, আৰু ১৯৯৭-৯৮ চন। কোনো প্ৰচাৰক বা কোনো নতুন মণ্ডলীয়ে সেই পকাবন্ধা আলোচনীক পাবলৈ বিচাৰে, তেনেহʼলে মণ্ডলীৰ সাহিত্য চোৱা-চিতা কৰা ভাইৰ দ্বাৰা আৱেদন পত্ৰ পঠিয়াব পাৰে।

▪ ভৱিষ্যতে অতি সোনকালে কম্পেক্ট ডিক্সত (CD-ROM) প্ৰহৰীদুৰ্গ লাইব্ৰেৰী—১৯৯৯ চনৰ সংস্কৰণ উপলব্ধ কৰা হʼব। মণ্ডলীয়ে সাহিত্য আৱেদন পত্ৰ (S-14) ব্যৱহাৰ কৰি তেওঁলোকৰ আৱেদন পঠিয়াব পাৰে। মন কৰিবলগীয়া বিষয় হৈছে এই কম্পেক্ট ডিক্স ৰাইজক বা স্কুল লাইব্ৰেৰীৰ বাবে আৰু যিসকলে যিহোৱা সাক্ষীৰ প্ৰতি আগ্ৰহী, তেনে কোনো ব্যক্তিক দিয়া নহʼব। প্ৰহৰীদুৰ্গ লাইব্ৰেৰী—১৯৯৯ চন একমাত্ৰ মণ্ডলীৰ সদস্যৰ বাবে ব্যৱস্থা কৰা হৈছে আৰু ইয়াক মাত্ৰ মণ্ডলীৰ দ্বাৰা উপলব্ধ কৰা হʼব। যেতিয়ালৈকে কম্পেক্ট ডিক্স উপলব্ধ নহয় আৰু পঠোৱা নহয় তেতিয়ালৈকে সেই আৱেদন পত্ৰসমূহ মণ্ডলীৰ পেকিং লিষ্টত “স্থগিত” অৱস্থাত ৰখা হʼব।

▪ বাৰ্ষিক সাহিত্যসমূহৰ নিৱেদনৰ বাবে বিশেষ আৱেদন পত্ৰ, সংস্থাই জানুৱাৰী মাহৰ হিচাব পত্ৰসমূহৰ সৈতে সকলো মণ্ডলীলৈ পঠিয়াই দিছে। এতিয়ালৈকে যি মণ্ডলীসমূহে ২০০০ চনৰ বেজ কাৰ্ড আৰু ২০০১ চনৰ বাৰ্ষিক সাহিত্যৰ নিৱেদন কৰা নাই তেওঁলোকে কোনো পলম নকৰাকৈ নিৱেদন পত্ৰ পঠোৱা উচিত। যদি আপোনাক বেজ কাৰ্ড হল্ডাৰ (প্লাষ্টিক) আৱশ্যক তেনেহʼলে নিয়মীয়া নিৱেদনৰ সৈতে আৱেদন পত্ৰ (S-14) পঠোৱা উচিত। এইটো এইবাবে কৰা হৈছে, কিয়নো সৰু পেকেটবোৰ প্ৰেৰণ কৰোঁতে প্ৰায়ে হেৰাই যায়।

▪ নতুন প্ৰকাশন উপলব্ধ:

যিহোৱা—তেওঁ কোন? (ট্ৰেক্ট নং. ২৩)—অসমীয়া, ইংৰাজী, উড়িয়া, কানাড়ী, গুজৰাটী, তামিল, তেলেগু, নেপালী, পঞ্জাবী, বঙালী, মিজো, মালয়ালম, আৰু মাৰাঠী।

আল্লাই আমাৰ জীৱনৰ হিচাপ লয়নে নাইবা আমাৰ জীৱন কিচমতৰ ওপৰত নিৰ্ধাৰিত? (ট্ৰেক্ট নং. ৭১)—অসমীয়া, ইংৰাজী, কানাড়ী, তামিল, তেলেগু আৰু মালয়ালম।

এক মহান নাম (ট্ৰেক্ট নং. ৭২)—অসমীয়া, ইংৰাজী, কানাড়ী, তামিল, তেলেগু আৰু মালয়ালম।

কোন হয়? যিহোৱা সাক্ষীসকল (ট্ৰেক্ট নং. ৭৩)—অসমীয়া, ইংৰাজী, কনাড়ী, তামিল, তেলেগু আৰু মালয়ালম।

দোজখ আল্লাৰ বিচাৰৰ ভাগ হয়নে? (ট্ৰেক্ট নং. ৭৪)—অসমীয়া, ইংৰাজী, কানাড়ী, তামিল, তেলেগু আৰু মালয়ালম।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক