আপুনি আত্ম-বলিদানৰ বাবে আগ্ৰহীনে?
১ যীচু খ্ৰীষ্টই মানৱজাতিলৈ নিস্বাৰ্থভাৱে যি কাৰ্য্য কৰিলে সেই কাৰ্য্যই আমাৰ সকলোকে আত্ম-বলিদানেৰে সম্পূৰ্ণ ক্ষমতা, বল আৰু শক্তিৰে কাৰ্য্য কৰিবলৈ প্ৰেৰণা যোগাব। শাস্ত্ৰই ইয়াৰ বিষয়ে এইদৰে বৰ্ণনা কৰিছে: “তোমালোকে নিজ নিজ শৰীৰক জীৱিত, পবিত্ৰ, আৰু ঈশ্বৰৰ গ্ৰহণীয় বলিস্বৰূপে উৎসৰ্গ কৰা।” (ৰোমী. ১২:১) সময়ে সময়ে নিজকে কৰা পৰীক্ষাই আপোনাক ব্যক্তিগতৰূপে চাবলৈ সহায় কৰিব যে, যি কোনো পৰিস্থিতিত আপুনি আত্ম-বলিদানৰ বাবে আগ্ৰহী হʼব নে নহয়।
২ বাইবেলৰ জ্ঞান আহৰণ কৰাৰ ক্ষেত্ৰত: ব্যক্তিগতৰূপে নিয়মীয়াকৈ বাইবেল পাঠ আৰু অধ্যয়ন কৰিবলৈ আপুনি সময় ওলিয়াইছেনে? আপুনি তালিকাখন অনুকৰণ কৰিছেনে? নিয়মীয়াকৈ আপুনি মণ্ডলীৰ সভাবোৰৰ বাবে তৈয়াৰী কৰেনে? আপুনি মূখিয়ালৰূপে পৰিয়ালৰ সদস্যসকলৰ সৈতে নিয়মিতৰূপে বাইবেল অধ্যয়ন কৰেনে? ইয়াৰ বাবে দুৰদৰ্শন বা কম্পিউটাৰ বা অন্য কাৰ্য্যবোৰৰ পৰা সময় উলিওৱা আৱশ্যক। ঈশ্বৰৰ বাক্যৰ বাবে এক সৰুমাত্ৰত কৰা বলিদানেও আপোনাক অনন্ত জীৱনলৈ লৈ যাবলৈ সহায় কৰিব!—যোহ. ১৭:৩.
৩ নিজ সন্তানক প্ৰশিক্ষণ দিয়া ক্ষেত্ৰত: বাল্যকালৰে পৰাই আত্ম-বলিদানৰ বিষয়ে শিক্ষা দিয়া আৱশ্যক। তেওঁলোকক শিকাওঁক যে যিদৰে খেলা-ধুলা কৰা এটা সময় আছে, সেইদৰে কাম আৰু ঈশ্বৰ-শাসিত কাৰ্য্য কৰাও এটা সময় আছে। (ইফি. ৬:৪) ঘৰতে তেওঁলোকে কৰিব পৰা কিছুমান কাম দিয়ক। তেওঁলোকৰ সৈতে প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ নিয়মিত তালিকা তৈয়াৰ কৰক। নিজে ভাল উদাহৰণ ৰখাৰ দ্বাৰা তেওঁলোকক শিক্ষা দিয়ক।
৪ মণ্ডলীৰ কাৰ্য্যবোৰৰ ক্ষেত্ৰত: সকলোৱে ইচ্ছুক হৈ কৰা আত্ম-বলিদানৰ কাৰ্য্যই মণ্ডলীক উন্নতিৰ পথলৈ আগবঢ়াই নিয়ে। (ইব্ৰী ১৩:১৬) ৰাজ্যৰ প্ৰচাৰ আৰু শিষ্য বনোৱা কাৰ্য্যত অধিক সময় অতিবাহিত কৰিবলৈ আপোনাৰ বাবে সম্ভৱনে? আপুনি স্বইচ্ছাৰে ৰোগী বা বৃদ্ধ ব্যক্তিক সভাবোৰত উপস্থিত হʼবৰ বাবে যাতায়তৰ ব্যৱস্থা কৰাৰ যোগেদি তেওঁলোকক সহায় কৰেনে?
৫ মানৱজাতিলৈ নিজ জীৱন বলিদান দিয়া কাৰ্য্যক যীচুৱে প্ৰথম স্থান দিছিল। সেইবাবে যীচুৱে তেওঁৰ শিষ্যসকলকো ৰাজ্যৰ কাৰ্য্যবোৰত ধ্যান কেন্দ্ৰিত কৰিবলৈ আৰু অন্য বস্তুবোৰক দ্বিতীয় স্থান দিবলৈ পৰামৰ্শ দিছিল। (মথি ৬:৩৩) গতিকে এনেধৰণৰ আত্ম-বলিদান কৰিলে, আমি আনন্দিত হৈ একেৰাহে ঈশ্বৰক সেৱা কৰিব পাৰিম।