পৰিচৰ্য্যা সভাৰ তালিকা
এপ্ৰিল ১০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১২২ (২৩)
১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যা-ৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ। এপ্ৰিল ১৬ তাৰিখে দিবলগীয়া বিশেষ ৰাজহুৱা ভাষণৰ সম্পৰ্কে স্মৰণ কৰাই দিবলৈ পাহৰি নাযাব, যাৰ বিষয় হৈছে “মানৱজাতিক কিয় মুক্তিপণৰ আৱশ্যক।” প্ৰতিদিনে শাস্ত্ৰবচন পৰীক্ষা কৰক—২০০০, এই পুস্তকত উল্লেখ কৰা এপ্ৰিল মাহৰ ১৪-১৯ তাৰিখলৈ স্মৰণীয় পৰ্বৰ ওপৰত আধাৰিত বাইবেল পাঠৰ তালিকা অনুসাৰে সকলোকে বাইবেল পঢ়িবলৈ উৎসাহিত কৰক। অন্তপত্ৰৰ ৪ পৃষ্ঠাত দিয়া “স্মৰণীয় পৰ্বৰ বাবে পুনৰ স্মৰণ কৰাই দিয়া বিষয়সমূহ,” পুনৰ আলোচনা কৰক।
১৫ মি: “আপুনি খ্ৰীষ্টীয় প্ৰেম প্ৰকাশ কৰিছেনে?” এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষটোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক। মে’ ১, ১৯৯৮ চনৰ প্ৰহৰীদুৰ্গ, ১৬-১৭ পৃষ্ঠাৰ ১২-১৩ অনুচ্ছেদত থকা বিষয়বোৰক চামিল কৰক। স্মৰণীয় পৰ্বত সকলোকে আমন্ত্ৰণ কৰিবলৈ উৎসাহিত কৰক।
২০ মি: “এপ্ৰিল মাহত সৎকৰ্ম্ম কৰিবলৈ উদ্যোগী হওঁক!” প্ৰশ্ন আৰু উত্তৰ। এপ্ৰিল মাহত আমি যি কৰিবলৈ ঠিৰাং কৰিছোঁ সেই বিষয়ে এক আগ্ৰহপূৰ্ণ আলোচনা। শেষৰ তিনি বা চাৰি মিনিটত “উৎসাহে অধিক মানুহক উদ্যোগী কৰে,” বিষয়টো পুনৰ আলোচনা কৰক।
গীত ১৯৯ (১১) আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
এপ্ৰিল ১৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ২৫ (২)
১৩ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপৰ্ট। এপ্ৰিল মাহটো শেষ হʼবলৈ মাত্ৰ দুটা সপ্তাহ বাকী থাকিল, সেইবাবে সকলোকে বাকী থকা সপ্তাহত প্ৰচাৰ কাৰ্য্যত ভাগ লবলৈ উৎসাহিত কৰক। চলিত আলোচনী ব্যৱহাৰ কৰি চমুকৈ এটা প্ৰদৰ্শন দেখুৱাওঁক। প্ৰচাৰ ক্ষেত্ৰত হয়তো আমি এনে ব্যক্তিসকলক লগ পাব পাৰোঁ যিসকলে ইষ্টাৰ পৰ্ব পালন কৰে, তেনে ব্যক্তিসকলৰ সৈতে কথা-বতৰা হʼবলৈ ৰীজনিং কিতাপৰ ১৭৯-৮০ পৃষ্ঠাত দিয়া পৰামৰ্শবোৰক ব্যৱহাৰ কৰিব পাৰোঁ।
১৬ মি: “আপুনি আত্ম-বলিদানৰ বাবে আগ্ৰহীনে?” প্ৰশ্ন আৰু উত্তৰ। আমি যি বিষয়বোৰক প্ৰথম স্থান দিব লাগে সেইবিলাকক প্ৰথম স্থানত ৰাখিবলৈ সম্পূৰ্ণ হৃদয়ৰে চেষ্টা কৰা আৱশ্যক। ইয়াৰ বাবে আমি নিজেই আগবাঢ়িব লাগিব আৰু আত্ম-বলিদান কৰা আৱশ্যক, যাৰ পৰা আমি আধ্যাত্মিকৰূপে লাভৱান হʼব পাৰিম। এই বিষয়ে যীচুৱে দেখুৱা আৰ্হিৰ পৰা আমি কি শিকিব পাৰোঁ তাক বৰ্ণনা কৰক।—ইনচাইট্, খণ্ড ২, ৬৮ পৃষ্ঠাৰ ৩-৫ অনুচ্ছেদ চাওঁক।
১৬ মি: এনে ব্যক্তিসকলক আলোচনী দিয়ক যিসকলক দিলে ফলদায়ক হʼব। ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা। জানুৱাৰী ৮, ১৯৯৫ চনৰ সচেতন!, ২২-৪ পৃষ্ঠাত দিয়া পৰামৰ্শসমূহক পুনৰ আলোচনা কৰক। বৰ্ণনা কৰক যে কিয় তেনেধৰণৰ ব্যক্তিসকলক বিচাৰি উলিওৱা আৱশ্যক যিসকলে আলোচনীবোৰত দিয়া বিশেষ বিষয়বোৰক পঢ়ে আৰু অধিক জানিবলৈ আগ্ৰহী হয়। পূৰ্বেই উল্লেখ কৰা এনে কিছুমান উদাহৰণ দাঙি ধৰক, যেনে, বিভিন্ন ধৰণৰ ব্যক্তি, ব্যৱসায়ী, বা বেলেগ সংগঠনৰ লোক, তেওঁলোকক আমাৰ আলোচনীবোৰে কেনেকৈ আগ্ৰহী কৰি তুলিছিল আৰু আমাৰ স্থানীয় প্ৰচাৰ ক্ষেত্ৰত সেই পৰামৰ্শবিলাক ব্যৱহাৰ কৰি কেনে ফল পোৱা গৈছে। এনে ভাই-ভনীক তেওঁলোকৰ অনুভৱ কবলৈ আমন্ত্ৰণ কৰক যিসকলে সেই পৰামৰ্শ ব্যৱহাৰ কৰি লাভৱান হৈছে।
গীত ৭১ (৪) আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
এপ্ৰিল ২৪ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৩৭ (১১)
১০ মি: স্থানীয় ঘোষণাসমূহ। মণ্ডলীত, এইবাৰৰ স্মৰণীয় পৰ্বত উপস্থিত হোৱা সংখ্যাৰ বিষয়ে ঘোষণা কৰক। এনে ভাই-ভনীক তেওঁলোকৰ অনুভৱ কবলৈ আমন্ত্ৰণ কৰক যিসকলক স্মৰণীয় পৰ্বত প্ৰথমবাৰৰ বাবে উপস্থিত হোৱা লোকসকলে তেওঁলোকৰ অনুভূতি প্ৰকাশ কৰিছিল।
১৭ মি: নতুন ব্যক্তিসকলক সভাত উপস্থিত হʼবলৈ উৎসাহিত কৰক। জ্ঞান কিতাপৰ ১৬১-৩ পৃষ্ঠা, ৫-৮ অনুচ্ছেদৰ ওপৰত আধাৰিত এক ভাষণ। নতুনকৈ অধ্যয়ন কৰা ব্যক্তিসকলে সভাত অহিবলৈ আৰম্ভ কৰা আৱশ্যক। তেওঁলোকৰ বাবে সভাত উপস্থিত হোৱাটো এক কঠিন কাৰ্য্য হʼব পাৰে। আপুনি তেওঁলোকক উৎসাহিত কৰিবলৈ কি কৰিব পাৰে? যিসকলে বাইবেল অধ্যয়ন পৰিচলনা কৰিছে তেওঁলোকে বিদ্যাৰ্থীসকলৰ সৈতে জ্ঞান কিতাপৰ পৰা এই বিষয়ে বৰ্ণনা কৰক আৰু সত্য উপাসনাত ভাগ লবলৈ এক নিৰ্দ্দিষ্ট সহায়ৰ ব্যৱস্থা কৰা আৱশ্যক।
১৮ মি: “আপুনি ৰাজ্যৰ বাৰ্ত্তাক নিয়মিতৰূপে ঘোষণা কৰেনে?” মণ্ডলীৰ চেক্ৰেটাৰীৰ দ্বাৰা ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা। আমি কিয় প্ৰচাৰ কাৰ্য্যৰ ৰিপৰ্ট কৰা আৱশ্যক, এই বিষয়ে বৰ্ণনা কৰক। (আমাৰ পৰিচৰ্য্যা, কিতাপৰ ১০৬-৮ পৃষ্ঠা চাওঁক।) যেতিয়া আমি ৰিপৰ্ট নিদিওঁ তেতিয়া কি কি সমস্যা উৎপন্ন হʼব পাৰে, তাৰে কিছুমান উল্লেখ কৰক। সকলোৱে সময়মতে প্ৰচাৰ কাৰ্য্যৰ ৰিপৰ্ট দিয়াটো ঠিৰাং কৰিবলৈ কি কৰিব পাৰে এই বিষয়ে কবলৈ শ্ৰোতাসকলক আমন্ত্ৰণ কৰক। উল্লেখ কৰক যে মণ্ডলীৰ পুস্তক অধ্যয়ন পৰিচালকে এই সংক্ৰান্তত কেনেকৈ সহায় কৰিব। এপ্ৰিল মাহ শেষ হʼবলৈ মাত্ৰ আৰু এটা শনিবাৰ আৰু দেওবাৰ বাকী আছে, সেইবাবে সকলোৱে প্ৰচাৰ ক্ষেত্ৰত ভাগ লোৱাটো কিয় গুৰুত্বপূৰ্ণ কাৰ্য্য তাক জোৰ দি বুজাই কওঁক।
গীত ২০০ (২৩) আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
মে’ ১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ২১৩ (২৬)
১২ মি: স্থানীয় ঘোষণাসমূহ। সকলোকে এপ্ৰিল মাহৰ প্ৰচাৰ কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ সোঁৱাৰাই দিয়ক। মণ্ডলীৰ পুস্তক অধ্যয়নৰ পৰিলচালকসকলে তেওঁলোকৰ গ্ৰুপত থকা সকলো প্ৰচাৰকক নিৰীক্ষণ কৰিব যাতে তেওঁলোকে সময়মতে ৰিপৰ্ট দিয়ে আৰু মণ্ডলীয়ে মে’ মাহৰ ৬ তাৰিখৰ ভিতৰত ৰিপৰ্টৰ হিচাপ-নিকাচ সম্পূৰ্ণ কৰিব পাৰে। প্ৰশ্ন বক্সৰ পুনৰ আলোচনা কৰক আৰু তাত দিয়া পৰামৰ্শসমূহ স্থানীয় মণ্ডলীত ব্যৱহাৰ কৰক।
১৫ মি: স্থানীয় আৱশ্যকতাসমূহ।
১৮ মি: “আপুনি পুনৰ সাক্ষাৎ কৰিবলৈ নিশ্চিত কৰক!” শ্ৰোতাসকলৰ সৈতে আলোচনা। আমি কিয় পুনৰ সাক্ষাৎ কৰাত বিফল হʼব পাৰোঁ সেই বিষয়ে কিছুমান কাৰণ বিবেচনা কৰক। পুনৰ সাক্ষাতৰ বাবে কিয় সঠিক টোকা লিখি ৰখা আৰু আগ্ৰহী হোৱা আৱশ্যক তাৰ বিষয়ে বৰ্ণনা কৰক। সকলোকে প্ৰত্যেক সপ্তাহত পুনৰ সাক্ষাতৰ বাবে আছুতীয়াকৈ সময় ৰাখিবলৈ পৰামৰ্শ দিয়ক। আমাৰ পৰিচৰ্য্যা কিতাপৰ ৮৮-৯ পৃষ্ঠা দিয়া বিষয়সমূহ আৰু ১৯৯৫ চনৰ বাৰ্ষিক পুস্তক, ৪৫ পৃষ্ঠাত বৰ্ণনা কৰা অনুভৱবিলাকৰ বিষয়ে পুনৰ আলোচনা কৰক।—১ কৰি. ৩: ৬, ৭.
গীত ৬৮ (৯) আৰু সমাপ্তিৰ প্ৰাৰ্থনা।