প্ৰশ্ন বক্স
▪ এটেনডেন্টসকলে সভাত উপস্থিত হোৱা কণ-কণ লʼৰা-ছোৱালীক সুশৃংখলা বজাই ৰাখিবলৈ পিতৃ-মাতৃসকলক কেনেকৈ সহায় কৰিব পাৰে?
লʼৰা-ছোৱালীবিলাক সাধাৰণতে চট্-ফটীয়া হয় আৰু অধিক সময়লৈকে বহি থাকিবলৈ আমনি পায়। সভাৰ পাছত, লʼৰা-ছোৱালীবিলাকে আৱদ্ধৰ পৰা মুকলি হয় আৰু হয়তু ইফালে-সিফালে লৰি ফুৰে নতুবা ৰাজ্য গৃহত বা অন্য সভা হোৱা স্থানত, গাড়ী ৰখোৱা ঠাইত বা ফুটপাথত অন্য লʼৰা-ছোৱালীবোৰক খেদি ফুৰে। সেইবাবে এই কথাফাঁকি কিমান যে সত্য: ‘শাসন নকৰা সন্তান নিজ পিতৃ-মাতৃক লাজ দিওঁতা।’—হিতো. ২৯:১৫.
দুখৰ বিষয় এই যে, বৃদ্ধ লোকসকলৰ মাজত লʼৰা-ছোৱালীবিলাক দৌৰি-ফুৰি তেওঁলোকক খুন্দা মাৰি বেয়াকৈ আঘাত কৰিছে। ইয়ে অযথা কষ্টৰ কাৰণ হৈ পৰে আৰু লগতে পিতৃ-মাতৃ আৰু মণ্ডলীৰ বাবে অদৰকাৰী খৰচ কৰিবলগীয়া হয়। নিজৰ আৰু আনৰ সুৰক্ষাৰ বাবে ৰাজ্যগৃহৰ ভিতৰত বা বাহিৰত লʼৰা-ছোৱালীবিলাকক খেলিব দিয়া উচিত নহয়।
লʼৰা-ছোৱালীবিলাকক উপাসনা গৃহক উচিতৰূপে সন্মান দেখুৱাবলৈ শিক্ষা দিয়াটো পিতৃ-মাতৃসকলৰ শাস্ত্ৰীয় দায়ীত্ব। (উপ. ৫:১ক) খ্ৰীষ্টানৰ সভা, সন্মিলন, আৰু অধিৱেশনবোৰত “সকলো কৰ্ম্ম সুন্দৰকৈ আৰু শৃঙ্খলা লগাই” কৰিবলৈ এটেনডেন্টসকলক নিযুক্তি দিয়া হয় যাতে সকলোবোৰ কাৰ্য্য ‘সুৰীতিৰে’ কৰে। (১ কৰি. ১৪:৪০; কল. ২:৫) তেওঁলোকে ভিতৰে-বাহিৰে, কাৰ্য্যক্ৰমৰ আগত, সেই সময়ত আৰু পাছত, সকলো সময়তে সতৰ্ক হৈ থকা আৱশ্যক। যদি কোনো লʼৰা-ছোৱালীয়ে দৌৰি ফুৰিছে বা অবাধ্য হৈছে, তেনেহʼলে এটেনডেন্ট ভাইসকলে সেই লʼৰা-ছোৱালীক বাধা দি লাহেকৈ কব পাৰে যে কিয় তেনে ধৰণৰ আচৰণ গ্ৰহণযোগ্য নহয়। আৰু লগতে সেই লʼৰা-ছোৱালীৰ পিতৃ-মাতৃকো নম্ৰভাৱে সমস্যাৰ বিষয়ে আৰু সন্তানক শাসন কৰিবলৈ কব পাৰে। সেই সময়ত পিতৃ-মাতৃয়ে সঠিকৰূপে প্ৰত্যুত্তৰ দিয়া আৱশ্যক।
এইটো সঠিক যে প্ৰায়ে কেঁচুৱা বা সৰু-সৰু লʼৰা-ছোৱালীবিলাক সভা চলি থকাৰ সময়ত কান্দি সকলোৰে মনোযোগ ভঙ্গ কৰে। কাৰ্য্যক্ৰম আৰম্ভ হোৱা ২০ মিনিটৰ আগতে এটেনডেন্টসকলে উপস্থিত থকা উচিত, যাতে তেওঁলোকে অডিটৰিয়ামৰ ভিতৰত শেষৰ দুশাৰীৰ চিটবোৰ সেই পিতৃ-মাতৃসকলৰ বাবে ৰাখিব পাৰে যিসকলে নিজৰ সৰু-সৰু লʼৰা-ছোৱালীৰ সৈতে বহিব বিচাৰে। আৰু আমি সকলোৱে তেওঁলোকৰ বাবে চিট এৰি দি এটেনডেন্টসকলক সহযোগ দিয়া উচিত।
যদি লʼৰা-ছোৱালীবিলাক মনোযোগ ভঙ্গ কৰাৰ কাৰণ হয়, তেনেহʼলে পিতৃ-মাতৃয়ে সঠিক ব্যৱস্থা লোৱা আৱশ্যক। যদি পিতৃ-মাতৃয়ে তেনেদৰে নকৰে আৰু অশান্তি বৃদ্ধি হৈ সকলোৰে মনোযোগ ভঙ্গ কৰে, তেনে ক্ষেত্ৰত এটেনডেন্ট ভাইসকলে পিতৃ-মাতৃক তেওঁলোকৰ সন্তানক অডিটৰিয়ামৰ বাহিৰলৈ লৈ যাবলৈ অনুৰোধ কৰা উচিত। যেতিয়া আমি কোনো নতুন ব্যক্তিক সভালৈ আমন্ত্ৰণ কৰোঁ যাৰ সৈতে সৰু লʼৰা-ছোৱালী থাকে, তেওঁলোকৰ সৈতে আমি বহা আৱশ্যক আৰু যদি তেওঁলোকে কান্দে বা অন্য প্ৰকাৰে মনোযোগ ভঙ্গ কৰে তেনেহʼলে আমি সেই ব্যক্তিজনক সহায় কৰা উচিত।
ৰাজ্যগৃহত সকলো বয়সৰ লʼৰা-ছোৱালীবোৰ দেখি আৰু ঈশ্বৰৰ গৃহত তেওঁলোকৰ ভাল ব্যৱহাৰ লক্ষ্য কৰি আমি আনন্দিত হওঁ। (১ তীম. ৩:১৫) উপাসনাৰ বাবে যিহোৱাৰ প্ৰৱন্ধক সন্মান কৰাৰ দ্বাৰা তেওঁলোকে যিহোৱালৈ সন্মান আনে আৰু মণ্ডলীৰ সকলোৱে তেওঁলোকক প্ৰশংসা কৰে।