ঈশ্বৰৰ পৱিত্ৰ সেৱাত আনন্দিত হওঁক
১ বাইবেলৰ এটা বিৱৰণিত এইদৰে উল্লেখ কৰিছে যে, যেতিয়া যীচুৱে ৭০ জন পাঁচনিক প্ৰচাৰ কাৰ্য্যৰ বাবে পঠিয়াইছিল, তেওঁলোকে অতি “আনন্দেৰে” প্ৰচাৰ ক্ষেত্ৰৰ পৰা উলটি আহিছিল। তেওঁলোকে ঈশ্বৰৰ ইচ্ছাৰ অনুসৰি কাৰ্য্য কৰি পৰম তৃপ্তি পাইছিল। (লূক ১০:১৭) ঈশ্বৰৰ পৱিত্ৰ সেৱাত তেনেদৰে আনন্দ পাবলৈ কিহে আপোনাক সহায় কৰিব?
২ সঠিক মনোবৃত্তি ৰাখক: যিহোৱাৰ মহান উদ্দেশ্যৰ বিষয়ে লোকসকলক কʼবলৈ আপোনাৰ ওচৰত ঈশ্বৰে দিয়া বিশেষ অধিকাৰ আছে। আপুনি আপোনাৰ প্ৰচাৰ কাৰ্য্যৰ দ্বাৰা আনকো এই জগতৰ বেয়া কৰ্ম্ম আৰু মিছা ধৰ্ম্মৰ বন্ধনৰ পৰা মুক্ত কৰাত সহায় কৰিব পাৰে। এইদৰে আপুনি তেওঁলোকক আজিৰ জগতত ভৰি থকা বেয়া পৰিস্থিতিসমূহৰ পৰাও মুক্তি পোৱাৰ আশা প্ৰদান কৰিব পাৰে। আপুনি যেতিয়া সফলতাৰে গুটি সিঁচে আৰু তেওঁলোকে সত্যক হৃদয়েৰে গ্ৰহণ কৰে তেতিয়া যিহোৱাই কিমান যে আনন্দিত হয়। প্ৰচাৰ কাৰ্য্যত সম্পূৰ্ণ হৃদয়েৰে আনন্দৰ ফল লাভ কৰিবৰ বাবে ঈশ্বৰলৈ কোনো সন্দেহ নৰখাকৈ প্ৰাৰ্থনা কৰক।
৩ ব্যৱহাৰিক প্ৰশিক্ষণ: যীচুৱে তেওঁৰ ৭০ জন শিষ্যক উপদেশ দিয়াৰ দৰে বৰ্তমান সময়ত সেৱা সভাতো উপদেশ দিয়া হয়। যীচুৱে তেওঁৰ শিষ্যসকলক কাৰ্য্যকাৰীৰূপে প্ৰচাৰ কাৰ্য্য সম্পন্ন কৰিবলৈ প্ৰশিক্ষণ দিছিল। (লূক ১০:১-১৬) সেইদৰে বৰ্তমান সময়তো আপুনি লোকসকলক কেনেকৈ ৰাজ্যৰ বাৰ্ত্তা কʼব, কথা-বতৰা আৰম্ভ কৰিব, আৰু বাইবেল অধ্যয়ন আৰম্ভ কৰিব, এই বিষয়ে সেৱা সভাৰ জৰিয়তে প্ৰশিক্ষণ দিয়া হয়। গতিকে আপোনাৰ প্ৰচাৰ কাৰ্য্য কৰাৰ দক্ষতাক উন্নত কৰিবলৈ এই সকলোবোৰ পৰামৰ্শৰ অনুসৰি কাৰ্য্য কৰক। এইদৰে কৰিলে আপুনি প্ৰচাৰৰ প্ৰতি থকা সকলোবোৰ সংকোচ আৰু সন্দেহভাৱ দূৰ কৰিব পাৰিব। তেতিয়াহে এই কাৰ্য্যত আপুনি সম্পূৰ্ণ নিশ্চয়তা আৰু আনন্দ লাভ কৰিব পাৰিব।
৪ ভৱিষ্যতৰ প্ৰতি ধ্যান কেন্দ্ৰিত কৰক: যীচুৱে অনেক ক্লেশ পোৱা স্বত্তেও ঈশ্বৰৰ পৱিত্ৰ সেৱাত আনন্দ লাভ কৰিছিল। কিয় কৰিছিল? কিয়নো তেওঁ পাবলগীয়া আশীৰ্ব্বাদ আৰু বিশেষ অধিকাৰসমূহৰ ওপৰত নিজ দৃষ্টি ৰাখিছিল। (ইব্ৰী ১২:২) সেই একেদৰে আপুনিও যিহোৱাৰ নাম আৰু ঈশ্বৰৰ নতুন জগতত পাবলগীয়া আশীৰ্ব্বাদসমূহৰ ওপৰত আপোনাৰ দৃষ্টি কেন্দ্ৰিত কৰিব পাৰে। এইদৰে কৰাৰ দ্বাৰা আপুনি প্ৰচাৰ কাৰ্য্যত অৰ্থপূৰ্ণৰূপে আনন্দেৰে সেৱা আগবঢ়াব পাৰিব।
৫ যিহোৱালৈ পৱিত্ৰ সেৱা আগবঢ়াবলৈ বৰ্তমান সময়ত আপোনাৰ ওচৰত এক বিশেষ অধিকাৰ আছে। সেইবাবে আপুনি কʼব পাৰে: “হে মোৰ ঈশ্বৰ, তোমাৰ ইচ্ছা পুৰ কৰিবলৈহে মই ভাল পাওঁ।”—গীত. ৪০:৮.