“আনন্দৰে যিহোৱাৰ সেৱা কৰা”
১ পাঁচনি পৌলে এইদৰে কৈছিল: “তোমালোকে প্ৰভুত সদায় আনন্দ কৰা; পুনৰায় কওঁ, আনন্দ কৰা।” (ফিলিপীয়া ৪:৪) শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ দ্বাৰা নম্ৰ লোকসকলক যিহোৱাৰ উপাসনা কৰিবলৈ সহায় কৰাটো হৈছে এক বিশেষাধিকাৰ আৰু আনন্দৰ বিষয়। (লূক ১০:১৭; পাঁচ. ১৫:৩; ১ থিচ. ২:১৯) যদি আমি কেতিয়াবা প্ৰচাৰ কাৰ্য্যত এই আনন্দ হ্ৰাস হোৱা যেন অনুভৱ কৰোঁ, তেন্তে কি কৰা উচিত?
২ এক ঈশ্বৰ-নিৰূপিত কাৰ্য্য: আমি মনত ৰাখা উচিত যে সৰ্ব্বশক্তিমান যিহোৱাই আমাক শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ আজ্ঞা দিছে। সেয়েহে “ঈশ্বৰৰ সহকৰ্ম্মী” হৈ শুভবাৰ্ত্তা প্ৰচাৰ কৰা আৰু শিষ্য বনোৱাটো আমাৰ বাবে এক বিশেষাধিকাৰ নহয়নে বাৰু! (১ কৰি. ৩:৯) পুনৰাই নকৰা এই প্ৰচাৰ কাৰ্য্যত যীচুও আমাৰ সৈতে আছে। (মথি ২৮:১৮-২০) বৰ্তমান সময়ত এই মহান আধ্যাত্মিক শস্য চপোৱা কাৰ্য্যত স্বৰ্গদূতবিলাকেও সক্ৰিয়ভাৱে আমাৰ সৈতে অংশ গ্ৰহণ কৰিছে। (পাঁচ. ৮:২৬; প্ৰকা. ১৪:৬) এই শাস্ত্ৰীয় পদ আৰু ঈশ্বৰৰ লোকসকলে পোৱা অভিজ্ঞতাসমূহে দেখুৱাইছে যে এই সকলোবোৰত যিহোৱাই সহায় কৰিছে। গতিকে যেতিয়া আমি প্ৰচাৰ কাৰ্য্যত ভাগ লওঁ তেতিয়া আমি “ঈশ্বৰৰ সাক্ষাতে, খ্ৰীষ্টত কথা কওঁ।” (২ কৰি. ২:১৭) আমি আনন্দিত হোৱাৰ এইটো এটা শক্তিশালী কাৰণ নহয়নে বাৰু!
৩ যিহোৱাৰ সেৱাত আনন্দ বজাই ৰাখিবলৈ প্ৰাৰ্থনা কৰা অতি আৱশ্যক। (গালা. ৫:২২) যিসকলে তেওঁৰ পবিত্ৰ আত্মা বিচাৰি প্ৰাৰ্থনা কৰে, ঈশ্বৰে তেওঁলোকক উদাৰভাৱে নিজৰ শক্তি প্ৰদান কৰে আৰু কেৱল এই শক্তি লাভ কৰিলেহে আমি ঈশ্বৰৰ কাৰ্য্যক সম্পন্ন কৰিব পাৰিম। (লূক ১১:১৩; ২ কৰি. ৪:১, ৭; ইফি. ৬:১৮-২০) তদুপৰি আমি পৰিচৰ্য্যাৰ বাবে কৰা প্ৰাৰ্থনাই আমাক প্ৰচাৰ ক্ষেত্ৰত লগ পোৱা প্ৰত্যাখ্যানমূলক মনোভাব প্ৰকাশ কৰা ব্যক্তিসকলৰ স্বত্ত্বেও উৎসাহেৰে পৰিচৰ্য্যাত লাগি থাকিবলৈ সহায় কৰিব। দৰাচলতে ইয়ে আমাক নিৰন্তৰে আৰু আনন্দৰে প্ৰচাৰ কাৰ্য্য কৰিবলৈ সক্ষম কৰি তুলিব।—পাঁচ. ৪:২৯-৩১; ৫:৪০-৪২; ১৩:৫০-৫২.
৪ ভালদৰে প্ৰস্তুতি কৰক: আমি প্ৰচাৰ কৰাৰ সময়ত আনন্দ বজাই ৰাখাৰ এটা ব্যৱহাৰিক পদ্ধতি হৈছে ভালদৰে প্ৰস্তুতি কৰা। (১ পিত. ৩:১৫) তেনেধৰণৰ প্ৰস্তুতিৰ বাবে অধিক সময় অতিবাহিত কৰা আৱশ্যক নাই। শেহতীয়া আলোচনী বা আপুনি বিতৰণ কৰিবলৈ লোৱা যিকোনো সাহিত্য বিতৰণৰ বাবে অভ্যাস কৰিবলৈ অলপহে সময়ৰ প্ৰয়োজন। এটা সঠিক বিষয়ৰ বাছনিৰ বাবে আপুনি ৰীজনিং কিতাপখন বা আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পূৰ্বৱৰ্তী সংখ্যাত চাব পাৰে। কিছুমান প্ৰকাশকে তেওঁলোকৰ এলেকাত ব্যৱহাৰ হোৱা এটি প্ৰস্তুতিকৰণক চমুকৈ নোটবুকত টোকি ৰাখি তাক ব্যৱহাৰ কৰাৰ দ্বাৰা অধিক লাভৱান হৈছে। তেওঁলোকে মাজে সময়ে সেই নোটবুকখনক নিৰীক্ষণ কৰে যাতে টোকি ৰাখা সেই প্ৰস্তুতিকৰণবোৰ নিজৰ মনত সজীৱ হৈ থাকে। ইয়ে তেওঁলোকক সাহসেৰে প্ৰচাৰ কৰিবলৈ সহায় প্ৰদান কৰিছে।
৫ আনন্দই বহুতো লাভ কঢ়িয়াই আনে। আনন্দই আমি কোৱা বাৰ্ত্তাৰ প্ৰতি লোকসকলক আকৰ্ষিত কৰে। আনন্দই আমাক ধৈৰ্য্য ধৰিবলৈ সহায় কৰে। (নহি. ৮:১০; ইব্ৰী ১২:২) তদুপৰি আনন্দৰে কৰা সেৱাই যিহোৱালৈ মহিমা কঢ়িয়াই আনে। গতিকে আঁহক আমি “আনন্দৰে যিহোৱাৰ সেৱা” কৰোঁহঁক।—গীতমালা ১০০:২.
[Study Questions]
১. যিহোৱাৰ সেৱকসকলক কিহে অধিক আনন্দ প্ৰদান কৰে?
২. আমি ঈশ্বৰে আজ্ঞা কৰা প্ৰচাৰ কাৰ্য্যৰ বিষয়ে মনত ৰাখি কেনেকৈ আনন্দিত হʼব পাৰোঁ?
৩. প্ৰচাৰ কাৰ্য্যত আনন্দ বজাই ৰাখাত প্ৰাৰ্থনাই কেনে ভূমিকা আদায় কৰে?
৪. ভালদৰে কৰা প্ৰস্তুতিয়ে কেনেকৈ আমাৰ প্ৰচাৰ কাৰ্য্যত আনন্দ বৃদ্ধি কৰে আৰু তাৰ কিছুমান ব্যৱহাৰিক পদ্ধতি কি?
৫. আনন্দই কেনেকৈ আমাৰ আৰু আনৰ বাবে লাভসমূহ কঢ়িয়াই আনে?