ঘোষণাসমূহ
▪ জুলাই আৰু আগষ্ট: তলত দিয়া ৩২ পৃষ্ঠাৰ যি কোনো ব্ৰচাৰ ব্যৱহাৰ কৰিব পাৰে: বাস্তৱতে ঈশ্বৰে আমাৰ বাবে চিন্তা কৰেনে?, পৃথিৱীত অনন্ত কাল জীৱনৰ আনন্দ লওঁক!, আপুনি ত্ৰিমূৰ্ত্তি বিশ্বাস কৰা উচিত নে?, সেই ঈশ্বৰীয় নাম যি সদায় স্থিৰ থাকিব, সেই চৰকাৰে যি পৰমদেশ আনিব, যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া আমালৈ কি ঘটে?, জীৱনৰ উদ্দেশ্য কি—আপুনি ইয়াক কিদৰে পাব পাৰে?, আৰু যেতিয়া কোনো আপোনজনাৰ মৃত্যু হয়। ইয়াৰ ওপৰিও আন ব্ৰচাৰসমূহ হৈছে সকলোৰ বাবে এখন কিতাপ, আমাৰ সমস্যাসমূহ—কোনে ইয়াৰ সমাধান কৰিব?, মৃত্যুবিলাকৰ আত্মা—তেওঁলোকে আমাক সহায় কৰেনে অথবা হানি কৰে? তেওঁলোকে বাস্তৱতে অস্তিত্বত আছেনে?, আৰু কি কেতিয়াবা যুদ্ধ বিহীন সংসাৰ সম্ভৱ হʼবনে? ছেপ্টেম্বৰ: জীৱন—কেনেকৈ উৎপত্তি হʼল? ক্ৰমবিকাশ নে সৃষ্টিৰ দ্বাৰা? অক্টোবৰ: প্ৰহৰীদূৰ্গ আৰু সচেতন! আলোচনীৰ একোখনকৈ কপি। যেতিয়া পুনৰ সাক্ষ্যাতৰ সময়ত আগ্ৰহী লোক পোৱা যায়, তেওঁলোকক গ্ৰাহকৰ বাবে আগবঢ়াব পাৰে।
▪ ছেপ্টেম্বৰ মাহৰ আৰম্ভণিতে, চাৰ্কিট ওভাৰচিয়াৰসকলে জনভাষণ দিব যাৰ বিষয় হৈছে “মানুহৰ শাসন তৰ্জুত জোখা হʼল।”
▪ নতুন প্ৰকাশন উপলব্ধ:
আল্লাই আমাৰ জীৱনৰ হিচাপ লয়নে? নাইবা আমাৰ জীৱন কিচমতৰ ওপৰত নিৰ্ধাৰিত? (ট্ৰেক্ট নং. ৭১), এক মহান নাম (ট্ৰেক্ট নং. ৭২), কোন হয়? যিহোৱা সাক্ষীসকল (ট্ৰেক্ট নং. ৭৩), আৰু দোজখ আল্লাৰ বিচাৰৰ ভাগ হয়নে? (ট্ৰেক্ট নং. ৭৪)—উড়িয়া
▪ মণ্ডলীবিলাকক এটা মাহত মাত্ৰ এখন সাহিত্য অনুৰোধ ফৰ্ম (S-14) সংস্থালৈ পঠিয়াবলৈ অনুৰোধ কৰা হʼল। সংস্থালৈ অনুৰোধ ফৰ্ম পঠোৱাৰ পাছত যদি মণ্ডলীয়ে কোনো ভাইৰ পৰা আৱেদন পাই তেনেহʼলে তাক অন্য মাহৰ সাহিত্য আৱেদন ফৰ্মৰ সৈতে পঠোৱা উচিত।
▪ মণ্ডলীবোৰৰ যদি চাৰ্ভিচ ফৰ্মবোৰৰ আৱশ্যকতা আছে তেনেহʼলে সাহিত্য অনুৰোধৰ সৈতে সাহিত্য অনুৰোধ ফৰ্মʼত (S-14) পঠোৱা উচিত।