ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৭/০০ পৃষ্ঠা ২
  • পৰিচৰ্য্যা সভাৰ তালিকা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পৰিচৰ্য্যা সভাৰ তালিকা
  • ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • উপশীৰ্ষক
  • জুলাই ১০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • জুলাই ১৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • জুলাই ২৪ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • জুলাই ৩১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • আগষ্ট ৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৭/০০ পৃষ্ঠা ২

পৰিচৰ্য্যা সভাৰ তালিকা

জুলাই ১০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৭

১২ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ। এপ্ৰিল মাহত হোৱা স্থানীয় মণ্ডলীৰ প্ৰচাৰ সেৱা ৰিপৰ্টৰ বিষয়ে মন্তব্য কৰক। “শেষৰ পৃষ্ঠাত চাওঁক” বক্সত থকা বিষয়টো মনোযোগ দিয়ক আৰু এইটো কেনেকৈ স্থানীয় এলেকাত কাৰ্য্যকাৰী হʼব পাৰে ইয়াৰ বিষয়ে পৰামৰ্শ দিয়া প্ৰদৰ্শনসমূহৰ পৰা এটা প্ৰদৰ্শন প্ৰস্তুত কৰক।

১৫ মি: “তাকে নকৈ থাকিব নোৱাৰোঁ।” এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টো পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক। আমি কিয় প্ৰচাৰ কাৰ্য্যক গুৰুত্বপূৰ্ণৰূপে লোৱা আৱশ্যক তাৰ কাৰণসমূহক জোৰ দি কওঁক। জানুৱাৰী ১৫, ১৯৯৭, প্ৰহৰীদূৰ্গ, ২৩-৪ পৃষ্ঠাৰ উপযুক্ত বিষয়বোৰক সন্মিলিত কৰক।

১৮ মি: “আধ্যাত্মিক উন্নতিৰ বাবে সকলো কৰা হওঁক।” দুজন প্ৰাচীনে এই বিষয়টো আলোচনা কৰে। প্ৰত্যেক অনুচ্ছেদ আৰু শাস্ত্ৰীয় পদবোৰ পঢ়ক। ইয়াত সন্মিলিত থকা মূখ্য বিষয়বোৰ উল্লেখ কৰক। যেতিয়া ব্যৱসায় বা টকা বিনিয়োগ কৰা বিষয় আহে সেই সময়ত কিদৰে বিচাৰ শক্তি ব্যৱহাৰ কৰি সমাধান কৰিব লাগে তাক উল্লেখ কৰক। মাৰ্চ ১৫, ১৯৯৭, প্ৰহৰীদূৰ্গ, ১৮-১৯, ২২ পৃষ্ঠাত থকা পৰামৰ্শটোক পুনৰ আলোচনা কৰক।

গীত ১৫ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

জুলাই ১৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ২৩

১২ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপৰ্ট। এজন ইচ্ছুক ব্যক্তিয়ে ঈশ্বৰৰ ব্যক্তিগত নামক জনা আৰু ব্যৱহাৰ কৰা আৱশ্যকতাক মূল্যাঙ্কন দেখুৱাবলৈ কেনেকৈ ঈশ্বৰীয় নাম ব্ৰচাৰখন প্ৰয়োগ কৰিব পাৰি তাক বৰ্ণনা কৰক।—ৰীজনিং কিতাপ ১৯৬-৭ পৃষ্ঠা চাওঁক।

১৫ মি: “বিলাই দিবলৈ আৰু ভগাই লবলৈকো ইচ্ছূক হওক।” প্ৰশ্ন আৰু উত্তৰ। নবেম্বৰ ১, ১৯৯৬, প্ৰহৰীদূৰ্গ, ২৯-৩০ পৃষ্ঠাত থকা “কিয় আমি দিওঁ” পৰিলেখত থকা চাৰিটা কাৰণ সন্মিলিত কৰক।

১৮ মি: কোন আমাৰ আৰ্দশ হোৱা উচিত? এজন বা দুজন কিশোৰ লʼৰা-ছোৱালীৰ সৈতে এগৰাকী পিতৃয়ে পৰিয়াল অধ্যয়ন পৰিচলনা কৰে। তেওঁ লক্ষ্য কৰিছে যে তেওঁলোকে প্ৰায়ে খেলুৱৈ, বোলছবিৰ শ্ৰেষ্ঠ অভিনেতা বা অভিনেত্ৰী, টিভিত ব্যক্তিত্ব থকা ব্যক্তি আৰু সঙ্গীতকাৰসকলৰ বিষয়ে কথা-বতৰা হয়। তেওঁ ইয়াৰ বিষয়ে বিবেচনা কৰে কিয়নো এনেধৰণৰ আকৰ্ষণে জগতৰ আত্মাক প্ৰকাশ কৰে। তেওঁলোকে মে’ ২২, ১৯৯৮, সচেতন!, ১২-১৪ পৃষ্ঠাত থকা বিষয়টো আলোচনা কৰে। কিশোৰসকলে চিনাক্ত কৰিব পাৰিছে যে তেনেধৰণৰ জাগতিক লোকসকলক আৰ্হি হিচাবে লোৱাটো বিপদজনক আৰু খ্ৰীষ্টানসকলৰ বাবে জাগতিক মৰ্য্যদাৰ কোনো মূল্য নাই। তেওঁলোকে পিতৃ-মাতৃ, প্ৰাচীন আৰু মণ্ডলীৰ অন্য ভাল আৰ্হি ৰখা ব্যক্তিৰ দৃষ্টিভঙ্গীৰ পৰা—আৰু বিশেষকৈ যীচু খ্ৰীষ্টৰ আদৰ্শৰ পৰা—পোৱা লাভবোৰক বিবেচনা কৰে।

গীত ৩৪ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

জুলাই ২৪ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৪৫

৫ মি: স্থানীয় ঘোষণাসমূহ।

১৫ মি: নিজকে ঈশ্বৰৰ সেৱকৰূপে স্বীকাৰ কৰক। দুজন সহায়ক সেৱকে ডিচেম্বৰ ১৫, ১৯৯৮, প্ৰহৰীদূৰ্গ, ১৯-২০ পৃষ্ঠাত দিয়া শাস্ত্ৰীয় উপদেশক আলোচনা কৰে। তেওঁলোকে সহায়ক সেৱকৰূপে কাৰ্য্য কৰা আৱশ্যকতাক মুল্যাঙ্কণ কৰে আৰু তেওঁলোকে ব্যক্তিগতভাৱে নিজৰ নিযুক্তিবোৰক কিদৰে পূৰ্ণ কৰিব পাৰে তাৰ বিষয়ে পুনৰ আলোচনা কৰে। তেওঁলোকে যাতে প্ৰচাৰ কাৰ্য্যত ভাল উদাহৰণ ৰাখিব পাৰে তাৰ প্ৰতি লক্ষ্য কৰে আৰু প্ৰাচীনসকলক অন্য কামত কিদৰে সহায় কৰিব পাৰে তাৰ পদ্ধতিবোৰ তেওঁলোকে আলোচনা কৰে। তেওঁলোকে স্বীকাৰ কৰে যে তেওঁলোকক সম্পূৰ্ণ চেষ্টা কৰা আৱশ্যক যাতে মণ্ডলীক আধ্যাত্মিকৰূপে উন্নতি কৰিবলৈ আৰু ভাই-ভনীসকলক বুজিবলৈ সহায় কৰে যে এই জগতৰ সময় একেবাৰে কম আছে।

১০ মি: যিসকলক ব্যক্তিগত ভাৱে সাক্ষাৎ কৰিবলৈ সহজ নহয়, তেওঁলোকক চিঠিৰ দ্বাৰা যোগ-যোগ কৰক। ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা। যিহেতু লোকসকলক ঘৰত লগ পোৱাটো কঠিন, বহুতো প্ৰচাৰকে চিঠিৰ দ্বাৰা ভাল ফল লাভ কৰিছে। এই পৰামৰ্শবোৰক বিবেচনা কৰক: চিঠিৰ লিখনি সংক্ষিপ্ত, শাস্ত্ৰীয় আধাৰ আৰু সন্মানজনক হোৱা উচিত। কেতিয়াও নাম উল্লেখ নথকা চিঠি নপঠিয়াব। ভালদৰে আৰু সাধাৰণভাৱে লিখক বা শুদ্ধৰূপে টাইপ কৰক। উপস্থিত হʼবলৈ নিমন্ত্ৰণ দিয়াৰ সময়ত সঠিক ৰাজ্য গৃহৰ ঠিকনা আৰু মণ্ডলীৰ সভা সময়বোৰো উল্লেখ কৰক। সংস্থাৰ ঠিকনা ব্যৱহাৰ নকৰিব। এই বিষয়ে স্কুল নিৰ্দেশনা পুস্তক, ৮৭-৮ পৃষ্ঠা, আৰু নবেম্বৰ ১৯৯৬ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যা-ৰ প্ৰশ্ন বক্সত দিয়া পৰামৰ্শসমূহক পুনৰ আলোচনা কৰক।

১৫ মি: প্ৰভাৱশালী পৰামৰ্শসমূহক ব্যৱহাৰ কৰক। ৰীজনিং কিতাপ ৯-১৫ পৃষ্ঠাত দিয়া দুটা বা তিনিটা নিৰ্দ্দেশনৰ বাচঁনি কৰি স্থানীয় এলেকাত কিদৰে প্ৰভাৱশালীৰূপে ব্যৱহাৰ কৰিব পাৰি তাক আলোচনা কৰক। শ্ৰোতাসকলক সোধক “যেতিয়া কোনো ব্যক্তিক ৰাস্তা, অনিয়মিতৰূপে বা অন্য ঠাইত লগ পায় সেইসময়ত কথা-বতৰা আৰম্ভ কৰিবলৈ আপুনি কি কি নিৰ্দ্দেশনৰ ব্যৱহাৰ কৰে?” যদি সময় থাকে এটা বা দুটা নিৰ্দ্দেশনৰ প্ৰৰ্দশন কৰক।

গীত ৫৪ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

জুলাই ৩১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৬৬

১৫ মি: স্থানীয় ঘোষণাসমূহ। সকলোকে জুলাই মাহৰ প্ৰচাৰ কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। এই মাহত ব্ৰচাৰবোৰ বিতৰণ কৰি কিদৰে আনন্দ লাভ কৰিছে তাৰ বাবে শ্ৰোতাসকলক নিজৰ অনুভৱবোৰ কবলৈ আমন্ত্ৰণ কৰক।

১২ মি: স্থানীয় আৱশ্যকসমূহ।

১৮ মি: “যিহোৱাৰ সহিষ্ণুতাক আপুনি মুল্যাঙ্কণ কৰেনে?” প্ৰশ্ন আৰু উত্তৰ। যিহোৱাৰ চিৰসহিষ্ণুতাৰ বিষয়ে থকা উপযুক্ত মন্তব্যবোৰ সন্মিলিত কৰক।—ইনচাইট্‌, খণ্ড ২, পৃষ্ঠা ২৬৩-৪ চাওঁক।

গীত ৭৫ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

আগষ্ট ৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৮৮

১০ মি: স্থানীয় ঘোষণাসমূহ।

১৭ মি: “আপুনি এজন লাজকুৰীয়া ব্যক্তি নে?” প্ৰশ্ন আৰু উত্তৰ। ১৯৯৭ বাৰ্ষিক পুস্তক, ৪৩-৪ পৃষ্ঠাত থকা এটা উৎসাহজনক অনুভৱ সন্মিলিত কৰক।

১৮ মি: নিজৰ ভৱিষ্যতৰ বাবে জ্ঞানী হওঁক। এজন প্ৰাচীনৰ দ্বাৰা ভাষণ। ডেকা লোকসকলে সেই লোকসকলৰ সৈতে জীৱন-যাপন কৰিবলৈ ইচ্ছা কৰে যাক তেওঁলোকে প্ৰেম কৰে। তেওঁলোকৰ সৈতে ভৱিষ্যতে এক সুখী জীৱন-যাপন কৰিবলৈ ইচ্ছা কৰে। যিহেতু এইটো স্বাভাৱিক, সেইবাবে যদি তেওঁলোকে এই বিষয়ে উন্নতি কৰি আনন্দিত হʼব বিচাৰে তেনেহʼলে ঈশ্বৰীয় উপদেশ পালন কৰা আৱশ্যক। (হিতো. ১৯: ২০) ডেকাকালত বিপৰীত লিঙ্গৰ প্ৰতি থকা আকৰ্ষণ বহু শক্তিশালী হয়। যদি সেইসময়ত তেনে স্বভাৱবোৰ নিয়ন্ত্ৰণ নকৰে ইয়াৰ পৰিণাম মাৰাত্মক হʼব পাৰে। কিশোৰ-কিশোৰীসকলৰ জ্ঞানৰ বিষয়ে বহুতো প্ৰশ্ন উদ্ভৱ হয় যিটোৰ দ্বাৰা তেওঁলোকে বিপৰীত লিঙ্গৰ সৈতে মানসিকভাৱে সন্মিলিত হৈ ৰোমান্টিক সমন্ধ বৃদ্ধি কৰে। যুৱক-যুৱতীসকলে সোধা কিতাপখনৰ ২৩১-৫ পৃষ্ঠাত দিয়া উপদেশক পুনৰ আলোচনা কৰক। নবেম্বৰ ১৫, ১৯৯৯, প্ৰহৰীদূৰ্গ, ১৮-২৩ পৃষ্ঠাত থকা মূখ্য বিষয়বোৰ উল্লেখ কৰি ঈশ্বৰৰ প্ৰতি থকা যুৱক-যুৱতীসকলৰ সম্পূৰ্ণ বাধ্যতা হোৱাৰ যে অতি আৱশ্যক এই বিষয়ে থকা গুৰুত্ববোৰক দেখুৱাওঁক। সকলো কিশোৰ-কিশোৰীক এই উপদেশক পালন কৰিবলৈ আৰু যদি তেওঁলোকৰ কোনো প্ৰশ্ন আছে তেনেহʼলে নিজৰ পিতৃ-মাতৃৰ সৈতে আলোচনা কৰিবলৈ উৎসাহিত কৰক।

গীত ১০১ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক