‘আধ্যাত্মিক উন্নতিৰ বাবে সকলো কৰা হওঁক’
১ আমি আমাৰ ভাইসকলৰ সৈতে আচৰণ কৰোঁতে সকলো সময়তে তেওঁলোকৰ আধ্যাত্মিক উন্নতিৰ বাবে যি ভাল তাক কৰা আৱশ্যক। ইয়াৰ অৰ্থ হৈছে তেওঁলোকৰ আধ্যাত্মিক চাহিদাসমূহক ৰক্ষা কৰিবলৈ বিবেচনা কৰা। যদি আপুনি এনে ধৰণৰ কোনো স্কিমত কাম কৰে যিয়ে কোনো বস্তু বিক্ৰি কৰে, তেনেহʼলে আমি সতৰ্ক হোৱা আৱশ্যক যে আমি তেনে কোনো কাৰ্য্য কৰা উচিত নহয় যাৰ বাবে ভাই-ভনীসকলৰ বাধাৰ কাৰণ হয়।—২ কৰি. ৬:৩; ফিলি. ১:৯, ১০.
২ কিছুমান ক্ষেত্ৰত দেখা গৈছে যে আমাৰ বহুতো ভায়ে বিভিন্ন ধৰণৰ ব্যৱসায়ৰ স্কিমত লিপ্ত হয় আৰু মণ্ডলীত থকা নিজ সঙ্গী ভাইসকলকো সন্মিলিত কৰিবলৈ সুযোগ বিচাৰি ফুৰে। এনেধৰণৰ ব্যৱসায়ৰ পাছত যিবিলাক সংস্থাৰ হাত থাকে, তেওঁলোকে নিজ নিজ প্ৰতিনিধিসকলক কয় যে নিজৰ ধৰ্ম্মৰ সকলো ব্যক্তিক গ্ৰাহক হিচাবে দৃষ্টি কৰিব লাগে। কিছুমান ভায়ে ব্যৱসায়ত আন ভাইসকলক অন্তৰ্ভূক্ত কৰিবলৈ খোৱা-বোৱাৰ বাবে বৃহত পাৰ্টিৰ আয়োজন কৰে। আন কিছুমান ভায়ে নিজৰ ব্যৱসায় বিস্তৃত কৰিবলৈ জোৰ কৰি ভাইসকলক কিছুমান বস্তু, ব্ৰচাৰ, ইন্টানেটৰ দ্বাৰা সংবাদ, অডিও টেপ আৰু ভিদিঅ কেছেট দিয়ে। এজন খ্ৰীষ্টানে আধ্যাত্মিক সুবিধাসমূহক অনুচিতভাৱে ব্যৱহাৰ কৰাটো ঠিক হʼবনে? নিশ্চয়ে নহয়!—১ কৰি. ১০:২৩, ২৪, ৩১-৩৩.
৩ ভাইসকলে সতৰ্ক হোৱা আৱশ্যক: ইয়াৰ অৰ্থ এইটো নহয় যে এজন ভায়ে আন এজন ভাইৰ লগত কোনো ব্যৱসায় কৰিব নোৱাৰে। সেইটো তেওঁলোকৰ ব্যক্তিগত বিষয়। যিহেতু, কিছুমান ব্যৱসায়ৰ স্কিমে লোভ আৰু নিজ সঙ্গী ভাইসকলক ব্যৱসায়ত মূলধন বিনিয়োগ কৰি অধিক টকা গোটাবলৈ প্ৰেৰিত কৰে। দৰাচলতে তেনে ধৰণৰ স্কিম বেছিভাগ ক্ষেত্ৰতে বিফল হয় আৰু যি সকলে ইয়াৰ অংশীদাৰ, তেওঁলোকৰ বহু পৰিমাণৰ ধন হানি হোৱা দেখা যায়। যিহেতু যিসকলে এনে এন্টাৰপ্ৰাইজ্ বিলাকত যোগ দিছে, তেওঁলোকে কম সময়ৰ ভিতৰত বেছি পৰিমাণৰ ধন অৰ্জন কৰিবলৈ ইচ্ছা কৰে। কিন্তু যিসকল ভায়ে তেনে স্কিমবিলাক আন ভাইলৈ আগবঢ়াই তেওঁলোকে কেতিয়াও এইটো নাভাবে যে যদি তেওঁলোকৰ স্কিম বিফল হয় তেন্তে তাৰ বাবে তেওঁলোকে দায়ী হʼব। সেইবাবে সেই ভাইজনে আগতেই চিন্তা কৰা উচিত যে যদি কোনো স্কিম সফল নহয় তেনেহʼলে যিসকল ভাই-ভনীয়ে এই স্কিমত ধন প্ৰয়োগ কৰিছে তেওঁলোক কেনে সমস্যাৰ সন্মূখীন হʼবলগীয়া হʼব আৰু ইয়ে তেওঁলোকৰ আধ্যাত্মিকতাতো প্ৰভাৱ পেলাব। যিসকল ভায়ে মণ্ডলীৰ দায়ীত্বৱান পদত আছে তেওঁলোকে সাৱধান হʼব লাগে কিয়নো মণ্ডলীৰ ভাই-ভনীসকলে তেওঁলোকক সন্মান আৰু ভৰসা কৰে। যদি ভাইজনে আনৰ দৃষ্টিৰ পৰা পৰি যায় বা তেওঁক বিশ্বাসঘাটক বুলি ভাবে তেনেহʼলে তেওঁ পোৱা দায়ীত্বও হেৰুৱাব পাৰে।
৪ আমাৰ লক্ষ্য এইটো হোৱা আৱশ্যক যে আমি যি কাৰ্য্যই কৰিম সেই সকলোবোৰ ‘আধ্যাত্মিক উন্নতিৰ বাবে সকলো কৰা হওঁক।’ (১ কৰি. ১৪:২৬) মণ্ডলীৰ ভিতৰত কোনো ব্যৱসায়ৰ কাৰ্য্য বা লেনদেন কৰাটো উচিত নহয় আৰু সভাৰ সময়ত কেতিয়াও ব্যৱসায়ৰ সমন্ধে কোনো কাৰ্য্য বা কথা-বতৰা হʼব নালাগে। কিয়নো আমি মণ্ডলীৰ সভাবোৰত আধ্যাত্মিকতাৰ বাবেহে একত্ৰিত হওঁ।—ইব্ৰী ১০:২৪, ২৫.