যিহোৱাৰ সহিষ্ণুতাক আপুনি মুল্যাঙ্কণ কৰেনে?
১ যদি যিহোৱাই যোৱা ১০, ২০ বা তাতকৈ অধিক বছৰ ধৈৰ্য্য নধৰাহʼলে আৰু সাক্ষী দিয়া কাৰ্য্যক বৃদ্ধি নকৰাহʼলে আপুনি সত্য শিকিবলৈ পাৰিলহেঁতেননে? আজি আমি কিমান কৃতজ্ঞ যে অধিক লোকে যাতে “মন-পালটনত প্ৰবৃত্ত হয়” তাৰ বাবে অনুমতি দিলে। তথাপিও, ঈশ্বৰৰ বিচাৰৰ মহান দিন ‘চোৰৰ নিচিনাকৈ আহিব।’ (২ পিত. ৩:৯, ১০) সেইবাবে ঈশ্বৰে এই ৰীতি-ব্যৱস্থাক ধ্বংস কৰাত পলম কৰিছে বুলি তেওঁৰ ধৈৰ্য্যক ভুল বুজাটো উচিত নহয়।—হব. ২:৩.
২ লোকসকলৰ প্ৰতি দয়ালু হওঁক: যিহোৱাৰ সহিষ্ণুতা, আমাৰ বুজিব পৰা শক্তিতকৈ বহু উচ্চ। সেইবাবে ইয়াৰ উদ্দেশ্যৰ প্ৰতি আমি অৱহেলা কৰাটো উচিত নহয়। (যোনা ৪:১-৪, ১১) যিহোৱাই মানৱজাতিৰ শোচনীয় অৱস্থাৰ প্ৰতি দৃষ্টি কৰে আৰু তাৰ বাবে তেওঁ সহানুভূতি দেখুৱায়। যীচুৱেও সেই একেইদৰে অনুভৱ কৰিছিল। এইহেতুকে প্ৰচাৰ কৰা লোকসকলৰ প্ৰতি দয়া থকাৰ বাবে তেওঁ প্ৰচাৰ কাৰ্য্যক অধিকৰূপে বৃদ্ধি কৰিবলৈ বিচাৰিছিল, যাতে অধিক লোকে অনন্তজীৱন পাবলৈ সুযোগ গ্ৰহণ কৰিব পাৰে।—মথি ৯:৩৫-৩৮.
৩ যেতিয়া বিপৰ্য্যয় আৰু দূৰ্যোগে দেখা দিয়ে, যিসকলে সত্যক নাজানে তেওঁলোকৰ প্ৰতি আমাৰ সহানুভূতি নাজাগেনে? তেওঁলোকে ইয়াৰ সৈতে সম্মূখীন হʼবলৈ চেষ্টা কৰে, কিন্তু জগতৰ বেমেজালি অৱস্থাক ভালদৰে উপলব্ধি কৰিব নোৱাৰে কিয়নো আজিৰ লোকসকল হৈছে “ৰখীয়া নোহোৱা মেৰৰ” দৰে। (মাৰ্ক ৬:৩৪) সেইবাবে উৎসাহপূৰ্ণ শুভবাৰ্ত্তা প্ৰচাৰৰ দ্বাৰা আমি তেনে ভগ্নচিত্ত লোকসকলক সান্ত্বনা দিওঁ আৰু ইয়াৰ দ্বাৰা যিহোৱাৰ সহিষ্ণুতাৰ প্ৰতি মুল্যাঙ্কণ দেখুৱাওঁ।—পাঁচ. ১৩:৪৮.
৪ আমাৰ কাৰ্য্য হৈছে এটা অতি আৱশ্যকীয় কৰ্তব্য: যোৱা বছৰত ৩,২৩,৪৩৯ জনে বাপ্তিষ্মা লয় আৰু ১,৪০,০০,০০০ জনতকৈ অধিক লোক স্মৰণীয় পৰ্বত উপস্থিত হয়। ইয়াৰ অৰ্থ হৈছে, এনে কিমান যে লোক আছে যিসকলে এই দুষ্ট ব্যৱস্থাৰ ধ্বংসৰ পৰা ৰক্ষা পাব! আমি নাজানো যে “বৰ লোকসমূহ” সংখ্যা কিমান হʼব। (প্ৰকা. ৭:৯) আমি এইটোও নাজানো যে আমি প্ৰচাৰ কাৰ্য্য কেতিয়ালৈকে কৰিব লাগিব। কিন্তু যিহোৱাই জানে। তেওঁ সন্তুষ্ট নোহোৱালৈকে আমি এই শুভবাৰ্ত্তা প্ৰচাৰ কৰিব লাগিব আৰু “তেতিয়াহে শেষ হব।”—মথি ২৪:১৪.
৫ সময় কম কৰা হৈছে কিয়নো ঈশ্বৰৰ দিন একেবাৰে ওচৰ চাপি আহিছে। (১ কৰি. ৭:২৯ক; ইব্ৰী ১০:৩৭) নিঃসন্দেহ, “যেতিয়া আমি বিশ্বাস কৰিলোঁ, তেতিয়াতকৈ এতিয়া পৰিত্ৰাণ আমাৰ ওচৰ হʼল।” (ৰোমী. ১৩:১১) সেইবাবে আহঁক আমি ঈশ্বৰীয় সহিষ্ণুতাৰ উদ্দেশ্যৰ অৰ্থ ভুল নুবুজোহঁক। তাৰ পৰিৱৰ্তে, গুৰুত্বপূৰ্ণ বুজি অধিকৰূপে প্ৰচাৰ কৰোঁহঁক যাতে ধাৰ্ম্মিকলোকে ঈশ্বৰৰ মহান দয়া প্ৰাপ্ত কৰিব পাৰে।