“তাকে নকৈ থাকিব নোৱাৰোঁ”
১ যদিও গোটেই পৃথিৱীৰ ২৩৪ খন দেশত ৬০ লাখ প্ৰচাৰক আছে, আমি কেতিয়াও আমাৰ প্ৰচাৰ কাৰ্য্য শেষ হোৱা বুলি ভৱাতো উচিত নহয়। কিয়নো আমাৰ প্ৰভু যীচু খ্ৰীষ্টই এই প্ৰচাৰ কাৰ্য্যক নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে। (মথি ২৮:২০; মাৰ্ক ১৩:১০) সেইবাবে যেতিয়ালৈকে ঈশ্বৰে এই কাৰ্য্যক বন্ধ কৰিবলৈ আজ্ঞা নিদিয়ে, তেতিয়ালৈকে যি কথা আমি শুনিলোঁ “তাকে নকৈ থাকিব নোৱাৰোঁ।”—পাঁচ. ৪:২০.
২ ঈশ্বৰৰ ওপৰত ভৰসা ৰাখক: এই কাৰ্য্যক বন্ধ কৰিবলৈ আমাৰ শত্ৰু চয়তানে আমাৰ ওপৰত বিভিন্ন ধৰণৰ বাধা দি নিৰুৎসাহীত কৰিব বিচাৰে। (প্ৰকা. ১২:১৭) তাৰ ওপৰিও আমাৰ অসিদ্ধ শৰীৰ আৰু নানা ব্যক্তিগত সমস্যাই আমাক ঈশ্বৰৰ কাৰ্য্য কৰিবলৈ বাধা দিয়ে। কিন্তু আমি সকলো বাধাক নেওঁচি প্ৰচাৰ কাৰ্য্যক বেছিকৈ গুৰুত্ব দিয়া আৱশ্যক। যি ধৰণৰ পৰিস্থিতিয়েই নহওঁক কিয়, যদি আমি যিহোৱাত সম্পূৰ্ণ হৃদয়েৰে ভৰসা ৰাখোঁ, তেতিয়াহʼলে তেওঁৰ পৱিত্ৰ আত্মাই সকলো বাধাক আতঁৰাবলৈ আমাক সহায় কৰিব।
৩ উদাহৰণস্বৰূপে, প্ৰথম শতাব্দীৰ খ্ৰীষ্টান মণ্ডলীয়ে কঠোৰ যাতনাৰ সন্মূখীন হʼবলগীয়া হৈছিল। কিন্তু তেওঁলোকে সহায়ৰ বাবে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিছিল আৰু সম্পূৰ্ণ সাহসেৰে তেওঁৰ বাক্যৰ প্ৰচাৰ কৰিছিল। ইয়াৰ ওপৰিও যিহোৱা ঈশ্বৰে তেওঁলোকৰ প্ৰাৰ্থনাৰ উত্তৰস্বৰূপে পৱিত্ৰ আত্মা আৰু উৎসাহ দিছিল যাতে তেওঁলোকে সাহসী হৈ প্ৰচাৰ কাৰ্য্য কৰিব পাৰে। ইয়াৰ ফলস্বৰূপে তেওঁলোকে সকলো বাধা নেওঁচি সাহসেৰে শুভবাৰ্ত্তা প্ৰচাৰ কৰিছিল।—পাঁচ. ৪:২৯, ৩১; ৫:৪২.
৪ আমাৰ প্ৰচাৰ কাৰ্য্যৰ বিৰোধে কোৱা মতবাদবোৰত ভয়ভীত হʼব নালাগে: আমাৰ প্ৰচাৰ কাৰ্য্যৰ বিৰোধে বহুতে ৰাইজৰ আগত বৈশিষ্ট্যহীনভাৱে বা মিছা অভিমত প্ৰচাৰ কৰিব পাৰে। আৰু ইয়াৰ বাবে হয়তু প্ৰচাৰ কাৰ্য্যৰ প্ৰতি নিৰুৎসাহী হʼব পাৰোঁ। কিন্তু এই সংক্ৰান্তত আমি পাঁচ. ৫:২৯-৩২ পদত বৰ্ণনা কৰা যিহুদীসকলৰ মহাসভাত পিতৰ আৰু আন পাচঁনিসকলে সাহসেৰে কোৱা কথা-বতৰাৰ আৰ্হিক মনত ৰাখিলে লাভজনক হʼব। গামালিয়া নামৰ এজন আইনৰ শিক্ষকে এইদৰে স্বীকাৰ কৰিছে যে যিহুদীসকলৰ মহাসভাত কোনেও ঈশ্বৰৰ কাৰ্য্যক বন্ধ কৰিব নোৱাৰিলে। কিয়নো এই কাৰ্য্য কোনো মানুহৰ শক্তিৰে সম্পন্ন কৰা হোৱা নাই। এই প্ৰচাৰ কাৰ্য্যৰ বাবে আমাৰ মহান ঈশ্বৰে আমাক সহায় কৰে আৰু মাত্ৰ তেওঁহে ইয়াক সম্পন্ন কৰিব পাৰে!—জখ. ৪:৬.
৫ সেইবাবে আহঁক আমি সকলোৱে উৎসাহেৰে শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ সহায়ৰ বাবে পৱিত্ৰ আত্মা বিচাৰি যিহোৱালৈ নিতৌ প্ৰাৰ্থনা কৰোঁহঁক। তেতিয়াহে, আমি যিৰিমিয়া ভাৱবাদীয়ে কোৱাৰ দৰে কʼব পাৰিম যে ৰাজ্যৰ বাৰ্ত্তা হৈছে আমাৰ হাড়বোৰত বন্ধ কৰা জ্বলি থকা জুই। (যিৰি. ২০:৯) তেনেহʼলে, আমি কেতিয়াও এই বাৰ্ত্তাক নোকোৱাকৈ থাকিব নোৱাৰো!