সাহেৰে একেৰাহে ঈশ্বৰৰ বাক্য ঘোষণা কৰা
১ আমি খ্ৰীষ্টান পৰিচাৰক হোৱাৰ বাবে ভালদৰে জানোঁ যে আমি প্ৰচাৰ কৰা শুভবাৰ্ত্তা সকলো লোকে শুনিব, এনে নহয়। (মথি ১০:১৪) তথাপিও আমি এনে নেতিবাচক মনোবৃত্তি বিকশিত কৰা উচিত নহয়, যিয়ে আমাক ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ বাধা দিব পাৰে। (হিতো. ২৯:২৫) এতেকে আমাক সাহেৰে একেৰাহে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ কিহে সহায় কৰিব পাৰে?
২ পাঁচনি পৌলে “খ্ৰীষ্ট যীচুৰ জ্ঞানৰ উত্তমতাৰ” বিষয়ে বুজি পাইছিল আৰু ইয়ে তেওঁক “সম্পূৰ্ণ নিশ্চয়তাৰে” প্ৰচাৰ কৰিবলৈ প্ৰেৰিত কৰিছিল। (ফিলি. ৩:৮; ১ থিচ. ১:৫) যদিও তেওঁৰ সময়ৰ কিছুমান লোকে শুভবাৰ্ত্তাক দুৰ্ব্বল আৰু অজ্ঞানৰ কাৰ্য্য বুলি দৃষ্টি কৰিছিল, তথাপিও পৌলে জানিছিল যে, “বিশ্বাস কৰা প্ৰত্যেক জনলৈ, সেয়ে পৰিত্ৰাণৰ অৰ্থে ঈশ্বৰৰ শক্তি।” (ৰোমী. ১:১৬) গতিকে পাঁচনি পৌলে বিৰোধিতাৰ সম্মুখীন হোৱাৰ স্বত্বেও একেৰাহে “সেই [যিহোৱা ঈশ্বৰত, NW] ভৰ দি, সাহেৰে প্ৰচাৰ কৰিলে।”—পাঁচ. ১৪:১-৭; পাঁচ. ২০:১৮-২১, ২৪.
৩ আমাৰ শক্তিৰ উৎস: পাঁচনি পৌলে নিজৰ শক্তিৰে আৰু সামৰ্থৰে যে সাহেৰে সাক্ষী দিছিল, এনে নহয়। পৌলে নিজৰ আৰু চীলৰ বিষয়ে লিখা পত্ৰ খনত এইদৰে কৈছিল: “ফিলিপী নগৰত আমি আগেয়ে অনেক দুখভোগ আৰু অপমান পায়ো, . . . অনেক যুঁজেৰে ঈশ্বৰত সাহ কৰিছিলোঁ।” (১ থিচ. ২:২; পাঁচ. ১৬:১২, ৩৭) তদুপৰি পৌলে ৰোম চহৰত বন্দী হৈ থকাৰ সময়ত তেওঁৰ বাবে প্ৰাৰ্থনা কৰিবলৈ আনসকলক অনুৰুধ কৰিছিল, যাতে তেওঁ ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা ‘যেনেকৈ কোৱা উচিত, তেনেকৈ সাহেৰে যেন কʼব পাৰে।’ (ইফি. ৬:১৮-২০) তেওঁ নিজৰ ওপৰত ভাৰসা কৰাৰ পৰিৱৰ্তে সাহেৰে ঈশ্বৰৰ বাক্য ঘোষণা কৰিবলৈ যিহোৱাৰ পৰা সহায় বিচাৰিছিল।—২ কৰি. ৪:৭; ফিলি. ৪:১৩.
৪ আজিও তেনেদৰে সাহেৰে প্ৰচাৰ কৰাৰ আৱশ্যকতা হৈছে। এজন ভায়ে কৰ্ম্মস্থলত নিজকে এজন যিহোৱাৰ সাক্ষী বুলি পৰিচয় দিবলৈ কঠিন অনুভৱ কৰিছিল। সেয়েহে তেওঁ অনিয়মিতভাৱে সাক্ষী দিবলৈ যিহোৱালৈ প্ৰাৰ্থনা কৰি সাক্ষী দিবলৈ আৰম্ভ কৰিলে। আৰম্ভণিতে ভায়জনৰ তেনে প্ৰচেষ্টাক দেখি তেওঁৰ এজন সহকৰ্ম্মীয়ে পছন্দ কৰা নাছিল, কিন্তু পুনৰুত্থানৰ আশাৰ বিষয়ে কোৱা কথোপকথনে সেই সহকৰ্ম্মীজনৰ সৈতে বাইবেল অধ্যয়ন কৰিবলৈ পৰিচালিত কৰিলে। সেই সময়ৰ পৰা ভায়জনে প্ৰত্যেক সুযোগতে সাক্ষী দিবলৈ থিৰাং কৰিলে। তেতিয়াৰে পৰা ভায়জনে তেওঁৰ কৰ্ম্মজীৱনৰ ১৪ বছৰ সময়ছোৱাত ৩৪ জন ব্যক্তিক বাপ্তিষ্মা লৈ যিহোৱাৰ উপাসক হʼবলৈ সহায় কৰিলে। একেইদৰে আমিও যিহোৱাৰ ওপৰত শক্তি লাভ কৰিবলৈ ভাৰসা ৰাখি ‘নিৰ্ভয়ে তেওঁৰ বাক্য কʼব’ পাৰিম।—পাঁচ. ৪:৩০.