ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১২/০০ পৃষ্ঠা ১
  • আপুনি সাহসী হৈ প্ৰচাৰ কাৰ্য্যত ভাগ লয়নে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি সাহসী হৈ প্ৰচাৰ কাৰ্য্যত ভাগ লয়নে?
  • ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • সাহেৰে একেৰাহে ঈশ্বৰৰ বাক্য ঘোষণা কৰা
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক:
    ২০১৮-২০১৯ চনৰ শাখা সন্মিলনৰ কাৰ্য্যক্ৰম—চাৰ্কিট ওভাৰচিয়াৰৰ লগত
  • সাহসেৰে কথা পাতক
    লোকসকলক প্ৰেম কৰক আৰু শিকাওক
  • সাক্ষ্য দিবলৈ সাহস দিয়া
    ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
আৰু চাওক
২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১২/০০ পৃষ্ঠা ১

আপুনি সাহসী হৈ প্ৰচাৰ কাৰ্য্যত ভাগ লয়নে?

১ এই সন্দৰ্ভত আমি পাঁচনি পিতৰ আৰু যোহনৰ আৰ্হিক বিবেচনা কৰিব পাৰোঁ। তেওঁলোকে বিৰোধীসকলৰ সন্মুখীন আৰু গ্ৰেপ্তাৰ হোৱা স্বত্ত্বেও সাহসী হৈ শুভবাৰ্ত্তা প্ৰচাৰ কৰিছিল। (পাঁচ. ৪:⁠১৭, ২১, ৩১) বৰ্তমান সময়ত আমি প্ৰচাৰ কাৰ্য্যত সাহসী হৈ ভাগ লোৱাৰ অৰ্থ কি?

২ সাহসী হৈ সাক্ষী দিয়া: “সাহসী” শব্দৰ প্ৰতিশব্দ হৈছে “সাহিয়াল” যাৰ অৰ্থ হৈছে নিৰ্ভয়তা, সংকল্পবদ্ধ আৰু ধৈৰ্য্যশীল।” সত্য খ্ৰীষ্টানৰ বাবে সাহসী হৈ সাক্ষী দিয়া অৰ্থাৎ প্ৰচাৰ কৰাৰ অৰ্থ হৈছে, যি কোনো সুযোগতে আনক শুভবাৰ্ত্তাৰ বিষয়ে জনাবলৈ ভয়-ভীত নোহোৱা। (পাঁচ. ৪:​২০; ১ পিত. ৩:⁠১৫) আন এক শব্দত ইয়াৰ অৰ্থ হৈছে আমি শুভবাৰ্ত্তাৰ বাবে কেতিয়াও লজ্জিত নোহোৱা। (গীত. ১১৯:⁠৪৬; ৰোমী. ১:⁠১৬; ২ তীম. ১:⁠৮) গতিকে এই শেষ কালত আমি ৰাজ্যৰ শুভবাৰ্ত্তাক প্ৰচাৰ কৰাৰ আজ্ঞাক সম্পূৰ্ণৰূপে পালন কৰিবলৈ সাহসী হোৱা আৱশ্যক। ইয়াৰ ওপৰিও এই সাহসে আমি লগ পোৱা লোকসকলক যিকোনো স্থানতে প্ৰচাৰ কৰিবলৈ প্ৰেৰণা দিয়ে।​—⁠পাঁচ. ৪:⁠২৯; ১ কৰি. ৯:⁠২৩.

৩ স্কুলত প্ৰচাৰ কৰোঁতে সাহসী হোৱা: আপুনি স্কুলত নিজৰ সহপাঠীসকলক ৰাজ্যৰ শুভবাৰ্ত্তাৰ বিষয়ে কবলৈ ভয় বা লাজভাব অনুভৱ কৰেনে? প্ৰকৃততে, স্কুলৰ সহপাঠীসকলক শুভবাৰ্ত্তা বিষয়ে জনোৱাটো সিমান সহজ নহয়। কিন্তু, যদি আপুনি তেওঁলোকক প্ৰচাৰ কৰিবলৈ সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰে, তেনেহʼলে ঈশ্বৰে নিশ্চয়ে আপোনাক আশীৰ্ব্বাদ কৰিব। (গীত. ১৩৮:⁠৩) এতেকে তেনে সাহসে আপুনি যে এজন যিহোৱাৰ সাক্ষী তাৰ পৰিচয় দিব আৰু লোকবিলাকে ইতিকিং কৰাৰ সময়ত ধৈৰ্য্য ধৰিবলৈ সহায় কৰিব। ইয়াৰ ফলস্বৰূপে, যিসকলে আপোনাৰ শুভবাৰ্ত্তাক শুনিব তেওঁলোকে হয়তো তাক স্বীকাৰ কৰি যিহোৱাৰ আহিব লগীয়া ধ্বংসৰ পৰা উদ্ধাৰ পাব।​—⁠১ তীম. ৪:⁠১৬.

৪ সহকৰ্ম্মীসকলক সাহসেৰে শুভবাৰ্ত্তা প্ৰচাৰ কৰক: কৰ্ম্মক্ষেত্ৰত আপোনাক এজন যিহোৱাৰ সাক্ষীৰূপে সকলোৱে চিনি পায়নে? তেওঁলোকে আপোনাক এজন যিহোৱাৰ সাক্ষীৰূপে চিনি পাবলৈ আপুনি কি কৰিব পাৰে? ইয়াৰ বাবে সহকৰ্ম্মীসকলক সাহসেৰে শুভবাৰ্ত্তা প্ৰচাৰ কৰা দ্বাৰাই প্ৰকাশ কৰিব যে আপুনি এজন যিহোৱাৰ সাক্ষী। ইয়াৰ ওপৰিও এনে সাহসে আপোনাক খ্ৰীষ্টান মণ্ডলীত আয়োজন কৰা সভা আৰু অধিৱেশনবোৰত উপস্থিত হʼবৰ বাবে মেনেজাৰৰ পৰা ছুটি বিচাৰিবলৈ সহায় কৰিব।

৫ কঠিন পৰীক্ষাৰ সময়তো সাহসী হওঁক: যেতিয়া আমি পৰীক্ষাৰ সন্মূখীন হওঁ সেই সময়ত সাহসী হোৱাটো অতি আৱশ্যক। (১ থিচ. ২:⁠১, ২) যেতিয়া আমাক বিৰোধীসকলে ভাবুকি দিয়ে, ঠাট্টা কৰে বা আকস্মিকভাবে উপদ্ৰৱ কৰে তেনে সময়ত তেনে সাহসে বিশ্বাসত দৃঢ় হৈ থাকিবলৈ সহায় কৰে। (ফিলি. ১:⁠২৭, ২৮) সাহসে আমাক কঠিন পৰীক্ষাৰ সময়তো যিহোৱা ঈশ্বৰৰ প্ৰতি লোৱা সিদ্ধান্তত অটল হৈ থাকিবলৈ শক্তিশালী কৰিব। ইয়াৰ ওপৰিও, এই সাহসে যেতিয়া কোনো ব্যক্তিয়ে আমাৰ সৈতে তৰ্ক-বিতৰ্ক কৰে, তেনে অৱস্থাটো উত্তেজিত নহʼবলৈ আৰু শান্তি বজাই ৰাখিবলৈ সহায় কৰিব।​—⁠ৰোমী. ১২:⁠১৮.

৬ এতেকে ব্যক্তিগতভাৱে যিয়েই পৰিস্থিতিৰ সন্মূখীন নহওঁ কিয়, আমি শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যত সাহসেৰে লাগি থাকিবলৈ দৃঢ় নিশ্চয় কৰা আৱশ্যক।​—⁠ইফি. ৬:⁠১৮-​২০.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক