ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১২/০০ পৃষ্ঠা ১
  • সকলো সময়তে যিহোৱালৈ ভয় ৰাখক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সকলো সময়তে যিহোৱালৈ ভয় ৰাখক
  • ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • যিহোৱাক ভয় কৰাৰ হৃদয় বিকাশিত কৰক
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • যিহোৱালৈ ভয় ৰাখি তেওঁৰ আজ্ঞাবোৰ পালন কৰোঁহঁক
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • বাইবেল অধ্যয়ন কিয় কৰা আৱশ্যক?
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • চাৰ্কিট সন্মিলনৰ নতুন কাৰ্য্যক্ৰম
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১২/০০ পৃষ্ঠা ১

সকলো সময়তে যিহোৱালৈ ভয় ৰাখক

১ “যিহোৱালৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ।” (গীত. ১১১:⁠১০) এই জ্ঞানে আমাক ভাল কাৰ্য্য কৰিবলৈ প্ৰেৰণা দিয়ে আৰু বেয়াৰ পৰা আঁতৰি থাকিবলৈ সহায় কৰে। (হিতো. ১৬:⁠৬) এই ধৰণৰ ভয়ে আমাৰ সৃষ্টিকৰ্ত্তাক গভীৰ সন্মান দেখুৱাবলৈ প্ৰেৰণা দিয়ে আৰু তেওঁক অসন্তোষ্ট অৱজ্ঞা কৰাৰ পৰা আমাক আঁতৰাই ৰাখে। কিন্তু ইয়াৰ বাবে আমি সকলো সময়তে তেওঁলৈ ভয় ৰখা অৰ্থাৎ সকলো প্ৰকাৰৰ দুষ্টতাৰ পৰা আঁতৰি থকা আৱশ্যক।​—⁠হিতো. ৮:⁠১৩.

২ যিহেতু প্ৰতিদিনে এই দুষ্ট জগতে আমাক যিহোৱাৰ পথৰ পৰা বিমুখে নি বেয়া কাৰ্য্য কৰিবলৈ অত্যাধিকৰূপে হেঁচা দিয়ে। (ইফি. ৬:⁠১১, ১২) ইয়াৰ ওপৰিও আমাৰ পাপময় শৰীৰে আমাক বেয়া কাৰ্য্য কৰিবলৈ হেঁচা দিয়ে। (গালা. ৫:⁠১৭) কিন্তু সকলো সময়তে যিহোৱাৰ প্ৰতি ভয় ৰাখি আৰু তেওঁৰ আজ্ঞাৰ অনুসাৰে চলি আমি অনন্ত জীৱন লাভ কৰিব পাৰোঁ।​—⁠দ্বিতী. ১০:⁠১২, ১৩.

৩ সেয়েহে ইব্ৰী ১০:​২৪, ২৫ পদে আমাক একগোট হʼবলৈ পৰামৰ্শ দিছে যাতে এই শেষ কালত আমি এজনে আনজনক “অধিকৰূপে পৰস্পৰে” উৎসাহিত কৰিব পাৰোঁ। যদি আমি এই শেষ কালৰ বেয়া প্ৰভাৱক প্ৰতিৰোধ কৰিব বিচাৰোঁ তেনেহʼলে নিয়মিতৰূপে খ্ৰীষ্টান মণ্ডলীত আয়োজন কৰা সভাবোৰত উপস্থিত হোৱাতো অতি আৱশ্যক। কিয়নো যিহোৱাৰ প্ৰতি থকা সেই ভয়ে আমাক তেওঁৰ মন আনন্দিত কৰিবলৈ উৎসাহিত কৰে। ইয়াৰ ওপৰিও ই আমাক সভাবোৰত উপস্থিত হʼবলৈ আৰু ইয়াৰ উত্তম উদ্দেশ্যক মূল্যাঙ্কন কৰিবলৈ প্ৰেৰণা দিয়ে। যিসকলে ঈশ্বৰক ভয় কৰে তেওঁলোকৰ বাবে মণ্ডলীৰ সকলোবোৰ সভাত উপস্থিত হোৱাটো এক বিশেষ অধিকাৰ।

৪ আমি যে ঈশ্বৰক ভয় কৰোঁ ইয়াক প্ৰকাশ কৰাৰ অন্য পথ হৈছে ৰাজ্যৰ শুভবাৰ্ত্তাক প্ৰচাৰ কৰি তেওঁৰ আজ্ঞাক পালন কৰা। (মথি ২৮:⁠১৯, ২০; পাঁচ. ১০:⁠৪২) আমাৰ প্ৰচাৰ কাৰ্য্যৰ মূখ্য লক্ষ্য হৈছে, যিহোৱালৈ ভয় ৰখা আৰু তেওঁৰ ইচ্ছাৰ অনুসৰি নিজকে সমৰ্পন কৰিবলৈ আনক সহায় আগবঢ়োৱা। এতেকে আমি এই কাৰ্য্যক কেনেকৈ সম্পন্ন কৰিব পাৰোঁ? ইয়াৰ বাবে আমাৰ সকলোৱে পুনৰ সাক্ষাৎ কৰি বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ প্ৰচেষ্টা চলোৱা আৰু আনক ঈশ্বৰৰ সকলোবোৰ আজ্ঞাৰ বিষয়ে শিকোৱা আৱশ্যক। তেহে আমি যিহোৱাৰ প্ৰতি ভয় আৰু চুবুৰীয়াৰ প্ৰতি প্ৰেম প্ৰদৰ্শন কৰিব পাৰিম।​—⁠মথি ২২:⁠৩৭-​৩৯.

৫ কিন্তু যিসকলে ঈশ্বৰক ভয় নকৰে আৰু আধ্যাত্মিক প্ৰৱন্ধৰ প্ৰতি কোনো মুল্যাঙ্কন নেদেখুৱাই, তেওঁলোকে চয়তানৰ জগত অৰ্থাৎ শাৰীৰিক অভিলাষৰ ফান্দত পৰে।। (ইফি. ২:⁠২) গতিকে আমি “ভক্তি আৰু ভয়েৰে ঈশ্বৰৰ আৰাধনা” কৰা সিদ্ধান্তত দৃঢ় হোৱা উচিত। (ইব্ৰী ১২:⁠২৮) কিয়নো এনে কৰাৰ দ্বাৰাই আমিও যিহোৱাক ভয় কৰা লোকৰ দৰে তেওঁৰ আশীৰ্ব্বাদসমূহৰ ভাগী হʼব পাৰিম।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক