ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০১ ১২/১ পৃষ্ঠা ১৩-১৭
  • যিহোৱালৈ ভয় ৰাখি তেওঁৰ আজ্ঞাবোৰ পালন কৰোঁহঁক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱালৈ ভয় ৰাখি তেওঁৰ আজ্ঞাবোৰ পালন কৰোঁহঁক
  • ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • দুষ্টতাৰ পৰা আঁতৰি থাকক
  • তিনিজন ব্যক্তিয়ে ঈশ্বৰৰ প্ৰতি ভয় ৰাখিছিল
  • মানুহক অসন্তোষ্ট কৰাৰ বিপৰীতে ঈশ্বৰক অসন্তোষ্ট কৰা
  • যিহোৱাক ভয় কৰাৰ হৃদয় বিকাশিত কৰক
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • বাইবেল অধ্যয়ন কিয় কৰা আৱশ্যক?
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০১ ১২/১ পৃষ্ঠা ১৩-১৭

যিহোৱালৈ ভয় ৰাখি তেওঁৰ আজ্ঞাবোৰ পালন কৰোঁহঁক

“ঈশ্বৰলৈ ভয় ৰাখা, আৰু তেওঁৰ আজ্ঞাবিলাক পালন কৰা; কিয়নো এয়েই মানুহৰ সকলো কৰ্তব্য কৰ্ম্ম।”—উপদেশক ১২:১৩.

১, ২. (ক) ভয়ে কেনেকৈ আমাক শাৰীৰিকৰূপে সুৰক্ষা প্ৰদান কৰে? (খ) বুদ্ধিমান পিতৃ-মাতৃসকলে কিয় নিজৰ লʼৰা-ছোলীৱালীৰ মনত স্ফুৰ্তিদায়ক ভয় জগাই তুলে?

লিওনাৰ্ড দা ভিন্চিয়ে এইদৰে কৈছিল, “যেনেকৈ সাহসে জীৱনটোক বিপদাপন্ন কৰি তুলে, তেনেকৈ ভয়ে ইয়াক ৰক্ষা কৰে।” ডাংকোপ মৰা এজন ব্যক্তিয়ে নিজলৈ বিপদ চপাই আনে, কিন্তু ভয়ে হʼলে তেওঁক সতৰ্ক কৰায়। উদাহৰণস্বৰূপে, যেতিয়া পৰ্বতৰ টিঙত থিয় হৈ তললৈ দৃষ্টি কৰি অনুমান কৰোঁ যে কিমান ওখৰ পৰা পৰিব পাৰোঁ, তেতিয়া তৎক্ষণাত আমি পিছ হুহঁকি যাওঁ। একেইদৰে পূৰ্ববৰ্তী লেখটোত কোৱা হৈছিল যে স্ফুৰ্তিদায়ক ভয়ে ঈশ্বৰৰ সৈতে ভাল সম্বন্ধ বজাই ৰাখিবলৈ কেৱল সহায় কৰে এনে নহয়, কিন্তু ই আমাক ঈশ্বৰৰ মনত আঘাত দিয়াৰ পৰা আঁতৰি থাকিবলৈও সহায় কৰে।

২ বৰ্তমান সময়ত বহুতো বিপদৰ আশঙ্কাৰ প্ৰতি থকা ভয়ৰ বিষয়ে শিকা উচিত। উদাহৰণস্বৰূপে, সৰু লʼৰা-ছোৱালীয়ে বৈদ্যুতিক যন্ত্ৰ বা চহৰৰ পথত অহা-যোৱা কৰা গাড়ীৰ দ্বাৰা সহজে দুৰ্ঘটনাগ্ৰস্ত হʼব পাৰে।a কিন্তু বুদ্ধিমান পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীক তেওঁলোকৰ চাৰিওফালে থকা বিপদৰ বিষয়ে বাৰে-বাৰে অৱগত কৰাই তেওঁলোকৰ মনত স্ফুৰ্তিদায়ক ভয়ৰ সৃষ্টি কৰে। কিয়নো পিতৃ-মাতৃসকলে জানে যে তেনেধৰণৰ ভয়ে লʼৰা-ছোৱালীৰ জীৱন ৰক্ষা কৰিব।

৩. যিহোৱাই কেনেকৈ আৰু কিয় আমাক আধ্যাত্মিক বিপদসমূহৰ প্ৰতি সতৰ্ক কৰে?

৩ যিহোৱাই আমাৰ মঙ্গলৰ অৰ্থে স্বাভাৱিক পিতৃ-মাতৃৰ দৰে চিন্তা কৰে। তেওঁ এজন দয়ালুময় পিতৃ স্বৰূপে আমাক তেওঁৰ বাক্য আৰু সংগঠনৰ পৰা লাভৱান হʼবলৈ শিক্ষা দিয়ে। (যিচয়া ৪৮:১৭) ঈশ্বৰৰ এনে শৈক্ষিক কাৰ্য্যক্ৰমৰ যোগেদি আমাক “যত্নেৰে” আধ্যাত্মিকৰূপে থকা ফান্দৰ বিষয়ে সতৰ্ক কৰে যাতে আমি তেনে বিপদৰ বাবে স্ফুৰ্তিদায়ক ভয় বিকাশিত কৰোঁ। (২ বংশাৱলি ৩৬:১৫; ২ পিতৰ ৩:১) ‘যদি লোকসকলে ঈশ্বৰৰ প্ৰতি ভয় আৰু তেওঁৰ আজ্ঞা পালন কৰা হʼলে,’ ইতিহাস জুৰি হোৱা আধ্যাত্মিক ধ্বংস আৰু জীয়াতু ভুগাৰ পৰা বহুতে হাত হাৰিব পাৰিলেহেঁতেন। (দ্বিতীয় বিবৰণ ৫:২৯) এই ‘শেষকালৰ ভয়ঙ্কৰ সময়ত’ আমি কেনেকৈ নিজৰ মন আৰু হৃদয়ত ঈশ্বৰৰ প্ৰতি ভয় উৎপন্ন কৰি আধ্যাত্মিকৰূপে থকা বিপদৰ পৰা হাত হাৰিব পাৰিম?—২ তীমথিয় ৩:১.

দুষ্টতাৰ পৰা আঁতৰি থাকক

৪. (ক) খ্ৰীষ্টানসকলে নিজৰ মনত কেনেধৰণৰ ঘৃণা ভাব উৎপন্ন কৰা উচিত? (খ) যিহোৱাই পাপময় আচৰণৰ বিষয়ে কেনে অনুভৱ কৰে? (ফোটনোটত চাওঁক)

৪ বাইবেলত ব্যাখ্যা কৰা হৈছে যে “যিহোৱাক ভয় কৰায়েই দুষ্টতাক ঘিণ কৰা হয়।” (হিতোপদেশ ৮:১৩) এখন লেক্সিকন বাইবেলে ঘিণ শব্দটোক এইদৰে বৰ্ণনা কৰিছে, “ই হৈছে কোনো ব্যক্তি বা বস্তুসমূহক বাধা, অপ্ৰীতিকৰ, তুচ্ছজ্ঞান কৰাৰ এনে এক মনোভাৱ, যাৰ বাবে সেই ব্যক্তিসকল বা বস্তুবোৰৰ সৈতে এজন ব্যক্তিয়ে কোনো সম্পৰ্ক ৰাখিব নিবিচাৰে।” যিহোৱালৈ ৰখা ভয়ে তেওঁ বেয়া বুলি দৃষ্টি কৰা বস্তু বা কাৰ্য্যসমূহৰ প্ৰতি আন্তৰিক ঘৃণা জগাই তুলে।b (গীতমালা ৯৭:১০) যিদৰে পৰ্বতৰ টিঙত থিয় হৈ তললৈ দৃষ্টি কৰি পৰি যোৱাৰ ভয়ে আমাক পিছ হুহঁকিবলৈ পৰিচালিত কৰে, ঠিক তেনেদৰে ঈশ্বৰৰ প্ৰতি ৰখা ভয়ে আমাক দুষ্টতাৰ পৰা আঁতৰি থাকিবলৈ পৰিচালিত কৰে। এই সম্পৰ্কে বাইবেলে এইদৰে কৈছে যে, “যিহোৱাৰ ভয়ত মানুহ মন্দৰ পৰা আঁতৰ হয়।”—হিতোপদেশ ১৬:৬.

৫. (ক) আমি কেনেকৈ ঈশ্বৰৰ প্ৰতি থকা আমাৰ ভয়ক অধিক বৃদ্ধি আৰু যি বেয়া তাক ঘৃণা কৰিব পাৰোঁ? (খ) এই সন্দৰ্ভত ইস্ৰায়েলসকলৰ বিবৰণীয়ে আমালৈ কেনে শিক্ষা আগবঢ়াইছে?

৫ তেনে পাপময় কাৰ্য্যৰ ফলত উৎপন্ন হোৱা হানিকাৰক পৰিণামসমূহক বিবেচনা কৰাৰ দ্বাৰা আমি এই স্ফুৰ্তিদায়ক ভয় আৰু বেয়াৰ প্ৰতি অধিকৈ ঘৃণাভাৱ বৃদ্ধি কৰিব পাৰোঁ। বাইবেলে আমাক আশ্বাস দি কৈছে যে আমি মাংসৰ উদ্দেশে বা আত্মাৰ উদ্দেশে অৰ্থাৎ যিহকে সিচিঁম তাকে দাবলৈ পাম। (গালাতীয়া ৬:৭, ৮) এইকাৰণে যিহোৱাই স্পষ্টৰূপে বৰ্ণনা কৰিছে যে তেওঁৰ আজ্ঞা আৰু সত্য উপাসনাক ত্যাগ কৰিলে কেনে পৰিণাম হʼব পাৰে। ঈশ্বৰৰ সুৰক্ষাৰ অবিহনে শক্তিশালী আৰু নিষ্ঠুৰ চুবুৰীয়া ৰাজ্যৰ সম্মুখত ইস্ৰায়েলসকল সংখ্যাত তাকৰ আৰু একেবাৰে দুৰ্ব্বল জাতি আছিল। (দ্বিতীয় বিবৰণ ২৮:১৫, ৪৫-৪৮) তেওঁলোকে অবজ্ঞাকাৰী হোৱাৰ বাবে কেনে পৰিণাম ভুগীবলগা হৈছিল তাৰ বিষয়ে “চেতনা পাবলৈ” বাইবেলত বহুলভৱে বৰ্ণনা কৰা হৈছে যাতে আমি ইয়াৰ পৰা শিক্ষা পাওঁ আৰু ঈশ্বৰৰ প্ৰতি ভয় বিকাশিত কৰোঁ।—১ কৰিন্থীয়া ১০:১১.

৬. ঈশ্বৰৰ প্ৰতি ভয় বিকাশিত কৰাৰ বিষয়ে শিকিবলৈ আমি কেনে শাস্ত্ৰীয় উদাহৰণসমূহক বিবেচনা কৰিব পাৰোঁ? (ফুটনোটো চাওক।)

৬ ৰাষ্ট্ৰ হিচাবে ইস্ৰায়েলজাতিলৈ যি ঘটিল তাৰ ওপৰিও বাইবেলে এনে কিছুমান ব্যক্তিসকলৰ জীৱনিৰ বিষয়ে উল্লেখ কৰিছে, যিসকল পৰশ্ৰীকাতৰ, অনৈতিক, লোভী বা অহঙ্কাৰী আছিল।c এওঁলোকৰ কিছুমানে বহুবছৰ ধৰি যিহোৱাৰ উপাসনা কৰিছিল যদিও তেওঁলোকৰ জীৱনলৈ অহা কঠিন পৰিস্থিতিৰ বাবে ঈশ্বৰৰ প্ৰতি থকা তেওঁলোকৰ ভয় লোপ পালে আৰু শেষত তেওঁলোকে মাৰাত্মক অৱস্থাৰ সম্মুখীন হৈছিল। তেনে শাস্ত্ৰীয় উদাহৰণসমূহ স্মৰণ কৰাৰ দ্বাৰা আমি তেওঁলোকৰ দৰে কোনো ভুল পদক্ষেপ নলবলৈ দৃঢ় সিদ্ধান্ত লʼব পাৰোঁ। আমাৰ হৃদয়ত ঈশ্বৰৰ পৰামৰ্শ লোৱাৰ পূৰ্বেই যদি আমি ব্যক্তিগতভাৱে বেয়া পৰিণামৰ অভিজ্ঞতা লাভ কৰিবলৈ অপেক্ষা কৰোঁ, তেনেহʼলে ই আমাৰ বাবে কিমান যে দুখৰ বিষয় হʼব! ইয়াৰ বিপৰীতে আমি সাধাৰণতে মানুহৰ মাজত প্ৰচলিত থকা বিশ্বাস—আত্মপ্ৰশ্ৰয়শীলতা হৈ নিজেই অনুভৱী হোৱা—মনোবৃত্তিক ত্যাগ কৰিলে উত্তম হʼব।—গীতমালা ১৯:৭.

৭. যিহোৱাই কোনবিলাকক তেওঁৰ লাক্ষণিক তম্বুত বাস কৰিবলৈ আমন্ত্ৰণ কৰে?

৭ আগ্ৰহী হৈ ঈশ্বৰৰ প্ৰতি ভয় বিকাশিত কৰাৰ আন এক শক্তিশালী কাৰণ হৈছে যিহোৱাৰ সৈতে থকা আমাৰ সম্বন্ধক বজাই ৰাখা। যিহোৱাক অসন্তোষ্ট কৰিবলৈ ভয় কৰোঁ, কিয়নো তেওঁৰ সৈতে থকা আমাৰ বন্ধুত্বক আমি মুল্যাঙ্কণ কৰোঁ। ঈশ্বৰে তেওঁৰ লাক্ষণিক তম্বুত বাস কৰিবলৈ আমন্ত্ৰণ কৰা কোনসকলক নিজৰ বন্ধু হিচাবে গ্ৰহণ কৰে? কেৱল সেইসকলক, যিসকলে “যথাৰ্থ আচৰণ আৰু ধৰ্ম্মকৰ্ম্ম কৰে।” (গীতমালা ১৫:১, ২) সৃষ্টিকৰ্ত্তা ঈশ্বৰৰ সৈতে থকা আমাৰ সম্বন্ধক যদি এক বিশেষ অধিকাৰ হিচাবে মুল্যাঙ্কণ কৰোঁ, তেহে আমি তেওঁৰ দৃষ্টিত যথাৰ্থ আচৰণ কৰিম।

৮. ভবিষ্যতবক্তা মলাখীৰ দিনত কেনেকৈ কিছুমান ইস্ৰায়েলীয়ে ঈশ্বৰৰ সৈতে থকা বন্ধুত্বক অনুদান হিচাবে সহজভাৱে লৈছিল?

৮ দুখৰ বিষয় যে মলাখীৰ দিনত ইস্ৰায়েল জাতিৰ কিছুমান ব্যক্তিয়ে যিহোৱাৰ সৈতে থকা বন্ধুত্বক অনুদান হিচাবে সহজে লৈছিল। তেওঁলোকে যিহোৱাক ভয় আৰু শ্ৰদ্ধা কৰাৰ পৰিৱৰ্তে ঈশ্বৰলৈ ৰুগীয়া আৰু খোৰা পশুৰ বলিদান কৰিছিল। ঈশ্বৰৰ প্ৰতি থকা ভয় লোপ পোৱাৰ বাবে তেওঁলোকে ঈশ্বৰে কৰা বিবাহ প্ৰবন্ধকো মুল্যাঙ্কণ কৰা নাছিল। তেওঁলোকে কম বয়সীয়া যুৱতীক বিবাহ কৰা অৰ্থে নিজৰ যুৱা পত্নীক সামান্য কাৰণৰ বাবে বিবাহ-বিচ্ছেদ কৰিছিল। সেইবাবে ভবিষ্যতবক্তা মলাখীয়ে তেওঁলোকক কৈছিল যে যিহোৱাই “ভাৰ্য্যা-ত্যাগ” ঘিণ কৰে আৰু এনে প্ৰবঞ্চক মনোবৃত্তিৰ বাবে তেওঁলোকে নিজ ঈশ্বৰৰ পৰা পৃথক হৈছিল। লাক্ষণিক ৰূপে বেদীবোৰত ত্যাগ কৰা ভাৰ্য্যাসকলৰ চকুলোৰে ভৰি পৰিছিল, গতিকে ঈশ্বৰে কেনেকৈ তেওঁলোকে কৰা বলিদানত সন্তুষ্ট হʼব পাৰে? তেওঁলোকে ঈশ্বৰৰ স্তৰসমূহক তেনেদৰে অতিশয়ৰূপে অনাদৰ কৰাৰ বাবে যিহোৱাই এইদৰে কৈছিল: “তেন্তে মোলৈ ভয় কʼতা?”—মলাখী ১:৬-৮; ২:১৩-১৬.

৯, ১০. যিহোৱাৰ সৈতে থকা আমাৰ বন্ধুত্বক যে আমি মূল্যাঙ্কণ কৰোঁ, তাক আমি কেনেকৈ প্ৰকাশ কৰিম?

৯ বৰ্তমান সময়ত স্বাৰ্থপৰ আৰু অনৈতিক স্বামী বা পিতৃ অথবা পত্নী বা মাতৃয়ে ত্যাগ কৰা বহুতো নিৰ্দোষী সঙ্গী আৰু লʼৰা-ছোৱালীৰ প্ৰতিও যিহোৱাই সেই একেইদৰে দৃষ্টি কৰে। লোকসকলে কৰা এনে কাৰ্য্যই নিশ্চয়ে তেওঁৰ মনত বেজাৰ দিয়ে। ইয়াৰ বিপৰীতে, ঈশ্বৰৰ বন্ধু হোৱা এজন ব্যক্তিয়ে বিবাহ বন্ধনৰ এই গুৰুত্বপূৰ্ণ বিষয়ক জাগতিক দৃষ্টিভঙ্গীৰে ক্ষুদ্ৰ বুলি বিবেচনা কৰাৰ পৰিৱৰ্তে এই বিষয়বোৰত যিহোৱাৰ দৃষ্টিভঙ্গী গ্ৰহণ কৰে আৰু নিজৰ বিবাহ বন্ধনক শক্তিশালী কৰি “ব্যাভিচাৰ পৰা” আঁতৰি থাকে।’—১ কৰিন্থীয়া ৬:১৭, ১৮.

১০ বিবাহ আৰু একেইদৰে জীৱনৰ অন্য ক্ষেত্ৰবোৰত যিহোৱাৰ দৃষ্টিত অগ্ৰাহ্য হোৱা সকলোকে ঘৃণা কৰা, ইয়াৰ ওপৰিও তেওঁৰ সৈতে থকা বন্ধুত্বক মূল্যাঙ্কণ কৰাৰ যোগেদি ঈশ্বৰৰ সমৰ্থন আৰু তেওঁৰ অনুমোদন লাভ কৰিব পাৰি। এই বিষয়ে পাঁচনি পিতৰে দৃঢ়ভাৱে এইদৰে কৈছিল: “ঈশ্বৰ পক্ষপাতী নহয়, কিন্তু সকলো জাতিৰ মাজত যি জনে তেওঁলৈ ভয় ৰাখি ধৰ্ম্মআচৰণ কৰে, সেই জন তেওঁৰ গ্ৰাহ্য হয়।” (পাঁচনিৰ কৰ্ম্ম ১০:৩৪, ৩৫) এনে বহুতো শাস্ত্ৰীয় উদাহৰণ আছে যিয়ে প্ৰকাশ কৰিছে যে কেনেকৈ ঈশ্বৰৰ প্ৰতি ৰখা ভয়ে তেওঁলোকক কঠিন পৰিস্থিতিৰ মাজতো সঠিক কাৰ্য্য কৰিবলৈ অনুপ্ৰাণিত কৰিছিল।

তিনিজন ব্যক্তিয়ে ঈশ্বৰৰ প্ৰতি ভয় ৰাখিছিল

১১. অব্ৰাহামে কেনে কঠিন পৰীক্ষাতো “ঈশ্বৰৰ ভয়কাৰী” লোকৰ প্ৰমাণ দিলে?

১১ বাইবেলত এনে এজন ব্যক্তিৰ বিষয়ে উল্লেখ কৰিছে যিজনক যিহোৱাই নিজেই ব্যক্তিগতৰূপে নিজৰ বন্ধু বুলি কৈছিল—সেইজন আছিল যিহুদীসকলৰ কুল-পিতৃ অব্ৰাহাম। (যিচয়া ৪১:৮) যেতিয়া ঈশ্বৰে অব্ৰাহামৰ একমাত্ৰ পুতেক ইচহাকৰ যোগেদি বংশ বৃদ্ধি কৰি এক মহা জাতিলৈ পৰিণত কৰিব বুলি প্ৰতিজ্ঞা কৰা পুত্ৰক বলিদান কৰিবলৈ কোৱা হʼল, তেতিয়া ঈশ্বৰৰ প্ৰতি থকা অব্ৰাহামৰ ভয়ৰ পৰীক্ষা হৈছিল। (আদিপুস্তক ১২:২, ৩; ১৭:১৯) ঈশ্বৰৰ এই ‘মিতিৰজনে’ সেই কঠিন পৰীক্ষাত উত্তীৰ্ণ হʼব পাৰিলেনে? (যাকোব ২:২৩) অব্ৰাহামে ছুৰীখন ওপৰলৈ তুলি ইচহাকক বধ কৰিবলৈ প্ৰস্তুত হওঁতেই যিহোৱাৰ এজন স্বৰ্গদূতে মাত লগাই এইদৰে কৈছিল: “তুমি লৰাৰ গাত হাত নিদিবা, আৰু তুমি তাক একোকে নকৰিবা; কিয়নো তুমি যে ঈশ্বৰৰ ভয়কাৰী লোক, তাক মই এতিয়া জানিছোঁ; কাৰণ তোমাৰ পুত্ৰ, তোমাৰ একেটি পুত্ৰকে মোক দিবলৈ অসন্মত নহলা।”—আদিপুস্তক ২২:১০-১২.

১২. কিহে অব্ৰাহামক ঈশ্বৰৰ প্ৰতি ৰখা ভয়ক প্ৰেৰিত কৰিলে আৰু আমি কেনেকৈ তেওঁৰ দৰে সেই একেই মনোভাৱ দেখুৱাব পাৰোঁ?

১২ যদিও অব্ৰাহামে পূৰ্বেই ঈশ্বৰৰ প্ৰতি থকা ভয়ৰ প্ৰমাণ দিছিল, কিন্তু তথাপিও এই পৰীক্ষাৰ যোগেদি তেওঁৰ ভয়ৰ প্ৰমাণ আগতকৈও স্পষ্টৰূপে ওলাই পৰিল। তেওঁ ইচ্ছুক হৈ নিজৰ পুত্ৰ ইচহাকক কৰিবলৈ লোৱা বলিদানে এইটো প্ৰকাশ কৰিলে যে তেওঁৰ বাবে আজ্ঞাকাৰী হোৱাতো অধিক গুৰুত্বপূৰ্ণ আছিল। ঈশ্বৰে কৰা প্ৰতিজ্ঞাৰ বাবে যদি আৱশ্যক হয়, তেন্তে তেওঁ ইচাহকক পুনৰাই জীয়াই তুলিব পাৰে বুলি কৰা বিশ্বাসৰ দ্বাৰা তেওঁ তেনে কৰিবলৈ প্ৰেৰিত হৈছিল। তেওঁৰ সম্পৰ্কে পাঁচনি পৌলে এইদৰে লিখিছিল যে, “ঈশ্বৰে যি প্ৰতিজ্ঞা কৰিছিল, তাক তেওঁ সিদ্ধ কৰিব পাৰে বুলি অব্ৰাহামে নিশ্চয় জানিছিল।” (ৰোমীয়া ৪:১৬-২১) এতেকে আমি ঈশ্বৰৰ ইচ্ছা পালন কৰিবলৈ কোনো বৃহৎ ত্যাগ কৰিবলৈকো প্ৰস্তুত হওঁনে? “তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা” ঈশ্বৰ বুলি জানিও আমি তেনেধৰণ আজ্ঞাকাৰীতাৰ ওপৰত বিশ্বাস কৰোঁনে, যিয়ে আমাৰ বাবে চিৰকাললৈ আশীৰ্ব্বাদ কঢ়িয়াই আনিব পাৰে? (ইব্ৰী ১১:৬) সেইয়া হৈছে ঈশ্বৰলৈ ৰখা প্ৰকৃত ভয়।—গীতমালা ১১৫:১১

১৩. যোচেফে কিয় নিজকে “ঈশ্বৰলৈ ভয় কৰা” ব্যক্তি হিচাবে বৰ্ণনা কৰিব পাৰিলে?

১৩ আহঁক আমি ঈশ্বৰৰ প্ৰতি ৰখা ভয়ৰ আন এটা উদাহৰণক বিবেচনা কৰোঁহঁক—সেইটো হৈছে যোচেফৰ উদাহৰণ। যোচেফ পোটিফৰৰ ঘৰত দাস হিচাবে কাম কৰাৰ বাবে প্ৰত্যেক দিনা তেওঁ ব্যাভিচাৰ কৰাৰ প্ৰলোভনৰ সম্মুখীন হবলগীয়া হৈছিল। সম্ভৱত, তেওঁক পোটিফৰৰ পত্নীয়ে তাইৰ সৈতে অনৈতিক কাৰ্য্য কৰিবলৈ দিয়া প্ৰস্তাবৰ পৰা হাত হাৰিবলৈ তেওঁৰ ওচৰত আন কোনো পথ নাছিল। অৱশেষত, যেতিয়া “তাই তেওঁৰ কাপোৰত ধৰাত,” তেওঁ “নিজৰ কাপোৰ এৰি বাহিৰলৈ পলাই গল।” তেওঁক পলম নকৰাকৈ তেনে পদক্ষেপ লবলৈ কিহে উৎসাহিত কৰিলে? নিসন্দেহ, সেই প্ৰমুখ কাৰণ আছিল ঈশ্বৰৰ প্ৰতি ৰখা ভয় যাৰ বাবে তেওঁৰ হৃদয়ত “এনে মহা-দুষ্কৰ্ম্ম আৰু ঈশ্বৰৰ বিৰুদ্ধে পাপ” কৰাৰ পৰা আঁতৰি থাকিবলৈ আগ্ৰহী হৈছিল। (আদিপুস্তক ৩৯:৭-১২) সেইবাবে যোচেফে নিজকে “ঈশ্বৰলৈ ভয় কৰা” ব্যক্তি হিচাবে বৰ্ণনা কৰিব পাৰিলে।—আদিপুস্তক ৪২:১৮.

১৪. যোচেফে দেখুৱা দয়াৰ কাৰ্য্যই কেনেকৈ ঈশ্বৰৰ প্ৰতি থকা ভয়ক প্ৰতিফলিত কৰিলে?

১৪ বহু বছৰৰ পাছত যোচেফে নিজৰ ভাইসকলৰ সৈতে পুনৰ লগ হʼব পাৰিলে, যিসকলে তেওঁক নিৰ্দ্দয়ভাৱে দাসত্বৰ বাবে বিক্ৰি কৰিছিল। তেওঁলোকে যোচেফৰ ওচৰলৈ খাদ্য কিনিবলৈ অহাৰ সময়ত তেওঁলৈ কৰা আচৰণৰ বাবে প্ৰতিশোধ লব পাৰিলেহেঁতেন। কিন্তু তেওঁ তেওঁলোকৰ প্ৰতি তেনে নিদাৰুণ আচৰণ কৰাহʼলে ঈশ্বৰৰ প্ৰতি থকা তেওঁৰ ভয়ৰ প্ৰকাশ নাপালেহেঁতেঁন। (লেবীয়া পুস্তক ২৫:৪৩) সেয়েহে যেতিয়া যোচেফে তেওঁৰ ভাইসকলে নিজ নিজ মন সলনি কৰাৰ অতিৰিক্ত প্ৰমাণ পালে, তেতিয়া তেওঁ তেওঁলোকলৈ দয়ালুপূৰ্ণ আচৰণ কৰিলে আৰু তেওঁলোকে কৰা ভুলৰ বাবে ক্ষমা কৰিলে। গতিকে যোচেফৰ দৰে আমাকো ঈশ্বৰৰ প্ৰতি থকা ভয়ে বেয়াক ভাল কাৰ্য্যৰে দমন কৰি প্ৰলোভনৰ পৰা আঁতৰি থাকিবলৈ প্ৰেৰিত কৰিব।—আদিপুস্তক ৪৫:১-১১; গীতমালা ১৩০:৩, ৪; ৰোমীয়া ১২:১৭-২১.

১৫. ইয়োবৰ আচৰণে কিয় যিহোৱাৰ মন আনন্দিত কৰিব পাৰিলে?

১৫ ঈশ্বৰলৈ ভয় কৰাৰ উৎকৃষ্ট আৰ্হি ৰখা ব্যক্তিজন হৈছে ইয়োব। তেওঁৰ বিষয়ে যিহোৱাই চয়তানক এইদৰে সুধিছিল: “তুমি মোৰ দাস ইয়োবলৈ মন কৰা নাই নে? কিয়নো তেওঁৰ নিচিনা সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোতা, আৰু দুষ্টতাৰ পৰা আঁতৰি থাকোঁতা লোক পৃথিবীত কোনো নাই।” (ইয়োব ১:৮) ইয়োবে বহু বছৰ উত্তম আচৰণ প্ৰকাশ কৰাৰ যোগেদি ঈশ্বৰৰ মন আনন্দিত কৰিছিল। ইয়োবে ঈশ্বৰৰ প্ৰতি ভয় কৰাৰ কাৰণ আছিল, কিয়নো তেওঁ জনাছিল যে ই হৈছে এক উপযুক্ত কাৰ্য্য আৰু জীৱনৰ বাবে উত্তম। সেইবাবে তেওঁ এইদৰে কৈছিল: “চোৱা প্ৰভুলৈ ভয় ৰখাই জ্ঞান, আৰু কুকৰ্ম্ম ত্যাগ কৰাই সুবিবেচনা।” (ইয়োব ২৮:২৮) এজন বৈবাহিক পুৰুষ হোৱাৰ নিমিত্তে তেওঁ কোনো স্ত্ৰীক কুদৃষ্টিৰে দৃষ্টি বা নিজৰ হৃদয়ত ব্যাভিচাৰ কৰাৰ কল্পনা কৰা নাছিল। তেওঁ এজন ধনৱান ব্যক্তি হোৱাৰ স্বত্ত্বেও, ধন-সম্পত্তিত ভাৰসা কৰাৰ পৰিৱৰ্তে ঈশ্বৰক ভাৰসা কৰিছিল আৰু সকলো প্ৰকাৰৰ মুৰ্ত্তিপূজাৰ পৰা আঁতৰি আছিল।—ইয়োব ৩১:১, ৯-১১, ২৪-২৮.

১৬. (ক) ইয়োবে কেনেকৈ দয়াশীল গুণক প্ৰকাশ কৰিলে? (খ) ইয়োবে কেনেকৈ প্ৰকাশ কৰিলে যে তেওঁ ক্ষমা কৰাৰ পৰা পিছহুহঁকা নাছিল?

১৬ ঈশ্বৰক ভয় কৰাৰ অৰ্থ হৈছে যি ভাল তাক কৰা আৰু বেয়াৰ পৰা আঁতৰি থকা। সেইকাৰণে, ইয়োবে অন্ধ, খোৰা আৰু দৰিদ্ৰ লোকসকলক দয়া কৰিছিল। (লেবীয়া পুস্তক ১৯:১৪; ইয়োব ২৯:১৫, ১৬) ইয়োবে বুজিব পাৰিছিল যে, “নিৰাশ হৈ যোৱা জনে নিজ বন্ধুৰ পৰা দয়া পাব লাগে; সেয়ে নহলে, কিজানি তেওঁ সৰ্ব্বশক্তিমান জনাৰ ভক্তি ত্যাগ কৰিব।” (ইয়োব ৬:১৪) গতিকে তেনে লোকৰ প্ৰতি দয়াশীল নোহোৱাৰ অৰ্থ হʼলহেঁতেন, ক্ষমাশীল বা মনত কোনো দ্বেষ পুহি ৰাখা। সেয়েহে ঈশ্বৰৰ নিৰ্দ্দেশনাৰ অনুসাৰে তেওঁ নিজৰ তিনিজন বন্ধুৰ বাবে প্ৰাৰ্থনা কৰিছিল, যিসকলে তেওঁক অনেক বেদনা দিছিল। (ইয়োব ৪২:৭-১০) যদি আমাৰ কোনো সঙ্গী উপাসকে আমাৰ মনত আঘাত দিয়ে, তেনেহʼলে আমিও সেই একেইদৰে তেওঁ বা তাইক ক্ষমা কৰিব পাৰোঁনে? যিজনে আমাক আঘাত দিছে, আমি তেওঁৰ বাবে সৰল মনেৰে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰাৰ দ্বাৰা অপমান বোধ কৰাৰ পৰিস্থিতিত বিজয়ী হʼবলৈ সহায় লাভ কৰিব পাৰিম। ঈশ্বৰৰ প্ৰতি ভয় ৰখাৰ বাবে ইয়োবে যি আশীৰ্ব্বাদ লাভ কৰিলে, তাৰ পৰা আমি পূৰ্বদৃষ্টি লাভ কৰিব পাৰিম যে, ‘যিহোৱালৈ ভয় কৰোঁতাবিলাকৰ নিমিত্তে মঙ্গল সাঁচি থৈছে।’—গীতমালা ৩১:১৯; যাকোব ৫:১১.

মানুহক অসন্তোষ্ট কৰাৰ বিপৰীতে ঈশ্বৰক অসন্তোষ্ট কৰা

১৭. মানুহৰ প্ৰতি থকা ভয়ে আমাক কি কৰিব পাৰে, কিন্তু তেনে ভয়ৰ প্ৰতি আমি কিয় অদূৰদৰ্শী হʼব নালাগে?

১৭ যদি আমি ঈশ্বৰৰ প্ৰতি ভয় ৰাখোঁ, তেনেহʼলে এই ভয়ে আমাক উত্তম কাৰ্য্য কৰিবলৈ প্ৰেৰিত কৰিব। কিন্তু মানুহলৈ ৰখা ভয়ে আমাৰ বিশ্বাস দুৰ্বল কৰে। সেই একেই কাৰণৰ বাবে যীচুৱে শিষ্যসকলক উৎসাহেৰে শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ উৎসাহিত কৰি এইদৰে কৈছিল: “যিবিলাকে শৰীৰক বধ কৰে, আত্মাক কৰিব নোৱাৰে, তেওঁবিলাকলৈ ভয় নকৰিবা; কিন্তু যি জনাই আত্মা আৰু শৰীৰ, এই দুয়োকো নৰকত নষ্ট কৰিব পাৰে, তেওঁলৈকে ভয় কৰিবা।” (মথি ১০:২৮) যীচুৱে বৰ্ণনা কৰিছিল যে মানুহৰ ভয় হৈছে অদূৰদৰ্শী, কিয়নো মানুহে আমাৰ ভৱিষ্যতৰ আশাক নষ্ট কৰিব নোৱাৰে। তদুপৰি, আমি ঈশ্বৰক এইবাবে ভয় কৰোঁ, কাৰণ তেওঁৰ ওচৰত অসিম শক্তি আছে আৰু সকলো ৰাষ্ট্ৰ তেওঁৰ সম্মুখত ধূলিৰ কণিকাৰ দৰে। (যিচয়া ৪০:১৫) অব্ৰাহামৰ দৰে আমিও, যিহোৱাৰ যে তেওঁৰ বিশ্বাসী সেৱকসকলক পুনৰাই জীয়াই তুলাৰ ক্ষমতাৰ আছে তাৰ ওপৰত সম্পূৰ্ণ ভাৰসা ৰখা উচিত। (প্ৰকাশিত বাক্য ২:১০) আমি দৃঢ় বিশ্বাসেৰে এইদৰে কʼব পাৰোঁ: “যদি ঈশ্বৰ আমাৰ সপক্ষ হয়, তেন্তে আমাৰ বিপক্ষ কোন হব পাৰে?”—ৰোমীয়া ৮:৩১.

১৮. যিহোৱাৰ প্ৰতি ভয় ৰাখোঁতাসকলক তেওঁ কেনেধৰণ পুৰষ্কাৰ দিয়ে?

১৮ আমাক বিৰোধ কৰোঁতা নিজ ঘৰৰ কোনো সদস্য বা স্কুলৰ কোনো দুষ্ট ছাত্ৰ হʼব পাৰে, কিন্তু আমাৰ বাবে হৈছে “যিহোৱাবিষয়ক ভয়েই দৃঢ় বিশ্বাস-ভূমি।” (হিতোপদেশ ১৪:২৬) ঈশ্বৰে যে আমাৰ নিৱেদনলৈ কাণ দিয়ে, ইয়াকে জানি আমি তেওঁলৈ প্ৰাৰ্থনা কৰিব পাৰোঁ। (গীতমালা ১৪৫:১৯) যিসকলে যিহোৱাৰ প্ৰতি ভয় ৰাখে তেওঁ তেওঁলোকক কেতিয়াও নাপাহৰে। এই সন্দৰ্ভত যিহোৱাই মলাখী ভৱিষ্যতবক্তাৰ যোগেদি এইদৰে আশ্বাস দিছিল: “সেই কালত যিহোৱাক ভয় কৰোঁতাবিলাকে ইজনে সিজনে কথাবাৰ্ত্তা হল, আৰু যিহোৱাই কাণ পাতি তাক শুনিলে; আৰু যিহোৱাক ভয় কৰোঁতাবিলাকৰ, আৰু তেওঁৰ নাম ধ্যান কৰোঁতাবিলাকৰ অৰ্থে তেওঁৰ আগত এখন স্মৰণাৰ্থক পুথি লিখা হল।” (মলাখী ৩:১৬)

১৯. কেনে ধৰণৰ ভয়ৰ অন্ত হʼব, কিন্তু কেনে ভয় চিৰকাললৈকে থাকিব?

১৯ এনে এক সময় আহিছে যেতিয়া পৃথিৱীৰ সকলোৱে যিহোৱাৰ উপাসনা কৰিব আৰু তেওঁলোকে কোনো মানুহক ভয় নকৰিব। (যিচয়া ১১:৯) ভোক, বেমাৰ, হিংসা আৰু যুদ্ধৰ প্ৰতি থকা ভয়ক চিৰকালৰ বাবে আঁতৰ কৰা হʼব। কিন্তু স্বৰ্গৰ হওঁক বা পৃথিৱীত থকা সেৱকেই নহওঁক কিয় তেওঁলোকে তেওঁৰ প্ৰতি সন্মান, সমাদৰ আৰু তেওঁৰ আজ্ঞা পালন কৰাৰ দ্বাৰা চিৰকালৰ বাবে যিহোৱাৰ প্ৰতি ভয় ৰাখিব। (প্ৰকাশিত বাক্য ১৫:৪) একেই সময়তে, আমি সকলোৱে ৰজা চলোমনে উল্লেখ কৰা পৰামৰ্শক হৃদয়েৰে পালন কৰোঁহঁক, যʼত তেওঁ এইদৰে কৈছিল: “তোমাৰ মনে পাপীবোৰক ঈৰ্ষ্যা নকৰক; কিন্তু তুমি ওৰে দিনটো যিহোৱাৰ ভয়ত থাকা; কিয়নো অৱশ্যে পুৰস্কাৰ আছে, আৰু তোমাৰ আশা ছেদ কৰা নহব।”—হিতোপদেশ ২৩:১৭, ১৮. (w01 12/01)

[ফুটনোটবোৰ]

a কিছুমান বয়সস্থ ব্যক্তিয়ে নিতৌ বিপদগ্ৰস্ত অৱস্থাত কাৰ্য্য কৰাৰ বাবে, তেওঁলোকৰ মনত ভয় নোহোৱা হৈছে। যেতিয়া সোধা হʼল যে বহুতো কাঠ মিস্ত্ৰীয়ে কিয় তেওঁলোকৰ হাতৰ এটাকৈ আঙুলী হেৰুৱাইছে, উত্তৰত এজন অভিজ্ঞতা থকা কাঠ মিস্ত্ৰীয়ে এইদৰে কয়: “কিয়নো, অতি দ্ৰুত গতিত চলা বৈদ্যুতিক কাঠ কটা যন্ত্ৰৰ প্ৰতি থকা তেওঁলোকৰ ভয় লোপ পালে।”

b যিহোৱাই স্বয়ং ইয়াক ঘিণ কৰে। উদাহৰস্বৰূপে, ইফিচীয়া ৪:২৯ পদত অশ্লীল ভাষাক “বেয়া কথা” বুলি বৰ্ণনা কৰিছে। প্ৰকৃততে গ্ৰীক ভাষাত “বেয়া” বুলা শব্দটোৰ অৰ্থ ৰহি যোৱা কোনো ফল, মাছ আৰু মাংসৰ সৈতে সম্বন্ধ আছে। তেনেধৰণৰ উক্তিক স্পষ্টৰূপে ঘৃণিত বুলি বৰ্ণনা কৰা হৈছে, যাক আমি অপমানজনক বা অবাইচ কথা-বতৰা হিচাবে দৃষ্টি কৰা উচিত। ঠিক সেইদৰে শাস্ত্ৰীয় পদবোৰত মূৰ্ত্তিক বা প্ৰতিমাক বাৰে বাৰে “ঘিণলগীয়া বস্তু” বুলি উল্লেখ কৰিছে। (দ্বিতীয় বিবৰণ ২৯:১৭; যিহিষ্কেল ৬:৯) বিষ্ঠা বা মলৰ প্ৰতি ৰখা আমাৰ স্বাভাৱিক ঘৃণা মনোভাৱে আমাক, মূৰ্ত্তিপূজাৰ প্ৰতি যিহোৱাই কেনে দৃষ্টি কৰে তাক বুজাত সহায় কৰে। কিয়নো যিহোৱাইও সেইবোৰৰ প্ৰতি ঘৃণাৰ মনোভাৱ ৰাখে।

c উদাহৰণস্বৰূপে, বাইবেলত উল্লেখ কৰা কয়িন (আদিপুস্তক ৪:৩-১২); দায়ূদ (২ চমূৱেল ১১:২-১২:১৪); গেহজী (২ ৰাজাৱলি ৫:২০-২৭); আৰু উজ্জিয়াৰ (২ বংশাৱলি ২৬:১৬-২১) বিবৰণীক বিবিচেনা কৰক।

আপোনাৰ মনত আছেনে?

• যি বেয়া তাক ঘৃণা কৰিবলৈ আমি কেনেকৈ শিকিছোঁ?

• মলাখীৰ দিনত কিছুমান ইস্ৰায়েলীয়ে কেনেকৈ যিহোৱাৰ সৈতে থকা বন্ধুত্বক অনুমোদন হিচাবে গ্ৰহণ কৰিছিল?

• আমি ঈশ্বৰৰ প্ৰতি ভয় ৰখাৰ সম্বন্ধে অব্ৰাহাম, যোচেফ আৰু ইয়োবৰ পৰা কি শিকিব পাৰোঁ?

• কেনে ধৰণৰ ভয় কেতিয়াও লুপ্ত নহয় আৰু কিয়?

[১৩ পৃষ্ঠাৰ ছবি]

বুদ্ধিমান পিতৃ-মাতৃসকলে নিজৰ লʼৰা-ছোৱালীৰ হৃদয়ত স্ফুৰ্তিদায়ক ভয় প্ৰবিষ্ট কৰে

[১৪ পৃষ্ঠাৰ ছবি]

যেনেকৈ স্বাভাৱিক ভয়ে আমাক বিপদৰ পৰা ৰক্ষা কৰে, ঠিক তেনেদৰে ঈশ্বৰৰ প্ৰতি ৰখা ভয়ে আমাক বেয়াৰ পৰা ৰক্ষা কৰে

[১৭ পৃষ্ঠাৰ ছবি]

ইয়োবে, তেওঁৰ ভূৱা বন্ধুসকলৰ বাধা সম্মুখীন হোৱাৰ স্বত্ত্বেও ঈশ্বৰৰ প্ৰতি ভয় বজাই ৰাখিলে

[স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

From the Bible translation Vulgata Latina, 1795

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক