চাৰ্কিট সন্মিলনৰ নতুন কাৰ্য্যক্ৰম
ভয় বুলা শব্দটোৰ এক প্ৰকাৰৰ ব্যাখ্যা হৈছে “বিশেষকৈ ঈশ্বৰৰ প্ৰতি থকা শ্ৰদ্ধাস্পদ আৰু সশ্ৰদ্ধ। ই হিতজনক ভয়ৰ বিষয়ে কৈছে যাক শাস্ত্ৰীয় পদবোৰত “জ্ঞানৰ আৰম্ভণ” ৰূপত উল্লেখ কৰিছে। (গীতমালা ১১১:১০) ইয়াৰ বিপৰিতে, আজি চয়তানৰ জগতত থকা আন এক প্ৰকাৰৰ ভয়ে আমাত প্ৰভুত্ব কৰিছে। তেন্তে আমি কেনেকৈ সেই হানিকাৰক ভয়ৰ পৰা আতঁৰি থাকি যিহোৱালৈ হিতকাৰক ভয় উৎপন্ন কৰিব পাৰিম? এই প্ৰশ্নটোৰ উত্তৰ ২০০২ চনৰ সেৱা বছৰত আয়োজিত হোৱা চাৰ্কিট সন্মিলনৰ নতুন কাৰ্য্যক্ৰমৰ দ্বাৰা দিয়া হʼব। এই সন্মিলনৰ বিষয়টো হৈছে “ঈশ্বৰক ভয় কৰি, তেওঁৰ গৌৰৱ স্বীকাৰ কৰাহঁক।” (প্ৰকাশিত বাক্য ১৪:৭) যিহোৱাৰ প্ৰতি ৰখা ভয়ে ব্যক্তিগত আৰু সংগঠনৰূপে বহু ধৰণে আশীৰ্ব্বাদ কঢ়িয়াই আনিছে বুলি জানি আমি মূল্যাঙ্কণ দেখুৱাবলৈ সক্ষম হম।
ভয় হয়তো সাধাৰণতে চিন্তা বা সাহস হেৰুৱা আৰু কঠিন পৰিস্থিতিসমূহৰ সম্মুখীন হোৱাত কুণ্ঠাবোধৰ লক্ষণক বুজাব পাৰে যদিও বাইবেলত কৈছে: “যি জনে যিহোৱালৈ ভয় ৰাখে, সেই জন ধন্য।” (গীতমালা ১২৮:১) এই সন্মিলনত প্ৰস্তুত কৰা কাৰ্য্যক্ৰমে দেখুৱাব যে সত্য উপাসনা কৰাৰ বাবে অহা প্ৰত্যাহ্বানজনক বিষয়বোৰক আমি কেনেকৈ সফলতাৰে সম্মুখীন হʼব পাৰোঁ। তাত আমি ইয়াকো দেখিবলৈ পাম যে কেনেকৈ নতুন আগ্ৰহী ব্যক্তিসকলক ঈশ্বৰৰ প্ৰতি তেনে ভয় উৎপন্ন কৰিবলৈ সহায় কৰিব পাৰোঁ, যিয়ে আচলতে তেওঁলোকক ঈশ্বৰৰ প্ৰতি সকলো হৃদয়, প্ৰাণ আৰু চিত্তৰে সেৱা কৰিবলৈ অনুপ্ৰাণিত কৰিব। (মাৰ্ক ১২:৩০) প্ৰথমদিনাৰ কাৰ্য্যক্ৰমৰ সামৰণি জীলা অধ্যক্ষৰ ভাষণৰ সৈতে হʼব যাৰ বিষয়টো হৈছে “আপুনি প্ৰেম কৰা লোকসকলৰ সৈতে সদায়েই কাষ চাপি থাকক।” বক্তাজনে আমাক বুজাব যে যিহোৱা, নিজৰ পৰিয়াল আৰু খ্ৰীষ্টান ভাইসকলৰ পৰা আতঁৰি যাবলৈ কৰা চয়তানৰ প্ৰয়াসৰ পৰা আমি কেনেকৈ সতৰ্ক হৈ থাকিব পাৰোঁ।
দ্বিতীয়দিনাৰ এটা ভাষণ যি চাৰিটা ভাগত প্ৰস্তুত কৰা হʼব আৰু মুখ্য বিষয়টো হৈছে “মানুহলৈ নহয়, যিহোৱালৈ ভয় মনা।” সেই বিষয়বোৰৰ দ্বাৰা বুজোৱা হʼব যে আমি কিয় আৰু কেনেকৈ আমাৰ প্ৰচাৰকাৰ্য্য, ঐক্যতা আৰু স্কুল বা কাৰ্য্যস্থলত সঠিক বিবেকক বজায় ৰখাত কৰ্ত্তৃত্ব হোৱা ভয়ৰ ওপৰত সফলতা লাভ কৰা উচিত। প্ৰকাশিত বাক্য ১৪ অধ্যায়ত বৰ্ণনা কৰা অনুক্ৰম ঘটনাসমূহৰ ওপৰত আধাৰিত থকা জন ভাষণ প্ৰস্তুত কৰা হʼব আৰু ইয়াৰ বিষয় হৈছে, “ঈশ্বৰলৈ ভয় ৰাখা, আৰু তেওঁৰ আজ্ঞাবিলাক পালন কৰা।” এই চাৰ্কিট সন্মিলনৰ সামৰণি “যিহোৱাক ভয় মানি, তেওঁত চলি থাকক” নামৰ উৎসাহিত ভাষণটোৰ সৈতে কৰা হʼব।
এই সন্মিলনৰ কাৰ্য্যক্ৰমত ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুল আৰু সেৱা সভাক আৰ্হিৰূপে প্ৰস্তুত কৰা হৈছে। ইয়াৰ ওপৰিও সেই কাৰ্য্যক্ৰমত, সপ্তাহটোত হʼবলগীয়া প্ৰহৰীবুৰুজ অধ্যয়নৰ সাৰাংশক অন্তৰ্ভূক্ত কৰা হৈছে। গতিকে আপুনি আপোনাৰ সৈতে বাইবেল অধ্যয়ন কৰা আগ্ৰহী ব্যক্তিসকলক এই চাৰ্কিত সন্মিলনত আমন্ত্ৰণ কৰিবলৈ নাপাহৰে যেন। তদুপৰি, যিসকলে বাপ্তিষ্মা লʼবলৈ আগ্ৰহী তেওঁলোকে প্ৰিজাইডিং ওভাৰচিয়াৰক আগতীয়াকৈ জনোৱা উচিত, যাতে তেওঁলোকে আৱশ্যকীয় ব্যৱস্থা কৰিব পাৰে। আমি সকলোৱে যিহোৱালৈ থকা হিতজনক ভয়ক প্ৰদৰ্শিত আৰু তেওঁক মহিমা কৰিবলৈ বিচাৰোঁ আৰু তাকে কৰিবলৈ আমি এই সন্মিলনৰ কোনো কাৰ্য্যক্ৰমত উপস্থিত নোহোৱাকৈ নাথাকোঁহঁক!