ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ২/০২ পৃষ্ঠা ১
  • এই পৃথিৱীত সকলোতকৈ সুখী ব্যক্তিসকল

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এই পৃথিৱীত সকলোতকৈ সুখী ব্যক্তিসকল
  • ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • প্ৰকৃত আনন্দ কেনেকৈ পাব পাৰি?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • প্ৰকৃত আনন্দ লাভৰ বাবে কিহৰ আৱশ্যক
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ২/০২ পৃষ্ঠা ১

এই পৃথিৱীত সকলোতকৈ সুখী ব্যক্তিসকল

১ “যি জাতিৰ ঈশ্বৰ যিহোৱা, সেই জাতি সুখী।” (গীত. ১৪৪:⁠১৫, NW) যিহোৱাৰ সাক্ষীসকলক এই পৃথিৱীত সকলোতকৈ সুখী ব্যক্তি বুলি বৰ্ণনা কৰি এই বাক্যশাৰীত কোৱা হৈছে। বাস্তৱতে একমাত্ৰ সত্য আৰু জীৱন্ত ঈশ্বৰ যিহোৱাক উপাসনা কৰাৰ দ্বাৰাহে সুখী হʼব পাৰি। কিয়নো তেওঁ হৈছে এজন “সুখী” ঈশ্বৰ। (১ তীম. ১:⁠১১, NW) গতিকে যিজনে তেওঁক উপাসনা কৰে তেৱোঁ পৰম আনন্দিত হয়। আমাৰ উপাসনাৰ কেনে কিছুমান দিশে আমাক আনন্দিত কৰে?

২ আমি সুখী হোৱাৰ কাৰণসমূহ: যীচুৱে আমাক আশ্বাস দি কৈছিল যে ‘আত্মাত দৰিদ্ৰবিলাক সুখী।’ (মথি ৫:⁠৩) একেৰাহে বাইবেল অধ্যয়ন আৰু আমাৰ খ্ৰীষ্টান মণ্ডলীৰ সকলো সভাত উপস্থিত হোৱাৰ যোগেদি আমি সেই আধ্যাত্মিক অভাৱ পূৰণ কৰা আৱশ্যক। ঈশ্বৰৰ বাক্যৰ সত্যতাক শিকি আমি মিছা ধৰ্ম্ম আৰু ইয়াৰ মিছা বিধি-ব্যৱস্থাৰ পৰা মুক্তি হʼব পাৰিছোঁ। (যোহ. ৮:⁠৩২) তদুপৰি, শাস্ত্ৰ পদবোৰে আমাক উত্তমৰূপে জীৱন-যাপন কৰিবলৈও শিক্ষা প্ৰদান কৰিছে। (যিচ. ৪৮:⁠১৭) এইবাবে আমি স্ফুৰ্তিদায়ক সত্য খ্ৰীষ্টান ভাই-ভনীসকলৰ সৈতে সঙ্গতি কৰি আনন্দিত হʼব পাৰিছোঁ।​—⁠১ থিচ. ২:⁠১৯, ২০; ১ পিত. ২:⁠১৭.

৩ ঈশ্বৰৰ উচ্চ নৈতিক স্তৰসমূহক পালন কৰাৰ দ্বাৰা আমি অধিক সন্তুষ্টি লাভ কৰিছোঁ, ইয়ে আমাক সুৰক্ষা প্ৰদান কৰে আৰু ঈশ্বৰৰ হৃদয় আনন্দিত কৰি তুলে। (হিতো. ২৭:⁠১১) এখন বাতৰিকাকতে এইদৰে মন্তব্য দিয়ে: “কঠোৰ স্তৰসমূহক পালন কৰিব লগা হোৱাৰ স্বত্বেও যিহোৱাৰ সাক্ষীসকলে দুখী নহয়। ইয়াৰ বিপৰীতে, [তেওঁলোকৰ মাজত থকা] ডেকা বা বৃদ্ধই হওঁক, সকলোকে অত্যন্ত আনন্দিত আৰু সন্তুষ্টি হোৱা দেখিবলৈ পোৱা যায়।” আনন্দ লাভ কৰা জীৱনৰ পথৰ বিষয়ে আমি কেনেকৈ আনক কʼব পাৰোঁ?

৪ সুখী হʼবলৈ আনক সহায় কৰা: এই জগতখনত বেদনাদায়ক পৰিস্থিতিৰে ভৰি থকাৰ বাবে সাধাৰণতে লোকসকলে ভৱিষ্যতৰ বিষয়ে কোনো আশা নকৰে। যিহেতু আমাৰ ওচৰত এক উজ্জ্বল ভৱিষ্যত আছে আৰু আমি জানো যে এদিনাখন এই বেদনাদায়ক পৰিস্থিতি অতীতৰ বিষয় হʼব। (প্ৰকা. ২১:⁠৩, ৪) সেইবাবে আঁহক আমি সকলোৱে উৎসাহিত হৈ প্ৰচাৰ কাৰ্য্যত ভাগ লৈ নম্ৰ হৃদয়ৰ লোকসকলক যিহোৱা, বিশ্বাস আৰু আমাৰ আশাৰ বিষয়ে কওঁহঁক।​—⁠যিহি. ৯:⁠৪.

৫ এগৰাকী অগ্ৰগামীৰূপে সেৱা কৰা ভনীয়ে এইদৰে কৈছিল: “লোকসকলক যিহোৱা আৰু তেওঁৰ সত্যতাক জানিবলৈ সহায় কৰাতকৈ আন কোনো কাৰ্য্যই সন্তুষ্টি দিব নোৱাৰে।” গতিকে আঁহক আমি নম্ৰ হৃদয়ৰ লোকসকলক বাইবেল অধ্যয়ন কৰিবলৈ সকলো প্ৰকাৰে চেষ্টা কৰোঁহঁক। আমি যিহোৱাক আৰু আনক তেওঁৰ সেৱা কৰিবলৈ সহায় কৰাৰ দ্বাৰা অধিক আনন্দিত হʼম।​—⁠পাঁচ. ২০:⁠৩৫.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক