লোকসকলক আগ্ৰহী কৰি তুলিবলৈ কিংডম নিউজ নং ৩৬ ব্যৱহাৰ কৰক
১ কিংডম নিউজ নং ৩৬ ট্ৰ্যাক্টখন বিতৰণ কৰা শেষ হʼলনে? সকলোকে এই ট্ৰ্যাক্টখন অৰ্থাৎ “নতুন শতাব্দীত—আপোনাৰ ভৱিষ্যত কেনে হʼব?” সময়মতে বিতৰণ কৰি শেষ কৰিবলৈ জোৰ দি এই প্ৰশ্নটো কৰা হৈছে। কিয়নো যেনেকৈ ২০০০ চন কাষ চাপি আহিল, সকলোৱো উৎসাহেৰে বাট চাবলৈ ধৰিলে যে এই নতুন শতাব্দীত কি বৃহৎ পৰিৱৰ্তন হʼব। গতিকে, কিংডম নিউজ নং ৩৬ ট্ৰ্যাক্টখনত কিছুমান আশাৰ বিষয়ে আলোচনা কৰা হৈছে আৰু ইয়ে আমাক সোৱঁৰাই দিয়ে যে বৰ্তমান সময়ত জগতত যি সমস্যাবোৰে দেখা দিছে তাৰ ভাল হোৱাৰ কোনো আশা দেখিব পোৱা নাযায়। সেয়েহে মাত্ৰ যীচুৰ হাজাৰ বছৰীয়া শাসনেহে মানৱজাতিক শান্তি আৰু সুৰক্ষা প্ৰদান কৰিব। গতিকে তেওঁৰ আহিবলগীয়া ৰাজ্যই আমাৰ সকলোকে আশাৰ বাৰ্ত্তা বহন কৰা কিংডম নিউজ নং ৩৬ ট্ৰ্যাক্টখন বিতৰণ কৰিবলৈ সকলোকে উৎসাহিত কৰা হৈছে।
২ কিংডম নিউজ ট্ৰ্যাক্টখনৰ প্ৰতি লোকসকলৰ দৃষ্টিভঙ্গী: যোৱা বাৰত আমি সকলোৱে উৎসাহিত হৈ কিংডম নিউজ নং ৩৫ ট্ৰ্যাক্টখন বিতৰণ কৰিছিলোঁ। কিংডম নিউজ নং ৩৫ ট্ৰ্যাক্টখনৰ বিষয়ে কানাডাত থকা শাখা কাৰ্য্যালয়ে এইদৰে লিখিছিল: “যোৱা বাৰৰ কিংডম নিউজ ট্ৰ্যাক্ট বিতৰণৰ অভিযানত প্ৰচাৰক আৰু অগ্ৰগামীসকলে অতি উৎসাহেৰে ভাগ লৈ বহুতো প্ৰেৰণাদায়ক অনুভৱ প্ৰাপ্ত কৰিছিল।” গতিকে ইয়াত কোনো সন্দেহ নাই যে কিংডম নিউজ নং ৩৬ ট্ৰ্যাক্টখনৰ বিতৰণৰ সময়তো আপুনি উৎসাহেৰে ভাগ লʼব।
৩ এইবাৰ কিংডম নিউজ নং ৩৬ ট্ৰ্যাক্টখনৰ বিতৰণ কৰাৰ শেষ সময় ২০০০ চনৰ নবেম্বৰ মাহৰ ৩০ তাৰিখলৈকে নিৰ্দ্ধাৰিত কৰা হৈছে। আপোনাৰ মণ্ডলীক নিযুক্ত কৰা এলেকাৰ সকলো ঠাইত এই ট্ৰ্যাক্ট বিতৰণ কৰা শেষ হʼলনে? যদি হোৱা নাই, তেনেহʼলে প্ৰাচীনে আপোনাক ডিচেম্বৰ মাহটো এই ট্ৰ্যাক্টখন বিতৰণ কৰিবলৈ কব পাৰে।
৪ এতিয়ালৈকে আপুনি বিতৰণ কৰা কিংডম নিউজ নং ৩৬ ট্ৰ্যাক্টখনৰ প্ৰতি লোকসকলে কেনে প্ৰতিক্ৰিয়া দেখুৱাইছে? মাত্ৰ কিছুমান লোকেহে অধিক জানিবৰ বাবে বিচাৰে ব্ৰচাৰখন বা গৃহ বাইবেল অধ্যয়ন কৰিবলৈ বিচাৰিব। আনহাতে বেছিভাগ লোকে ব্ৰচাৰৰখনৰ বাবে কুপনখন নপঠিয়াবও পাৰে, কিন্তু তেওঁলোকে হয়তু আপুনি কোৱা বাৰ্ত্তাৰ প্ৰতি আগ্ৰহী হʼব পাৰে। সেইবাবে আমি তেনে ব্যক্তিসকলক নিশ্চয়ে পুনৰ সাক্ষাৎ কৰা আৱশ্যক। আমি তেওঁলোকক কেতিয়া সাক্ষাৎ কৰিলে ভাল হʼব? আগ্ৰহ দেখুৱা লোকসকলক যিমান সম্ভৱ অতি সোনকালে সাক্ষাৎ কৰা আৱশ্যক।
৫ কিংডম নিউজ নং ৩৫ ট্ৰ্যাক্টখন বিতৰণ কৰাৰ সময়ত পোৱা কিছুমান অনুভৱক লক্ষ্য কৰক। আয়াৰলেণ্ডত থকা এগৰাকী অগ্ৰগামী ভনীয়ে এগৰাকী মহিলাক, তাইৰ ৰেষ্টোৰেন্ট চলাই থকাৰ সময়ত কিংডম নিউজ নং ৩৫ ট্ৰ্যাক্টখনৰ এখন কপি দিয়ে। সেই মহিলাগৰাকীয়ে ট্ৰ্যাক্টখন পঢ়ি আগ্ৰহী হয় আৰু অগ্ৰগামী ভনীজনীক পুনৰ আহিবলৈ কয়। ভনীজনীয়ে দুদিনৰ পাছত সেই মহিলাৰ ওচৰলৈ যায় আৰু বাইবেল অধ্যয়ন আৰম্ভ কৰে। ডেনমাৰ্কত থকা এজন প্ৰচাৰকে এটা ঘৰত কিংডম নিউজ নং ৩৫ ট্ৰ্যাক্টখনৰ এখন কপি এৰি আহে, কিয়নো সেই সময়ত ঘৰত কোনো নাছিল। গৃহস্থীয়ে ঘৰলৈ ঘূৰি আহি ট্ৰ্যাক্টখন দেখা পালে আৰু পঢ়িবলৈ ধৰে। পাছত মহিলা গৰাকীয়ে কুপনখন ভৰ্ত্তি কৰি শাখা কাৰ্য্যালয়লৈ পঠিয়ায়। শাখা কাৰ্য্যালয়ে সেই স্থানত থকা মণ্ডলীলৈ সেই মহিলা গৰাকীৰ ঠিকনা পঠিয়াই যাতে কোনো ভনীয়ে গৈ মহিলাগৰাকীক সাক্ষাৎ কৰিব পাৰে। সেই সপ্তাহতে দুজনী ভনীয়ে গৈ তাইৰ সৈতে সাক্ষাৎ কৰে আৰু বাইবেল অধ্যয়নৰ আৰম্ভ কৰে। সেই মহিলা গৰাকীয়ে ৰাজ্য গৃহৰ সভাতো উপস্থিত হয়!
৬ পুনৰ সাক্ষাৎ কৰাৰ সময়ত আপুনি কি কʼব: যি ঠাইবিলাকত কিংডম নিউজ ট্ৰ্যাক্টখন দিয়া হৈছে তালৈ পুনৰ গৈ সাক্ষাৎ কৰাটো আমাৰ বাবে আনন্দৰ বিষয়। যদি আপুনি পুনৰ সাক্ষাতৰ বাবে গৈছে তেনেহʼলে আপোনাৰ সৈতে কিংডম নিউজ নং ৩৬ ট্ৰ্যাক্টখনৰ এখন কপি লৈ গʼলে ভাল হʼব। কিয়নো যিজনক আপুনি লগ কৰিবলৈ গৈছে সেইসময়ত হয়তু তেওঁৰ ওচৰত সেই ট্ৰ্যাক্টখন নাথাকিবও পাৰে। ইয়াৰ পাছত আপুনি কি কʼব তাৰ বাবে তলত কিছুমান পৰামৰ্শ দিয়া হৈছে। যিবোৰক প্ৰয়োগ কৰিলে আপুনি লাভৱান হʼব।
৭ গৃহস্থজনক আপোনাৰ পৰিচয় দি এইদৰে কʼব পাৰে:
▪ “মই আপোনাৰ ওচৰত ‘নতুন শতাব্দীত—আপোনাৰ ভৱিষ্যত কেনে হʼব?’ নামৰ ট্ৰ্যাক্টখন এৰি গৈছিলোঁ। আপুনি ইয়াকে জানি আনন্দিত নহʼলনে যে অতি সোনকালে যীচু খ্ৰীষ্টৰ হাজাৰ বছৰীয়া ৰাজ্যৰ শাসনে গোটেই পৃথিৱীখনক এখন সুন্দৰ পৰমদেশলৈ ৰূপান্তৰিত কৰিব? [কিংডম নিউজ নং ৩৬ ট্ৰ্যাক্টখনত থকা পৰমদেশৰ চিত্ৰটো দেখুৱাক] শেষৰ পৃষ্ঠাত ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? ব্ৰচাৰখনৰ বিষয়ে অধিক জানিবলৈ আপোনাক আমন্ত্ৰণ কৰা হৈছে।” ব্ৰচাৰখনৰ ৫ নং অধ্যায় দেখুৱাই তাত থকা প্ৰথম প্ৰশ্নটো পঢ়ক আৰু তাৰ পাছত সেই অধ্যায়ত থকা ১ আৰু ২ অনুচ্ছেদটো পঢ়ি তেওঁক মন্তব্য দিবলৈ আমন্ত্ৰণ কৰক। লগতে এটা বা দুটা শাস্ত্ৰীয় পদ পঢ়ি তাক আলোচনা কৰক। যদি সম্ভৱ তেনেহʼলে আনটো প্ৰশ্ন পঢ়ি তাৰ সৈতে জৰিত্ব থকা অনুচ্ছেদটো বিবেচনা কৰক। তাৰ পাছত তেওঁক পুনৰ সাক্ষাৎ কৰিবলৈ সময় নিৰ্দ্ধাৰিত কৰক আৰু এইদৰে আপুনি আলোচনা চলাই যাব পাৰে।
৮ ডিচেম্বৰ মাহত “জ্ঞান” কিতাপখন দিয়াৰ সময়ত আপুনি এইদৰে কʼব পাৰে:
▪ “মই কিছু দিনৰ আগতে আপোনাৰ ওচৰলৈ আহিছিলোঁ আৰু সেই সময়ত মই আপোনাক ‘নতুন শতাব্দীত—আপোনাৰ ভৱিষ্যত কেনে হʼব?’ ট্ৰ্যাক্টখনৰ এখন কপি দিছিলোঁ। তাত উল্লেখ কৰা হৈছিল যে আপুনি বিনামূল্যে বাইবেল অধ্যয়ন কৰিব পাৰে। মই আপোনাৰ ওচৰত এই বিষয়ে পুনৰ কবলৈ আহিলোঁ যে কিদৰে বাইবেল অধ্যয়ন কৰা হয়। [জ্ঞান কিতাপখনৰ ১৮৮-১৮৯ পৃষ্ঠা চাওঁক।] তেওঁক কওঁক যে বাইবেলত কোৱা হৈছে, অতি সোনকালে এই পৃথিৱীখন এখন সুন্দৰ পৰমদেশলৈ পৰিণত হʼব যিদৰে আপুনি এই চিত্ৰখনত দেখা পাইছে। যদি আমি সেই পৰমদেশত জীয়াই থাকিবলৈ বিচাৰোঁ, তেনেহʼলে আমি যথাৰ্থ জ্ঞান লোৱাৰ আৱশ্যক। যদি আপুনি আগ্ৰহী তেনেহʼলে মই চমুকৈ কʼব বিচাৰো যে আমি কেনেকৈ বাইবেল অধ্যয়ন কৰোঁ।”
৯ প্ৰচাৰ কাৰ্য্যত এই কিংডম নিউজ নং ৩৬ ট্ৰ্যাক্টখন বিতৰণ কৰিবলৈ আমি উৎসাহিত হৈ অধিক লোকক সাক্ষী দিব পাৰিম। গতিকে আশা কৰোঁ যে এই ট্ৰ্যাক্টখনৰ যোগেদি আমি লগ পোৱা সকলো ব্যক্তিকে আগ্ৰহী কৰি তুলিব পাৰিম। ইয়াৰ উপৰিও যিহোৱাৰ সহায়ৰ দ্বাৰাই আমি ভাল ফল লাভ কৰিব পাৰিম আৰু আমি নম্ৰ হৃদয়ৰ লোকসকলকো বিচাৰি পাম।—মথি ১০:১১; পাঁচ. ১৩:৪৮, ৪৯, ৫২.