ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১০/০০ পৃষ্ঠা ৮
  • “নতুন শতাব্দীত—আপোনাৰ ভৱিষ্যত কেনে হ’ব?”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “নতুন শতাব্দীত—আপোনাৰ ভৱিষ্যত কেনে হ’ব?”
  • ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • লোকসকলক আগ্ৰহী কৰি তুলিবলৈ কিংডম নিউজ নং ৩৬ ব্যৱহাৰ কৰক
    ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • ‘সম্পূৰ্ণৰূপে ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰা’
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • একেৰাহে যিহোৱাই কৰা আচৰিত কাৰ্য্যসমূহৰ বিষয়ে আনক কওক
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১০/০০ পৃষ্ঠা ৮

“নতুন শতাব্দীত​—⁠আপোনাৰ ভৱিষ্যত কেনে হʼব?”

 ১ নিঃসন্দেহ, পৃথিৱীৰ প্ৰায় ভাগ মানুহৰ মনত এই প্ৰশ্নটো জাগি উঠিছে। যিহেতু যদিও যোৱা শতাব্দীত মানুহে বহুতো ক্ষেত্ৰত সফলতা লাভ কৰিলে, কিন্তু মানৱৰ মূল সমস্যাৰ সমাধান কৰাত সফলতা লাভ কৰিব পৰা নাই। যাৰ বাবে সমূদায় মানৱজাতিৰ মাজত বিশৃংখলতাৰ সৃষ্টি হৈছে। (ইয়ো. ১৪:⁠১; গীত. ৯০:⁠১০) তেন্তে মানৱজাতিয়ে কেনেকৈ এই সমস্যাবোৰৰ পৰা মুক্ত হʼব পাৰে?

 ২ নবেম্বৰ মাহত আমাৰ বাবে এক বিশেষ সুযোগ মুকলি কৰা হৈছে যাৰ যোগেদি আমি আমাৰ ওচৰ-চুবুৰীয়াক এই প্ৰশ্নটোৰ উত্তৰ বিচাৰি পোৱাত সহায় কৰিব পাৰিম। কিন্তু কেনেকৈ সহায় আগবঢ়াব পাৰিম? কিংডম নিউজ নং ৩৬ বিতৰণ কৰাৰ দ্বাৰাই সেই সহায় আগবঢ়োৱা হʼব। এই ট্ৰ্যাক্টখনৰ বিষয় হৈছে “নতুন শতাব্দীত​—⁠আপোনাৰ ভৱিষ্যত কেনে হʼব?” বুধবাৰ, নবেম্বৰ মাহৰ ১ তাৰিখৰ পৰা কিংডম নিউজ নং ৩৬ ট্ৰ্যাক্টখনৰ বিতৰণ কৰা হʼব। এই অভিযানৰ সপ্তাহটোত অৰ্থাৎ সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে কেৱল কিংডম নিউজ নং ৩৬ ট্ৰ্যাক্টখনহে বিতৰণ কৰা হʼব। কিন্তু শনিবাৰে আৰু দেওবাৰে এই ট্ৰ্যাক্টখনৰ সৈতে চলিত আলোচনী বিতৰণ কৰা হʼব।

 ৩ আপুনি এই কাৰ্য্যত সম্পূৰ্ণৰূপে ভাগ লবনে? প্ৰাচীন, সহায়ক সেৱক আৰু অগ্ৰগামীসকলে এই কাৰ্য্যৰ বাবে আগভাগ লব। আহিবলগীয়া নবেম্বেৰ মাহত এই কাৰ্য্যত সকলো প্ৰচাৰকে সহযোগী অগ্ৰগামীৰূপে ভাগ লবলৈ নিজৰ দৈনন্দিন কাৰ্য্যৰ সময়ক সাল-সলনি কৰা আৱশ্যক। ইয়াৰ উপৰিও প্ৰচাৰ কাৰ্য্যত বেছি সময় ব্যয় কৰিবলৈ আন আন আঁচনিও বনাব পাৰে।

 ৪ মণ্ডলীৰ পুস্তক অধ্যয়নৰ পৰিচালকসকলে তেওঁলোকৰ গ্ৰুপৰ প্ৰত্যেক সদস্যক কিংডম নিউজ নং ৩৬, বিতৰণৰ কৰাত সম্পূৰ্ণৰূপে ভাগ লবলৈ উৎসাহিত কৰা আৱশ্যক। কিয়নো গ্ৰুপত এনে কিছুমান প্ৰচাৰক থাকিব পাৰে যিসকলে প্ৰচাৰ কাৰ্য্যত নিষ্ক্ৰিয় হৈ পৰিছে। তেওঁলোকক সহায় কৰিবলৈ প্ৰাচীনসকলে সাক্ষাৎ কৰা উচিত। ইয়াৰ উপৰিও প্ৰাচীনসকলে সেই মাহত নিষ্ক্ৰিয় হৈ পৰা প্ৰচাৰকৰ সৈতে কাৰ্য্য কৰিবলৈ কোনো অনুভৱী প্ৰচাৰকক নিযুক্ত কৰিব পাৰে।

 ৫ যিসকলে জ্ঞান পুস্তক অধ্যয়ন কৰি অগ্ৰগতি লাভ কৰিছে, তেওঁলোকেও বাপ্তিষ্মা নোহোৱা প্ৰচাৰকৰূপে এই অভিযানত ভাগ লবলৈ সুযোগ পাব। আনকি সৰু সৰু লʼৰা-ছোৱালীবিলাকেও এই অভিযানত উৎসাহিত হৈ ভাগ লব পাৰে।

 ৬ সকলোৰে বাবে এক সৰল প্ৰস্তুতিকৰণৰ আৱশ্যক। সেইবাবে আপুনি এইদৰে কব পাৰে:

▪ “মই আজি আপোনাৰ এলেকাত এই বিশেষ খবৰটো দিবলৈ সকলো পৰিয়ালকে সাক্ষাৎ কৰিছোঁ। মই আপোনাক এই ট্ৰ্যাক্টখন দিব বিচাৰিছোঁ, অনুগ্ৰহ কৰি ইয়াক পঢ়ক।” আপুনি ট্ৰ্যাক্ট বিতৰণ কৰা সময়ত প্ৰচাৰৰ বেগ ব্যৱহাৰ নকৰাটোৱে ভাল হʼব।

 ৭ প্ৰচাৰ কাৰ্য্যৰ বাবে সঠিক আঁচনি তৈয়াৰ কৰক: প্ৰাচীনসকলে সেই অভিযানত হোৱা প্ৰচাৰ কাৰ্য্যৰ ব্যৱস্থা যাতে সুবিধাজনক আৰু ব্যৱহাৰিকৰূপে হয় তাৰ বাবে তেওঁলোকে বিবেচনা কৰা উচিত। গতিকে চাৰ্ভিচ ওভাৰচিয়াৰে আগতীয়াকৈ জানি ৰখাটো উত্তম হʼব যে যি এলেকাত ট্ৰ্যাক্ট বিতৰণ কৰিবলৈ গৈছে তাত যেন যথেষ্ট ঘৰ থাকে, যাতে সকলোৱে উল্লাসিত হৈ ভাগ লব পাৰে। সপ্তাহটোৰ প্ৰত্যেক দিন বা শনিবাৰ আৰু দেওবাৰে কৰা অভিযানেই নহওঁক কিয়, সকলো সময়তে এই ট্ৰ্যাক্ট বিতৰণ কৰাৰ আগতে প্ৰচাৰৰ বাবে সভা আয়োজন কৰা উচিত। এই অভিযানৰ বাবে এনে ব্যৱস্থা কৰিব পৰা যায় যʼত স্কুলৰ বিদ্যাৰ্থী, শ্বিফ্ট্‌ ডিউটি থকা আৰু আন ভাই-ভনীসকলেও যেন আবেলি কৰা প্ৰচাৰ কাৰ্য্যত ভাগ লব পাৰে।

 ৮ যি ঘৰবোৰত কোনো ব্যক্তিক লগ পোৱা নাযায়, তেতিয়া কি কৰিব পৰা যায়: এই বিশেষ খবৰটোৰ বিষয়ে সকলোকে জনোৱাটোৱেই হৈছে আমাৰ প্ৰধান লক্ষ্য। কিন্তু যদি গৃহস্থক ঘৰত লগ পোৱা নাযায় তেনেহʼলে ঘৰৰ ঠিকনা লিখি ৰাখক যাতে আপুনি আন দিনা গৈ সাক্ষ্যাৎ কৰিব পাৰে। যদি আপুনি অভিযানৰ সপ্তাহৰ শেষটো গৃহস্থক লগ পাবলৈ সক্ষম নহয় তেনেহʼলে সকলোৱে দেখি পোৱাকৈ তেওঁৰ দুৱাৰ মুখত এখন কপি এৰি থৈ আহঁক। এই অভিযানৰ বাবে স্থানীয় প্ৰাচীনসকলে মণ্ডলীক নিৰ্দ্দেশ দিব পাৰে যে গ্ৰাম্য অঞ্চল বা এনে এলেকা, যিবোৰত সোনকালে ট্ৰ্যাক্ট বিতৰণ শেষ কৰা সম্ভৱ নহয় তেনে ঘৰবোৰত লগ নোপোৱা গৃহস্থৰ বাবে একোখনকৈ কপি এৰি থৈ আহিব পাৰে।

 ৯ আঁহক আমি এই অভিযানত নিজকে ব্যস্ত ৰাখোঁহঁক: সকলো মণ্ডলীয়ে এই অভিযানৰ সময় শেষ হোৱাৰ আগতে তেওঁলোকে প্ৰচাৰ ক্ষেত্ৰত থকা সকলোবোৰ ঘৰত যাবলৈ চেষ্টা কৰা উচিত। কিন্তু যি ডাঙৰ এলেকাবিলাকত কিছুমান প্ৰচাৰকে অকলশৰীয়াকৈ গৈ কাৰ্য্য কৰাটো ব্যৱহাৰিক আৰু সুৰক্ষিতজনক, তেন্তে তেওঁলোকে তেনে এলেকাবিলাকত ট্ৰ্যাক্টৰ বিতৰণ কৰিব পাৰে। এনে ব্যৱস্থা কৰাৰ দ্বাৰাই তেনে ডাঙৰ এলেকাবোৰতো আগ্ৰহী ব্যক্তিসকলক সাক্ষাৎ কৰাতোঁ সহজ হʼব। ইয়াৰ উপৰিও তেনে ব্যক্তিসকলৰ নাম ঠিকনা আদি লিখি ৰখাটো আৱশ্যক।

 ১০ প্ৰাচীনসকলে বিবেচনা কৰা উচিত যে মণ্ডলীত সৰ্ব্বমুঠ কিমান অতিৰিক্ত আলোচনীৰ প্ৰয়োজন, সেই অনুসাৰে সঠিকৰূপে আৱেদন কৰিব পাৰে। যিহেতু প্ৰত্যেক মণ্ডলীত একোখনকৈ চালান পঠোৱা হৈছে গতিকে কিংডম নিউজ নং ৩৬ ট্ৰ্যাক্টখনৰ বাবে বেলেগে আৱেদন পঠোৱা কোনো প্ৰয়োজন নাই। বিশেষ, নিয়মিত আৰু সহযোগী অগ্ৰগামীসকলে ৩০০ খন আৰু প্ৰচাৰকসকলে ১০০ খনকৈ কপি বিতৰণ কৰিব। গতিকে এই বিশেষ কাৰ্য্যবিধিত উৎসাহিত হৈ ভাগ লবলৈ আপুনিও প্ৰস্তুত আছেনে? যিহেতু আমাৰ বাবে ওচৰ-চুবুৰীয়াক যিহোৱাৰ প্ৰতিজ্ঞা বিষয়ে জনোৱাটো এক বিশেষ অধিকাৰ নহয়নে বাৰু!

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক