একেৰাহে যিহোৱাই কৰা আচৰিত কাৰ্য্যসমূহৰ বিষয়ে আনক কওক
১ আমাৰ মহান যিহোৱা ঈশ্বৰৰ সৈতে কোনো এজনকো তুলনা কৰিব নোৱাৰি! এই বিষয়ে ৰজা দায়ূদে এইদৰে লিখিছিল: “হে মোৰ ঈশ্বৰ যিহোৱা, তুমি কৰা আচৰিত কাৰ্য্য অনেক, আৰু আমাৰ পক্ষে হোৱা তোমাৰ সঙ্কল্পও অনেক; তোমাৰ লগত কাৰো তুলনা দিব নোৱাৰি।” (গীত. ৪০:৫) যিহোৱাৰ আচৰিত কাৰ্য্যসমূহৰ ভিতৰত সন্মিলিত আছে সৃষ্টি কৰা বিশ্বব্ৰহ্মাণ্ড, মচীহৰ ৰাজ্য, তেওঁৰ সেৱকসকলৰ প্ৰতি কৰা প্ৰেমপূৰ্বক দয়াৰ কাৰ্য্য আৰু বিশ্বজুৰি কৰা প্ৰচাৰ কাৰ্য্যৰ অভিযান। (গীত. ১৭:৭, ৮; গীত. ১৩৯:১৪; দানি. ২:৪৪; মথি ২৪:১৪) যিহোৱাৰ প্ৰতি থকা প্ৰেম আৰু তেওঁ আমালৈ কৰা কাৰ্য্যসমূহে আমাক আনৰ আগত তেওঁৰ বিষয়ে কʼবলৈ প্ৰেৰিত কৰে। (গীত. ১৪৫:৫-৭) মাৰ্চ, এপ্ৰিল আৰু মে’ মাহত তেওঁৰ বিষয়ে অধিককৈ আনৰ আগত কʼবলৈ আমাৰ ওচৰত বহুতো সুযোগ আছে।
২ এজন সহযোগী অগ্ৰগামী সেৱক হিচাবে: আপুনি এই বিশেষ কাৰ্য্যৰ মাহ কেইটাত এমাহ বা তাতকৈ অধিক মাহে ৫০ ঘন্টা সময় প্ৰচাৰ কাৰ্য্যত অতিবাহিত কৰিবলৈ নিজৰ তালিকা বনাব পাৰিবনে? আপুনি নিজৰ দৈনন্দিন তালিকাত তেনে সাল-সলনি কৰি সহযোগী অগ্ৰগামী সেৱা কৰাটো বাস্তৱতে মূল্যৱান বা প্ৰশংসনীয়। (ইফি. ৫:১৬) বহুতে অনুভৱ কৰিছে যে সহযোগী অগ্ৰগামী কৰাৰ দ্বাৰা তেওঁলোকে নিজৰ পৰিচৰ্য্যাক অধিক উন্নত কৰাত সহায় লাভ কৰিছে। তেওঁলোকে ঘৰে-ঘৰে কৰা প্ৰচাৰ কাৰ্য্যত অধিক সহজে বাইবেলখন ব্যৱহাৰ কৰিব পাৰিছে। অধিক সময় পৰিচৰ্য্যাত অতিবাহিত কৰাৰ বাবে আগ্ৰহী লোকক পুনৰ সাক্ষাৎ কৰাটো সহজ হয় আৰু যিসকলে পূৰ্বতে বাইবেল অধ্যয়ন পৰিচালনা কৰা নাছিল তেওঁলোকে সহযোগী অগ্ৰগামী সেৱা কৰি এটা বাইবেল অধ্যয়ন পৰিচালনা কৰাত সক্ষম হৈছে। কিয়নো সহযোগী অগ্ৰগামী সেৱাত আনক সহায় কৰিবলৈ আমি নিজকে দিয়াটো সন্মিলিত আছে আৰু বাস্তৱতে এইটো হৈছে এটা আনন্দৰ কাৰ্য্য।—পাঁচ. ২০:৩৫.
৩ আপুনি শীঘ্ৰেই এনে সিদ্ধান্তত উপনীত নহʼব যে আপোনাৰ পৰিস্থিতিয়ে আপোনাক তেনে কৰিবলৈ অনুমতি নিদিয়ে। এখন মণ্ডলীৰ এজন প্ৰাচীনে তেওঁৰ এটা পুতেক, এজনী জীয়েকক চোৱা-চিতা আৰু তেওঁ পূৰ্ণসময়ে চাকৰি কৰাৰ স্বত্ত্বেও যোৱা বছৰত সহযোগী অগ্ৰগামী সেৱা কৰিলে। এই ভাইজনে ব্যস্ত থকাৰ স্বত্ত্বেও কেনেকৈ তেনে কৰিব পাৰিলে? যিহেতু তেওঁ সপ্তাহটোৰ বেছিভাগ সময়ে চাকৰি কৰিবলগীয়া হয়, গতিকে তেওঁ সপ্তাহটোৰ শেষৰ দিন কেইটাত অধিক সময় সেৱা কাৰ্য্যত অতিবাহিত কৰিবলৈ আচনি বনাই আৰু শনিবাৰৰ দিনটো ৰাতিপুৱা ৭:০০ বজাৰ পৰা ৰাস্তাত সাক্ষী দিয়া কাৰ্য্য কৰিবলৈ আৰম্ভ কৰে। তেওঁৰ মণ্ডলীত থকা একেই পৰিস্থিতি হোৱা কেইবাজনেও অগ্ৰগামী সেৱা কৰে আৰু এজনে আনজনক উৎসাহিত আৰু সহযোগ কৰে। আন এখন মণ্ডলীত এগৰাকী ৯৯ বছৰীয়া বৃদ্ধ ভনীক তাইৰ জীয়েকে নিজৰ সৈতে যোগ দিবলৈ আমন্ত্ৰণ কৰাৰ পিছত মে’ মাহত অগ্ৰগামী সেৱা কৰিবলৈ ভনীগৰাকীয়ে নিৰ্ণয় লয়। মণ্ডলীৰ আনসকলেও সেই বৃদ্ধা ভনীগৰাকীক বাইবেল অধ্যয়ন আৰু ঘৰে-ঘৰে প্ৰচাৰ কাৰ্য্য কৰাত সহায় কৰিবলৈ তাইৰ হুইল চেয়াৰ ঠেলি নিয়ে। তদুপৰি তাই টেলিফোন আৰু পত্ৰ যোগেদি সাক্ষী দিয়া কাৰ্য্যও কৰিছিল। এই কাৰ্য্য কাৰোঁতে তাই অনুভৱ কৰিব পাৰিলে যে এই কাৰ্য্য তাই নিজৰ শক্তি বা সামৰ্থৰে নহয়, কিন্তু যিহোৱাৰ সহায়ৰ ফলতহে কৰিব পাৰিলে।—যিচ. ৪০:২৯-৩১.
৪ আপোনাৰ পৰিস্থিতিৰ অনুসৰি কেনে তালিকা বনালে ব্যৱহাৰিক হʼব তাক বিচাৰি উলিয়াওক। আৰ্হি হিচাবে দিয়া তালিকাখন হয়তো সহায়ক হʼব পাৰে। আপুনি পুৰ্ণ সময়ে চাকৰি কৰে বা স্কুললৈ যায়নে? এনে ক্ষেত্ৰত সপ্তাহটোৰ শেষৰ কেইদিন অৰ্থাৎ শনিবাৰ বা দেওবাৰে তালিকা বনালে আপোনাৰ বাবে ব্যৱহাৰিক হʼব। যদি আপোনাৰ কোনো শাৰীৰিক সমস্যা আছে আৰু দিনটোৰ বহু সময়ৰলৈকে পৰিচৰ্য্যাত অতিবাহিত কৰিব নোৱাৰে তেন্তে প্ৰত্যেক দিনা অলপ সময় পৰিচৰ্য্যা কাৰ্য্যত অতিবাহিত কৰিব পৰাকৈ তালিকা তৈয়াৰ কৰিলে কাৰ্য্যকাৰী হʼব। আপুনি যে সহযোগী অগ্ৰগামী সেৱা কৰিবলৈ ইচ্ছা কৰিছে এই বিষয়ে আনৰ সৈতে কথোপকথন কৰক। সম্ভৱতঃ তেওঁলোকেও তেনে কৰিবলৈ লক্ষ্য ৰাখিব পাৰে।
৫ ডেকা ব্যক্তিসকলেও ভাগ লʼব পৰা প্ৰণালীসমূহ: যেতিয়া ডেকা ব্যক্তিসকলে যিহোৱাৰ আচৰিত কাৰ্য্যসমূহৰ বিষয়ে আনক কয় তেতিয়া তেওঁ আনন্দিত হয়। (গীত. ৭১:১৭; মথি ২১:১৬) যদি আপুনি এজন বাপ্তিষ্মা প্ৰাপ্ত কিশোৰ বা কিশোৰী ব্যক্তি তেন্তে স্কুল বন্ধ থকা মাহটোত সহযোগী অগ্ৰগামী সেৱা কৰিব পাৰে। যদি আপুনি সহযোগী অগ্ৰগামী সেৱা কৰিব নোৱাৰে তেন্তে আপোনাৰ পৰিচৰ্য্যাক উন্নত কৰিবলৈ লক্ষ্য ৰাখিব পাৰিবনে? যদি আপুনি ইতিমধ্যেই আপোনাৰ মা-দেউতাৰ সৈতে এজন বাপ্তিষ্মা প্ৰাপ্ত নোহোৱা প্ৰকাশক হিচাবে কাৰ্য্য কৰিছে, তেন্তে এতিয়া বাপ্তিষ্মা লোৱাৰ বাবে উপযুক্ত হোৱাৰ লক্ষ্য ৰাখিব পাৰে। আপুনি এনেদৰে ভবা উচিত নহয় যে বাপ্তিষ্মা লʼবলৈ এজন বাপ্তিষ্মা প্ৰাপ্ত বয়সস্তৰ দৰে বাইবেলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াত পাকৈত হʼব লাগিব। আপুনি বাইবেলৰ প্ৰাথমিক শিক্ষাক বুজি পাইনে? আপুনি বাইবেলৰ নৈতিক স্তৰৰ অনুসাৰে চলিছেনে? আপুনি যিহোৱাৰ সাক্ষীৰূপে নিজকে পৰিচয় দিব বিচাৰিছেনে? তেনেহʼলে এই বিষয়ে নিজৰ পিতৃ-মাতৃক জনাওক। তেওঁলোকে যদি আপুনি সেই আৱশ্যকতাসমূহ পূৰণ কৰাটো দেখিবলৈ পাইছে তেন্তে আপোনাক প্ৰাচীনৰ কাষ চাপিবলৈ ব্যৱস্থা কৰিব।—আমাৰ পৰিচৰ্য্যা কিতাপৰ ৯৮-৯৯ পৃষ্ঠা চাওক।
৬ প্ৰচাৰ কৰিবলৈ আনক সহায় কৰা: উন্নতি কৰা বাইবেল বিদ্যাৰ্থীসকলে হয়তো আহিবলগীয়া মাহ কেইটাত সম্পন্ন হʼবলগীয়া বিশেষ কাৰ্য্যত ভাগ লʼবলৈ বাপ্তিষ্মা প্ৰাপ্ত নোহোৱা প্ৰকাশক হʼবলৈ উপযুক্ত হʼব পাৰে। যদি আপোনাৰ বাইবেল বিদ্যাৰ্থীয়ে ভালকৈ আধ্যাত্মিকতাত উন্নতি কৰিছে, তেন্তে আপোনাৰ পুস্তক অধ্যয়ন বা সেৱা অধ্যক্ষৰ সহায় লওক। তেওঁলোকৰ এজনে হয়তো আপুনি অধ্যয়ন পৰিচালনা কৰাৰ সময়ত যোগ দি বিদ্যাৰ্থীজনে কিমান উন্নতি কৰিছে সেই বিষয়ে পৰীক্ষা কৰিব। যদি বিদ্যাৰ্থীজনে উপযুক্ত আৰু প্ৰকাশক হʼবলৈ আগ্ৰহ কৰে, তেতিয়া মণ্ডলীৰ পৰিচালক অধ্যক্ষই সেই বিদ্যাৰ্থী জনৰ সৈতে সাক্ষাৎ কৰিবলৈ দুজন প্ৰাচীনৰ ব্যৱস্থা কৰিব। (১৯৮৮ চনৰ নবেম্বৰ ১৫, প্ৰহৰীবুৰুজ ১৭ পৃষ্ঠাত চাওক।) বিদ্যাৰ্থীজনে এবাৰ অনুমোদন পোৱাৰ পিছত কোনো পলম নকৰাকৈ তেওঁক পৰিচৰ্য্যা কাৰ্য্য কৰিবলৈ প্ৰশিক্ষণ দিয়ক।
৭ পুস্তক অধ্যয়ন অধ্যক্ষই তেওঁৰ সমূহত থকা নিষ্ক্ৰিয় বা অনিয়মিত প্ৰকাশকসকলৰ প্ৰতি বিশেষ মনোযোগ দিয়া উচিত। আপোনালোকৰ সৈতে তেনে প্ৰকাশকসকলে একেলগে পৰিচৰ্য্যা কৰিবলৈ ব্যক্তিগতভাৱে আমন্ত্ৰণ কৰা উচিত। যদি তেওঁলোক বহু সময়ৰ পৰা নিষ্ক্ৰিয় হৈ আছে তেন্তে দুজন প্ৰাচীনে প্ৰথমে সেই নিষ্ক্ৰিয় হৈ পৰা প্ৰকাশকৰ সৈতে কথোপকথন কৰি তেওঁ বা তাই এতিয়াও পৰিচৰ্য্যাত ভাগ লʼবলৈ উপযুক্ত হৈ আছে নে নাই তাক জানিবলৈ চেষ্টা কৰা উচিত। (নবেম্বৰ ২০০০ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যা, প্ৰশ্ন বক্স চাওক।) বিশেষ কাৰ্য্যৰ এই মাহ কেইটাত মণ্ডলীয়ে উৎসাহেৰে ভাগ লৈ পুনৰ পৰিচৰ্য্যা কাৰ্য্যক তেওঁলোকৰ জীৱনত এক নিয়মিত স্থান দিবলৈ উৎসাহিত হʼব।
৮ পৰিচৰ্য্যা কাৰ্য্যক বৃদ্ধি কৰিবলৈ এতিয়াৰে পৰা সাজু হওক: প্ৰাচীনসকল, আপোনালোকে সহযোগী অগ্ৰগামী সেৱা কৰিবলৈ মণ্ডলীক এতিয়াৰে পৰা উৎসাহিত কৰক। ইয়াৰ বাবে আপোনালোকে মণ্ডলীৰ প্ৰকাশকসকলৰ আত্মপ্ৰত্যয়শীল গঢ়ি তুলক আৰু উত্তম আৰ্হিৰ বিষয়ে উল্লেখ কৰক। (১ পিত. ৫:৩) যোৱা বছৰত মণ্ডলীৰ কিমানজনে সহযোগী অগ্ৰগামী সেৱা কৰিছিল? এই বছৰত সহযোগী অগ্ৰগামী সেৱা কৰা সকলৰ সংখ্যা বৃদ্ধি হʼবনে? পুস্তক অধ্যয়ন অধ্যক্ষ আৰু তেওঁলোকৰ সহযোগীসকলে নিজৰ নিজৰ সমূহত থকা সকলোকে পৰিচৰ্য্যা কাৰ্য্যক বৃদ্ধি কৰিবলৈ উৎসাহিত কৰা উচিত। সেৱা অধ্যক্ষই পৰিচৰ্য্যা সেৱা সভা পৰিচালনা কৰিবলৈ অতিৰিক্ত তালিকা বনাব পাৰে। এই বিষয়ে কৰা ব্যৱস্থাসমূহৰ বিষয়ে মণ্ডলীক আগতীয়াকৈ জনাওক। পৰিচৰ্য্যা কাৰ্য্যৰ নেতৃত্ব লʼবলৈ উপযুক্ত প্ৰকাশকৰ নিযুক্ত, পৰিচৰ্য্যা সেৱা সভা সময়মতে আৰম্ভ আৰু সমাপ্তি কৰাটো নিশ্চিত কৰা আৱশ্যক। (ছেপ্টেম্বৰ ২০০১ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যা, প্ৰশ্ন বক্স চাওক।) তদুপৰি সেৱা অধ্যক্ষই যথেষ্টমাত্ৰাত প্ৰচাৰ এলেকা, আলোচনী আৰু সাহিত্যসমূহৰ প্ৰবন্ধ কৰা উচিত।
৯ বিগত বছৰত এখন মণ্ডলীৰ প্ৰাচীনসকলে অগ্ৰগামী সেৱাৰ বাবে আগতীয়াকৈ উৎসাহেৰে উক্ত মাহকেইটাৰ বাবে ব্যৱস্থা কৰি তেওঁলোকৰ বেছিভাগেই আৱেদন পত্ৰ দিলে। তেওঁলোকে ৰাস্তাত সাক্ষী কাৰ্য্যৰ বাবে পুৱা ৫:৩০ বজাত, আনটো স্কুলত যোৱা সকলৰ বাবে আবেলি ৩:০০ বজাত আৰু তৃতীয়টো চাকৰিলৈ যোৱা সকলৰ বাবে গধূলি ৬:০০ বজাত পৰিচৰ্য্যা সেৱা সভা পৰিচালনা কৰিবলৈ অতিৰিক্ত ব্যৱস্থা কৰিছিল। ইয়াৰ উপৰিও শনিবাৰে অতিৰিক্ত তিনিখন পৰিচৰ্য্যা সেৱা সভাৰ পৰিচালনা কৰিবলৈ ব্যৱস্থা কৰিছিল। ফলস্বৰূপে, এপ্ৰিল মাহত সহযোগী অগ্ৰগামী সেৱাত ভাগ লোৱা সকলৰ সংখ্যা আছিল ৬৬ জন!
১০ তেনেহʼলে আগন্তুক মাহ কেইটাত অগ্ৰগামী সেৱা কৰাৰ লক্ষ্য ৰখাৰ বিষয়ে পৰিয়াল অধ্যয়নত কিয় আলোচনা নকৰে? সম্ভৱতঃ উত্তম সহযোগ আৰু পৰিকল্পনাৰ দ্বাৰা পৰিয়ালৰ সকলোৱে বা কিছুমানে সহযোগী অগ্ৰগামী কৰাত সক্ষম হʼব পাৰে। যদি সেইটো কোনোপধ্যেই সম্ভৱ নহয় তেনেহʼলে আপোনাৰ পৰিচৰ্য্যা কাৰ্য্যত অতিবাহিত কৰা সময়ৰ পৰিমাণ বৃদ্ধি বা শনিবাৰ বা দেওবাৰৰ বাহিৰেও সপ্তাহটোৰ আন কেইটা দিনত অতিৰিক্ত পৰিচৰ্য্যা কাৰ্য্য কৰাৰ লক্ষ্য ৰাখিব পাৰে। এই বিষয়ে এটা পৰিয়াল হৈ প্ৰাৰ্থনাপূৰ্বক বিবেচনা কৰক। আপুনি নিশ্চিত হʼব পাৰে যে আপোনাৰ এই প্ৰচেষ্টাত যিহোৱাই অৱশ্যেই আশীৰ্ব্বাদ দিব।—১ যোহ. ৩:২২.
১১ ঈশ্বৰৰ সকলোতকৈ শ্ৰেষ্ঠ কাৰ্য্য: যিহোৱাই দেখুৱা প্ৰেমৰ অত্যুত্তম অভিব্যক্তিটো হৈছে তেওঁৰ একমাত্ৰ পুত্ৰক আমাৰ মুক্তিপণৰ বাবে উপহাৰ হিচাবে প্ৰদান কৰা। (১ যোহ. ৪:৯, ১০) মুক্তিপণ বলিদানে মানৱজাতিক পাপ আৰু মৃত্যুৰ পৰা মুক্তি দিবলৈ আইনগত আধাৰ প্ৰদান কৰিছে। (ৰোমী. ৩:২৩, ২৪) যীচুৰ বোৱতী তেজে নতুন বিধি স্থাপন কৰিলে। সেইবাবে অসিদ্ধ মানৱে ঈশ্বৰৰ দত্তক হিচাবে স্বৰ্গীয় ৰাজ্যত সহযোগী শাসক হোৱাৰ বিশেষাধিকাৰ লাভ কৰিব পাৰিলে। (যিৰি. ৩১:৩১-৩৪; মাৰ্ক ১৪:২৪) যীচুৰ বাবে সকলোতকৈ প্ৰমুখ কাৰ্য্য আছিল সম্পূৰ্ণ আজ্ঞাকাৰী হৈ যিহোৱাৰ নাম পবিত্ৰকৰণ কৰা। (দ্বিতী. ৩২:৪; হিতো. ২৭:১১) এপ্ৰিল ৪ তাৰিখ দেওবাৰে যীচুৰ মৃত্যুৰ দিনটোক বিশ্বজুৰি স্মৰণ কৰা হʼব।
১২ প্ৰভুৰ সন্ধ্যা ভোজ পৰ্ব্ব উদ্যাপন কৰাই যিহোৱাৰ আচৰিত কাৰ্য্যসমূহ মহিমান্বিত কৰে। সেই উদ্যাপনৰ দিনটোত দিয়া ভাষণে যিহোৱাই মুক্তিপণ প্ৰদান কৰিবলৈ যি কৰিলে তাৰ প্ৰতি মূল্যাঙ্কন বৃদ্ধি কৰে। উপস্থিত হোৱা আগ্ৰহীলোকে ঈশ্বৰৰ আন আচৰিত কাৰ্য্যসমূহক লক্ষ্য কৰিবলৈ সক্ষম হʼব। তেওঁলোকে যিহোৱাই শিকোৱা অনুসাৰে তেওঁৰ সেৱকসকলৰ মাজত থকা ঐক্যতা আৰু প্ৰেম দেখিব পাৰিব। (ইফি. ৪:১৬, ২২-২৪; যাকো. ৩:১৭, ১৮) এই বিশেষ আৰু গুৰুত্বপূৰ্ণ সময়ছোৱাত উপস্থিত হৈ এজন ব্যক্তিৰ ভাৱধাৰাত দকৈ প্ৰভাৱ পৰিব, গতিকে যিমান সম্ভৱ সিমান লোকে সেই উপলক্ষ্যত উপস্থিত হোৱাটো আমি আশা কৰোঁ।—২ কৰি. ৫:১৪, ১৫.
১৩ উপস্থিত হʼবলৈ আনক আমন্ত্ৰণ কৰা: সেই উপলক্ষ্যত উপস্থিত হʼবলৈ কোনসকলক আমন্ত্ৰণ কৰা আৱশ্যক এই বিষয়ে এতিয়াৰে পৰা লিষ্ট বনাওক। আপুনি তৈয়াৰ কৰা লিষ্টখনত সত্যত নথকা পৰিয়ালৰ আন সদস্যসকল, চুবুৰীয়া, চাকৰি বা স্কুলত পৰিচিত হোৱা লোক, পূৰ্বে আৰু বৰ্তমানে বাইবেল অধ্যয়ন কৰা আৰু পুনৰ সাক্ষাৎ কৰা সকলো ব্যক্তিৰ নাম অন্তৰ্ভুক্ত থকা আৱশ্যক। পুস্তক অধ্যয়ন অধ্যক্ষই তেওঁৰ লিষ্টত নিষ্ক্ৰিয় হৈ পৰা প্ৰকাশকসকলৰ নাম অন্তৰ্ভুক্ত কৰা উচিত।
১৪ সংস্থাই ছপা কৰা স্মৰণীয় পৰ্ব্বৰ নিমন্ত্ৰণী পত্ৰত উদ্যাপনৰ স্থান আৰু সময়ৰ বিষয়ে টাইপ কৰা বা স্পষ্ট আৰু সন্দুৰকৈ লিখা উচিত। অথবা মাৰ্চ ১৫, প্ৰহৰীবুৰুজ বা মাৰ্চ ২২, ২০০৪ চনৰ সচেতন! আলোচনীৰ শেষৰ পৃষ্ঠাত দিয়া আমন্ত্ৰণ ব্যৱহাৰ কৰিব পাৰে। যেনেকৈ এপ্ৰিল ৪ তাৰিখ কাষ চাপি আহিব আমন্ত্ৰণ কৰা সকলোকে ব্যক্তিগত অথবা টেলিফোনৰ দ্বাৰা স্মৰণ কৰাই দিয়ক।
১৫ স্মৰণীয় পৰ্ব্বত: স্মৰণীয় পৰ্ব্বৰ নিশা নিৰ্দ্ধাৰিত সময়ৰ পূৰ্বেই তাত উপস্থিত থকা আৱশ্যক। নতুন ব্যক্তিসকলক এক মিঠা হাঁহি মাৰি অতিথি সৎকাৰে আদৰণি জনাওক। (ৰোমী. ১২:১৩) আপুনি আমন্ত্ৰণ কৰা অতিথিসকলৰ প্ৰতি আপোনাৰ বিশেষ দায়িত্ব আছে। তেওঁলোকক ভদ্ৰতাৰে আমন্ত্ৰণ কৰক আৰু মণ্ডলীৰ আনসকলৰ সৈতে পৰিচয় কৰাওক। আপুনি হয়তো তেওঁলোকক বহিবলৈ আসন বিচাৰি পোৱাত সহায় কৰিব পাৰে। যদি তেওঁলোকৰ ওচৰত বাইবেল বা গীত কিতাপ নাই তেন্তে মণ্ডলীৰ আন বা আপুনি নিজেই তেওঁলোকক দেখুৱাবলৈ ব্যৱস্থা কৰক। উদ্যাপনৰ পিছত তেওঁলোকৰ মনত উদয় হোৱা প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ নিজকে উপলব্ধ কৰক। যদি তেওঁলোকৰ কিছুমানে প্ৰথমবাৰৰ বাবে উপস্থিত হৈছে তেন্তে তেওঁলোকক সোধক যে তেওঁলোকে ঈশ্বৰ আৰু তেওঁৰ উদ্দেশ্যৰ বিষয়ে কি শিকিব পাৰিলে। তেওঁলোকক বাইবেল অধ্যয়ন কৰিবলৈ আমন্ত্ৰণ কৰক।
১৬ উপস্থিত হোৱা আগ্ৰহীলোকক একেৰাহে সহায় কৰক: স্মৰণীয় পৰ্ব্বৰ সপ্তাহটোৰ পিছত উপস্থিত হোৱা আগ্ৰহীলোকক সহায়ৰ আৱশ্যকতা হʼব পাৰে। ইয়াত অন্তৰ্ভুক্ত আছে যিসকলে এসময়ত নিয়মীয়াকৈ সভাত উপস্থিত হৈছিল কিন্তু এতিয়া মণ্ডলীৰ সৈতে কেৱল সীমিতভাৱে সঙ্গতি কৰিব পাৰে। এনেলোক যেন বাদ পৰি নাযায় তাৰ প্ৰতি প্ৰাচীনসকলে মনোযোগ দিয়া উচিত। তদুপৰি তেওঁলোকে কিয় আধ্যাত্মিকৰূপে উন্নতি কৰা নাই তাৰ কাৰণ বিচাৰি প্ৰাচীনসকলে নিৰ্দ্ধাৰণ কৰা আৱশ্যক। সময়ৰ গুৰুত্বতাৰ প্ৰতি গভীৰভাৱে প্ৰভাৱিত কৰক। (১ পিত. ৪:৭) ঈশ্বৰৰ লোকসকলৰ সৈতে নিয়মীয়াকৈ একত্ৰিত হোৱাৰ বিষয়ে শাস্ত্ৰই দিয়া উপদেশক পালন কৰাটো কিয় লাভদায়ক তাক বুজিবলৈ সকলোকে সহায় কৰক। (ইব্ৰী ১০:২৪, ২৫)
১৭ যদি আমি চিৰকালৰ বাবে জীয়াই থাকোঁ তেতিয়া যিহোৱাৰ আচৰিত কাৰ্য্যসমূহক সম্পূৰ্ণকৈ বুজিব পাৰিম। (ইয়ো. ৪২:২, ৩; উপ. ৩:১১) তেওঁক স্তুতি কৰা কাৰ্য্যসমূহ কেতিয়াও অন্ত নহʼব। এই স্মৰণীয় পৰ্ব্বৰ সময়ছোৱাত আমি আমাৰ পৰিচৰ্য্যাক বৃদ্ধি কৰাত সকলো প্ৰচেষ্টা কৰি যিহোৱাৰ আচৰিত কাৰ্য্যমসূহৰ প্ৰতি মূল্যাঙ্কন দেখুৱাব পাৰোঁ।
[Study Questions]
১. যিহোৱাই কৰা কিছুমান কেনে আচৰিত কাৰ্য্যক আপুনি বিশেষকৈ মূল্যাঙ্কন কৰে?
২. সহযোগী অগ্ৰগামী সেৱা কৰি আমি কেনেকৈ ব্যক্তিগতভাৱে লাভৱান হʼব পাৰোঁ?
৩. প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ মাজতো কিছুমানে কেনেকৈ সহযোগী অগ্ৰগামী সেৱা কৰাত সক্ষম হʼল?
৪. যেতিয়া সহযোগী অগ্ৰগামী সেৱা কৰিবলৈ তালিকা তৈয়াৰ কৰা হয় তেতিয়া কেনে কাৰণসমূহক বিবেচনা কৰা উচিত?
৫. মাৰ্চ, এপ্ৰিল আৰু মে’ মাহত ডেকা ব্যক্তিসকলে কেনে লক্ষ্য ৰাখিব পাৰে?
৬. ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ আমি কেনেকৈ আমাৰ বাইবেল বিদ্যাৰ্থীসকলক সহায় কৰিব পাৰোঁ?
৭. নিষ্ক্ৰিয় আৰু অনিয়মিত প্ৰকাশকসকলক কেনেকৈ সহায় কৰিব পাৰি?
৮, ৯. বিশেষ কাৰ্য্যত ভাগ লʼবলৈ প্ৰাচীনসকলে কেনেকৈ মণ্ডলীক উৎসাহিত কৰিব পাৰে?
১০. পৰিচৰ্য্যা কাৰ্য্যক বৃদ্ধি কৰিবলৈ পৰিয়ালে কেনেকৈ সাজু হʼব পাৰে?
১১. (ক) যীচুৰ বলিদানে কেনে আচৰিত কাৰ্য্যসমূহ সম্পন্ন কৰিলে? (খ) স্থানীয় এলেকাৰ কোনটো স্থান আৰু সময়ত স্মৰণীয় পৰ্ব্ব পালন কৰা হʼব?
১২. প্ৰভুৰ সন্ধ্যা ভোজৰ পৰ্ব্বত উপস্থিত হোৱা আগ্ৰহীলোকে কেনেকৈ লাভৱান হʼব?
১৩, ১৪. আমি কোনসকলক আৰু কেনেকৈ স্মৰণীয় পৰ্ব্বলৈ আমন্ত্ৰণ কৰা উচিত?
১৫. স্মৰণীয় পৰ্ব্বৰ নিশা আমি নতুনকৈ উপস্থিত হোৱা লোকক কেনেকৈ অতিথিপৰায়ণতা দেখুৱাব পাৰোঁ?
১৬. স্মৰণীয় পৰ্ব্বত উপস্থিত হোৱা সকলক আধ্যাত্মিক উন্নতি কৰাত সহায় কৰিবলৈ কি কৰিব পাৰি?
১৭. যিহোৱাৰ আচৰিত কাৰ্য্যসমূহৰ বিষয়ে আমি একেৰাহে লোকসকলক কিয় কোৱা উচিত?
[Chart on page 5]
এই তালিকা কেইখনৰ যিকোনো এখন ব্যৱহাৰ কৰি আপুনি সহযোগী অগ্ৰগামী সেৱা কৰিব পাৰেনে?
মাৰ্চ দেও সোম* মঙ্গল* বুধ* বৃহস্পতি শুক্ৰ শনি মুঠ ঘন্টা
প্ৰত্যেক দিনা ২ ১ ১ ১ ১ ১ ৫ ৫১
দুই দিন ০ ৫ ০ ৫ ০ ০ ০ ৫০
কেৱল শনি আৰু দেওবাৰ ৫ ০ ০ ০ ০ ০ ৮ ৫২
শনি, দেওবাৰ আৰু সপ্তাহৰ দুটা দিন ২ ০ ০ ২ ০ ২ ৬ ৫০
এপ্ৰিল দেও সোম মঙ্গল বুধ বৃহস্পতি* শুক্ৰ* শনি মুঠ ঘন্টা
প্ৰত্যেক দিনা ২ ১ ১ ১ ১ ১ ৫ ৫০
দুই দিন ০ ০ ০ ০ ৫ ৫ ০ ৫০
কেৱল শনি আৰু দেওবাৰ ৫ ০ ০ ০ ০ ০ ৮ ৫২
শনি, দেওবাৰ আৰু সপ্তাহৰ দুটা দিন ২ ০ ০ ২ ০ ২ ৬ ৫০
মে’ দেও* সোম* মঙ্গল বুধ বৃহস্পতি শুক্ৰ শনি* মুঠ ঘন্টা
প্ৰত্যেক দিনা ২ ১ ১ ১ ১ ১ ৪ ৫১
দুই দিন ০ ৫ ০ ০ ০ ০ ৫ ৫০
কেৱল শনি আৰু দেওবাৰ ৩ ০ ০ ০ ০ ০ ৭ ৫০
শনি, দেওবাৰ আৰু সপ্তাহৰ দুটা দিন ২ ০ ০ ২ ০ ২ ৫ ৫১
*মাহত পাঁচটা