প্ৰচাৰ কৰি সম্পূৰ্ণকৈ সাক্ষী দিয়া
১ ভৱিষ্যতে কৰিবলগীয়া বৃহৎ প্ৰচাৰ কাৰ্য্যৰ বাবে “নায়ক ও অধ্যক্ষস্বৰূপে” থকা যীচুৱে তেওঁৰ শিক্ষ্যসকলক প্ৰশিক্ষণ দিলে। (যিচ. ৫৫:৪; লূক ১০:১-১২; পাঁচ. ১:৮) যীচুৱে দিয়া আজ্ঞাসমূহৰ বিষয়ে বৰ্ণনা কৰি পাঁচনি পিতৰে এইদৰে কৈছিল: “জীয়া আৰু মৰা দুয়োৰো বিচাৰকৰ্ত্তা হবলৈ ঈশ্বৰে যি জনাক নিযুক্ত কৰিলে, তেৱেঁই সেই জনা, এই কথা জনসাধাৰণৰ আগত ঘোষণা কৰিবলৈ আৰু সাক্ষ্য দিবলৈ, তেওঁ আমাক আজ্ঞা দিলে।” (পাঁচ. ১০:৪২) সম্পূৰ্ণৰূপে সাক্ষী দিয়া কাৰ্য্যত কি জড়িত আছিল?
২ এই বিষয়ে আমি পাঁচনি পৌলৰ আৰ্হিক বিবেচনা কৰি অধিক শিকিব পাৰোঁ। যেতিয়া তেওঁ ইফিচীয়া মণ্ডলীত থকা বৃদ্ধসকলক সাক্ষাৎ কৰিছিল তেতিয়া তেওঁলোকক এইদৰে স্মৰণ কৰাই কৈছিল: “তোমালোকৰ আগত, কোনো হিত কথা জনাবলৈ, আৰু সৰ্ব্বসাধাৰণৰ আগত, আৰু ঘৰে ঘৰে তোমালোকক উপদেশ দিবলৈ পাছ নুহুঁহকিলোঁ, আৰু ঈশ্বৰলৈ মন-পালটন আৰু প্ৰভু যীচু খ্ৰীষ্টত বিশ্বাস কৰাৰ বিষয়ে যিহূদী আৰু গ্ৰীকবিলাকৰ আগত [সম্পূৰ্ণকৈ সাক্ষী, NW] দিলোঁ।” পাঁচনি পৌলে অত্যাচাৰৰ সম্মুখীন হোৱাৰ স্বত্ত্বেও যিমান পাৰে সকলোকে শুভবাৰ্ত্তৰ বিষয়ে জনালে। শ্ৰোতাসকলক কেৱল সত্যতাৰ মূল বিষয় জনোৱাটোৱেই নহয়, কিন্তু তেওঁ তেওঁলোকক “ঈশ্বৰৰ আটাই আলচ জনাবলৈ” বিচাৰিছিল। ইয়াক সম্পন্ন কৰিবলৈ তেওঁ আত্মবলিদান আৰু অধিক পৰিশ্ৰম কৰিবলৈ আগ্ৰহী আছিল। আগলৈ তেওঁ এইদৰে কৈছিল: “ঈশ্বৰৰ অনুগ্ৰহৰ শুভবাৰ্ত্তাৰ বিষয়ে [সম্পূৰ্ণকৈ সাক্ষী, NW] দিয়াৰ, আৰু মোৰ দৌৰ, অৰ্থাৎ প্ৰভু যীচুৰ পৰা পোৱা যি মোৰ পৰিচৰ্য্যা-কাৰ্য্য, তাক সম্পন্ন কৰাৰ লগত তুলনা কৰিবলৈ গলে, মোৰ প্ৰাণ মোলৈ প্ৰিয় বুলি একোতে গণ্য নকৰোঁ।”—পাঁচ. ২০:২০, ২১, ২৪, ২৭.
৩ বৰ্তমান সময়ত আমি কেনেকৈ পাঁচনি পৌলৰ আৰ্হিক অনুকৰণ কৰিব পাৰোঁ? (১ কৰি. ১১:১) যাতনাৰ স্বত্ত্বেও আমি সকলো পৃষ্ঠভূমি আৰু ভাষাৰ নম্ৰ লোকসকলক শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ কৰা প্ৰচেষ্টা আৰু তেওঁলোকক সহায় কৰাৰ দ্বাৰা আমি পাঁচনি পৌলৰ আৰ্হিক অনুকৰণ কৰিব পাৰোঁ। (মথি ১০:১২, ১৩) ইয়াৰ বাবে অৱশ্যেই সময়, প্ৰচেষ্টা আৰু লোকসকলৰ প্ৰতি থকা প্ৰেমৰ আৱশ্যক।
৪ আপুনি সহযোগী অগ্ৰগামীৰূপে কাৰ্য্য কৰিব পাৰিবনে? মাৰ্চ আৰু এপ্ৰিল মাহত সহযোগী অগ্ৰগামীৰূপে কাৰ্য্য কৰি সম্পূৰ্ণকৈ সাক্ষী দিবলৈ আপোনাৰ ওচৰত এটা উত্তম সুযোগ আছে। যোৱা বছৰত সহযোগী অগ্ৰগামীৰূপে কাৰ্য্য কৰিবলৈ বহুতো ভাই-ভনীয়ে কৰা প্ৰচেষ্টাক দেখি আমি কিমান যে উৎসাহিত হʼলোঁ!
৫ বিভিন্ন শাৰীৰিক সমস্যা থকাৰ স্বত্ত্বেও এগৰাকী ৮০ বছৰীয়া বৃদ্ধা ভনীয়ে যিহোৱাৰ সংগঠনে দিয়া অনুপ্ৰেৰণাৰ দ্বাৰা উৎসাহিত হৈছিল। সেই ভনীগৰাকীয়ে এইদৰে লিখিছিল: “ইয়ে মোৰ হৃদয়ত বহু সময়ৰ পৰা থকা ইচ্ছুকতাক অধিক জগাই তুলিলে আৰু মই নিশ্চয়ে আকৌ এবাৰ সহযোগী অগ্ৰগামীৰূপে কাৰ্য্য কৰা আৱশ্যক বুলি অনুভৱ কৰালে।” ভনীগৰাকীয়ে মাৰ্চ মাহত সহযোগী অগ্ৰগামীৰূপে সেৱা কৰিবলৈ লক্ষ্য ৰাখিলে। এই বিষয়ে তাই এইদৰে কৈছিল: “সৰ্ব্বপ্ৰথমে বহি আঁচনি তৈয়াৰ কৰিলোঁ। তাৰ পিছত মই মোৰ ছোৱালীক সেই বিষয়ে জনালোঁ, কিয়নো মোক তাইৰ সহায়ৰ আৱশ্যক আছিল। তায়ো সহযোগী অগ্ৰগামী কৰিবলৈ আৱেদন পত্ৰ ভৰ্ত্তি কৰাত মই আচৰিত হʼলোঁ।” সেই মাহটোত বৃদ্ধা ভনীগৰাকীয়ে ৫২ ঘন্টা প্ৰচাৰ কাৰ্য্যত ব্যয় কৰিবলৈ সক্ষম হʼল। “মই যেতিয়া ভাগৰত ক্লান্ত হৈ পৰা অনুভৱ কৰিছিলোঁ তেতিয়া মই বহুবাৰ যিহোৱালৈ প্ৰাৰ্থনা কৰি মোক শক্তি প্ৰদান কৰিবলৈ নিৱেদন কৰিছিলোঁ। মাহটোৰ শেষত মই অতি আনন্দিত আৰু সন্তুষ্টি লাভ কৰিছিলোঁ আৰু মোক সহায় কৰাৰ বাবে মই যিহোৱাক বহুবাৰ ধন্যবাদ দিছিলোঁ। মই আকৌ এবাৰ সহযোগী অগ্ৰগামীৰূপে সেৱা কৰিবলৈ চেষ্টা কৰিব বিচাৰোঁ।” তাইৰ এই অভিজ্ঞতাই গভীৰভাৱে শাৰীৰিক অসুস্থ থকাৰ স্বত্ত্বেও সহযোগী অগ্ৰগামীৰূপে সেৱা কৰিবলৈ ইচ্ছুক ভাই-ভনীক উৎসাহিত কৰিব পাৰে।
৬ অপ্ৰত্যাশিতৰূপে চাকৰি হেৰুৱা এজন ভায়ে সেই সুযোগৰ সুবিধা লৈ সহযোগী অগ্ৰগামীৰূপে সেৱা কৰে। যেনেকৈ মাহ আৰম্ভ হয় তেওঁ প্ৰচাৰ কাৰ্য্যৰ প্ৰতি অধিক উৎসাহিত হৈ পৰে আৰু মাহটোৰ শেষত নতুনকৈ এটা গৃহ বাইবেল অধ্যয়ন আৰম্ভ কৰে। তেওঁ লাভ কৰা অভিজ্ঞতাৰ বিষয়ে এইদৰে কৈছিল: “কিযে আনন্দদায়ক মাহ আছিল!” যিহোৱাৰ নিৰ্দ্দেশনা আৰু সহায়ৰ যোগেদি তেওঁ কিমান যে হৰ্ষিত হʼল! নিঃসন্দেহ, পৰিচৰ্য্যা কাৰ্য্যৰ প্ৰতি ভাইজনে কৰা তেনে অতিৰিক্ত প্ৰচেষ্টাত যিহোৱাই তেওঁক প্ৰচুৰ পৰিমাণে আশীৰ্ব্বাদ কৰিলে আৰু একেইদৰে তেওঁ আপোনাকো কৰিব।—মলা. ৩:১০.
৭ কিন্তু বহুতৰ বাবে সহযোগী অগ্ৰগামী কৰাটো সহজ নহয়। যিয়েই নহওঁক কিয়, বহুতো ভাই-ভনীয়ে তেওঁলোকৰ চাকৰি, পৰিয়ালৰ দায়িত্ব আৰু ব্যক্তিগত সমস্যাসমূহৰ স্বত্ত্বেও সহযোগী অগ্ৰগামীৰূপে সেৱা কৰিবলৈ সক্ষম হৈছে। সম্পূৰ্ণকৈ সাক্ষী দিয়া কাৰ্য্য কৰিবলৈ বিশেষকৈ আমাৰ মূল্যৱান সময় আৰু শক্তিৰ আৱশ্যক। কিন্তু এনে কৰাৰ বাবে যিহোৱাই একেইদৰে আশীৰ্ব্বাদ প্ৰদান কৰিব।—হিতো. ১০:২২.
৮ সহযোগী অগ্ৰগামীৰূপে সেৱা কৰিবলৈ মাৰ্চ আৰু এপ্ৰিল মাহটোৱেই হৈছে উপযুক্ত সময়। মাৰ্চ মাহত পাঁচটা শনিবাৰ আৰু দেওবাৰ আছে। এই মাহটোৰ সুযোগ লৈ পূৰ্ণ সময়ে চাকৰি কৰাসকলে সন্ধ্যাৰ সময়ছোৱাত সহযোগী অগ্ৰগামীৰূপে সেৱা কৰিব পাৰিব। ইয়াৰ উপৰিও আপুনি এপ্ৰিল মাহত পোৱা বন্ধৰ দিন কেইটাৰো সুবিধা লʼব পাৰিব। কিয়নো সেই সময়ছোৱাত কিছুমানে হয়তো স্কুল, কলেজ বা চাকৰিৰ পৰা ছুটি পাব, যাৰ বাবে সহযোগী অগ্ৰগামী সেৱাত আৱশ্যকীয় ৫০ ঘন্টা সময় পৰিচৰ্য্যাত অতিবাহিত কৰিব পাৰিব। মাৰ্চ আৰু এপ্ৰিল মাহত আৱশ্যকীয় ৫০ ঘন্টা সময় অতিবাহিত কৰিবলৈ আপুনি এই প্ৰবন্ধটোত দিয়া তালিকাৰ আৰ্হিৰ অনুসাৰে সহযোগী অগ্ৰগামী সেৱা কৰিবলৈ তালিকা তৈয়াৰ কৰিব পাৰিবনে? আনৰ সৈতে আপুনি বনোৱা তালিকাৰ বিষয়ে আলোচনা কৰক; ইয়াত কোনো সন্দেহ নাই যে আনেও আপোনাৰ সৈতে পৰিচৰ্য্যাত ভাগ লʼবলৈ উৎসাহিত হʼব। যদি আপুনি সহযোগী অগ্ৰগামীৰূপে সেৱা কৰিব নোৱাৰে, তেনেহʼলে এই মাহকেইটাত অধিক সময় পৰিচৰ্য্যা কাৰ্য্যাত অতিবাহিত কৰিবলৈ এটা নিৰ্দিষ্ট লক্ষ্য বনাওক আৰু অগ্ৰগামী কৰা সকলক সহযোগ কৰক। এতিয়াৰে পৰা মাৰ্চ আৰু এপ্ৰিল মাহত অধিককৈ পৰিচৰ্য্যা কাৰ্য্যত ভাগ লʼবলৈ আপোনাৰ আঁচনি তৈয়াৰ কৰক।
৯ স্মৰণীয় পৰ্ব্বৰ প্ৰতি মূল্যাঙ্কন দেখুৱাউক: প্ৰত্যেক বছৰে উদযাপন কৰা স্মৰণীয় পৰ্ব্বৰ সময়ছোৱাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি বহুতে ‘সুসময়ক কিনি লৈ’ সহযোগী অগ্ৰগামী সেৱা কৰিবলৈ আগবাঢ়ি আহে। (ইফি. ৫:১৫, ১৬) ভাৰতত যোৱা বছৰৰ মাৰ্চ মাহত সহযোগী অগ্ৰগামী সেৱা কৰা সকলৰ সংখ্যা আছিল ২,৫০৯ জন আৰু এপ্ৰিল মাহত আছিল ১,৩৪৯ জন। গড় হিচাপে সেই দুটা মাহত ১,৯২৯ জনে সহযোগী অগ্ৰগামীৰূপে সেৱা কৰিছিল। এই সংখ্যাটো তাৰ আগৰ সেৱা বছৰৰ সেই মাহকেইটাৰ গড় সংখ্যা ৬৫৭ জনৰ সৈতে তুলনাত অধিক আছিল। এই স্মৰণীয় পৰ্ব্বত আমি নিজৰ পৰিচৰ্য্যা কাৰ্য্যত অধিককৈ ভাগ লৈ খ্ৰীষ্টৰ মুক্তিপণ বলিদানৰ প্ৰতি আমাৰ প্ৰকৃত মূল্যাঙ্কন দেখুৱাৰ আন এটা উত্তম সুযোগ আছে।
১০ যেনেকৈ এপ্ৰিল ১৬ তাৰিখটো কাষ চাপি আহিছে, স্মৰণীয় পৰ্ব্বই আপোনাৰ বাবে কি অৰ্থ ৰাখে তাৰ বিষয়ে গভীৰভাৱে চিন্তা কৰক। মৃত্যুৰ পূৰ্বে হোৱা ঘটনা আৰু তেওঁৰ মন আৰু হৃদয়ত থকা গুৰুত্ব বিচাৰধাৰাটোৰ বিষয়ে বিবেচনা কৰক। যীচুৰ সম্মুখত থকা আনন্দই কেনেকৈ তেওঁক যাতনা আৰু অত্যাচাৰত সহন কৰিবলৈ সহায় কৰিলে এই বিষয়ে ধ্যান কৰক। বৰ্তমান তেওঁ মণ্ডলীৰ মূৰস্বৰূপ স্থানত থকা, প্ৰচাৰ আৰু শিষ্য বনোৱা কাৰ্য্যত অধ্যক্ষতা কৰাৰ বিষয়ে চিন্তা কৰক। (১ কৰি. ১১:৩; ইব্ৰী ১২:২; প্ৰকা. ১৪:১৪-১৬) তাৰ পিছত আপুনি যে যীচুৱে আমালৈ কৰা সকলো কাৰ্য্যক হৃদয়েৰে মূল্যাঙ্কন কৰে তাক প্ৰকাশ কৰিবলৈ আপোনাৰ পৰিস্থিতিৰ অনুসাৰে প্ৰচাৰ কাৰ্য্যত সম্পূৰ্ণকৈ ভাগ লওক।
১১ আনকো সম্পূৰ্ণকৈ সাক্ষী দিয়াৰ বিষয়ে বিবেচনা কৰিবলৈ উৎসাহিত কৰক: প্ৰাচীন আৰু সহায়ক সেৱকসকলে সহযোগী অগ্ৰগামী সেৱা কাৰ্য্যত আগভাগ লৈ এই ক্ষেত্ৰত মণ্ডলীৰ আনবিলাকৰ বাবে এক উত্তম আৰ্হি ৰাখিব পাৰে। প্ৰচাৰ কাৰ্য্যত আন প্ৰকাশকসকলৰ সৈতে কাৰ্য্য কৰি আৰু ৰখীয়া কাৰ্য্যত ভাগ লৈ তেওঁলোকে ব্যক্তিগতভাৱে আনক এই বিশেষ কাৰ্য্যক্ৰমত সম্পূৰ্ণৰূপে ভাগ লোৱাত সহায় কৰিব পাৰে। আঁহক আমি সকলোৱে এই বিষয়ে প্ৰাৰ্থনাপূৰ্বক বিবেচনা কৰি ঐক্যতাৰে সম্পূৰ্ণকৈ সাক্ষী দিয়া কাৰ্য্য কৰিবলৈ প্ৰচেষ্টা কৰোঁহঁক।
১২ যিহেতু মণ্ডলীৰ সকলো প্ৰাচীন আৰু সহায়ক সেৱকসকলে মাৰ্চ আৰু এপ্ৰিল মাহত মণ্ডলীয়ে কৰা ব্যৱস্থাত সহযোগ কৰিব, কিন্তু সেৱা অধ্যক্ষই বিশেষকৈ সেই সময়ছোৱাত প্ৰচাৰ কাৰ্য্যৰ বাবে উপযুক্ত ব্যৱস্থা কৰাত মনোযোগ দিব। তেওঁ বেছিভাগ প্ৰকাশকৰ সুবিধাৰ অনুসাৰে প্ৰচাৰ কাৰ্য্যৰ বাবে স্থান আৰু সময় বাছনি কৰি নিয়মীয়াকৈ মণ্ডলীত ঘোষণা কৰা উচিত। মণ্ডলীয়ে বিভিন্ন পদ্ধতিৰে কৰা প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ ব্যৱস্থা কৰা দিনটো কেইবাটাও সময়ত ব্যৱস্থা কৰিব পাৰে। এই প্ৰচাৰ কাৰ্য্যত হয়তো ব্যৱসায় এলেকাত, ৰাস্তাত, ঘৰে ঘৰে কৰা প্ৰচাৰ কাৰ্য্য, পুনৰ সাক্ষাৎ আৰু টেলিফোনৰ দ্বাৰা সাক্ষী দিয়া সন্মিলিত থাকিব পাৰে। ইয়াৰ উপৰিও সেৱা অধ্যক্ষজনে সেই মাহকেইটাত মণ্ডলীৰ ওচৰত যাতে যথেষ্ট মাত্ৰাত আলোচনী, সাহিত্য আৰু প্ৰচাৰ এলেকা থাকে তাৰ বাবে ব্যৱস্থা কৰা উচিত।
১৩ মাৰ্চ মাহত বিতৰণ কৰিবলগীয়া প্ৰকাশন হৈছে জ্ঞান কিতাপখন। গতিকে সকলোৱে এই কিতাপখন গৃহস্থক দি তেওঁলোকৰ সৈতে গৃহ বাইবেল অধ্যয়ন কৰিবলৈ লক্ষ্য ৰাখা উচিত। জ্ঞান কিতাপখন বিতৰণৰ সম্পৰ্কে ২০০২ চনৰ জানুৱাৰী মাহৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ অন্তপত্ৰখনত উত্তম পৰামৰ্শ দিয়া হৈছে। এপ্ৰিল মাহত প্ৰহৰীবুৰুজ আৰু সচেতন! বিতৰণ কৰা হʼব। আলোচনী বিতৰণৰ সম্পৰ্কে “আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?” নামৰ প্ৰবন্ধত দিয়া পৰামৰ্শক ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক। সম্পূৰ্ণৰূপে সাক্ষী দিয়া কাৰ্য্য কৰিবলৈ সকলোৱে আগতীয়াকৈ উত্তমৰূপে তৈয়াৰ কৰা আৱশ্যক।
১৪ মণ্ডলীৰ মূৰস্বৰূপ যীচু খ্ৰীষ্টৰ নিৰ্দ্দেশনাৰ অধীনত কাৰ্য্য আৰু আনৰ সৈতে শুভবাৰ্ত্তা প্ৰচাৰ কৰা বিশেষাধিকাৰৰ সুযোগ পায় আমি কিমান যে আনন্দিত হৈছোঁ! যেনেকৈ মাৰ্চ আৰু এপ্ৰিল মাহ কাষ চাপি আহিছে আঁহক আমি সকলোৱে সেই সময়ছোৱাক উত্তম মাহ কৰি তুলিবলৈ খ্ৰীষ্টই দিয়া প্ৰচাৰ কৰাৰ আজ্ঞা পালন কৰি সম্পূৰ্ণৰূপে সাক্ষী দিয়া কাৰ্য্য কৰোঁহঁক।
[Caption on page 4]
২০০৩ চনৰ মাৰ্চ আৰু এপ্ৰিল মাহত কেইবা প্ৰকাৰে সহযোগী অগ্ৰগামী সেৱাত ভাগ লোৱাৰ পদ্ধতিসমূহ
দিন ঘন্টা
সোমবাৰ ১ ২ — — ২ —
মঙ্গলবাৰ ১ — ৩ — — —
বুধবাৰ ১ ২ — ৫ — —
বৃহস্পতিবাৰ ১ — ৩ — — —
শুক্ৰবাৰ ১ ২ — — — —
শনিবাৰ ৫ ৪ ৩ ৫ ৬ ৭
দেওবাৰ ২ ২ ৩ ২ ২ ৩
মাৰ্চ ৫৬ ৫৬ ৫৪ ৫৫ ৫০ ৫০
এপ্ৰিল ৫০ ৫০ ৫১ ৫৩ — —
ইয়াৰ এখন তালিকা আপোনাৰ বাবে ব্যৱহাৰিক হʼবনে?