উপযুক্ত সময়ত সহায় কৰা
১ যেতিয়া পাঁচনি পিতৰে তেওঁৰ সঙ্গী বিশ্বাসীসকলক বিশ্বাসত দৃঢ় কৰাৰ আৱশ্যকতাক অনুভৱ কৰিব পাৰিলে তেতিয়া সেই চিন্তাই তেওঁলোকক প্ৰেমময়ৰূপে সোঁৱৰণ আৰু উৎসাহিত কৰিবলৈ তেওঁক অনুপ্ৰেৰিত কৰিলে। (২ পিত. ১:১২, ১৩; ৩:১) তেওঁ “অমূল্য বিশ্বাসৰ অংশী” হোৱা সকলক আধ্যাত্মিক গুণসমূহক বিকাশিত কৰিবলৈ উৎসাহিত কৰিলে যাতে তেওঁলোকে “আমাৰ প্ৰভু যীচু খ্ৰীষ্ট তত্ত্ব-জ্ঞানৰ কথাত তোমালোকক এলেহুৱা আৰু ফলহীন” হৈ নপৰে। (২ পিত. ১:১, ৫-৮) পিতৰে তেওঁলোকক সহায় কৰাৰ উদ্দেশ্য আছিল যাতে তেওঁলোকে যিহোৱাৰ আমন্ত্ৰণ আৰু মনোনীত হোৱাত “তেওঁৰ আগত নিষ্কলঙ্ক আৰু নিৰ্দ্দোষী হৈ, শান্তিৰে প্ৰকাশিত” হয়। (২ পিত. ১:১০, ১১; ৩:১৪) বহুতো সঙ্গী বিশ্বাসীক তেওঁৰ উৎসাহিত বাক্যই সঠিকভাৱে সহায় কৰিলে।
২ বৰ্তমান সময়ত খ্ৰীষ্টান অধ্যক্ষসকলে ঈশ্বৰৰ লোকসকলৰ প্ৰতি একেইদৰে চিন্তিত। এই “শেষ-কালত ভয়ঙ্কৰ সময় উপস্থিত” হোৱাৰ বাবে বহুতো যিহোৱাৰ সেৱকে অৱশ্যেই বিভিন্ন কঠিন পৰিস্থিতিৰ সম্মুখীন হʼবলগীয়া হৈছে। (২ তীম. ৩:১) কিছুমানে একেৰাহে হোৱা আৰ্থিক, পৰিয়াল বা ব্যক্তিগত সমস্যাসমূহৰ সম্মুখীন হোৱাৰ বাবে হয়তো দায়ূদৰ নিচিনাকৈ এইদৰে অনুভৱ কৰিব পাৰে: “অসংখ্য আপদে মোক এনেকৈ বেৰি ধৰিছে, আৰু মোৰ অপৰাধবোৰে মোক ইমানকৈ আক্ৰমণ কৰিছে, যে, মই দৃষ্টিহীন হলোঁ; মোৰ মূৰৰ চুলিতকৈয়ো সেইবোৰ অধিক; মোৰ তত নাইকিয়া হৈছে।” (গীত. ৪০:১২) এই সমস্যাবোৰ অধিক হোৱাৰ বাবে কিছুমানে সম্ভৱতঃ আধ্যাত্মিক দায়িত্বসমূহৰ প্ৰতি অৱহেলা আৰু খ্ৰীষ্টান পৰিচৰ্য্যাত সক্ৰিয়ৰূপে অংশ লবলৈ বাদ দিব পাৰে। কিন্তু তথাপিও ‘তেওঁলোকে যিহোৱাৰ আজ্ঞাবোৰ পাহৰা নাই।’ (গীত. ১১৯:১৭৬) প্ৰাচীনসকলে তেনেলোকলৈ আৱশ্যকীয় সহায় আগবঢ়াবলৈ এইটোৱেই হৈছে উপযুক্ত সময়।—যিচ. ৩২:১, ২.
৩ এই আৱশ্যকতাক পূৰণ কৰিবলৈ প্ৰাচীনসকলক বিশেষ চেষ্টা কৰিবলৈ উৎসাহিত কৰা হৈছে, যাতে তেওঁলোকে তেনে লোকক সহায় কৰিব পাৰে যিসকলে বৰ্তমানে সক্ৰিয়ভাৱে প্ৰচাৰ কাৰ্য্যত অংশ লোৱা নাই। প্ৰাচীনসকলে অতিশয়ৰূপে চেষ্টা কৰি ইয়াক সম্পন্ন কৰা কাৰ্য্য এতিয়া চলি আছে আৰু মাৰ্চ মাহৰলৈকে জাৰি থাকিব। পুস্তক অধ্যয়ন অধ্যক্ষসকলক নিষ্ক্ৰিয় হৈ পৰা প্ৰকাশকসকলক মণ্ডলীৰ কাৰ্য্যবোৰত পুনৰ সক্ৰিয়ভাৱে ভাগ লোৱাত আধ্যাত্মিকৰূপে সহায় কৰিবলৈ অনুৰোধ কৰা হʼল। যিসকলৰ আৱশ্যক তেওঁলোকৰ সৈতে ব্যক্তিগত বাইবেল অধ্যয়নৰ ব্যৱস্থা কৰিব পাৰে। আন প্ৰকাশকসকলকো হয়তো সহায়ৰ আৱশ্যক হʼব পাৰে। যদি আপোনাক তেনে কৰিবলৈ আমন্ত্ৰণ কৰা হৈছে, তেনেহʼলে আপুনি বিশেষকৈ তেওঁলোকক দয়াৰে উৎসাহিত কৰি তুলিবলৈ প্ৰচেষ্টা কৰাটো বাস্তৱতে লাভদায়ক।
৪ যেতিয়া কোনো এজনে মণ্ডলীৰ সৈতে পুনৰ সক্ৰিয়ভাৱে কাৰ্য্য কৰিবলৈ আৰম্ভ কৰে, তাকে দেখি মণ্ডলীৰ সকলোৱে আনন্দিত হয়। (লূক ১৫:৬) আমি নিষ্ক্ৰিয় হৈ পৰা সকলক সহায় কৰিবলৈ কৰা চেষ্টা হৈছে “উচিত সময়ত কোৱা বাক্য।”—হিতো. ২৫:১১.