ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১১/০০ পৃষ্ঠা ৩
  • প্ৰশ্ন বক্স

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰশ্ন বক্স
  • ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • “মোৰ ওচৰলৈ ঘূৰি আঁহা”
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • ‘সকলোলৈ হিতজনক কৰ্ম্ম কৰোঁহঁক’
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • এপ্ৰিল মাহ—‘কঠোৰ পৰিশ্ৰম আৰু যত্ন’ কৰাৰ সময়
    ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • উপযুক্ত সময়ত সহায় কৰা
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১১/০০ পৃষ্ঠা ৩

প্ৰশ্ন বক্স

▪ বহু সময়লৈকে নিষ্ক্ৰিয় হৈ থকা এজন প্ৰচাৰকক সক্ৰিয়ৰূপে পুনৰ শুভৱাৰ্ত্তা প্ৰচাৰ কৰিবলৈ কেনেকৈ সহায় কৰিব পাৰি?

যেতিয়া মণ্ডলীত নিষ্ক্ৰিয় হৈ পৰা কোনো ভাই বা ভনীয়ে যিহোৱাক সম্পূৰ্ণ হৃদয়েৰে সেৱা কৰিবলৈ পুনৰ আগবঢ়ি আহে, তেতিয়া সকলোৱে আনন্দিত হয়। (লূক ১৫:⁠৪-​৬) তেনে ভাই-ভনী সকলে হয়তু জীৱনত অহা বিভিন্ন হেঁচাবোৰৰ বাবে ব্যক্তিগত অধ্যয়ন, সভাত উপস্থিত আৰু প্ৰচাৰ কাৰ্য্যত ভাগ লোৱাত নিষ্ক্ৰিয় হৈ পৰিছিল। গতিকে তেনে ভাই-ভনীসকলক ঈশ্বৰৰ সেৱাত আগবাঢ়িবলৈ আমি ব্যক্তিগতৰূপে কেনেকৈ সহায় কৰিব পাৰোঁ?

সৰ্ব্বপ্ৰথমে আমাৰ সকলোৱে আগভাগ লৈ তেনে ভাই-ভনীসকলক বিশ্বাস জন্মোৱা আৱশ্যক যে আমি তেওঁলোকক সচাঁকৈ প্ৰেম কৰোঁ। প্ৰাচীনসকলেও তেনে ভাই-ভনীক আধ্যাত্মিক আৱশ্যকতাসমূহৰ প্ৰতি কোনো পলম নকৰাকৈ সহায় আগবঢ়োৱা উচিত। (যাকো. ৫:⁠১৪, ১৫) যদি তেওঁ অলপ সময়ৰ বাবেহে নিষ্ক্ৰিয় হৈ পৰিছিল, তেনেহʼলে প্ৰচাৰ কাৰ্য্যত তেওঁক পুনৰ সক্ৰিয় কৰি তুলিবলৈ যিকোনো অনুভৱী প্ৰচাৰকে তেওঁক সহায় কৰিব পাৰে। কিন্তু যদি তেওঁ দীৰ্ঘ সময় ধৰি নিষ্ক্ৰিয় হৈ আছিল আৰু মণ্ডলীৰ সৈতে কোনো যোগাযোগ নাই, তেনেহʼলে তেওঁক অধিক সহায়ৰ আৱশ্যক। এই সন্দৰ্ভত প্ৰাচীনসকলে কোনো অনুভৱী প্ৰচাৰকক নিযুক্ত কৰিব যাতে তেওঁলোকে সেই ব্যক্তিজনৰ বিশ্বাস আৰু সত্যৰ প্ৰতি থকা কৃতজ্ঞতাক বৃদ্ধি কৰিবলৈ এক উপযুক্ত কিতাপৰ পৰা তেওঁ বা তাইৰ সৈতে ব্যক্তিগতভাৱে অধ্যয়ন কৰিব পাৰে। (ইব্ৰী ৫:​১২-​১৪; নবেম্বৰ ১৯৯৮ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত থকা প্ৰশ্ন বক্স চাওঁক।) যদি আপুনি এনে ব্যক্তিসকলক জানে যিসকলক সহায়ৰ আৱশ্যক, তেনেহʼলে আপুনি মণ্ডলীৰ সেৱা ওভাৰচিয়াৰক এই বিষয়ে জনাওঁক।

অধিক সময়লৈকে নিষ্ক্ৰিয় হৈ থকা কোনো ব্যক্তিক পুনৰ প্ৰচাৰ কাৰ্য্যত ভাগ লবলৈ কোৱাৰ পূৰ্বেই, তেওঁ প্ৰচাৰকৰ বাবে উপযুক্ত হয় নে নহয় তাক দুজন প্ৰাচীনে তেওঁৰ সৈতে সাক্ষাৎ কৰি পৰীক্ষা কৰাটো উত্তম হʼব। যিদৰে এজন নতুন প্ৰচাৰকক নিযুক্ত কৰা সময়ত কৰা হয়, ঠিক সেইদৰে নিষ্ক্ৰিয় ব্যক্তিজন বাবেও প্ৰাচীনে সেই একেই পদ্ধতি ব্যৱহাৰ কৰিব পাৰে। (নবেম্বৰ ১৫, ১৯৮৮, প্ৰহৰীদুৰ্গ, ১৭ পৃষ্ঠাত চাওঁক।) সেই নিষ্ক্ৰিয় ব্যক্তিজনে আন্তৰিকতাৰে শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যত ভাগ লোৱাটো বিচাৰে নে নাই প্ৰাচীনসকলে তাকো পৰীক্ষা কৰা উচিত। ইয়াৰ ওপৰিও, সেই ব্যক্তিজনে আমাৰ পৰিচৰ্য্যা কিতাপৰ ৯৮-৯৯ পৃষ্ঠাত দিয়া মূখ্য আৱশ্যকতাসমূহক পূৰ্ণ কৰা আৰু নিয়মতিৰূপে সভাবোৰত উপস্থিত হোৱাৰ প্ৰয়োজন।

এনে কৰাৰ দ্বাৰাই অৰ্থাৎ এক উত্তম আধ্যাত্মিক তালিকা বজাই ৰখাৰ দ্বাৰা নিষ্ক্ৰিয় হৈ পৰা ভাই-ভনী সকলে নিজৰ বিশ্বাস দৃঢ় কৰিব আৰু ঈশ্বৰৰ সৈতে এক অটুট সম্বন্ধ গঢ়ি তুলিব পাৰিব। এইদৰে তেওঁলোকে অনন্ত জীৱনৰ পথত একেৰাহে চলি থকাত সহায় লাভ কৰিব পাৰিব। (মথি ৭:⁠১৪; ইব্ৰী ১০:⁠২৩-​২৫) যিহেতু তেনে ভাই-ভনীসকলৰ “সম্পূৰ্ণ যত্ন” আৰু খ্ৰীষ্টীয় গুণসমূহে তেওঁলোকক “এলেহুৱা আৰু ফলহীন” নহবলৈ উৎসাহিত কৰিব।​—⁠২ পিত. ১:⁠৫-​৮.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক