‘সকলোলৈ হিতজনক কৰ্ম্ম কৰোঁহঁক’
১ ফেব্ৰুৱাৰী আৰু মাৰ্চ ২০০২ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ অন্তপত্ৰখনৰ বিষয়বস্তু আছিল ‘সম্পূৰ্ণৰূপে ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰা’ আৰু “উত্তম কৰ্ম্মৰূপ ধনত ধনৱন্ত হওক।” (কল. ১:২৬; ১ তীম. ৬:১৮) সেই অন্তপত্ৰখনত স্মৰণীয় পৰ্বত অধিক ইচ্ছুক ব্যক্তিসকলে উপস্থিত, নিষ্ক্ৰিয় হৈ পৰা ব্যক্তিসকলক পুনৰ মণ্ডলীত সক্ৰিয়ৰূপে কাৰ্য্য কৰা আৰু যি লʼৰা-ছোৱালী আৰু বাইবেল বিদ্যাৰ্থীসকলে উপযুক্ত হৈছে তেওঁলোকক শুভবাৰ্ত্তাৰ প্ৰচাৰক কৰি তুলিবলৈ অতিৰিক্ত প্ৰচেষ্টা কৰিবলৈ আমাক উৎসাহিত কৰা হৈছিল। ইয়াত কোনো সন্দেহ নাই যে আমি অৱেশ্যেই তেনে প্ৰচেষ্টা কৰি কিছু পৰিমাণে সফলতা লাভ কৰি আনন্দিত হʼলোঁ। এতিয়া “আঁহা, শুভক্ষণ পালে, সকলোলৈ . . . হিতজনক কৰ্ম্ম কৰোঁহঁক।”—গালা. ৬:১০.
২ তেওঁলোকক উপস্থিত হʼবলৈ পুনৰ আমন্ত্ৰণ কৰক: ভাৰতৰ শাখা কাৰ্য্যলয়ৰ অন্তৰ্গত থকা এলেকাসমূহত যোৱা বছৰৰ স্মৰণীয় পৰ্বত ত্ৰিশ হাজাৰতকৈ অধিক লোক উপস্থিত হৈছিল আৰু এওঁলোক কোনো শুভবাৰ্ত্তা প্ৰচাৰক নাছিল। যিহেতু তেনে উপস্থিতিয়ে, তেওঁলোকৰ কিছু পৰিমাণে ইচ্ছুকতা হোৱাক প্ৰকাশ কৰিছে। যিসকলে “অনন্ত জীৱন পাবলৈ নিৰূপিত আছিল” তেওঁলোকক “বিশ্বাস” কৰাই উৎসাহিত কৰিবলৈ আমি কি কৰা আৱশ্যক? (পাঁচ. ১৩:৪৮) যিমান সোনকালে সম্ভৱ তেওঁলোকক মণ্ডলীৰ সভালৈ পুনৰ আহিবলৈ উৎসাহিত কৰক।
৩ মণ্ডলীৰ পুস্তক অধ্যয়নত ব্যৱহাৰ কৰা যিচয়াৰ ভৱিষ্যতবাণীৰ পৰা এই আকৰ্ষণীয় আলোচনাত ভাগ লʼবলৈ ইচ্ছুক ব্যক্তিসকলক আমন্ত্ৰণ নকৰে কিয়? যদি আপোনাৰ এজন সম্বন্ধীয় ব্যক্তি বা পৰিচিত ব্যক্তি আছে, তেনেহʼলে আগন্তুক ঈশ্বৰ শাসিত স্কুলত থকা আপোনাৰ নিযুক্তি ভাষণ শুনিবলৈ আমন্ত্ৰণ কৰিব পাৰে। আহিবলগীয়া সপ্তাহটোত দিবলগীয়া ৰাজহুৱা ভাষণৰ বিষয়বস্তুৰ বিষয়ে ব্যক্তিজনক একেৰাহে জনাই থাকক। (ইয়াৰ বাবে জাননী বৰ্ডখনত চলিত ৰাজহুৱা ভাষণসমূহৰ তালিকা থকা উচিত।) যিহোৱাক উপাসনা কৰিবলৈ সকলো সুযোগতে ব্যক্তিজনৰ ইচ্ছুকতাক জগাই তুলিবলৈ চেষ্টা কৰা আৱশ্যক। দৰাচলতে, মণ্ডলীৰ কোনো সদস্যই যদি সেই ব্যক্তিজনৰ সৈতে বাইবেল অধ্যয়ন আৰম্ভ কৰা নাই, তেনেহʼলে আপুনি তেওঁক বাইবেল অধ্যয়ন কৰিবলৈ প্ৰেমপূৰ্বক আমন্ত্ৰণ কৰিব পাৰে।
৪ নিষ্ক্ৰিয় হৈ পৰা ব্যক্তিসকলক একেৰাহে উৎসাহিত কৰক: স্মৰণীয় পৰ্বত উপস্থিত হোৱা কিছুমানে ইতিমধ্যেই নিজকে যিহোৱালৈ সমৰ্পিত কৰি বাপ্তিষ্মা লৈ তেওঁৰ সেৱক হৈ পৰিল। কিন্তু কোনো এটা সময়ত তেওঁলোকে শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ বন্ধ কৰিলে। এই বিষয়ে পাঁচনি পৌলে আমাক উৎসাহিত কৰি কৈছে যে “সকলোলৈ বিশেষকৈ . . . বিশ্বাস কৰাবিলাকলৈ হিতজনক কৰ্ম্ম” কৰা আৱশ্যক। (গালা. ৬:১০) এইবাবে নিষ্ক্ৰিয় হৈ পৰা ব্যক্তিসকলক সহায় কৰাটো আমাৰ মুখ্য উদ্দেশ্য হোৱা উচিত।
৫ হয়তো তেওঁলোকৰ কিছুমানে ইতিমধ্যেই প্ৰাচীন আৰু আন ভাই-ভনীসকলৰ দ্বাৰা উৎসাহিত হৈ পুনৰ পৰিচৰ্য্যা কাৰ্য্যত ভাগ লৈছে। যদি প্ৰাচীনবিলাকে তেনে ব্যক্তিসকলক সক্ৰিয় প্ৰচাৰক কৰি তুলিবলৈ আপোনাক নিযুক্ত কৰিছে তেনেহʼলে জনা আৱশ্যক যে যিহোৱাৰ আৰু প্ৰচাৰ কাৰ্য্যৰ প্ৰতি থকা আপোনাৰ প্ৰেমে তেনে ব্যক্তিসকলৰ ভাৰসা বৃদ্ধি কৰিব। তেওঁক কওক যে আপুনি কেনেকৈ বিভিন্ন উপায় অৱলম্বন কৰি প্ৰচাৰ কাৰ্য্যত আনন্দ পাইছে, একেৰাহে প্ৰচাৰ কাৰ্য্যত লাগি থাকিব পাৰিছে আৰু যিহোৱাৰ আশীৰ্ব্বাদ লাভ কৰিছে।
৬ উত্তমৰূপে প্ৰচাৰ কাৰ্য্য আৰম্ভ কৰিবলৈ নতুনকৈ হোৱা প্ৰকাশকসকলক সহায় কৰক: যেতিয়া এগৰাকী মহিলাই জানিব পাৰিলে যে তাই সত্য ঈশ্বৰৰ সংগঠন বিচাৰি পালে, তাই সেই সময়তে প্ৰচাৰ কাৰ্য্য আৰম্ভ কৰিব বিচাৰিছিল। তাৰ পিছত যেতিয়া তাই তাৰ আৱশ্যকসমূহৰ বিষয়ে জানিব পাৰিলে, তেতিয়া এইদৰে কৈছিল: “মই কোনো পলম নকৰাকৈ এতিয়াই আৰম্ভ কৰিব বিচাৰিছোঁ।” যিজনৰ সৈতে আপুনি বাইবেল অধ্যয়ন কৰিছিল, যদি তেওঁ বা তাই এতিয়া প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ অনুমতি পাইছে তেনেহʼলে “কোনো পলম নকৰাকৈ আৰম্ভ” কৰাৰ আৱশ্যকতাক বুজিবলৈ সেই ব্যক্তিজনক সহায় কৰক। তেওঁ বা তাই যাতে নতুন প্ৰকাশকৰূপে এক ভাল আৰম্ভণি কৰিব পাৰে। নিয়মীয়াকৈ প্ৰচাৰ কাৰ্য্যৰ বাবে সাজু আৰু প্ৰত্যেক সপ্তাহে ভাগ লবলৈ এখন তালিকা বনাবলৈ তেওঁক বা তাইক সহায় কৰক।
৭ যদি নতুনকৈ হোৱা প্ৰকাশকজন আপোনাৰ নিজৰ লʼৰা বা ছোৱালী হয়, তেনেহʼলে বয়সৰ অনুসাৰে একেৰাহে উন্নতি কৰিবলৈ আপুনি তেওঁলোকৰ সৈতে কাৰ্য্য কৰক। আপুনি কৰা অলপ সহায়ৰ দ্বাৰা তেওঁ বা তাই আঁচৰিত হʼব পাৰে যে, কিমান সফলতাৰে এজনৰ ব্যক্তিৰ সৈতে কথোপকথন, বাইবেলৰ পৰা পঢ়ি শুনোৱা আৰু আলোচনী দিব পাৰে। যেতিয়া লʼৰা-ছোৱালীয়ে কোনো আগ্ৰহী ব্যক্তি লগ পাই, তেন্তে তেওঁলোকক সেই ব্যক্তিজনক পুনৰ সাক্ষাৎ কৰিবলৈ ভালদৰে প্ৰশিক্ষণ দিয়ক।
৮ আপোনাৰ পৰিচৰ্য্যা কাৰ্য্যক বৃদ্ধি কৰক: স্মৰণীয় পৰ্বৰ পিছৰ মাহবোৰতো প্ৰচাৰ কাৰ্য্যক বৃদ্ধি কৰিবলৈ আপোনাৰ পৰিস্থিতিয়ে আপোনাক অনুমতি দিয়েনে? প্ৰত্যেক সপ্তাহে সাধাৰণতে আপুনি যিমান সময় প্ৰচাৰ কাৰ্য্যত অতিবাহিত কৰে তাতকৈ অধিক এঘন্টা বা দুঘন্টা সময় কাৰ্য্য কৰিব পাৰিবনে? আপুনি কেলেণ্ডাৰখনত লক্ষ্য কৰিছেনে যে কেতিয়া আকৌ সহযোগী অগ্ৰগামী সেৱা কৰিব পাৰে? নতুবা পূৰ্ণসময়ৰ প্ৰচাৰ কাৰ্য্যত প্ৰৱেশ কৰিবলৈ আপোনাৰ জীৱন প্ৰণালীত কোনো সাল-সলনি কৰিব পাৰিবনে? প্ৰচাৰ কৰিবলৈ আমি কৰা সকলো প্ৰচেষ্টাই কোনো এজনক হয়তো সত্য শিকিবলৈ সহায় কৰিব! (পাঁচ. ৮:২৬-৩৯) যেনেকৈ আমি আহিবলগীয়া দিনবোৰলৈ অপেক্ষা কৰি আছোঁ, আঁহক আমি “সকলোলৈকে সদায় হিতকাৰী হবলৈ যত্ন” কৰোঁহঁক।—১ থিচ. ৫:১৫.
[Box on page 3]
একেৰাহে সহায় কৰক:
◻✔ স্মৰণীয় পৰ্বত উপস্থিত হোৱা ব্যক্তিসকল
◻✔ পুনৰ সক্ৰিয় হোৱা প্ৰকাশকসকল
◻✔ বাপ্তিষ্মা নোলোৱা নতুনকৈ হোৱা প্ৰকাশকসকল