উত্তমতালৈ উৎসাহী হোৱা!
১ এই ২০০৩ চনৰ স্মৰণীয় পৰ্ব্বৰ সময়ছোৱাত আমি “উত্তমলৈ উদ্যোগী” হোৱাৰ অনেক কাৰণ আছে। (১ পিত. ৩:১৩) এই উত্তম কাৰণবোৰৰ ভিতৰত সকলোতকৈ গুৰুত্বপূৰ্ণ কাৰণটো হৈছে যীচু খ্ৰীষ্টই মুক্তিপণ হিচাবে দিয়া বলিদান। (মথি ২০:২৮; যোহ. ৩:১৬) এই সন্দৰ্ভত পাঁচনি পিতৰে এইদৰে লিখিছিল: “তোমালোকৰ . . . অসাৰ আচাৰ-ব্যৱহাৰৰ পৰা, তোমালোক সোণ, ৰূপ আদি ক্ষয়ণীয় বস্তুৰ দ্বাৰাইয়ে মুক্ত হলা, এনে নহয়, নিঘুণী আৰু নিষ্কলঙ্ক মেৰ পোৱালিস্বৰূপ খ্ৰীষ্টৰ বহুমূল্য তেজৰ দ্বাৰাইহে মুক্ত হলা।” (১ পিত. ১:১৮, ১৯) এতেকে যীচুৱে যে “আমাক সকলো অধৰ্ম্মৰ পৰা মুক্ত কৰিবলৈ, আৰু সৎকৰ্ম্মত উদ্যোগী নিজ অধিকাৰস্বৰূপ এটি লোকসমূহক নিজৰ অৰ্থে শুচি কৰিবলৈ, আমাৰ কাৰণে নিজকে দান কৰিলে,” এই বিষয়ে উপলব্ধি কৰাৰ দ্বাৰা এনে অসাধাৰণ প্ৰেমৰ অনুভূতিৰ প্ৰতি থকা কৃতজ্ঞতাই আমাক সৎকৰ্ম্মত নিজকে ব্যস্ত ৰাখিবলৈ প্ৰেৰিত কৰে।—তীত ২:১৪; ২ কৰি. ৫:১৪, ১৫.
২ যেতিয়া আমি ঈশ্বৰৰ দৃষ্টিত যি সন্তুষ্টিজনক তাক কৰোঁ তেতিয়া আমি তেওঁৰ সৈতে এক নিবিড় সম্বন্ধ আৰু তেওঁৰ প্ৰেমময় তত্ত্বাৱধানৰ আনন্দ লাভ কৰিব পাৰিম। আগলৈ পাঁচনি পিতৰে এইদৰে কৈছিল: “যি জনে জীৱন প্ৰেম কৰিবলৈ, আৰু মঙ্গলৰ দিন চাবলৈ ইচ্ছা কৰে, . . . কুকৰ্ম্মৰ পৰা পৃথকে থাকি, সৎকৰ্ম্ম কৰক; শান্তি বিচাৰি, তাক খেদি যাওক। কিয়নো [যিহোৱাৰ, NW] চকু ধাৰ্ম্মিকবিলাকৰ আৰু তেওঁৰ কাণ তেওঁবিলাকৰ প্ৰাৰ্থনালৈ।” (১ পিত. ৩:১০-১২) এই শেষৰ সময়ছোৱাত যিহোৱাই আমাৰ ওপৰত চকু ৰাখিছে আৰু আমাক “তত্ত্বাৱধাৰণ কৰিলে, আৰু নিজ চকুৰ মণিৰ দৰে তাক ৰাখিলে” বুলি জনাতো আমাৰ বাবে বাস্তৱতে এক মহান আশীৰ্ব্বাদৰ বিষয়।—দ্বিতী. ৩২:১০; ২ বং. ১৬:৯.
৩ পিতৰে নিজৰ পত্ৰত উল্লেখ কৰা প্ৰাচীন খ্ৰীষ্টানসকলে বিভিন্ন পৰীক্ষা, যাতনাৰ সম্মুখীন হোৱাৰ স্বত্বেও তেওঁলোকে অত্যন্ত উৎসাহী হৈ যিমান সম্ভৱ সকলো স্থানতে শুভবাৰ্ত্তা প্ৰচাৰ কৰিলে। (১ পিত. ১:৬; ৪:১২) সেই একেইদৰে বৰ্তমান সময়ৰ প্ৰকৃত খ্ৰীষ্টানসকলেও কৰে। যদিও আমি ‘শেষ কালৰ ভয়ঙ্কৰ সময়ত’ বাস কৰিছোঁ তথাপিও যিহোৱাৰ প্ৰতি থকা মূল্যাঙ্কনে উৎসাহী হৈ ঈশ্বৰৰ কাৰ্য্য কৰিবলৈ প্ৰেৰিত কৰে। (২ তীম. ৩:১; গীত. ১৪৫:৭) আঁহক এই স্মৰণীয় পৰ্ব্বৰ সময়ছোৱাত নিজকে ব্যস্ত ৰাখিবলৈ তাৰ কিছুমান বিষয়ে বিবেচনা কৰোঁহঁক।
৪ আনক স্মৰণীয় পৰ্ব্বলৈ আমন্ত্ৰণ কৰক: এই বছৰৰ বুধবাৰ, এপ্ৰিল ১৬ তাৰিখে পালন কৰিবলগীয়া যীচুৰ মৃত্যুৰ বছেৰেকীয়া সোঁৱৰণীত উপস্থিত হৈ আমি এক প্ৰকাৰে আমালৈ প্ৰদান কৰা অসাধাৰণ উপহাৰ যি মুক্তিপণৰ প্ৰতি মূল্যাঙ্কন দেখুৱাব পাৰোঁ। (লূক ২২:১৯, ২০) যোৱা বছৰত ৯৪,৬০০ খন মণ্ডলীত স্মৰণীয় পৰ্ব্বত উপস্থিত হোৱা লোকসকলৰ সংখ্যা আছিল ১,৫৫,৯৭,৭৪৬ জন! এই সংখ্যা তাৰ আগৰ বছৰৰ উপস্থিতিৰ সংখ্যাৰ তুলনাত ২,২০,০০০ জনতকৈ অধিক আছিল।
৫ এই বছৰত কিমান জনে স্মৰণীয় পৰ্ব্বত উপস্থিত হʼব? তাৰ বেছিভাগেই আমাৰ সৈতে উপস্থিত থাকিবলৈ লোকসকলক আমন্ত্ৰণ কৰিবলৈ কৰা কঠোৰ পৰিশ্ৰমৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে এতিয়াৰে পৰা আমন্ত্ৰণ কৰিবলগীয়া লোকসকলৰ এখন লিষ্ট তৈয়াৰ কৰক। লিষ্টখন তৈয়াৰ কৰা সময়ত আপোনাৰ নিজ পৰিয়ালবৰ্গৰ সদস্যসকলৰ নামবোৰক প্ৰথম স্থান দিয়া আৱশ্যক। যদি আপোনাৰ সত্যত নথকা বৈবাহিক সঙ্গীয়ে স্মৰণীয় পৰ্ব্বত উপস্থিত হʼবলৈ গভীৰভাৱে ইচ্ছা কৰে, তেন্তে তেওঁক উদযাপনলৈ আমন্ত্ৰণ কৰা আৱশ্যক। এই বিষয়ে এজন সত্যত নথকা স্বামীয়ে এইদৰে কয়, তেওঁ লক্ষ্য কৰিব পাৰিছিল যে যোৱা বছৰৰ স্মৰণীয় পৰ্ব্বত উপস্থিত হোৱাটো তেওঁৰ পত্নীৰ বাবে অধিক অৰ্থ ৰাখিছিল। তাৰ পিছত লিষ্টখনত আত্মীয়লোক, ওচৰ-চুবুৰীয়া, সহকৰ্ম্মী বা সহপাঠীসকলৰ নাম জড়িত কৰিব পাৰে। তদুপৰি আপোনাৰ বাইবেল বিদ্যাৰ্থীসকলক যেন আমন্ত্ৰণ কৰিবলৈ নাপাহৰে।
৬ লিষ্টখন তৈয়াৰ কৰাৰ পিছত আপুনি তেওঁলোকৰ প্ৰত্যেকজনকে আমন্ত্ৰণ কৰিবলৈ ব্যক্তিগতভাৱে সময় অতিবাহিত কৰক। আমন্ত্ৰণ কৰিবলৈ ছপা কৰা স্মৰণীয় পত্ৰখন ব্যৱহাৰ কৰক। লোকসকলে উদযাপনৰ সময় আৰু স্থানৰ বিষয়ে মনত ৰাখিবলৈ তেওঁলোকক দিয়া স্মৰণীয় পৰ্ব্বৰ আমন্ত্ৰণী পত্ৰৰ তলত স্পষ্টকৈ সময় আৰু ঠিকনা উল্লেখ কৰক। যেনেকৈ এপ্ৰিল ১৬ তাৰিখ কাষ চাপি আহিছে আমন্ত্ৰণী পত্ৰ দিয়া লোকসকলক টেলিফোনৰ দ্বাৰা নতুবা ব্যক্তিগতভাৱে সাক্ষাৎ কৰি সেই উক্ত দিনটোৰ বিষয়ে সোঁৱৰাই দিয়ক। এতেকে আহঁক আমি যিমান লোকক পাৰোঁ সিমান লোকক এই পবিত্ৰ দিনৰ উদযাপনত উপস্থিত হʼবলৈ আমন্ত্ৰণ কৰোঁহঁক।
৭ স্মৰণীয় পৰ্ব্বত উপস্থিত হোৱা সকলক সহায় কৰক: স্মৰণীয় পৰ্ব্বৰ নিশাটো হৈছে সদায়ে এক ৰোমাঞ্চকৰ সময়। কিয়নো সেই সময়ছোৱাত আমি তেনে লোকসকলক আদৰণি জনাবলৈ সুযোগ পাওঁ যি সকলে সাধাৰণতে সভাত উপস্থিত নহয়। গতিকে স্থানীয়ে পৰিস্থিতিৰ অনুসাৰে তাত সোনকালে উপস্থিত আৰু পলমকৈ থাকিবলৈ ব্যৱস্থা কৰক। নতুনকৈ অহা ব্যক্তিসকলৰ সৈতে পৰিচিত হৈ তেওঁলোকৰ লগত বন্ধুত্বভাৱে কথোপকথন কৰি উৎসাহিত কৰিবলৈ আগভাগ লওক।—ৰোমী. ১২:১৩.
৮ যিসকলে স্মৰণীয় পৰ্ব্বৰ উদযাপনত উপস্থিত হয় তেওঁলোকক গৃহ বাইবেল অধ্যয়নৰ দ্বাৰা আধ্যাত্মিক উন্নতিৰ বাবে সহায় কৰিব পাৰিবনে? পৰ্ব্বৰ উদযাপনত উপস্থিত হোৱা যিসকল নতুন ব্যক্তিক এতিয়ালৈকে পুনৰ সাক্ষাৎ কৰা নাই, তেওঁলোকক একেৰাহে আধ্যাত্মিকভাৱে সহায় কৰিবলৈ তেওঁলোকৰ সঠিক ঠিকনা আৰু নাম সংগ্ৰহ কৰক। এনে প্ৰেমময় সহায়ৰ দ্বাৰা তেওঁলোকৰ কিছুমানক হয়তো অহা বছৰৰ স্মৰণীয় পৰ্ব্বৰ উদযাপনাৰ পূৰ্বেই বাপ্তিষ্মালৈ উপযুক্ত কৰিব পাৰিব। যেতিয়া স্মৰণীয় পৰ্ব্বত উপস্থিত হোৱা লোকক পুনৰ সাক্ষাৎ কৰা হয় তেতিয়া তেওঁলোকক এপ্ৰিল ২৭ তাৰিখে দিবলগীয়া বিশেষ ৰাজহুৱা ভাষণৰ বাবে আমন্ত্ৰণ কৰিবলৈ যেন নাপাহৰে।
৯ আপুনি এই গ্ৰীষ্মকালত সহযোগী অগ্ৰগামী সেৱা কৰিব পাৰিবনে? প্ৰত্যেক বছৰে যিহোৱাৰ প্ৰতি থকা আমাৰ উদ্দীপনাই আমাক বিশেষ মাহবোৰত সহাযোগী অগ্ৰগামী সেৱা কৰিবলৈ প্ৰেৰিত কৰে। সমস্ত মণ্ডলীয়ে স্মৰণীয় পৰ্ব্বৰ সময়ছোৱাত উৎসাহেৰে শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ কৰা ঐক্যতাবদ্ধ প্ৰচেষ্টাৰ বাবে এক উত্তম ফল লাভ কৰিব পাৰে।
১০ এটা মণ্ডলীৰ ১০৭ জন প্ৰকাশক আৰু ৯ জন নিয়মীত অগ্ৰগামীয়ে এইদৰে কয় যে যোৱা এপ্ৰিল মাহটো তেওঁলোকৰ বাবে এক “বৈশিষ্টপূৰ্ণ মাহ” আছিল। তেওঁলোকৰ ৫৩ জনে সহযোগী অগ্ৰগামী সেৱাত ভাগ লৈছিল, যʼত সন্মিলিত আছিল মণ্ডলীৰ সকলো প্ৰাচীন আৰু সহায়ক সেৱক। সহযোগী অগ্ৰগামী সেৱা কৰিবলৈ প্ৰাচীনসকলে কেনেকৈ মণ্ডলীৰ সদস্যসকলক উৎসাহিত কৰিব পাৰিলে? তেওঁলোকে উক্ত মাহৰ আগৰে পৰা যিমান পাৰে সিমান ভাই-ভনীক সহযোগী অগ্ৰগামী সেৱাত ভাগ লʼবলৈ উৎসাহিত কৰিছিল। মণ্ডলীৰ সকলোকে উপযোগী কৰি তুলিবলৈ দিনটোৰ বিভিন্ন সুবিধাজনক সময়ত প্ৰচাৰৰ বাবে সভা আয়োজন কৰা হৈছিল। অসুস্থ থকাসকলক টেলিফোনৰ দ্বাৰা সাক্ষী দিবলৈ বিশেষ গুৰুত্ব দিয়া হৈছিল।
১১ শাৰীৰিক অসুস্থ হোৱাৰ বাবে খোজ কাঢ়িব নোৱাৰা এগৰাকী ৮৬ বছৰীয়া বৃদ্ধা ভনীয়ে সহযোগী অগ্ৰগামী সেৱাৰ বাবে নিজৰ নাম দিছিল। তাই ৰাতিপুৱা কিছু ঘন্টা সময় ৰান্ধনী ঘৰত থকা চকীত বহি টেলিফোনৰ দ্বাৰা সাক্ষী দিয়াত অতিবাহিত কৰিছিল। তাৰ পিছত কিছু সময় জিৰণী লৈ পুনৰ টেলিফোনৰ দ্বাৰা সাক্ষী দিবলৈ আৰম্ভ কৰিছিল। তেনেদৰে সাক্ষী দিয়াৰ সময়ত সেই বৃদ্ধা ভনী গৰাকীয়ে এনে এগৰাকী মহিলাৰ সৈতে যোগাযোগ হয়, যি গৰাকীয়ে যোৱা দুবছৰত নিজৰ স্বামী আৰু দুটা কম বয়সীয়া সন্তানক মৃত্যুত হেৰুৱাইছিল আৰু সেই মহিলা গৰাকীয়ে এইটো বুজি পোৱা নাছিল যে ঈশ্বৰে কিয় তাইৰ সৈতে তেনে হʼবলৈ অনুমতি দিলে। ফলস্বৰূপে, তাইক সেই বৃদ্ধা ভনী গৰাকীয়ে এক উত্তম সাক্ষী দিলে আৰু এক গৃহ বাইবেল অধ্যয়ন আৰম্ভ হʼল। যিসকলে অপ্ৰৱেশ্য এলেকা বা অট্টালিকাবোৰত বাস কৰে তেওঁলোকক সন্ধ্যা আৰু আন সময়ত টেলিফোনৰ দ্বাৰা সাক্ষী দিয়াটো সম্ভৱ হৈছিল। তদুপৰি ইয়াৰ দ্বাৰা প্ৰকাশকসকলে তেনেবোৰ লোকক যোগাযোগ কৰিব পাৰিলে যিসকলক প্ৰচাৰ কৰাৰ সময়ত ঘৰত পোৱা নগৈছিল।
১২ সমাপ্তিত প্ৰাচীনসকলে এইদৰে কৈছিল: “যিহোৱাই আমাক এই বিশেষ সুযোগত আশীৰ্ব্বাদ দিয়াৰ বাবে সেই সময়ছোৱা বাস্তৱতে গুণদায়ক আৰু অৰ্থপূৰ্ণ প্ৰমাণিত হʼল।” এতেকে সঠিকৰূপে পৰিকল্পনা কৰি আপোনাৰ মণ্ডলীয়েও তেনে আনন্দৰ আশীৰ্ব্বাদ লাভ কৰিব পাৰে।
১৩ সম্পূৰ্ণৰূপে প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ প্ৰচেষ্টা কৰক: ঈশ্বৰ আৰু চুবুৰীয়াৰ প্ৰতি থকা প্ৰেমে আমাক প্ৰত্যেক মাহত শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ সুসময় কিনি লʼবলৈ প্ৰেৰিত কৰে। (মথি ২২:৩৭-৩৯) মণ্ডলীৰ পুস্তক অধ্যয়ন অধ্যক্ষ আৰু তেওঁলোকৰ সহযোগীয়ে প্ৰত্যেক মাহত তেওঁলোকৰ পুস্তক অধ্যয়নৰ সমূহত থকা সকলোকে পৰিচৰ্য্যা কাৰ্য্যত ভাগ লোৱাত সহায় কৰিবলৈ প্ৰচেষ্টা কৰা আৱশ্যক। ইয়াৰ বাবে আগতিয়াকৈ প্ৰচাৰ কাৰ্য্যত ভাগ লবলৈ আৰু সমূহত থকা নিৰ্দিষ্ট ব্যক্তিসকলৰ ব্যৱস্থা কৰা প্ৰয়োজন। মাহটোৰ শেষত এই ব্যৱস্থা কৰিবলৈ অপেক্ষা কৰি থকাৰ পৰিৱৰ্ত্তে পূৰ্বৰে পৰা আয়োজন কৰা আৱশ্যক। এনে কৰাৰ দ্বাৰা প্ৰেমময় সহায় কৰিবলৈ আপুনি অধিক সুবিধা লাভ কৰিব।
১৪ আপোনাৰ পুস্তক অধ্যয়ন সমূহত এনে শাৰীৰিক অসুস্থ থকা প্ৰকাশক আছেনে যিজনৰ বাবে পৰিচৰ্য্যা কাৰ্য্যত ভাগ লোৱাটো কঠিন? যদি তেনে প্ৰকাশকসকল আছে যিসকলে ঘৰৰ পৰা কʼলৈকো ওলাই যাব নোৱাৰে, তেন্তে অৱশ্যেই তেওঁলোকৰ সাক্ষী দিয়াতো সীমিত। কিন্তু সীমিত পৰিস্থিতিৰ সুযোগ লৈ তেওঁলোকে আধ্যাত্মিক পোহৰ বিতৰণ কৰক আৰু তেওঁলোকে কৰা তেনে কাৰ্য্যই আনক সত্যতাৰ প্ৰতি আগ্ৰহী হʼবলৈ প্ৰেৰিত কৰিব পাৰে। (মথি ৫:১৬) পুস্তক অধ্যয়ন অধ্যক্ষই নিশ্চিত কৰা আৱশ্যক যে তেনে প্ৰকাশকসকলে প্ৰচাৰ কাৰ্য্যত অতিবাহিত কৰা অন্ততঃ ১৫ মিনিট সময়ো ৰিপৰ্ট কৰাৰ বিষয়ে যেন জানে। তেনেদৰে প্ৰচাৰ কাৰ্য্যৰ ৰিপৰ্ট কৰিবলৈ সক্ষম হোৱা বিশ্বাসী ভাই-ভনীসকলক উৎসাহিত কৰক আৰু ইয়ে তেওঁলোকক আনন্দ আৰু সন্তুষ্টি প্ৰদান কৰিব। তদুপৰি ইয়ে বিশ্বব্যাপী ঈশ্বৰৰ লোকসকলে কৰা কাৰ্য্যৰ ৰিপৰ্ট যে সঠিক তাক নিশ্চিত কৰে।
১৫ যুৱক-যুৱতীসকল যি উত্তম তাক কৰাত ব্যস্ত আছে! খ্ৰীষ্টান যুৱক-যুৱতীসকলে যে তেওঁলোকৰ সকলো শক্তি আৰু সামৰ্থ যিহোৱাৰ সেৱাত অতিবাহিত কৰিছে, তাক দেখি কিমান যে সতেজ অনুভৱ কৰোঁ! (হিতো. ২০:২৯) যদি আপুনি এজন ডেকা ব্যক্তি, তেনেহʼলে এই বিশেষ মাহবোৰত কৰা কাৰ্য্যৰ যোগেদি কেনেকৈ যিহোৱাৰ প্ৰতি আপোনাৰ উদ্দীপনা প্ৰকাশ কৰিব?
১৬ মণ্ডলীত যদি আপুনি এতিয়ালৈকে বাপ্তিষ্মা নোলোৱা প্ৰকাশক হোৱা নাই, তেনেহʼলে সেই বিশেষ অধিকাৰৰ বাবে উপযুক্ত হʼব পাৰিবনে? আপুনি নিজকে এই প্ৰশ্নসমূহ সোধক: ‘মোৰ ওচৰত বাইবেল সত্যতাৰ প্ৰাথমিক জ্ঞান আছেনে? মই ঈশ্বৰৰ ৰাজ্যৰ কাৰ্য্যত ভাগ লʼব বিচাৰিছোঁনে? মই সঠিক আচৰণৰ আৰ্হি ৰাখিছোঁনে? মই শুভবাৰ্ত্তাৰ বিষয়ে আনক প্ৰচাৰ কৰি নিজৰ বিশ্বাসক ব্যক্তিগতভাৱে প্ৰকাশ কৰিব পাৰিমনে? মই তেনেদৰে কৰিবলৈ আন্তৰিকতাৰে উৎসাহিতনে?’ যদি এই প্ৰশ্নবোৰৰ উত্তৰ সঠিক হয়, তেনেহʼলে আপুনি নিজৰ পিতৃ-মাতৃক জনাওক যে আপুনি এজন প্ৰকাশক হʼব বিচাৰিছে। তাতে মা-দেউতাই সেৱা সমিটিৰ প্ৰাচীনসকলক আপোনাৰ বিষয়ে জনাব পাৰে।
১৭ যদি আপুনি ইতিমধ্যেই এজন প্ৰকাশক, তেনেহʼলে আপুনি স্কুলৰ বন্ধৰ দিনত প্ৰচাৰ কাৰ্য্যত অধিক সময় অতিবাহিত কৰিবলৈ চেষ্টা কৰিব পাৰিবনে? এখন পৰিকল্পিত তালিকা আৰু পিতৃ-মাতৃ আৰু আনসকলৰ সহযোগত বহুতো বাপ্তিষ্মা লোৱা যুৱক-যুৱতীয়ে সহযোগী অগ্ৰগামী সেৱা কৰিবলৈ সক্ষম হʼল। যদি তেনে কৰাটো আপোনাৰ ক্ষেত্ৰত সম্ভৱ নহয়, তেনেহʼলে প্ৰচাৰ কাৰ্য্যত অধিক সময় অতিবাহিত কৰিবলৈ নিশ্চিত কৰক। আপুনি নিজে লক্ষ্য ৰাখক। তদুপৰি অধিক ঘন্টা অতিবাহিত কৰা লক্ষ্য ৰখাৰ উপৰিও আপোনাৰ পৰিচৰ্য্যা কাৰ্য্যক উন্নত কৰাৰ লক্ষ্য ৰাখক। সম্ভৱতঃ আপুনি প্ৰত্যেক গৃহস্থক শাস্ত্ৰৰ পৰা এটা পদ, পুনৰ সাক্ষাৎ পদ্ধতিক উন্নত, এটা গৃহ বাইবেল অধ্যয়ন আৰম্ভ কৰা বা টেলিফোনৰ দ্বাৰা সাক্ষী দি নিজৰ পৰিচৰ্য্যাক বিস্তাৰিত অথবা আন কোনো পদ্ধতিৰে সাক্ষী দিবলৈ চেষ্টা কৰিব পাৰে। স্মৰণীয় পৰ্ব্বৰ উদযাপনলৈ আপোনাৰ চুবুৰীয়া, সহপাঠী বা আত্মীয় লোকক আমন্ত্ৰণ কৰিবলৈ ৰখা লক্ষ্যৰ বিষয়ে কি কʼব পাৰি? তেনেধৰণৰ ঈশ্বৰ শাসিত কাৰ্য্যবোৰত সম্পূৰ্ণৰূপে অংশ গ্ৰহণ কৰাৰ যোগেদি আশীৰ্ব্বাদ লাভ আৰু মণ্ডলীৰ আনসকলকো উৎসাহিত কৰিব পাৰি।—১ থিচ. ৫:১১.
১৮ নতুন আগ্ৰহী ব্যক্তিসকলক উন্নতি কৰাত সহায়: যোৱা সেৱা বছৰত প্ৰত্যেক মাহে ভাৰতত গড় হিচাপে ১৪,৮৯৬ জন ব্যক্তিৰ সৈতে গৃহ বাইবেল অধ্যয়ন কৰা হৈছিল। সময়ত তাৰে বহুতো বিদ্যাৰ্থীয়ে নিজকে সমৰ্পণ কৰি বাপ্তিষ্মা লʼবলৈ উপযুক্ত হʼব। কিন্তু তেওঁলোকে সেই লক্ষ্যত উপনীত হʼবলৈ আমি তেওঁলোকক সহায় কৰা আৱশ্যক যাতে তেওঁলোকে বাপ্তিষ্মা নোলোৱা প্ৰকাশক হʼবলৈ উপযোগী হয়। নতুন বিদ্যাৰ্থীসকলক সত্যতাৰ শিক্ষা দি যীচু খ্ৰীষ্টৰ অনুগামী বনাবলৈ এইটো হৈছে এটা আৱশ্যকীয় পদক্ষেপ। (মথি ৯:৯; লূক ৬:৪০) আপোনাৰ এনে কোনো বাইবেল বিদ্যাৰ্থী আছেনে যিজনে এনে পদক্ষেপ লʼবলৈ সাজু?
১৯ যদি আপোনাৰ বিদ্যাৰ্থীজনে আধ্যাত্মিক উন্নতি কৰাৰ বিষয়ে নিশ্চিত নহয়, তেনেহʼলে আপোনাৰ পুস্তক অধ্যয়ন বা সেৱা অধ্যক্ষৰ সহায় লওক। হয়তো আপুনি তেওঁক অধ্যয়নৰ বাবে আপোনাৰ সৈতে আহিবলৈ আমন্ত্ৰণ কৰিব পাৰে। কিয়নো এই ভাইসকল হৈছে অনুভৱী আৰু বিদ্যাৰ্থীজনৰ আধ্যাত্মিক উন্নতিক বিশ্লেষণ কৰিব পাৰে। তেওঁলোকে হয়তো এনে পৰামৰ্শসমূহ দিব পাৰে যিয়ে বিদ্যাৰ্থীজক একেৰাহে উন্নতি কৰিবলৈ সহায় কৰিব।
২০ যদি আপোনাৰ বিদ্যাৰ্থীজনে বাপ্তিষ্মা নোলোৱা প্ৰকাশক হʼবলৈ ইচ্ছা প্ৰকাশ কৰে আৰু আপুনি অনুভৱ কৰিছে যে তাৰ বাবে তেওঁ যোগ্য, তেনেহʼলে সেই বিষয়ে মণ্ডলীৰ পৰিচালক অধ্যক্ষক জনাওক। তেওঁ আপোনাৰ সৈতে বিদ্যাৰ্থীজনক সাক্ষাৎ কৰি আমাৰ পৰিচৰ্য্যা পুস্তকৰ ৯৮-৯৯ পৃষ্ঠাত দিয়া সংবাদবোৰক বিবেচনা কৰাৰ যোগেদি বিদ্যাৰ্থীজনৰ প্ৰকাশক হোৱাৰ যোগ্যতা আছেনে নাই এই বিষয়ে জানিবলৈ দুজন প্ৰাচীনৰ ব্যৱস্থা কৰিব। (প্ৰহৰীবুৰুজ, নবেম্বৰ ১৫, ১৯৮৮ চন, ১৭ পৃষ্ঠাত চাওক।) যদি বিদ্যাৰ্থীজন প্ৰকাশক হোৱাৰ যোগ্য, তেনেহʼলে তেতিয়াৰ পৰাই আপুনি তেওঁক প্ৰশিক্ষণ দিয়া উচিত। এবাৰ তেওঁ নিজৰ প্ৰচাৰ কাৰ্য্যৰ ৰিপৰ্ট দিয়াৰ পিছত, মণ্ডলীয়ে বিদ্যাৰ্থীজনক অৱগত কৰিব যে তেওঁ এজন বাপ্তিষ্মা নোলোৱা প্ৰচাৰক। আমি আশা কৰোঁ যে এই বিশেষ মাহবোৰত হাজাৰ সংখ্যাত থকা নতুন প্ৰচাৰকসকলৰ ডেকা আৰু বৃদ্ধ সকলোৱে যেন আধ্যাত্মিক উন্নতিৰ এই গুৰুত্বপূৰ্ণ লক্ষ্যত উপনীত হʼব পাৰে।
২১ পৰিকল্পনাই সকলোতকৈ উত্তম কাৰ্য্য সম্পন্ন কৰিবলৈ সহায় কৰে: স্মৰণীয় পৰ্ব্বৰ সময়ছোৱাত কৰা কাৰ্য্যসমূহত সফলতা লাভ কৰিবলৈ আগতীয়াকৈ আঁচনি বনোৱা আৱশ্যক। (হিতো. ২১:৫) এনে বহুতো বিষয় আছে যিবোৰত প্ৰাচীনসকলে মনোযোগ দিয়া আৱশ্যক।
২২ মণ্ডলীয়ে প্ৰচাৰ কাৰ্য্যত সফলতা লাভ কৰিবলৈ প্ৰাচীনসকলে সপ্তাহটোত আৰু সপ্তাহটোৰ শেষৰ দিনকেইটাত প্ৰচাৰ সভা পৰিচালনা কৰিবলৈ ব্যৱহাৰিক ব্যৱস্থা কৰা উচিত। সেৱা অধ্যক্ষই এই ব্যৱস্থা কৰিবলৈ আগভাগ লোৱা আৱশ্যক। ৰাতিপুৱা, দুপৰীয়া বা আবেলি অতিৰিক্ত সভাৰ বাবে ব্যৱস্থা কৰাটো সম্ভৱ হʼবনে? ব্যৱস্থাটোৰ বিষয়ে মণ্ডলীক জনোৱা আৱশ্যক। সেই ব্যৱস্থাৰ বিষয়ে থকা জাননী নোটিচ বৰ্ডত লগাই থলে অধিক ব্যৱহাৰিক হʼব।
২৩ প্ৰাচীনসকলে নিশ্চিত হোৱা আৱশ্যক যে স্মৰণীয় পৰ্ব্বৰ উদযাপনৰ বিষয়ে কৰা ব্যৱস্থা যেন এপ্ৰিল ১৬ তাৰিখৰ পূৰ্বেই সম্পূৰ্ণ হয়। কিয়নো স্মৰণীয় পৰ্ব্বৰ বাবে কৰা ব্যৱস্থাত হয়তো আন মণ্ডলীৰ সৈতে যোগাযোগ কৰি ৰাজ্যগৃহ ব্যৱহাৰ কৰিবলৈ কৰা প্ৰবন্ধ, ৰাজ্যগৃহ পৰিষ্কাৰ, উপস্থিত শ্ৰোতাসকলক চোৱা-চিতা কৰা, স্মৰণীয় প্ৰতীক চিহ্ন হস্তান্তৰ কৰা ভাইসকলক নিৰ্বাচিত আৰু স্মৰণীয় প্ৰতীক চিহ্ন প্ৰস্তুত কৰাটো জড়িত আছে। স্মৰণীয় পৰ্ব্বৰ স্থান, সময় আৰু সপ্তাহটোত হʼবলগীয়া সভাৰ যদি কোনো সাল-সলনি কৰা হৈছে, তেনেহʼলে মণ্ডলীক জনোৱা আৱশ্যক। এতেকে যত্নেৰে এই ব্যৱস্থা কৰাৰ দ্বাৰা স্মৰণীয় পৰ্ব্ব “সুন্দৰকৈ আৰু শৃঙ্খলা লগাই কৰা হওক।”—১ কৰি. ১৪:৪০.
২৪ পৰিয়ালৰ মুখীয়ালে তেওঁলোকৰ পৰিয়ালৰ অধ্যয়নত স্মৰণীয় পৰ্ব্বৰ সময়ছোৱাত কেনেকৈ প্ৰচাৰ কাৰ্য্যত তেওঁলোকে অধিক সময় অতিবাহিত কৰিব পাৰে এই বিষয়ে আলোচনা কৰিব পাৰে। আপোনাৰ পৰিয়ালৰ সকলোৱে স্মৰণীয় পৰ্ব্বৰ সময়ছোৱাত সহযোগী অগ্ৰগামী সেৱা কৰিব পাৰিবনে? বা আপোনাৰ পৰিয়ালৰ এজন অথবা দুজন ব্যক্তিয়ে সহযোগী অগ্ৰগামী সেৱা কৰিবলৈ সহায় কৰিব পাৰিবনে? যদি তেনে কৰাটো সম্ভৱ নহয়, তেনেহʼলে প্ৰচাৰ কাৰ্য্যত অধিক সময় অতিবাহিত কৰিবলৈ কোনো নিৰ্দ্দিষ্ট লক্ষ্য বনাব পাৰে। যদি পৰিয়ালত কম বয়সীয়া কোনো সদস্য আছে তেন্তে তেওঁলোকক বাপ্তিষ্মা নোলোৱা প্ৰকাশক হʼবলৈ উৎসাহিত কৰিব পাৰিবনে? আপোনাৰ পৰিয়ালে স্মৰণীয় পৰ্ব্বলৈ কিমানজনক আমন্ত্ৰণ কৰিব পাৰে? উত্তমৰূপে বনোৱা আঁচনিয়ে পৰিয়াললৈ আশীৰ্ব্বাদ আৰু সন্তুষ্টি কঢ়িয়াই আনিব পাৰে।
২৫ অতিৰিক্ত সময়খিনিক উপযুক্তৰূপে ব্যৱহাৰ কৰক: প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকললৈ লিখা পত্ৰত পাঁচনি পিতৰে সময়ৰ গুৰুত্বতাৰ বিষয়ে তেওঁলোক সোঁৱৰাই দিছিল। কিয়নো ইহুদী ৰীতি-ব্যৱস্থাৰ ধ্বংস একেবাৰে কাষ চাপিছিল। (১ পিত. ৪:৭) আজিৰ সময়ত ঘটি থকা ঘটনাসমূহে দেখুৱাইছে যে আমি এই দুষ্ট জগতখনৰ ধ্বংসৰ একেবাৰে দুৱাৰডলিত পালোঁহি। তদুপৰি দৈনন্দিন জীৱন-যাপন প্ৰণালীয়েও সেই প্ৰতিপন্নতাক প্ৰতিফলিত কৰিছে। গতিকে যিহোৱাৰ উৎসাহী সেৱক হোৱাৰ বাবে আমি সকলোতকৈ গুৰুত্বপূৰ্ণ কাৰ্য্য যি শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ প্ৰতি অধিক মনোযোগ দিয়া উচিত।—তীত ২:১৩, ১৪.
২৬ এতিয়া সময় হৈছে উৎসাহেৰে কাৰ্য্য কৰা! যিহোৱাই আপোনালৈ, আপোনাৰ পৰিয়াল আৰু মণ্ডলীৰ বাবে কি কৰিলে তাৰ ওপৰত ধ্যান কৰক। যদিও আমি তেওঁক একো পৰিশোধ কৰিব নোৱাৰোঁ তথাপিও তেওঁ বহু প্ৰকাৰে আমাৰ পৰা লাভবান হৈছে আৰু আমি যিহোৱালৈ সম্পূৰ্ণ হৃদয়েৰে কৰা উপাসনা আগবঢ়াব পাৰোঁ। (গীত. ১১৬:১২-১৪) আমি কৰা প্ৰচেষ্টাৰ দ্বাৰা যিহোৱাৰ আশীৰ্ব্বাদেৰে ধনৱান হʼব পাৰিম। (হিতো. ১০:২২) গতিকে আঁহক আমি এই বিশেষ সময়ছোৱাত “উত্তমলৈ উদ্যোগী” হৈ ঈশ্বৰৰ কাৰ্য্যসমূহক সম্পন্ন কৰোঁহঁক যাতে “সকলো বিষয়তে যীচু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰ মহিমাম্বিত হয়।”—১ পিত. ৩:১৩; ৪:১১.
[Box on page 3]
বিশ্বজুৰি হোৱা স্মৰণীয় পৰ্ব্বত হোৱা উপস্থিতিৰ সংখ্যা
১৯৯৯ ১,৪০,৮৮,৭৫১
২০০০ ১,৪৮,৭২,০৮৬
২০০১ ১,৫৩,৭৪,৯৮৬
২০০২ ১,৫৫,৯৭,৭৪৬
[Box on page 4]
আপুনি কোনসকলক স্মৰণীয় পৰ্ব্বৰ উদযাপনলৈ আমন্ত্ৰণ কৰিব?
□ নিকটম পৰিয়ালৰ সদস্য আৰু আত্মীয়লোক
□ চুবুৰীয়া আৰু পৰিচিত ব্যক্তিসকল
□ সহকৰ্ম্মী আৰু সহপাঠী
□ পুনৰ সাক্ষাতত লগ পোৱা আৰু গৃহ বাইবেল অধ্যয়ন কৰা ব্যক্তিসকল
[Box on page 5]
স্মৰণীয় পৰ্ব্বৰ উদযাপনত উপস্থিত হোৱাসকলক সহায় কৰা
□ আগ্ৰহী ব্যক্তিসকলক আদৰণী জনাওক
□ পুনৰ সাক্ষাৎ কৰিবলৈ ব্যৱস্থা কৰক
□ গৃহ বাইবেল অধ্যয়নৰ বাবে আমন্ত্ৰণ কৰক
□ বিশেষ ৰাজহুৱা ভাষণৰ বাবে আমন্ত্ৰণ কৰক
[Box on page 6]
স্মৰণীয় পৰ্ব্বৰ সময়ছোৱাত আপুনি কেনে লক্ষ্যসমূহ ৰাখিব পাৰে?
□ আপুনি আমন্ত্ৰণ কৰা কোনো এজনে স্মৰণীয় পৰ্ব্বত উপস্থিত হোৱাটো নিশ্চিত কৰা
□ শুভবাৰ্ত্তাৰ প্ৰচাৰক হʼবলৈ উপযুক্ত হোৱা
□ প্ৰচাৰ কাৰ্য্যত নিৰ্দিষ্ট কোনো সময় অতিবাহিত কৰিবলৈ নিশ্চিত কৰা
□ আপুনি প্ৰচাৰ কৰা কোনো বিশেষ প্ৰণালীত উন্নতি কৰা
□ সহযোগী অগ্ৰগামী ৰূপে সেৱা কৰা