ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৩/০০ পৃষ্ঠা ৩-৬
  • ২০০০ চনৰ এপ্ৰিল মাহক আমাৰ বাবে এক বিশেষ মাহ কৰিব পাৰিমনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ২০০০ চনৰ এপ্ৰিল মাহক আমাৰ বাবে এক বিশেষ মাহ কৰিব পাৰিমনে?
  • ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • ‘সম্পূৰ্ণৰূপে ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰা’
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • এপ্ৰিল মাহ—‘কঠোৰ পৰিশ্ৰম আৰু যত্ন’ কৰাৰ সময়
    ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • প্ৰচাৰ কৰি সম্পূৰ্ণকৈ সাক্ষী দিয়া
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • উত্তমতালৈ উৎসাহী হোৱা!
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৩/০০ পৃষ্ঠা ৩-৬

২০০০ চনৰ এপ্ৰিল মাহক আমাৰ বাবে এক বিশেষ মাহ কৰিব পাৰিমনে?

১ বুধবাৰ এপ্ৰিল মাহৰ ১৯ তাৰিখ, আমাৰ সেৱা বছৰৰ বাবে এক বিশেষ দিন হʼব। কিয়নো সেই দিনা সূৰ্য্য অস্ত যোৱাৰ পাছত বিশ্বজুৰি থকা যিহোৱাৰ সাক্ষীসকলে যীচু খ্ৰীষ্টৰ মৃত্যুৰ স্মৰণীয় পৰ্ব পালন কৰিব। আমি পৃথিৱীৰ যʼতেই নাথাকো কিয় যীচুৰ মৃত্যুৰ স্মৰণীয় দিন পালন কৰাটো এই বছৰৰ বাবে এক অতি মহূত্বপূৰ্ণ দিন হʼব। এপ্ৰিল মাহত পালন কৰিবলগীয়া স্মৰণীয় দিনৰ সম্পৰ্কে যিহোৱা সাক্ষীসকলৰ ২০০০ চনৰ কেলেণ্ডাৰ খনত চিহ্নিত কৰা হৈছে।

২ যিহোৱাই যে তেওঁৰ পুত্ৰৰ বলিদানৰ যোগেদি মহা-অনুগ্ৰহ দেখুৱালে, এই বিষয়ে সম্পূৰ্ণ হৃদয়েৰে আনক কবলৈ এপ্ৰিল মাহত আমাৰ বাবে এক বিশেষ সুযোগ আছে। কেনেকৈ বাৰু? পাঁচনি পৌলে কৈছিল: “কাৰণ খ্ৰীষ্টৰ প্ৰেমে আমাক সীমাবদ্ধ কৰি ৰাখিছে; কিয়নো আমি নিশ্চয় কৰিলোঁ যে, সকলোৰে নিমিত্তে এজনা মৰিল, এতেকে সকলো মৰিল; আৰু তেওঁ সকলোৰে নিমিত্তে মৰিল, এই আশায়েৰে যেন জীৱন পোৱাবিলাকে নিজৰ নিমিত্তে আৰু নিজী, তেওঁবিলাকৰ অৰ্থে মৃত্যুভোগ কৰা আৰু পুনৰুত্থিত হোৱা জনাৰ নিমিত্তেহে যেন জীয়ে।” (২ কৰি. ৫:১৪, ১৫) সেইবাবে এপ্ৰিল মাহত আমি প্ৰমাণ কৰি দেখুৱাম যে আমি নিজৰ বাবে নহয়, কিন্তু আমাৰ অৰ্থে মৃত্যুভোগ কৰা জনাৰ নিমিত্তে জীছোঁ। আহঁক আমি সকলোৱে এপ্ৰিল মাহত আগতকৈও বেছি সময় ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰাত অতিবাহিত কৰোঁহঁক!

৩ এপ্ৰিল মাহত সহযোগী অগ্ৰগামী ৰূপে সেৱা কৰিবলৈ ঠিৰাং কৰক: এই সংক্ৰান্তত পাঁচনি পৌলে এক ভাল উদাহৰণ দাঙি ধৰিছে, তেওঁ কৈছিল: “ঈশ্বৰৰ অনুগ্ৰহৰ শুভবাৰ্ত্তাৰ বিষয়ে সাক্ষ্য দিয়াৰ, আৰু মোৰ দৌৰ, অৰ্থাৎ প্ৰভু যীচুৰ পৰা পোৱা যি মোৰ পৰিচৰ্য্যা-কাৰ্য্য, তাক সম্পন্ন কৰাৰ লগত তুলনা কৰিবলৈ গলে, মোৰ প্ৰাণ মোলৈ প্ৰিয় বুলি একোতে গণ্য নকৰোঁ।” (পাঁচ. ২০:২৪) যিহোৱাৰ নাম মহিমা কৰি সম্পূৰ্ণৰূপে সাক্ষী দিয়া কাৰ্য্য কৰিবলৈ আমাৰ ওচৰতো পৌলৰ দৰে সেই একেই সুযোগ আছে। গতিকে পৰিচৰ্য্যা কাৰ্য্যক সম্পন্ন কৰিবলৈ আমি সহযোগী অগ্ৰগামী হিচাবে এপ্ৰিল মাহটোৰ সঠিকৈ ব্যৱহাৰ কৰোঁহঁক!

৪ দুহেজাৰ চনৰ এপ্ৰিল মাহত পাঁচোটা শনিবাৰ আৰু দেওবাৰ থকাৰ বাবে বহুতো অগ্ৰগামীৰ বাবে অতি লাভজনক হʼব। ১৯৯৮ চনৰ এপ্ৰিল মাহত সহযোগী অগ্ৰগামী সকলৰ সংখ্যা তাৰ আগৰ বছৰৰ ৰিপৰ্ট কৰা সংখ্যাতকৈ ২,১৭০ জনলৈ বৃদ্ধি হৈছিল। মুঠ প্ৰচাৰকৰ ১২ শতাংশ প্ৰচাৰকে সহযোগী অগ্ৰগামী সেৱাত ভাগ লৈছিল। তাৰ পাছৰ বছৰত অৰ্থাৎ ১৯৯৯ চনৰ আগষ্ট মাহৰ সহযোগী অগ্ৰগামী ৰিপৰ্টৰ সংখ্যা প্ৰায় ১৭ শতাংশতকৈও বেছি বৃদ্ধি হোৱা দেখা যায়। ইয়াৰ অৰ্থ হৈছে আমাৰ সকলোৱে ১৯৯৮ চনৰ সহযোগী অগ্ৰগামীৰ ৰিপৰ্টৰ সংখ্যা পাৰ কৰিবলৈ সম্পূৰ্ণ প্ৰচেষ্টা কৰিছিল। তাৰ উপৰিও আৱশ্যকীয়া ঘন্টা কমাই দিয়াৰ বাবে মণ্ডলীৰ বহুতো ভাই-ভনীয়ে সহযোগী অগ্ৰগামী ৰূপে সেৱা কৰিবলৈ আগবাঢ়ি আহিʼল। সেইবাবে প্ৰত্যেক বাপ্তিস্মা প্ৰাপ্ত প্ৰচাৰকে এপ্ৰিল মাহত সহযোগী অগ্ৰগ্ৰামী হিচাবে কাৰ্য্য কৰিবলৈ প্ৰাৰ্থনাপূৰ্বক বিবেচনা কৰিব পাৰে।

৫ এপ্ৰিল মাহত সহযোগী অগ্ৰগামী হিচাবে কাৰ্য্য কৰিবলৈ ২০০০ চনৰ কেলেণ্ডাৰ ব্যৱহাৰ কৰি আগতীয়াকৈ পৰিকল্পনা কৰিব পাৰে। যেনে মাহটোৰ কোনটো দিনত আপুনি প্ৰচাৰ কাৰ্য্যত ভাগ লʼব, আৰু আপুনি কিমান ঘন্টা দিবলৈ বিচাৰে এই সকলো কেলেণ্ডৰখনত লিখি ৰাখিব পাৰে। তাৰ ওপৰিও আপুনি কিমান সময় নিয়মিত আৰু অনিয়মিতৰূপে সাক্ষী দিব সেই সময়কো টোকি ৰাখিব পাৰে। তাৰ পাছত আপুনি হিচাপ কৰক যে আপোনাৰ মুঠ ঘন্টা সহযোগী অগ্ৰগামী সেৱাৰ বাবে দিবলগীয়া ৫০ ঘন্টাৰ ওচৰা-ওচৰি হৈছেনে নাই? যদি হোৱা নাই তেনেহʼলে আপুনি বনোৱা তালিকাখনৰ সময়ক সাল-সলনি কৰিবনে যাতে আপুনি সহযোগী অগ্ৰগামীৰূপে কাৰ্য্য কৰিবলৈ সুযোগ পায়? ইয়াৰ বাবে মাহটোত ৫০ ঘন্টা কৰিবলৈ প্ৰত্যেক দিনত এক ঘন্টা চল্লিছ মিনিট সময় ব্যয় কৰা আৱশ্যক।

৬ নিয়মিত অগ্ৰগামীসকলৰ বাবেও আৱশ্যকীয় ঘন্টা কমাই দিয়া হৈছে, সেইবাবে আপুনি অগ্ৰগামীৰূপে প্ৰচাৰ কৰিবলৈ পৰিকল্পনা কৰিছেনে? এপ্ৰিল মাহত দিন দীঘল হোৱাৰ বাবে প্ৰচাৰ কাৰ্য্য কৰিবলৈ বেছি সুবিধাজনক হʼব! যদি আপুনি নিয়মিত অগ্ৰগামীৰূপে কাৰ্য্য কৰি আৱশ্যকীয় ৭০ ঘন্টাৰ যি লক্ষ্য তাত উপনীত হোৱাটো নিশ্চিত নহয়, তেনেহʼলে এপ্ৰিল মাহত সহযোগী অগ্ৰগামী হিচাবে কাৰ্য্য কৰি ৭০ ঘন্টা পূৰ কৰাৰ লক্ষ্য নাৰাখে কিয়? আপুনি যদি এবাৰ সেই লক্ষ্যত উপনীত হʼব পাৰে, তেতিয়া আপুনি যিমান সোনকালে সম্ভৱ আপুনি নিয়মিত অগ্ৰগামীৰূপে কাৰ্য্য কৰিবলৈ চেষ্টা কৰক।—আমাৰ পৰিচৰ্য্যা (ইংৰাজী) পৃষ্ঠা ১১৩-১৪ চাওঁক।

৭ শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যত সম্পূৰ্ণৰূপে ভাগ লওঁক: ঈশ্বৰ আৰু চুবুৰীয়াৰ প্ৰতি থকা প্ৰেমে আমাৰ সকলোকে অৰ্থাৎ সকলো প্ৰচাৰক আৰু অগ্ৰগামীসকলক নিজ নিজ পৰিস্থিতি অনুসৰি সম্পূৰ্ণ হৃদয়ৰে যিহোৱাৰ সেৱা কৰিবলৈ উৎসাহিত কৰিব। (লূক ১০:২৭) এইদৰে আমি দেখুৱাম যে “আমি পৰিশ্ৰম কৰোঁ আৰু প্ৰাণপণো কৰোঁ। কাৰণ যি ঈশ্বৰ সকলো মানুহৰ, বিশেষকৈ বিশ্বাস কৰাবিলাকৰ ত্ৰাণকৰ্ত্তা হয়, আমি সেই জীৱনময় ঈশ্বৰত ভাৰসা কৰিলোঁ।” (১ তীম. ৪:১০) সেইকাৰণে আমাৰ সকলোৱে ৰাজ্যৰ প্ৰচাৰ কাৰ্য্যত পূৰ্ণৰূপে ভাগ লʼব বুলি আমি সম্পূৰ্ণৰূপে নিশ্চিত।

৮ সেইবাবে আহঁক আমি যীচুৰ এই উপদেশক পাহৰি নাযাও, তেওঁ কৈছিল: “শস্য সৰহ, কিন্তু বনুৱা তাকৰ। এই হেতুকে নিজৰ শস্যক্ষেত্ৰলৈ বনুৱাবিলাকক পঠাই দিবলৈ, শস্যৰ গৰাকীক প্ৰাৰ্থনা কৰা।” এই কথাষাৰ কোৱাৰ পাছতেই যীচুৱে তেওঁৰ ১২ জন পাঁচনিক ওচৰলৈ মাতিলে আৰু প্ৰচাৰ কৰিবলৈ পঠাই দিলে। (মথি ৯:৩৭, ৩৮; ১০:১, ৫, ৭) সেই ১২ জন শিষ্যই প্ৰচাৰ কাৰ্য্যৰ বাবে ভালকৈ প্ৰশিক্ষন দিয়াৰ প্ৰায় এবছৰৰ পাছত যীচুৱে “আন সত্তৰ জনক নিযুক্ত কৰি . . . নিজৰ আগেয়ে পঠালে,” তেওঁলোককো সেই আজ্ঞা দি কলে: “শস্য সৰহ, . . . এই হেতুকে নিজৰ শস্য-ক্ষেত্ৰলৈ বনুৱাবিলাকক পঠাই দিবলৈ, শস্যৰ গৰাকীক প্ৰাৰ্থনা কৰা।” (লূক ১০:১, ২) বাইবেলৰ পাঁচনিৰ কৰ্ম্মত বৰ্ণনা কৰিছে যে কেনেকৈ যিহোৱাই সেই প্ৰাৰ্থনাৰ উত্তৰ দিলে। যাৰ ফলস্বৰূপে সা.যু. পেন্টাকোষ্ট ৩৩ চনত শিষ্যসকলৰ সংখ্যা ১২০ জনলৈ বৃদ্ধি হৈছিল। তাৰ পাছত ক্ৰমাগতভাৱে ৩০০০ আৰু ৫০০০ জনলৈ বৃদ্ধি হʼল। (পাঁচ. ১:১৫; ২:৪১; ৪:৪) তাৰ পাছতো “শিষ্যবিলাকৰ সংখ্যা বৰকৈ বাঢ়িল।” (পাঁচ. ৬:৭) বৰ্ত্তমান সময়তো ৰাজ্যৰ প্ৰচাৰকৰ সংখ্যা বৃদ্ধি কৰিবলৈ সেই একেইজনা গৰাকীৰ ওচৰত নিৱেদন কৰা আৱশ্যক! আমাৰ প্ৰাৰ্থনাৰ অনুসৰি কাৰ্য্য কৰি সকলো মণ্ডলীৰ প্ৰচাৰকসকলে প্ৰত্যেক মাহত প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ এক নিৰ্দ্দিষ্ট কাৰ্য্যসূচী তৈয়াৰ কৰা উচিত।

৯ অনুগ্ৰহ কৰি, মনোযোগে ২০০০ চনৰ কেলেণ্ডাৰ খন লক্ষ্য কৰক। যিহেতু তাত উল্লেখ কৰা মাহটোৰ আৰম্ভণিৰ প্ৰথম দুদিন অৰ্থাৎ শনিবাৰ আৰু দেওবাৰে প্ৰচাৰ কাৰ্য্যত ভাগ লবৰ বাবে পৰিকল্পনা কৰিবলৈ চেষ্টা নকৰিবনে? আপুনি আপোনাৰ মণ্ডলীৰ পুস্তক অধ্যয়ন গ্ৰুপৰ সৈতে প্ৰত্যেক ‘পত্ৰিকা বিতৰণৰ দিনত’ ভাগ নলবনে? প্ৰত্যেক দেওবাৰে প্ৰচাৰ কাৰ্য্যত বেছিকৈ সময় অতিবাহিত কৰাৰ বিষয়ে আপোনাৰ অভিমত কি? যিহেতু এপ্ৰিল মাহত দিন দীঘল হোৱাৰ বাবে আবেলিলৈকে প্ৰচাৰ কৰিবলৈ সুবিধাজনক হয়। আপুনি সন্ধ্যা সময়ত প্ৰচাৰ কাৰ্য্যত ভাগ লবলৈ তালিকা তৈয়াৰ নকৰিবনে? তাৰ উপৰিও আপুনি নিজৰ কৰ্মস্থল, স্কুল বা আন আন ঠাইত ভ্ৰমণ কৰোঁতে, সকলো সুযোগতে প্ৰচাৰ কৰিবলৈ নাপাহৰিব। কোনটো দিনত প্ৰচাৰ কাৰ্য্যত অধিক সময় অতিবাহিত কৰিব কেলেন্ডাৰখনত চিহ্ন দিয়ক আৰু মাহটোৰ পৰিচৰ্য্যা কাৰ্য্যত অতিবাহিত কৰা সময়খিনি লিখি ৰাখিব পাৰে

১০ যিসকল প্ৰচাৰক হোৱাৰ উপযুক্ত তেওঁলোকৰ বাবে এপ্ৰিল মাহত এক ভাল সুযোগ আছে। তেওঁলোকে প্ৰাচীনসকলৰ অনুমোদনত বাপ্তিস্মা নোলোৱা প্ৰচাৰকৰূপে কাৰ্য্য কৰিব পাৰে। যদি আপুনি কোনো ব্যক্তিৰ সৈতে বাইবেল অধ্যয়ন কৰিছে, তেনেহʼলে প্ৰিজাইডিং ওভাৰচিয়াৰক সেই ব্যক্তিজনে প্ৰচাৰক হʼবলৈ নিৱেদন কৰিব পৰাকৈ আধ্যাত্মিকৰূপে উন্নতি কৰিছেনে যাতে তেওঁ প্ৰচাৰক হʼবলৈ অনুমোদন পায়? যদি আপোনাৰ লʼৰা-ছোৱালী আছে, তেনেহʼলে তেওঁলোকৰ আধ্যাত্মিক উন্নতিৰ বিষয়ে প্ৰাচীনৰ সৈতে আলোচনা কৰিছেনে? তেওঁলোকে প্ৰচাৰক হোৱাৰ এইটোৱে উপযুক্ত সময় নহয়নে?—আমাৰ পৰিচৰ্য্যা (ইংৰাজী) কিতাপখনৰ ৯৭-১০০ পৃষ্ঠা চাওঁক।

১১ আমি ২০০০ চনৰ এপ্ৰিল মাহক আগতকৈও বেছি ফলদায়ক মাহ কৰি তুলিবলৈ আমাৰ সকলোৱে প্ৰচাৰ কাৰ্য্যত ভাগ লোৱা আৰু মাহটোৰ শেষত সময়মতে প্ৰচাৰ কাৰ্য্যৰ ৰিপৰ্ট দিয়া উচিত। (মাৰ্ক ৬:৩০ পদ তুলনা কৰক।) বাপ্তিস্মা প্ৰাপ্ত নোহোৱা নতুন প্ৰচাৰকসকলক সময়মতে প্ৰচাৰ কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ উৎসাহিত কৰক। এইদৰে কৰাৰ দ্বাৰা আমি এপ্ৰিল মাহত এক কাৰ্য্যকাৰী অৱদান আগবঢ়াব পাৰিম আৰু আমাৰ সাক্ষী দিয়া কাৰ্য্যই যিহোৱাৰ নাম মহিমান্বিত কৰিব।

১২ স্মৰণীয় পৰ্বত উপস্থিত হোৱাৰ সময়ত আপোনাৰ সৈতে আন ব্যক্তিকো লগত নিয়ক: আপুনি ২০০০ চনৰ খ্ৰীষ্টৰ মৃত্যুৰ স্মৰণীয় পৰ্বত উপস্থিতিৰ সংখ্যা অধিক বৃদ্ধি হোৱা দেখি আনন্দিত নহʼবনে? অৱশ্যেই হʼব! ইয়াৰ অৰ্থ হৈছে এই দেশৰ গোটেই ইতিহাসৰ বেছিভাগ লোকেই একত্ৰিত হʼব আৰু আমাৰ বাবে দেখুৱা যিহোৱা আৰু যীচু খ্ৰীষ্টৰ মহান প্ৰেমক উপলব্ধি কৰিব পাৰিব! (যোহ. ৩:১৬; ১৫:১৩) আপুনি আৰু আপোনাৰ পৰিয়ালৰ সকলো সদস্যই স্মৰণীয় পৰ্বত উপস্থিত হʼবলৈ সকলো প্ৰকাৰে চেষ্টা কৰক আৰু একোকেই বাধা হʼবলৈ নিদিব।

১৩ এতিয়াৰ পৰাই আপোনাৰ ওচৰ-চুবুৰীয়া বা আন ব্যক্তিসকলক স্মৰণীয় পৰ্বত উপস্থিত হʼবলৈ আমন্ত্ৰণ কৰক। যিসকল ব্যক্তিক আপুনি আমন্ত্ৰণ কৰিব বিচাৰে তেওঁলোকৰ বাবে এখন তালিকা বনাওঁক। আপুনি যিসকলৰ সৈতে এক সময়ত বাইবেল অধ্যয়ন কৰিছিল, যিসকলে বৰ্ত্তমান অধ্যয়ন কৰি আছে আৰু সকলো পুনৰ সাক্ষাৎ কৰা ব্যক্তিক আমন্ত্ৰিত কৰিব পাৰে। ইয়াৰ উপৰিও আপুনি চিনি পোৱা সহপাঠী, কৰ্ম্মবৃন্দ, ওচৰ-চুবুৰীয়া, আপোনাৰ সৈতে ব্যৱসায় কৰা ব্যক্তি আৰু সম্পৰ্কীয় ব্যক্তিৰ নামো তালিকাখনত অন্তৰ্ভূক্ত কৰিব পাৰে। তালিকাখন তৈয়াৰ কৰাৰ পাছত এজন এজনকৈ সকলোকে ব্যক্তিগতৰূপে আমন্ত্ৰণ কৰক। তেওঁলোকক স্মৰণীয় পৰ্ব পালন কৰা স্থান আৰু সময়ৰ বিষয়ে স্পষ্টকৈ কওঁক। যিমানে এপ্ৰিল ১৯ তাৰিখ কাষ চাপি আহিছে তেওঁলোকক ব্যক্তিগতৰূপে বা টেলিফোনৰ দ্বাৰাই সোৱঁৰাই দিয়ক। তেওঁলোকক আপোনাৰ সৈতে স্মৰণীয় পৰ্ব পালন কৰা স্থানলৈ যাবলৈ কওঁক।

১৪ সংস্থাৰ পৰা পোৱা আগৰ নিৰ্দ্দেশনাৰ অনুসৰি প্ৰাচীন গোষ্ঠীয়ে নিৰুদ্যম হোৱা প্ৰচাৰকসকলক স্মৰণীয় পৰ্বত উপস্থিত হোৱাত উৎসাহিত কৰিবলৈ বিশেষভাৱে চেষ্টা কৰা উচিত। (মথি ১৮:১২-১৪) প্ৰাচীনসকলে ১৯৯৯ চনৰ ২ ফেব্ৰুৱাৰীৰ সংস্থাই মণ্ডলীলৈ দিয়া চিঠিখনক পুনৰ আলোচনা কৰিব। মণ্ডলীৰ চেক্ৰেটৰীয়ে সেই নিৰুদ্যম হোৱা প্ৰচাৰকসকলৰ এখন তালিকা তৈয়াৰ কৰিব আৰু সেৱা ওভাৰচিয়াৰে তেওঁলোকক স্মৰণীয় পৰ্বত আমন্ত্ৰণ কৰিবলৈ কোনো এজন প্ৰাচীনক নিযুক্তি কৰিব। বা যিমান সোনকালে পাৰে প্ৰাচীনসকলে সেই নিৰুদ্যম হোৱা প্ৰচাৰকসকলক সাক্ষ্যাৎ কৰি এপ্ৰিল মাহত সক্ৰিয় হৈ পুনৰ উৎসাহৰে প্ৰচাৰ কাৰ্য্য কৰিবলৈ উৎসাহিত কৰিব। নিৰুদ্যম প্ৰচাৰকসকলক এজন অভিজ্ঞতা থকা প্ৰচাৰকৰ সৈতে কাৰ্য্য কৰিবলৈ ব্যৱস্থা কৰিলে তেওঁলোক লাভৱান হʼব।

১৫ এপ্ৰিল মাহত সকলোকে ভাগ লবলৈ উৎসাহিত কৰা হৈছে! ২০০০ চনৰ এপ্ৰিল মাহক এক উৎকৃষ্ট মাহ কৰি তুলিবলৈ প্ৰাচীন, সহায়ক সেৱক, আৰু পৰিয়ালৰ মুখীয়ালসকলে এক উত্তম ব্যৱস্থা কৰা আৱশ্যক। প্ৰাচীনসকলে সকলো কাৰ্য্য ভালকৈ অনুষ্ঠিত কৰি নেতৃত্ব লʼবলৈ কৰ্তব্যনিষ্ঠ হʼব। (ইব্ৰী ১৩:৭) সপ্তাহৰ যি কোনো দিনত বা শনিবাৰ আৰু দেওবাৰে পৰিচৰ্য্যা সভা আয়োজন কৰিবলৈ ব্যৱহাৰিক ব্যৱস্থা কৰা আৱশ্যক। অতিৰিক্ত পৰিচৰ্য্যা সভাক আবেলি আৰু ৰাতিপুৱাৰ সময়ত কৰিবলৈ ব্যৱস্থা কৰিব পাৰে। এপ্ৰিল মাহৰ বাবে তৈয়াৰ কৰা সম্পূৰ্ণ পৰিকল্পনাৰ তালিকাখন ইন্‌ফ্যাৰ্‌মেইশ্ব্যান্‌ বোৰ্ডত লগোৱা উচিত। প্ৰত্যেক পৰিচৰ্য্যা সভাক পৰিচালনা কৰিবলৈ কোনো এজন ভাইক নিযুক্তি কৰা আৱশ্যক। এনে এলেকাত নিযুক্তি কৰা উচিত যাতে যিসকলে প্ৰচাৰ কাৰ্য্যত ভাগ লৈছে তেওঁলোকৰ বাবে যথেষ্ট ঘৰ থাকে।

১৬ এপ্ৰিল মাহত প্ৰহৰীদূৰ্গ আৰু সচেতন! নামৰ আলোচনী বিতৰণ কৰা হʼব। আগ্ৰহ থকা লোকক বিচাৰে ব্ৰচাৰখন দি বাইবেল অধ্যয়ন কৰিবলৈ চেষ্টা কৰিব পাৰে। ইয়াৰ বাবে অধিক পৰিমাণে আলোচনী আৰু ব্ৰচাৰ নিজৰ লগত ৰখা আৱশ্যক।

১৭ মাহৰ শেষত সকলো পুস্তক অধ্যয়নৰ পৰিচালক বা তেওঁলোকৰ সহ-পৰিচালকে তেওঁলোকৰ গ্ৰুপত থকা সকলো ভাই-ভনীক মাহৰ শেষত পলম নকৰাকৈ প্ৰচাৰৰ ৰিপৰ্ট দিবলৈ উৎসাহিত কৰিব। হয়তো এপ্ৰিল ৩০ তাৰিখ দেওবাৰে এই ৰিপৰ্ট সংগ্ৰহ কৰিব পৰা যাব। যেতিয়া চেক্ৰেটৰীয়ে ৰিপৰ্ট হিচাপ কৰিব, যদি কোনো প্ৰচাৰকে নিজৰ ৰিপৰ্ট দিয়া নাই তেওঁলোকক মে ৬ তাৰিখৰ ভিতৰত দিবলৈ সোৱঁৰাই দিব যাতে তেওঁ মণ্ডলীৰ ৰিপৰ্ট সময়মতে সংস্থালৈ পঠিয়াব পাৰে। তেওঁ প্ৰকাশকসকলক ব্যক্তিগতভাৱে সাক্ষ্যাৎ কৰিবলৈ অধ্যয়ন পৰিচালকৰ সহায় লʼব পাৰে।

১৮ ঈশ্বৰৰ লোকসকলৰ বাবে স্মৰণীয় পৰ্বই হৈছে বছৰত পালন কৰা সকলোতকৈ গুৰুত্বপূৰ্ণ দিন। সেই সময়ত আমি সকলোৱে যিহোৱাৰ কাৰ্য্যত ব্যস্ত থকা উচিত। যেনে সকলো প্ৰচাৰকে সম্পূৰ্ণৰূপে প্ৰচাৰ কাৰ্য্যত ভাগ লোৱা, সহযোগী অগ্ৰগামী সেৱাৰ বাবে আৱেদন কৰা আৰু খ্ৰীষ্টৰ মৃত্যু স্মৰণীয় পৰ্ব পালন কৰিবলৈ আনক আমন্ত্ৰণ কৰাত যাতে আমি কৰ্তব্যনিষ্ঠ হওঁ। আহঁক আমি সকলোৱে ২০০০ চনৰ এপ্ৰিল মাহত যিহোৱাৰ নাম মহিমান্বিত আৰু স্তুতি কৰি এক উৎকৃষ্ট মাহ কৰি তুলিবলৈ ঈশ্বৰৰ আশীৰ্ব্বাদৰ বাবে প্ৰাৰ্থনা কৰোঁহঁক!—ইব্ৰী ১৩:১৫.

[Blub on page 3]

সহযোগী অগ্ৰগামী:

এপ্ৰিল ১৯৯৮

চনত ২,১৭০ জন

[Box on page 4]

প্ৰচাৰক সংখ্যা:

আগষ্ট ১৯৯৯ চনত

২১,২১২ জন

[Box on page 5]

স্মৰণীয় পৰ্বৰ উপস্থিতি

১৯৯৯ চনত:

৪৭,০৮১ জন

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক