এপ্ৰিল মাহ—‘কঠোৰ পৰিশ্ৰম আৰু যত্ন’ কৰাৰ সময়
১ যিহোৱাৰ লোকসকলৰ বাবে স্মৰণীয় পৰ্বৰ মাহটো হৈছে এক বিশেষভাৱে ধ্যান কৰিবলগীয়া সময়। যীচুৰ মৃত্যুৱে যি সম্পন্ন কৰিলে আৰু তেওঁৰ বোৱঁতী তেজে ঈশ্বৰে দিয়া আশাক সকলো মানৱজাতিলৈ সম্ভৱ কৰালে, এই বিষয়ে বিবেচনা কৰিবলৈ এইটোৱেই উত্তম সময়। যেতিয়া আপুনি যোৱা বছৰৰ এপ্ৰিল ১৯ তাৰিখৰ বিষয়ে ভাবে, তেতিয়া আপোনাৰ মনলৈ কি আহে? সেই স্মৰণীয় পৰ্বত উপস্থিত হোৱা লোকসকলৰ সৈতে মূল্যবান আধ্যাত্মিক পৰিৱেশ লাভ কৰা, বাইবেলৰ এক গভীৰ আলোচনা আৰু আন্তৰিক প্ৰাৰ্থনাৰ বিষয়ে আপুনি মনত পেলাব পাৰেনে? আপুনি হয়তো যিহোৱা আৰু যীচুৰ প্ৰতি অধিক প্ৰেম প্ৰতিফলিত কৰিবলৈ দৃঢ়সঙ্কল্প লৈছে। বৰ্তমান সময়ত এনেধৰণৰ ধ্যানে আপোনাক কেনেকৈ প্ৰভাৱিত কৰিছে?
২ এইটো স্পষ্টকৈ প্ৰকাশ পাইছে যে যিহোৱাৰ লোকসকলে তেওঁলোকৰ ধন্যবাদ শব্দৰে প্ৰকাশ কৰাতকৈ কাৰ্য্যৰে অধিক প্ৰকাশ কৰে। (কল. ৩:১৫, ১৭) বিশেষকৈ, যোৱা এপ্ৰিল মাহত, খ্ৰীষ্টান পৰিচৰ্য্যাত আমি নিজকে অধিক সময় ব্যস্ত ৰাখি উদ্ধাৰৰ বাবে যিহোৱাই কৰা প্ৰৱন্ধৰ প্ৰতি কৃতজ্ঞ দেখুৱালোঁ। সহযোগী অগ্ৰগামীসকল শ-শ সংখ্যাত বৃদ্ধি হʼল আৰু ভাৰতত যোৱা বছৰৰ প্ৰচাৰকৰ গড় সংখ্যা অতিক্ৰম কৰি ৩৪ শতাংশলৈ বৃদ্ধি হʼল। সকলো প্ৰচাৰকৰ চেষ্টাৰ ফলস্বৰূপে অধিক ঘন্টা, আলোচনী বিতৰণ আৰু পুনঃ সাক্ষাতৰ নতুন অভিলেখ স্থাপন কৰিলে। হাজাৰ হাজাৰ লোকে বাইবেল অধ্যয়ন কৰিবলৈ ধৰিলে আৰু স্মৰণীয় পৰ্বত উপস্থিত হোৱা লোকৰ সংখ্যা যোৱা বছৰতকৈ অধিক আছিল। ইয়াকে দেখি আমি অধিক আনন্দিত হৈছোঁ!
৩ অৱশ্যে, আমাৰ দৃঢ় আশাই আমাক কাৰ্য্য কৰিবলৈ উৎসাহিত কৰে। এই কাৰণে এই আশাৰ বিষয়ে পাঁচনি পৌলে লিখিছিল: “এই আশয়েৰেই আমি পৰিশ্ৰম কৰোঁ আৰু প্ৰাণপণো কৰোঁ। কাৰণ যি ঈশ্বৰ সকলো মানুহৰ, বিশেষকৈ বিশ্বাস কৰাবিলাকৰ ত্ৰাণকৰ্ত্তা হয়, আমি সেই জীৱনময় ঈশ্বৰত ভাৰসা কৰিলোঁ।”—১ তীম. ৪:১০.
৪ এই স্মৰণীয় পৰ্বৰ সময়ত, যিহোৱাই জীৱনৰ বাবে কৰা প্ৰৱন্ধৰ প্ৰতি আপোনাৰ বিশ্বাসক কেনেকৈ প্ৰদৰ্শন কৰি দেখুৱাব? যোৱা এপ্ৰিল মাহত ভাৰতত ৰিপৰ্টত কৰা প্ৰচাৰকৰ সংখ্যা তাৰ আগৰ বছৰবোৰতকৈ বেছি আছিল। এই ক্ষেত্ৰত ভাৰতত দ্বিতীয়বাৰৰ বাবে বেছি সংখ্যক প্ৰচাৰকে ৰিপৰ্ট কৰিছিল। এই বছৰৰ এপ্ৰিল মাহত আমি তাতোতকৈও অধিক বৃদ্ধি হʼব বুলি আশা কৰিব পাৰোঁনে? এই লক্ষ্যত উপনীত হোৱাটো কোনো অসম্ভৱ নহয়। ইয়াৰ বাবে সকলো বাপ্তিষ্মা লোৱা আৰু বাপ্তিষ্মা নোলোৱা প্ৰচাৰকে উৎসাহেৰে ভাগ লোৱা আৱশ্যক। তদুপৰি বহুতো নতুন ব্যক্তিয়ে প্ৰচাৰক হোৱাৰ বাবে উপযুক্ত হৈছে। এপ্ৰিল মাহত যেনেকৈ আপুনি কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টা কৰিবলৈ আচঁনি তৈয়াৰ কৰে, আপোনাৰ সৈতে কাৰ্য্য কৰিবলৈ নতুন ব্যক্তি আৰু কম অনুভৱী ব্যক্তিসকলক উৎসাহিত কৰা বিষয়বোৰকো বিবেচনা কৰিব পাৰে।
৫ প্ৰচাৰ কাৰ্য্যত পুনৰ ভাগ লʼবলৈ উৎসাহিত কৰক: যদি আপুনি এনে কিছুমান ব্যক্তিক জানে যিসকলে এমাহ বা দুমাহৰ পৰা প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ বন্ধ কৰিছে, হয়তো আপুনি তেওঁলোকক উৎসাহিত কৰিব পাৰে আৰু প্ৰচাৰ কাৰ্য্যত আপোনাৰ সৈতে কাৰ্য্য কৰিবলৈ তেওঁলোকক আমন্ত্ৰণ কৰিব পাৰে। যদি মণ্ডলীত কিছুমান ব্যক্তিয়ে নিষ্ক্ৰিয় হৈ পৰে, তেনেহʼলে প্ৰাচীনসকলে তেওঁলোকক সাক্ষাৎ কৰি এপ্ৰিল মাহত পুনৰ প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ উৎসাহিত কৰিবলৈ প্ৰচেষ্টা কৰিব পাৰে।
৬ ঈশ্বৰৰ সেৱাত আমি শক্তিশালী হʼবলৈ আমাৰ সকলোৱে যিহোৱাৰ আত্মাৰ বাবে একেৰাহে প্ৰাৰ্থনা কৰাৰ আৱশ্যক। (লূক ১১:১৩) সেই আত্মাক গ্ৰহণ কৰিবলৈ আমি কি কৰা আৱশ্যক? ঈশ্বৰ প্ৰেৰিত বাক্যক পঢ়া আৱশ্যক। (২ তীম. ৩:১৬, ১৭) ইয়াৰ ওপৰিও আমি সপ্তাহৰ পাঁচখন সভাত উপস্থিত হৈ “মণ্ডলীবিলাকলৈ আত্মাই যি কথা কৈছে” তাক আমি শুনা আৱশ্যক। (প্ৰকা. ৩:৬) অনিয়মিত আৰু নিষ্ক্ৰিয় হৈ পৰা লোকসকলক তেওঁলোকৰ ব্যক্তিগত অধ্যয়নৰ অভ্যাস বৃদ্ধি আৰু সভাবোৰত নিয়মীয়াকৈ উপস্থিত হʼবলৈ, তেওঁলোকে দৃঢ় সঙ্কল্প লোৱাত সহায় কৰিবলৈ এইয়াই হৈছে উপযুক্ত সময়। (গীত. ৫০:২৩) গতিকে আমাৰ নিজ আধ্যাত্মিক কল্যাণৰ প্ৰতি সজাগে থাকি আমি এইদৰে কাৰ্য্য কৰিম। তথাপিও আমি আৰু অধিক কৰাৰ আৱশ্যকতা আছে।
৭ ইয়াৰ বিষয়ে পাঁচনি পিতৰে বৰ্ণনা কৰি কৈছিলে যে ‘যিসকলে শাসনকৰ্ত্তাৰূপে ঈশ্বৰৰ আজ্ঞা পালন কৰে’ তেওঁলোকক ঈশ্বৰে পবিত্ৰ আত্মা দিয়ে। (পাঁচ. ৫:৩২) এই আজ্ঞাকাৰীতাত সন্মিলিত আছে “জনসাধাৰণৰ আগত ঘোষণা কৰিবলৈ আৰু সাক্ষ্য দিবলৈ” কোৱা আজ্ঞাক পালন কৰা। (পাঁচ. ১:৮; ১০:৪২) যদিও এইটো সঁচা যে আমাক প্ৰচাৰ কাৰ্য্যত শক্তিশালী কৰিবলৈ ঈশ্বৰৰ আত্মাৰ আৱশ্যক, কিন্তু তথাপিও যেতিয়া আমি যিহোৱাক সন্তোষ্ট কৰিবলৈ আমাৰ ইচ্ছাক প্ৰদৰ্শন কৰোঁ, সেই সময়ত তেওঁ আগতকৈও অধিকৰূপে আমাক সহায় কৰে। আঁহক আমি আজ্ঞাকাৰী হʼবলৈ লোৱা গুৰুত্বপূৰ্ণ পদক্ষেপৰ প্ৰতি কেতিয়াও অৱেহেলা নকৰোঁহঁক!
৮ কণ-কণ লʼৰা-ছোৱালীবোৰক সহায় কৰক: পিতৃ-মাতৃসকলে কেতিয়াবা অনুভৱ কৰিছেনে যে আপোনাৰ লʼৰা-ছোৱালীয়েও আনক সত্যৰ বিষয়ে কʼব বিচাৰে? তেওঁলোকক প্ৰচাৰ ক্ষেত্ৰত আপোনাৰ সৈতে নিছেনে? তেওঁলোকৰ আচাৰ-ব্যৱহাৰ আদৰ্শনীয় নে? যদি আদৰ্শনীয়, তেনেহʼলে কিয় তেওঁলোকক আপোনাৰ সৈতে প্ৰচাৰ কাৰ্য্যত নিবলৈ সংকোচ কৰিছে? মণ্ডলীৰ সেৱা সমিতিৰ কোনো এজন সদস্যক ইয়াৰ বিষয়ে জনাওঁক যাতে আপোনাৰ লʼৰা-ছোৱালীয়েও এপ্ৰিল মাহত প্ৰচাৰকৰূপে কাৰ্য্য কৰিবলৈ উপযুক্ত হয় নে নহয় তাক লক্ষ্য কৰিব পাৰে। (আমাৰ পৰিচৰ্য্যা কিতাপৰ ৯৯-১০০ পৃষ্ঠা চাওঁক।) আপোনাৰ লʼৰা-ছোৱালীয়ে যাতে স্মৰণীয় পৰ্বৰ সময়ছোৱাত যিহোৱাক বৃহতৰূপে স্তুত্তি কৰিব পাৰে তাৰ প্ৰতি বিবেচনা কৰক।—মথি ২১:১৫, ১৬.
৯ আমেৰিকা যুক্তৰাষ্ট্ৰৰ জৰ্জিয়া নামৰ ঠাইত এগৰাকী খ্ৰীষ্টান মাতৃয়ে আনৰ সৈতে যিহোৱাৰ বিষয়ে কʼবলৈ নিজৰ কণমাণি জীয়েকক সকলো সময়তে উৎসাহিত কৰিছিল। যোৱা বছৰত, যেতিয়া তাই নিজ মাকৰ সৈতে প্ৰচাৰ ক্ষেত্ৰলৈ গৈছিল, সেই সময়ত তাই এজন ব্যক্তিক বিচাৰে ব্ৰচাৰখন দিয়ে আৰু চমুকৈ তাত থকা তালিকাখনৰ বিষয়ে বুজায়। তেতিয়া সেই ব্যক্তিজনে তাইক সুধিলে: “তোমাৰ বয়স কিমান?” তাই কʼলে: “সাত বছৰ।” এই সাত বছৰীয়া কণমাণি ছোৱালীজনীয়ে তেনেধৰণৰ গভীৰ বিষয়ৰ সমন্ধে আলোচনা কৰাৰ বাবে অতি আচৰিত হয়। দৰাচলতে সৰু কালৰ সময়ত সেই ব্যক্তিজনে যিহোৱাৰ সাক্ষীসকলৰ সৈতে সঙ্গতি কৰিছিল, কিন্তু তেওঁলোকৰ কথাবোৰ কেতিয়াও নিজৰ জীৱনত গভীৰৰূপে লোৱা নাছিল। অতি সোনকালে সেই ব্যক্তিজন, তেওঁৰ স্ত্ৰী আৰু জীয়েকৰ সৈতে বাইবেল অধ্যয়ন আৰম্ভ কৰিলে।
১০ এনেধৰণৰ বহুতো কণ-কণ লʼৰা-ছোৱালী ইতিমধ্যেই প্ৰচাৰক আৰু আমাৰ সৈতে প্ৰচাৰ কাৰ্য্যত ভাগ লৈছে, আমি তেওঁলোকক দেখি অতি আনন্দিত হৈছোঁ। এই লʼৰা-ছোৱালীবিলাকে নিজৰ সমনীয়া লʼৰা-ছোৱালীক প্ৰেৰিত আৰু উৎসাহিত কৰিব পাৰে। যিহেতু সকলো পৰিয়ালে একেলগে ঈশ্বৰলৈ পবিত্ৰ সেৱা আগবঢ়াই নিজৰ পৰিয়ালৰ বন্ধন আৰু আধ্যাত্মিক অৱস্থা কটকটীয়া কৰি তুলিবলৈ এপ্ৰিল মাহটোৱেই হৈছে এটা সুন্দৰ সুযোগ। এই কাৰ্য্যৰ বাবে পৰিয়ালৰ মূখীয়ালে আগভাগ লোৱা উচিত।—হিতো. ২৪:২৭.
১১ নতুন ব্যক্তিসকলক সহায় কৰক: যিসকলৰ সৈতে আপুনি বাইবেল অধ্যয়ন কৰিছে আপুনি তেওঁলোকক কেনেকৈ সহায় কৰিব পাৰে? তেওঁলোকে এপ্ৰিল মাহত এক বিশেষ অৱদান আগবঢ়াবনে? হয়তো তেওঁলোকে জ্ঞান কিতাপৰ ২ অধ্যায়ৰ ২২ অনুচ্ছেদ বা ১১ অধ্যায়ৰ ১৪ অনুচ্ছেদটো আপোনাৰ সৈতে শিকাৰ পাছত আনক সেই বিষয়ে কবলৈ ইচ্ছুক হʼব পাৰে। যদি আপুনি কিতাপখনৰ শেষ অধ্যায়ৰ কাষ চাপিছে, তেনেহʼলে এই কিতাপখনৰ ১৮ অধ্যায়ৰ ৮ অনুচ্ছেদটো তেওঁৰ সৈতে আলোচনা কৰিবলৈ ভালকৈ তৈয়াৰী কৰক। কিয়নো সেই অনুচ্ছেদটোত কোৱা হৈছে: “সম্ভৱতঃ আপুনি আপোনাৰ সম্বন্ধীয় লোকক, বন্ধু-বান্ধৱক, আৰু আনসকলক, আপুনি যি শিকি আছে তাৰ বিষয়ে কবলৈ আগ্ৰহী। প্ৰকৃততে, আপুনি হয়তো ইতিমধ্যে তাকেই কৰিছে, যিদৰে যীচুৱে যিকোনো পৰিস্থিতিত শুভবাৰ্ত্তা প্ৰচাৰ কৰিছিল। (লূক ১০:৩৮, ৩৯; যোহন ৪:৬-১৫) এতিয়া হয়তো আপুনি আৰু অধিক কৰিবলৈ বিচাৰিব।” এতেকে যাৰ লগত অধ্যয়ন কৰিছে তেৱোঁ সেই একেইভাৱে কাৰাটো বিচাৰনে?
১২ আপোনাৰ সৈতে অধ্যয়ন কৰা বিদ্যাৰ্থীয়ে ঈশ্বৰৰ বাক্যক বিশ্বাস কৰেনে? তেওঁ বাইবেলৰ সিদ্ধান্তসমূহৰ অনুসাৰে চলেনে? তেওঁ ঈশ্বৰীয় স্তৰৰ অনুসাৰে জীৱন-যাপন কৰেনে? তেওঁ মণ্ডলীৰ সভাসমূহত নিয়মীয়াকৈ উপস্থিত হয়নে? তেওঁ এজন যিহোৱাৰ সেৱক হʼব বিচাৰেনে? যদি তেওঁ বাপ্তিষ্মাপ্ৰাপ্ত নোহোৱা প্ৰচাৰক হʼবৰ বাবে উপযুক্ত হৈছে, তেনেহʼলে এপ্ৰিল মাহত এজন বাপ্তিষ্মাপ্ৰাপ্ত নোহোৱা প্ৰচাৰক হʼবলৈ তেওঁৰ ইচ্ছাৰ বিষয়ে প্ৰাচীনক জনাবলৈ তেওঁক কিয় উৎসাহিত নকৰে? (আমাৰ পৰিচৰ্য্যা নামৰ কিতাপখনৰ ৯৭-৯৯ পৃষ্ঠা চাওঁক।) যিহোৱাৰ সংগঠনে যে ঈশ্বৰক সেৱা কৰিবলৈ তেওঁক সহায় কৰে তাক তেওঁ পোনচাটেই অনুভৱ কৰিব পাৰিব।
১৩ এইটো সঁচা যে কিছুমান বিদ্যাৰ্থীয়ে খৰকৈ প্ৰগতি কৰিব পাৰে। যিসকল আগ্ৰহী কিন্তু অতিৰিক্ত সহায়ৰ আৱশ্যক আছে, তেনেহʼলে ২০০০ চনৰ জুন মাহৰ আমাৰ ৰাজ্য পৰিচৰ্য্যা ৪ পৃষ্ঠাৰ ৫-৬ অনুচ্ছেদত দিয়া পৰামৰ্শ অনুসাৰে তেওঁলোকৰ সৈতে দ্বিতীয়খন কিতাপ অধ্যয়ন কৰিব পাৰে। এতেকে ‘অলপ সময় হওঁক, বা বহু সময় হওঁক’ আমি তেনে সৰল মনৰ বিদ্যাৰ্থীসকলক উন্নতি কৰাত সহায় কৰি যীচুৰ দিয়া আজ্ঞা অনুসাৰে শিষ্য বনোৱাৰ চেষ্টাক ত্যাগ কৰাটো উচিত নহয়। (পাঁচনিৰ কৰ্ম্ম ২৬:২৯) যদি তেনে বিদ্যাৰ্থীসকলৰ সৈতে বহু মাহ অৰ্থাৎ “বহু সময়” ধৰি অধ্যয়ন কৰা হৈছে, তেনেহʼলে যীচুৱে দিয়া বলিদানৰ প্ৰতি গভীৰভাৱে প্ৰশংসা দেখুৱাবলৈ তেওঁলোকক এই বছৰৰ স্মৰণীয় পৰ্বত উপস্থিত হʼবলৈ কোৱাতো উত্তম নহʼব নে?
১৪ প্ৰচাৰ কাৰ্য্যত ভাগ লবলৈ কেনেকৈ সহায় কৰিব পাৰি: প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ যীচুৱে কেনেকৈ আনক সহায় কৰিছিল, এই বিষয়ে আমি বহুতো কথা শিকিলোঁ। গতিকে আমিও যীচুৰ দৰে উপযুক্ত বিদ্যাৰ্থীসকলক প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ সহায় কৰিব পাৰোঁ। যীচুৱে তেওঁৰ শিষ্যসকলক লোকসমূহক দেখা মাত্ৰকে প্ৰচাৰ কাৰ্য্য আৰম্ভ কৰিবলৈ শিকোৱা নাছিল। সৰ্ব্বপ্ৰথমে, প্ৰচাৰ কাৰ্য্যৰ প্ৰতি থকা আৱশ্যকতাসমূহ, নম্ৰপূৰ্বক মনোবৃত্তি আৰু আৱশ্যকীয় প্ৰবন্ধ: যেনে, এজন সঙ্গী, প্ৰচাৰ কৰিবলৈ নিযুক্তি এলেকা আৰু প্ৰচাৰত কেনে শুভবাৰ্ত্তা কোৱা উচিত, এই বিষয়ে তেওঁ শিষ্যসকলক শিকাইছিল। (মথি ৯:৩৫-৩৮; ১০:৫-৭; মাৰ্ক ৬:৭; লূক ৯:২, ৬) আপুনিও সেই একেইদৰে কৰিব পাৰে। আপুনি হয়তো নিজৰ লʼৰা-ছোৱালী, নতুন বিদ্যাৰ্থী বা যিসকলে অলপ সময়ৰ বাবে প্ৰচাৰ কাৰ্য্যৰ ৰিপৰ্ট দিয়া নাই তেওঁলোকলৈ বিশেষভাৱে সহায় আগবঢ়াব পাৰে।
১৫ আৱশ্যকতাবোৰক স্পষ্টকৈ প্ৰকাশ কৰক: প্ৰচাৰ কাৰ্য্যৰ প্ৰতি থকা গভীৰ দায়ীত্বসমূহৰ বিষয়ে স্পষ্টকৈ বিদ্যাৰ্থীজনক কওঁক। এই বিষয়ে কওঁতে বিৰক্ত কৰাকৈ নহয়, কিন্তু মৰমেৰে কোৱা আৱশ্যক। আন মণ্ডলীবোৰে কেনেকৈ প্ৰচাৰ কাৰ্য্যক সম্পন্ন কৰিছে, এই বিষয়ে কিছুমান উদাহৰণ বিদ্যাৰ্থীজনক কওঁক। মথি ৯:৩৬-৩৮ পদত প্ৰচাৰ কাৰ্য্যৰ প্ৰতি যীচুৱে দেখুৱা উদ্যমৰ অনুসাৰে কাৰ্য্য কৰক। ভৱিষ্যতে প্ৰচাৰক হʼবলগীয়া বা নিৰুৎসাহিত হোৱা ব্যক্তিসকলক উৎসাহিত কৰি তেওঁলোকক ব্যক্তিগতভাৱে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰি কবলৈ কওঁক যে যাতে তেওঁলোকেও বিশ্বজুৰি কৰা প্ৰচাৰ কাৰ্য্যত সফলতাৰে ভাগ লʼব পাৰে।
১৬ ব্যক্তিজনক বিভিন্ন সুযোগত প্ৰচাৰ কৰাৰ বিষয়ে চিন্তা কৰিবলৈ উৎসাহিত কৰক: পুস্তক অধ্যয়নৰ গ্ৰুপৰ সৈতে ঘৰে-ঘৰে প্ৰচাৰ কাৰ্য্যত ভাগ লোৱাৰ সুযোগৰ বিষয়ে উল্লেখ কৰক। ইয়াৰ ওপৰিও পৰিয়ালৰ আন সদস্যসকল, সহকৰ্ম্মী বা সহপাঠীসকলৰ সৈতে জিৰণীৰ সময়ত প্ৰচাৰ কৰা অথবা যাত্ৰা কৰোঁতে সহযাত্ৰীসকলৰ সৈতে প্ৰচাৰ কৰা। এনেবোৰ সুযোগত প্ৰচাৰ কৰিবলৈ আগভাগ লৈ উত্তমৰূপে সাক্ষী দিব পাৰি। বাস্তৱতে এনে বহুতো সুযোগ আছে, যিবোৰত “দিনে দিনে” আমি লাভ কৰা আশাৰ বিষয়ে প্ৰচাৰ কৰিব পাৰি।—গীতমালা ৯৬:২, ৩.
১৭ গতিকে এই পৰামৰ্শসমূহক পালন কৰি বিনাপলমে আপুনি নতুন প্ৰচাৰকসকলৰ সৈতে একেলগে ঘৰে-ঘৰে প্ৰচাৰ কাৰ্য্য কৰক। যদি আপুনি এপ্ৰিল মাহত অধিকৈ প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ লক্ষ্য ৰাখিছে, তেনেহʼলে প্ৰচাৰ এলেকাবোৰক চোৱা-চিতা কৰা ভাইৰ পৰা প্ৰচাৰৰ বাবে সুবিধাজনক এলেকাৰ বিষয়ে সুধিব পাৰে। যদি তেওঁ কোনো এলেকা দিয়ে তেনেহʼলে তাত সম্পূৰ্ণকৈ প্ৰচাৰ কাৰ্য্য সম্পন্ন কৰিবলৈ চেষ্টা কৰক। উদাহৰণস্বৰূপে, আপুনি প্ৰচাৰ কাৰ্য্য শেষ কৰি ঘূৰি আহোঁতে বা ৰাজ্যগৃহলৈ সভাৰ বাবে যাওঁতে অথবা আন ঠাইলৈ যাত্ৰা কৰোঁতে এনে কিছুমান ঘৰ দেখিবলৈ পায় যিবোৰত আগতে কোনো ব্যক্তি নাছিল নতুবা তাৰ গৃহস্থই আপোনাৰ বাৰ্ত্তাৰ প্ৰতি আগ্ৰহী দেখুৱাইছিল। যদি সম্ভৱ হয়, তেনে ঘৰবিলাকত ক্ষন্তেকৰ বাবে সাক্ষাৎ কৰক। ইয়ে আপোনালৈ প্ৰচাৰ কাৰ্য্যক সম্পন্ন কৰা আনন্দ কঢ়িয়াই আনিব।
১৮ এক হৃদয়স্পৰ্শী বাৰ্ত্তাৰ সৈতে তৈয়াৰী কৰক: যদি নতুন প্ৰচাৰক বা দীৰ্ঘসময়ৰ লৈকে প্ৰচাৰ কাৰ্য্যত ভাগ নোলোৱা ব্যক্তিয়ে প্ৰচাৰ কৰিবলৈ আগ্ৰহ কৰে, তেনেহʼলে তেওঁৰ বিষয়ে মন কৰিবলগীয়া কথা হৈছে তেওঁ ৰাজ্যৰ বাৰ্ত্তা প্ৰচাৰ কৰিবলৈ তেওঁৰ উৎসাহ, আনটো হৈছে তেওঁ কি বিষয়ে কথা-বতৰা পাতিব তাৰ প্ৰতি তেওঁ দৃঢ়বিশ্বাসী হয়নে। এজন নতুন প্ৰচাৰক বা বহু সময় ধৰি প্ৰচাৰ নকৰা ব্যক্তিয়ে প্ৰচাৰ কাৰ্য্যৰ বাবে প্ৰস্তুত কৰিবলৈ অধিক সময় ব্যয় কৰা প্ৰয়োজন। যদিও তেওঁলোকে সেৱা সভা আৰু পৰিচৰ্য্যা সভাৰ পৰা অৰ্থপূৰ্ণ সহায় লাভ কৰিব, কিন্তু তথাপিও তেওঁলোকক ব্যক্তিগতভাৱে সহায় কৰাটো আৱশ্যক।
১৯ নতুন ব্যক্তিসকলক প্ৰচাৰ কাৰ্য্যৰ বাবে কেনেকৈ প্ৰস্তুত কৰিব পাৰি? আলোচনী প্ৰদৰ্শন কৰি চমুকৈ বৰ্ণনা কৰাৰ দ্বাৰা প্ৰচাৰ কাৰ্য্য আৰম্ভ কৰিব পাৰি! তেওঁলোকে প্ৰচাৰ ক্ষেত্ৰত কʼবলগীয়া বাৰ্ত্তাটোৰ বিষয়ে সোধক আৰু চলিত কোনো আলোচনীৰ পৰা কোনো ঘটনাৰ বিষয়ে কʼবলৈ কওঁক। প্ৰচাৰকজনে কʼবলগীয়া বিষয়সমূহক একেলগে অভ্যাস কৰক আৰু বিনা কোনো পলমে সেই বিষয়বোৰক প্ৰচাৰ কাৰ্য্যত প্ৰয়োগ কৰক।
২০ ভৱিষ্যতৰ বৃদ্ধিৰ বাবে এতিয়াৰে পৰা আমাৰ বিদ্যাৰ্থীসকলক উন্নত কৰা উচিত: যোৱা বছৰ গোটেই বিশ্বৰ স্মৰণীয় পৰ্বত উপস্থিত হোৱা সংখ্যা ১৪৮ লাখতকৈ অধিক আছিল। প্ৰচাৰকৰূপে যিসকলে ৰিপৰ্ট দিছিল তেওঁলোকৰ সংখ্যা মাত্ৰ ৬০ লাখতকৈ অলপহে বেছি আছিল। ইয়াৰ অৰ্থ হৈছে প্ৰায় ৮৮ লাখ জন এনে লোক আছে যিসকলে কম-বেছি পৰিমাণে আগ্ৰহী হোৱাৰ বাবে সেই বিশেষ কাৰ্য্যক্ৰমত উপস্থিত হৈছিল আৰু যʼত তেওঁলোকে বাইবেলৰ এক মূখ্য শিক্ষাৰ বিষয়ে শিকিলে। তেওঁলোকৰে ভিতৰত কিছুমানক আমি ব্যক্তিগতৰূপে জানিব পাৰিলোঁ, যাৰ বাবে তেওঁলোকে হয়তো অধিকৈ প্ৰভাৱিত হʼল। কিছুমান লোকে আমাৰ বিষয়ে ভাল মন্তব্য দিলে, বিশ্বজুৰি কৰা কাৰ্য্যৰ বাবে দান দিলে আৰু আনৰ আগত আমাৰ সপক্ষে কʼলে। এই বৃহৎ সংখ্যাই প্ৰকাশ কৰে যে তেওঁলোকে ভৱিষ্যতে সাক্ষী হʼব। তেনেহʼলে তেওঁলোকে উন্নতি কৰিবলৈ আমি তেওঁলোকক কেনেকৈ সহায় কৰিব পাৰোঁ?
২১ স্মৰণীয় পৰ্বত অহা বেছিভাগ লোকে আমাৰ কোনোবাই নিজে গৈ আমন্ত্ৰণ কৰাৰ পাছতহে আহে। ইয়াৰ অৰ্থ হৈছে তেওঁলোকে আমাৰ এজনক নিশ্চয়ে চিনি পায়। যেতিয়া কোনো ব্যক্তি আমাৰ দ্বাৰা আমন্ত্ৰিত হয়, তেনেহʼলে আমাৰ দায়ীত্ব এইটো যে আমি তেওঁলোকক আদৰণী জনোৱা আৰু সহায় কৰা আৱশ্যক যাতে তেওঁলোকে কাৰ্য্যক্ৰমৰ পৰা পূৰ্ণৰূপে লাভৱান হʼব পাৰে। যিহেতু সেই সময়ত ৰাজ্যগৃহত অধিক ভীৰ হʼব পাৰে, গতিকে আপুনি তেওঁলোকক আসন বিচাৰি পোৱাত সহায় কৰা উচিত। আপুনি তেওঁক এখন বাইবেল দিয়ক আৰু আপোনাৰ সৈতে গীত গাবলৈ আমন্ত্ৰণ কৰক। তেওঁ যি প্ৰশ্ন সুধে তাৰ উত্তৰ দিয়ক। যদি আপুনি ব্যক্তিগতভাৱে তেওঁত আগ্ৰহ প্ৰকাশ কৰে, তেনেহʼলে তেৱোঁ সত্যৰ প্ৰতি আগ্ৰহী হʼব পাৰে। নিঃসন্দেহ, এইটো আমাৰ সকলোৰে দায়ীত্ব যে যদি কোনো নতুন ব্যক্তি স্মৰণীয় পৰ্বত উপস্থিত হয়, তেনেহʼলে আমি তেওঁৰ ওচৰলৈ গৈ তেওঁক আদৰণী জনোৱা আৰু তেওঁৰ সৈতে কথা-বতৰা হৈ পৰিচিত হোৱা আৱশ্যক।
২২ স্মৰণীয় পৰ্বত উপস্থিত হলে ব্যক্তিজনৰ বিচাৰ-ধাৰাত বিশেষৰূপে প্ৰভাৱিত কৰিব। তেওঁ সভাত উপস্থিত হোৱাটো এইটো নিৰ্দ্দেশিত কৰে যে তেওঁ এনেধৰণৰ বিষয় বিচাৰি আছে যিটো তেওঁ আন কোনো ঠাইত পোৱা নাই। সেইবাবে আমি যি কওঁ, তেওঁ তাক বিবেচনা কৰে আৰু অধিকৈ পৰীক্ষা কৰিব বিচাৰে। ইয়াৰ ওপৰিও, যেতিয়া মুক্তিপণৰ দ্বাৰা সম্বভৱ হোৱা আচৰিত ব্যৱস্থাৰ বিষয়ে বৰ্ণনা কৰা হয়, সেইসময়ত তেওঁৰ বাবে সেইবোৰ একেবাৰে নতুন বিষয়, কিয়নো তেতিয়ালৈকে তেওঁ যিহোৱাৰ অসীম প্ৰেমৰ বিষয়ে নাজানে। তেওঁ সঁচাকৈ জানি পাব যে আমি কিমান ভিন্ন—নিস্বাৰ্থ, বন্ধুত্বভাৱ ৰাখো, প্ৰেমময় আৰু আনক সন্মান কৰোঁ। তেওঁ গীৰ্জাবোৰত দেখিছে যে সেইবোৰত মূৰ্ত্তি থাকে আৰু কোনো উদ্দেশ্য নোহোৱাকৈ ৰীতি-নিয়মক পালন কৰা হয়, কিন্তু ইয়াত তেওঁ আমাৰ গৃহত তেনেধৰণ কোনো কাৰ্য্য দেখা পোৱা নায়। নিঃসন্দেহ, তেওঁলোকে এইটো লক্ষ্য কৰে যে এই পৰ্বত সকলো জাতিৰ লোক আছে আৰু ইয়াত লোকসকলৰ ওচৰলৈ গৈ দান সংগ্ৰহ কৰা নহয়। যেতিয়া তেওঁলোকে এইবোৰ দেখিব তেওঁলোকে সভাবোৰত পুনৰ আহিবলৈ গভীৰৰূপে প্ৰভাৱিত হʼব।
২৩ স্মৰণীয় পৰ্বৰ পাছত কোনোবা এজনে উপস্থিত হোৱা নতুন ব্যক্তিসকলক মনোযোগ দিয়া আৱশ্যক যে যিসকল নতুন ব্যক্তি স্মৰণীয় পৰ্বত আহিছে তেওঁলোকক যাতে পুনৰ সাক্ষাৎ কৰিব পাৰে। যদি আপুনি কোনো নতুন ব্যক্তিক স্মৰণীয় পৰ্বলৈ নিমন্ত্ৰণ দিছে তেনেহʼলে এইটো আপোনাৰ বিশেষ দায়ীত্ব। নতুন ব্যক্তিসকলে যোৱাৰ আগতে তেওঁলোকক কওঁক যে ৰাজ্যগৃহত আন আন সভাবোৰো পৰিচলনা কৰা হয়। হʼবলগা জন-ভাষণৰ বিষয়ে তেওঁক কওঁক। তেওঁলোকৰ ঘৰৰ ওচৰত থকা পুস্তক অধ্যয়নৰ স্থান আৰু সময়ৰ বিষয়ে কওঁক। পাছত, তেওঁক সৃষ্টিকৰ্ত্তা কিতাপৰ এখন কপি দিয়ক আৰু কওঁক যে এপ্ৰিল ৩০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহৰ আলোচনাৰ বিষয় হৈছে, “আপুনি এই কিতাপখনৰ পৰা সৃষ্টিকৰ্ত্তাৰ বিষয়ে কি শিকিব পাৰে?” মণ্ডলীৰ সকলোৱে হʼবলগা চাৰ্কিট বা এদিনীয়া বিশেষ সন্মিলনত উপস্থিত থাকিবলৈ এতিয়াৰে পৰা কিয় পৰিকল্পনা কৰিছে তাৰ বিষয়েও বুজাই কওঁক।
২৪ আন্তৰিকতাৰে তেওঁলোকৰ ঘৰলৈ গৈ সাক্ষাৎ কৰিবলৈ ব্যৱস্থা কৰক। তেওঁলোকৰ ওচৰত বিচাৰে ব্ৰচাৰ আৰু জ্ঞান কিতাপখন আছে নে নাই তাক নিশ্চিত কৰক। ইয়ে তেওঁলোকক বাইবেলৰ মূল শিক্ষাৰ সৈতে পৰিচিত হোৱাত সহায় কৰিব। যদি তেওঁলোকে এতিয়ালৈকে ইয়াক অধ্যয়ন কৰা নাই তেনেহʼলে বাইবেলৰ অধ্যয়নৰ বিষয়ে কওঁক। তেওঁলোকক যিহোৱাৰ সাক্ষী (ইংৰাজী) ব্ৰচাৰখন পঢ়িবলৈ দিয়ক যʼত স্পষ্টৰূপে বুজোৱা হৈছে যে আমাৰ সংগঠনে কিদৰে কাৰ্য্য পৰিচালনা কৰে। তেওঁলোকক আমাৰ সংস্থাই প্ৰকাশ কৰা “আৱাৰ হল’ এচোচিয়েশ্বন অৱ ব্ৰাডাৰচ্” নামৰ ভিডিঅ কেছেটখন চাবলৈ নিমন্ত্ৰণ কৰক। মণ্ডলীৰ আন লোকসকলৰ সৈতে চিনাকি হʼবলৈ ব্যৱস্থা কৰক। যেতিয়া পৰিব্ৰাজক অধক্ষই (চাৰ্কিট ওভাৰচিয়াৰ) মণ্ডলীক সাক্ষাৎ কৰিবলৈ আহে সেই সময়ত তেওঁলোকক সভালৈ বা জিলা অধিৱেশন উপস্থিত হʼবলৈ আমন্ত্ৰণ কৰক। তেওঁলোকক সুযোগ দিয়ক, যাতে তেওঁলোকে প্ৰকাশ কৰিব পাৰে যে তেওঁলোকেও “অনন্ত জীৱন পাবলৈ নিৰূপিত।”—পাঁচ. ১৩:৪৮.
২৫ প্ৰাচীনসকলে কি কৰিব পাৰে: এপ্ৰিল মাহত বৃহতৰূপে প্ৰচাৰ কাৰ্য্যত সফলতা লাভ কৰিবলৈ সকলোৰে কঠোৰ পৰিশ্ৰমৰ ওপৰত নিৰ্ভৰ কৰে। যদি আপুনি এজন পুস্তক অধ্যয়নৰ পৰিচালক তেনেহʼলে এনেধৰণৰ কাৰ্য্যৰ সূচী তৈয়াৰ কৰক যʼত আপোনাৰ পুস্তক অধ্যয়নৰ গ্ৰুপত থকা প্ৰত্যেক ব্যক্তিয়ে বিশেষ প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ সহায় পায়। আপোনাৰ গ্ৰুপত কণ-কণ লʼৰা-ছোৱালী, নতুন ব্যক্তি, অনিয়মিত বা নিষ্ক্ৰিয় হৈ পৰা কোনো ব্যক্তি আছেনে? পিতৃ-মাতৃ, অগ্ৰগামী বা অন্য প্ৰচাৰকসকলে তেওঁলোকক সহায় কৰিবলৈ আগভাগ লৈছে নে নাই তাৰ প্ৰতি মনোযোগ দিয়ক। যিমান সম্ভৱ আপুনি ব্যক্তিগতভাৱে সহায় কৰিবলৈ চেষ্টা কৰক। উদাহৰণস্বৰূপে, প্ৰচাৰ কাৰ্য্যত দুবছৰ ধৰি অনিয়মিত হৈ থকা এগৰাকী ভনীয়ে যোৱা এপ্ৰিল মাহত ৫০ ঘন্টাতকৈ অধিক সময় প্ৰচাৰ কাৰ্য্যত ব্যয় কৰে। কিহে তাইক এইদৰে কৰিবলৈ সহায় কৰিলে? তাই কৈছিল যে প্ৰাচীনসকলৰ উৎসাহজনক সাক্ষাতে মোক এইদৰে কৰিবলৈ সহায় কৰিলে।
২৬ প্ৰাচীন আৰু সহায়ক সেৱকসকলে এজনে আনজনৰ সৈতে মিলিজুলি কাৰ্য্য কৰা আৱশ্যক আৰু আহিবলগীয়া মাহত সাহিত্য, আলোচনী আৰু যথেষ্ট এলেকা আছে নে নাই তাকো নিশ্চিত কৰা প্ৰয়োজন। ক্ষেত্ৰ সেৱাৰ বাবে কোনো বিশেষ সভা ব্যৱস্থা কৰা হৈছেনে? যদি হৈছে তেনেহʼলে এই বিশেষ সভাবোৰৰ বিষয়ে সকলোকে জনাওঁক। তদুপৰি, যেতিয়া আপুনি মণ্ডলীত বা ব্যক্তিগতভাৱে প্ৰাৰ্থনা কৰে সেই সময়ত প্ৰচাৰ কাৰ্য্যক অধিক বৃদ্ধি কৰাত সহায় বিচাৰি যিহোৱালৈ নিৱেদন কৰিবলৈ যেন নাপাহৰে।—ৰোমী. ১৫:৩০, ৩১; ২ থিচ. ৩:১.
২৭ যোৱা এপ্ৰিল মাহত, উত্তৰ কেৰʼলিনাত থকা এখন মণ্ডলীৰ প্ৰাচীনসকলে প্ৰচাৰ কাৰ্য্যত উৎসাহেৰে ভাগ লবলৈ সঁচাকৈ সকলোকে উৎসাহিত কৰিছিল। প্ৰত্যেক সভাৰ পাছতে তেওঁলোকে প্ৰচাৰকসকলৰ সৈতে সাক্ষাৎ কৰি সহযোগী অগ্ৰগামীৰ বাবে প্ৰাৰ্থনাপূৰ্বক চিন্তা কৰিবলৈ তেওঁলোকৰ সৈতে কথা-বতৰা হয়। সকলো প্ৰাচীন আৰু সহায়ক সেৱকে পূৰ্ণ উৎসাহেৰে এপ্ৰিল মাহত আটাইতকৈ অধিকভাৱে প্ৰচাৰ কাৰ্য্য কৰিবলৈ প্ৰত্যেক সুযোগতে প্ৰচাৰ কৰাৰ বিষয়ে আলোচনা কৰিছিল। পৰিণামস্বৰূপে সেই মাহত ৫৮ শতাংশ প্ৰচাৰকে অগ্ৰগামী সেৱক হিচাপে কাৰ্য্য কৰিলে, যʼত প্ৰাচীন আৰু সহায়ক সেৱকসকলো জড়িত আছিল!
২৮ প্ৰচাৰ কাৰ্য্যত সম্পূৰ্ণৰূপে ভাগ লৈ আনন্দ লাভ কৰা: প্ৰচাৰ কাৰ্য্যত ‘আমি পৰিশ্ৰম আৰু প্ৰাণপণ কৰিলে’ কি আশীৰ্ব্বাদসমূহ পোৱা যায়? (১ তীম. ৪:১০) যোৱা এপ্ৰিল মাহত মন্ডলীয়ে উৎসাহজনক কাৰ্য্য কৰাৰ বিষয়ে উল্লেখ কৰি প্ৰাচীনসকলে এইদৰে লিখিলে: “যেতিয়াৰে পৰা ভাই-ভনীসকলে প্ৰচাৰ কাৰ্য্যত অধিকৰূপে ভাগ লʼবলৈ আৰম্ভ কৰিলে, সেই সময়ৰ পৰা তেওঁলোকে প্ৰায়ে এইধৰণৰ কথা-বতৰা হʼব ধৰিলে যে তেওঁলোকৰ মাজত অধিক প্ৰেম বৃদ্ধি হʼল আৰু তেওঁলোকে এজনে আনজনৰ অতি ঘনিষ্ঠ হৈ পৰিছে।”
২৯ শাৰীৰিকৰূপে পঙ্গু হোৱা এজন যুবা ভাইয়ো যোৱা এপ্ৰিল মাহত কৰা বিশেষ প্ৰচাৰ কাৰ্য্যত পূৰ্ণৰূপে ভাগ লবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। তেওঁ এখন বিবেচনাপূৰ্বক পৰিকল্পনা তৈয়াৰ কৰে। তদুপৰি তেওঁ নিজৰ মাতৃ আৰু আন ভাই-ভনীসকলৰ সহযোগীতা লাভ কৰাৰ বাবে সেই মাহত সহযোগী অগ্ৰগামী হিচাপে সেৱা কৰিবলৈ সক্ষম হʼল। ইয়াৰ পৰা তেওঁ উত্তম প্ৰতিফল পালে। তেওঁ কেনেদৰে অনুভৱ কৰে? তেওঁ এইদৰে কৈছিল: “মোৰ জীৱনত প্ৰথমবাৰৰ বাবে এইদৰে অনুভৱ কৰিলোঁ যে মই শাৰীৰিকভাৱে এজন সক্ষম ব্যক্তি।”
৩০ ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰ কৰিবলৈ আমি যি সন্মান লাভ কৰিছোঁ, যেতিয়া আমি ইয়াৰ প্ৰতি কৃতজ্ঞতা দেখুৱাওঁ সেই সময়ত যিহোৱাই আমাক অৱশ্যেই আশীৰ্ব্বাদ দিব। (গীত. ১৪৫:১১, ১২) যেতিয়া আমি প্ৰভুৰ সন্ধ্যা ভোজনৰ উৎযাপন কৰিম, সেই সময়ত আমি ভালদৰে বুজি পাম যে এনেধৰণৰ ঈশ্বৰীয় ভক্তি দেখুৱাৰ বাবে ভৱিষ্যতে অধিক উত্তম আশীৰ্ব্বাদসমূহ লাভ কৰিব পাৰিম। পাঁচনি পৌলে অনন্ত জীৱনৰ আশীৰ্ব্বাদ প্ৰাপ্ত কৰিবলৈ হাবিয়াহ কৰিছিল। কিন্তু তেওঁ এইটোও জানিছিল যে হাত সাৱটি বহি থাকিলে ইয়াক কেতিয়াও প্ৰাপ্ত কৰিব নোৱাৰি। সেইবাবে তেওঁ লিখিছিল: “তেওঁৰ যি কাৰ্য্য-সাধক শক্তিয়ে মোত পৰাক্ৰমেৰে কাৰ্য্য সাধন কৰিছে, সেই অনুসাৰে তাৰ কাৰণে প্ৰাণপণ কৰি মই পৰিশ্ৰমো কৰিছোঁ।” (কল. ১:২৯) যিহোৱাই যীচুৰ দ্বাৰা পৌলক শক্তি দিছিল যাতে তেওঁ জীৱনৰক্ষক কাৰ্য্য সম্পন্ন কৰিব পাৰে। একেইদৰে বৰ্তমান সময়টো যিহোৱাই আমাক সেই একেই শক্তি প্ৰদান কৰিব পাৰে। তেনেহʼলে আগন্তুক এপ্ৰিল মাহত আপুনি ব্যক্তিগতভাৱে সেইদৰে অনুভৱ কৰিব বিচাৰেনে?
[Box on page 3]
এপ্ৰিল মাহত আপুনি কাক প্ৰকাশক হʼবলৈ
উৎসাহিত কৰিব পাৰে?
নিজৰ লʼৰা-ছোৱালী?
নিজৰ বাইবেল বিদ্যাৰ্থী?
এনেধৰণৰ ব্যক্তি যিজনে নিষ্ক্ৰিয় হৈ পৰিছে?