ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৩/০০ পৃষ্ঠা ২
  • পৰিচৰ্য্যাৰ সভাৰ তালিকা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পৰিচৰ্য্যাৰ সভাৰ তালিকা
  • ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • উপশীৰ্ষক
  • মাৰ্চ ১৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • মাৰ্চ ২০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • মাৰ্চ ২৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • এপ্ৰিল ৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৩/০০ পৃষ্ঠা ২

পৰিচৰ্য্যাৰ সভাৰ তালিকা

মাৰ্চ ১৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১১৮

১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যা-ৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ।

১৫ মি: “আমি শুভবাৰ্ত্তা প্ৰচাৰ কৰোঁ।” এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টো পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক। প্ৰচাৰ ক্ষেত্ৰত জ্ঞান পুস্তকখন বিতৰণ কৰোঁতে, সেই কিতাপখনত দিয়া উপযুক্ত শাস্ত্ৰীয় বচনসমূহৰ উদাহৰণ দিয়ক।

২০ মি: “২০০০ চনৰ এপ্ৰিল মাহক আমাৰ বাবে এক বিশেষ মাহ কৰিব পাৰিমনে?” (অনুচ্ছেদ ১-১১) প্ৰশ্ন আৰু উত্তৰ। মণ্ডলীত বৰ্ত্তমান সহযোগী অগ্ৰগামীসকলৰ গড়ৰ সংখ্যা উল্লেখ কৰক। অগ্ৰগামীসকলে প্ৰচাৰ ক্ষেত্ৰত পোৱা ব্যক্তিগত লাভবোৰ কবলৈ কওঁক যিয়ে তেওঁলোকক প্ৰচাৰ কাৰ্য্য বৃদ্ধি কৰিবলৈ সহায় কৰিছে। ঠিক সেইদৰে এইবছৰৰ এপ্ৰিল মাহতো সহযোগী অগ্ৰগামীসকলৰ নতুন শীৰ্ষ স্থাপন কৰিবলৈ মণ্ডলীৰ সকলোকে উৎসাহিত কৰক। ইয়াৰ যোগ্যতাৰ বাবে আমাৰ পৰিচৰ্য্যা কিতাপখনৰ (ইংৰাজী) ১১৩-১৪ পৃষ্ঠাত থকা পৰিলেখটো পুনৰ আলোচনা কৰক। যিসকল প্ৰচাৰকে সহযোগী অগ্ৰগামী কৰিব বিচাৰে তেওঁলোকে সভাৰ পাছত আৱেদন-পত্ৰ ভৰ্ত্তি কৰিব পাৰে।

গীত ১৮৭ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

মাৰ্চ ২০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ২১

১০ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপৰ্ট।

১৫ মি: “‘মই কি কৰিব পাৰোঁ?’” এজন পুস্তক অধ্যয়নৰ পৰিচালকে এজন বা দুজন পৰিচাৰক সেৱকৰ সৈতে এই বিষয়ে আলোচনা কৰে। কিয়নো বহুতো সীমিতকৰণ থকাৰ বাবে, কিছুমান প্ৰচাৰকে অনুভৱ কৰিব পাৰে যে মণ্ডলীৰ কাৰ্য্য-কলাপত তেওঁলোকে মাত্ৰ অলপেহে অৱদান দিবলৈ সমৰ্থ। মণ্ডলীক শক্তিশালী কৰাত আৰু ৰাজ্যৰ কাৰ্য্যক বৃদ্ধি কৰাত আমাৰ বহুমূল্য অৱদানৰ কিছুমান পথক পুনৰ আলোচনা কৰক। আমি কেনেকৈ প্ৰত্যেকে “এক চুড়ান্ত ৰিপৰ্টতত ভাগীদাৰ” হʼব পাৰোঁ তাৰ বিষয়ে দেখুৱাই আলোচনাৰ বিষয়টো শেষ কৰক।—আমাৰ পৰিচৰ্য্যা (ইংৰাজী) ১০৮-১০ পৃষ্ঠা চাওঁক।

২০ মি: “আমি ২০০০ চনৰ এপ্ৰিল মাহক আমাৰ বাবে এক অৰ্থপূৰ্ণ মাহ কৰিব পাৰিমনে?” (অনুচ্ছেদ ১২-১৮) প্ৰশ্ন আৰু উত্তৰ। ইয়াত, ব্যক্তিগতৰূপে পৰিচিত লোকসকলক কেনেকৈ স্মৰণীয় পৰ্বত আমন্ত্ৰণ কৰিব পাৰি তাৰ বিষয়ে এক চমু প্ৰস্তুতিকৰণ সন্মিলত কৰক। লগতে ২০০০ চনৰ কেলেণ্ডাৰ-ত দিয়া এপ্ৰিল মাহটোক পুনৰ আলোচনা কৰক আৰু প্ৰচাৰ সভাৰ বাবে স্থানীয়ভাৱে তৈয়াৰ কৰা আচঁনিৰ পৰিলেখ কৰক। সেই মাহত যিমান সম্ভৱ হয় প্ৰচাৰ কাৰ্য্যত ভাগ লʼবৰ বাবে ব্যৱহাৰিক তালিকা প্ৰস্তুত কৰিবলৈ মনত পেলাওঁক আৰু এনেদৰে লক্ষ্য ৰাখক যাতে মণ্ডলীৰ ১০০ শতাংশই ভাগ লয়। যিসকলে পাৰে তেওঁলোকক সভাৰ পাছত সহযোগী অগ্ৰগামীৰ বাবে আৱেদন-পত্ৰ লʼবলৈ উৎসাহিত কৰক।

গীত ৬৫ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

মাৰ্চ ২৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১১৯

১০ মি: স্থানীয় ঘোষণাসমূহ। সকলোকে মাৰ্চ মাহৰ প্ৰচাৰ কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। যিসকলে এপ্ৰিল মাহত সহযোগী অগ্ৰগামী কৰিব তেওঁলোকৰ নাম ঘোষণা কৰক। বৰ্ণনা কৰক যে আৱেদন-পত্ৰ জমা দিয়াৰ সময় এতিয়াও পলম হোৱা নাই। মাহটোৰ প্ৰচাৰ কাৰ্য্যৰ বাবে সভাৰ গোটেই তালিকাখনৰ পৰিলেখ দিয়া হʼব। এপ্ৰিল মাহ আৰম্ভ হোৱাৰ লগে লগে সকলোকে প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ উৎসাহিত কৰক। সেই মাহত আমি প্ৰহৰীদূৰ্গ আৰু সচেতন! আলোচনীখনৰ একোখনকৈ কপি আগবঢ়াম। সঠিকৰূপে কথাবাৰ্ত্তাৰ বিষয়ক বৰ্ণনা কৰক যে কেনেকৈ কাৰ্য্যকাৰীৰূপে প্ৰত্যেক চলিত আলোচনীবোৰ প্ৰস্তুত কৰিব পাৰি। সকলো প্ৰচাৰকৰ ওচৰত বিচাৰে ব্ৰচাৰখনৰ কপি থকা উচিত আৰু আগ্ৰহী ব্যক্তিসকলৰ সৈতে ইয়াক ব্যৱহাৰ কৰি বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ চেষ্টা চলোৱা উচিত।

১৩ মি: “সহায় বিচাৰক।” এজন প্ৰাচীনে ইয়াৰ বিষয়ে ভাষণ দি শ্ৰোতাসকলৰ সৈতে আলোচনা কৰে। বৰ্ণনা কৰক যে আমাৰ সকলোকে কেনেকৈ সময় সাপেক্ষে কিছু সহায়ৰ আৱশ্যকতা হয়। এইটো সচাঁ যে আমি প্ৰতিজনে নিজে নিজৰ বোজা কঢ়িওৱা উচিত। (গালা. ৬:৫) তথাপি, যেতিয়া আমি সমস্যাৰ সৈতে সন্মূখীন হʼবলৈ কঠিনতা অনুভৱ কৰোঁ, সেই সময়ত মণ্ডলীৰ আধ্যাত্মিকৰূপে পৰিপক্ক ব্যক্তিৰ পৰা সহায় বিচাৰিবলৈ কুণ্ঠাবোধ কৰিব নালাগে। শ্ৰোতাসকলৰ পৰা এনে ভাই বা ভনীক তেওঁলোকৰ অনুভৱ কবলৈ আমন্ত্ৰণ কৰক যিসকলে আধ্যাত্মিক উন্নতিৰ বাবে আনৰ সহায় বিচাৰিছিল আৰু পাছলৈ তেওঁলোকে পোৱা সেই সহায়ৰ পৰা লাভৱান হৈছে।

১০ মি: স্থানীয় আৱশ্যকসমূহ।

১২ মি: ২০০০ চনৰ বাৰ্ষিক পুস্তক-ৰ পুনৰ আলোচনা কৰক। ৩১ পৃষ্ঠাত থকা “১৯৯৯ চনৰ সৰ্ব্বমুঠ” বিষয়টো শ্ৰোতাসকলৰ সৈতে বিবেচনা কৰি পুনৰ আলোচনা কৰক। আৰু লগতে, ৩-৫ পৃষ্ঠাত থকা “প্ৰশাসন গোষ্ঠীৰ পৰা এখন চিঠি” আলোচনা কৰক। শ্ৰোতাসকলক মন্তব্য দিবলৈ আমন্ত্ৰণ কৰক যে ইয়াত দিয়া উৎসাহৰ যোগেদি তেওঁলোকে কেনেকৈ কাৰ্য্য কৰিব পাৰে।

গীত ১৯৫ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

এপ্ৰিল ৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৭২

১০ মি: স্থানীয় ঘোষণাসমূহ আৰু প্ৰচাৰ ক্ষেত্ৰৰ অনুভৱ। স্থানীয় এলেকাত অলপতে ঘটিত কিছুমান অনুভৱৰ বিষয়ে কওঁক যিয়ে আনক প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ উৎসাহিত কৰিব।

১৭ মি: “দানিয়েলৰ ভৱিষ্যতবাণী পুস্তকৰ অধ্যয়ন।” প্ৰশ্ন আৰু উত্তৰ। বাইবেলৰ দানিয়েল কিতাপখন অধ্যয়ন কৰাৰ পৰা আমি কেনেকৈ গভীৰভাৱে লাভৱান হʼব পাৰোঁ তাৰ বিষয়ে চমুকৈ মন্তব্য দিয়ক। (অধ্যায় ১, অনুচ্ছেদ ১৫-১৭ চাওঁক।) যি পুস্তক অধ্যয়নৰ গ্ৰুপত দানিয়েলৰ ভৱিষ্যতবাণী কিতাপখন স্থানীয় ভাষাত নাই তেওঁলোকে যি কোনো অন্য ভাষা ব্যৱহাৰ কৰিব পাৰে যিটো তেওঁলোকৰ বাবে সুবিধাজনক। সকলোকে মণ্ডলীৰ পুস্তক অধ্যয়নত নিয়মিতৰূপে উপস্থিত থাকিবলৈ উৎসাহিত কৰক।

১৮ মি: গম্ভীৰ অপৰাধক মই ৰিপৰ্ট কৰাটো উচিতনে? এজন প্ৰাচীনে যুৱক-যুৱতীসকলক উদ্দেশ্য কৰি এক গুৰুত্বপূৰ্ণ ভাষণ দিব। বৰ্ত্তমান সময়ৰ আধুনিক সমাজত বহুত গভীৰ সমস্যাই দেখা দিছে যিটোৱে যুৱক-যুৱতীৰ ওপৰতো প্ৰভাৱ পেলাইছে, যেনে: নৈতিক মানদণ্ড তললৈ পৰি যোৱা, হিংসাৰ বৃদ্ধি, মাদক দব্যৰ সেৱন আৰু অধিকাৰীৰ প্ৰতি সন্মান নকৰা। কিছুমান কিশোৰ-কিশোৰীয়ে দুতৰপীয়া জীৱন-যাপন কৰে, তেওঁলোকে নিজৰ দুষ্কৰ্মবোৰ লুকুৱাই ৰাখে। ইয়ে গোটেই মণ্ডলীৰ আধ্যাত্মিক ক্ষেত্ৰত প্ৰকৃততে ভয়াবহ কৰি তুলে। কিছুমানে গম্ভীৰ অপৰাধ কৰি লুকুৱাই ৰাখিব বিচাৰে। যদি আপুনি গম পাই যে মণ্ডলীৰ এজন ভাই বা ভনীয়ে এনে কাৰ্য্য কৰিলে যাৰ দ্বাৰা ঈশ্বৰৰ নিয়ম গভীৰভাৱে উলঙ্ঘন হয়, তেনে সময়ত আপুনি কি কৰা উচিত? লেবীয়া পুস্তক ৫:১ পদত দিয়া সিদ্ধান্তটো বিবেচনা কৰক। (আগষ্ট ১৫, ১৯৯৭, প্ৰহৰীদুৰ্গ (ইংৰাজী) পৃষ্ঠা ২৭-৩০ চাওঁক।) যুৱক-যুৱতীসকলে সোধে কিতাপখনৰ ৬৮-৯ পৃষ্ঠা দেখুৱাই কওঁক যে এনে ক্ষেত্ৰত এজন ব্যক্তিয়ে কি কৰা উচিত।

গীত ৬৮ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক