ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৩/০০ পৃষ্ঠা ৮
  • সহায় বিচাৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সহায় বিচাৰক
  • ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • “প্ৰাচীনসকলক মাতক”
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • প্ৰাচীনসকলে কেনেকৈ মণ্ডলীক সহায় কৰে?
    বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
  • যিহোৱাই মণ্ডলীৰ চোৱা-চিতা কেনেকৈ কৰে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • প্ৰাচীনসকল, পৌলৰ উদাহৰণ অনুকৰণ কৰি থাকক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৩/০০ পৃষ্ঠা ৮

সহায় বিচাৰক

১ বাস্তৱতে আমি আজি “কঠিন সময়ত” জীয়াই আছোঁ। (২ তীম. ৩:১) সেইকাৰণে, ঈশ্বৰৰ সেৱাত আমি হয়তো বহুতো কষ্টৰ সন্মূখীন হʼবলগীয়া হওঁ, যাৰ সৈতে যুজঁ কৰিবলৈ আমাৰ কঠিন যেন অনুভৱ হয়। যদি আপুনি এই দৰে অনুভৱ কৰিছে, তেতিয়াহʼলে কি কৰিব পাৰে?

২ কিয় এনে ভাই-ভনীসকলৰ পৰা সহায় নিবিচাৰে যিসকলে ঈশ্বৰৰ সেৱাত পৰিপক্ক? কিছুমানে হয়তো এনে সহায় বিচাৰিবলৈ লাজ পাব পাৰে। আৰু কিছুমানে হয়তো ভাৱিব পাৰে যে কোনেও মোক সহায় কৰিব নোৱাৰে, বা এইটো মোৰ কৰ্তব্য হয়, আনক কিয় আমনি দিম। এইটো সচাঁ যে এইটো আমাৰ কৰ্তব্য হয় আৰু আমি নিজৰ ভাৰ উঠাবলৈ নিজেই সকলো চেষ্টা কৰিব লাগে, কিন্তু এটা কথা মনত ৰখা উচিত যে যেতিয়া আমাৰ আধ্যাত্মিক স্বাস্থ্যৰ কথা আহে তেতিয়া আমি আনৰ পৰা সহায় বিচৰাত লাজ অনুভৱ বা সংকোচ কৰিব নালাগে।—গাল. ৬:২, ৫.

৩ প্ৰথমতে কাৰ ওচৰত সহায় বিচাৰিব: আপুনি হয়তো আপোনাৰ পুস্তক অধ্যয়নৰ পৰিচালকৰ ওচৰলৈ যাব পাৰে। আপুনি তেওঁক কʼব পাৰে আপুনি তেওঁৰ সৈতে প্ৰচাৰ কাৰ্য্যত একেলগে কাম কৰিব বিচাৰে। ইয়াৰ দ্বাৰা আপুনি তেওঁৰ সৈতে আপোনাৰ আধ্যাত্মিক উন্নতিৰ বিষয়ে কʼবলৈ সুযোগ পাব। যদি তেওঁ এজন সহায়ক সেৱক হয় তেনেহʼলে তেওঁ এজন প্ৰাচীনৰ সৈতে কথা পাতিব। বা আপুনি নিজেই প্ৰাচীনৰ ওচৰলৈ যাব পাৰে।

৪ আপুনি কেনেধৰণৰ সমস্যাৰ সন্মূখীন হৈছে যাৰ বাবে আপোনাক সহায়ৰ আৱশ্যক? বা এনে কিবা কাৰণ আছেনে যাৰ বাবে আধ্যাত্মিক বিষয়ৰ প্ৰতি আপোনাৰ উৎসাহ কমি গৈছে? বা আপুনি এনে পিতৃ বা মাতৃনে যিসকলে অকলেই নিজৰ লʼৰা-ছোৱালীক চোৱা-চিতা কৰিবলগীয়া হৈছে আৰু তেওঁলোকৰ আধ্যাত্মিক উন্নতিৰ বাবে সহায়ৰ আৱশ্যক? বা আপুনি এজন বৃদ্ধ ব্যক্তিনে যিজনক তেওঁৰ দুৰ্ব্বল শৰীৰৰ বাবে সহায়ৰ আৱশ্যক হয়? আপুনি এনে কোনো কষ্ট বা সমস্যাৰ সন্মূখীন হৈছেনে যাৰ বাবে আপুনি সাহস হেৰুৱাই পেলাইছে? ধৈৰ্য্য ধৰক হতাশ নহব। এইটো অৱশ্যে কঠিন সময় হয়, কিন্তু ইয়াৰ সৈতে যুজঁ কৰিবলৈ অসম্ভৱ নহয়। আপুনি মাত্ৰ আনৰ পৰা সহায় বিচাৰক।

৫ আধ্যাত্মিক, অনুভৱী ভাইসকলৰ পৰা সহায় বিচাৰক: এইটো মনত ৰখা উচিত যে আমাৰ প্ৰাচীন ভাইসকলে আপোনাৰ সৈতে প্ৰেম কৰে আৰু নিশ্চয় আপোনাৰ বাবে চিন্তা কৰে। যেতিয়া আপুনি আপোনাৰ সমস্যাৰ বিষয়ে তেওঁলোকক কব, তেতিয়া তেওঁলোকে আপোনাৰ কথা নিশ্চয় শুনিব। যদি আন আন ভাই-ভনীৰ আপোনাৰ দৰে সমস্যা আছে, তেতিয়া প্ৰাচীনে গোটেই মণ্ডলীক সহায় কৰিবলৈ ব্যৱস্থা কৰিব পাৰে। এইটো কথাও মনত ৰাখক যে তেওঁলোকে সদায়ে আপোনাক সহায় কৰিবলৈ আৰু আপোনাৰ সৈতে একেলগে কাৰ্য্য কৰিবলৈ প্ৰস্তুত থাকে। আৰু এইদৰে তেওঁলোকে “জাকৰ আৰ্হি হৈ, তাৰ তত্ত্বাৱধান” লয়। (১ পিত. ৫:৩) এই অনুভৱী ভাইসকলে বাইবেলৰ পৰা পৰামৰ্শ আগবঢ়ায়। আৰু যেতিয়া আমি সেই পৰামৰ্শবিলাকক মন দি শুনো আৰু সেইদৰে কাৰ্য্য কৰোঁ তেতিয়াহʼলে আমি লাভৱান হʼম, আমাৰ প্ৰচাৰ কাৰ্য্যক ভালকৈ কৰিব পাৰিম।—২ তীম. ৩:১৬, ১৭.

৬ প্ৰাচীনসকল হৈছে, যীচুৱে আমালৈ দিয়া এক “বৰ” (ইফি. ৪:৮) ইয়াৰ অৰ্থ হৈছে আপোনাক সহায় কৰিবলৈ তেওঁলোকক নিযুক্ত কৰা হৈছে। তেওঁলোকে ‘আপোনাৰ নিজৰ’ মানুহৰ দৰে আপোনাক সহায় কৰিবলৈ সদায়ে প্ৰস্তুত থাকে।(১ কৰি. ৩:২১-২৩) সেইকাৰণে, লাজ নকৰিব, বিনা কোনো সঙ্কোচে তেওঁলোকৰ সহায় বিচাৰক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক