অধ্যয়নৰ লেখ ৩৬
গীত নং ১০২ দুৰ্বলসকলক সহায় কৰা
“প্ৰাচীনসকলক মাতক”
“তোমালোকৰ মাজত কোনোবা বেমাৰ আছে নে? তেনেহʼলে তেওঁ মণ্ডলীৰ প্ৰাচীনসকলক মাতক”—যাকো. ৫:১৪.
কি শিকিম?
আমি শিকিম যে প্ৰাচীনসকলৰ পৰা সহায় লোৱাটো কিয় গুৰুত্বপূৰ্ণ।
১. যিহোৱাৰ ভেড়াবোৰ তেওঁৰ বাবে মূল্যৱান বুলি কি কথাৰ পৰা জানিব পাৰি?
যিহোৱাৰ ভেড়াবোৰ তেওঁৰ বাবে বহুত মূল্যৱান। যিহোৱাই তেওঁলোকক যীচুৰ তেজেৰে কিনিছে আৰু তেওঁলোকৰ ভালদৰে চোৱা-চিতা কৰিবলৈ প্ৰাচীনসকলক নিযুক্ত কৰিছে। (পাঁচ. ২০:২৮) প্ৰাচীনসকলে তেওঁলোকৰ লগত মৰমেৰে ব্যৱহাৰ কৰাটো যিহোৱাই বিচাৰে আৰু প্ৰাচীনসকলে এই দায়িত্ব ভালদৰে পালন কৰে। যীচুৰ অধীনত থাকি তেওঁলোকে মণ্ডলীৰ ভাই-ভনীসকলক উৎসাহিত কৰে আৰু যিহোৱাৰ লগত এক ভাল সম্পৰ্ক বজাই ৰাখিবলৈ সহায় কৰে।—যিচ. ৩২:১, ২.
২. যিহোৱাই কোন লোকসকলৰ বেছিকৈ যত্ন লয়? (যিহিষ্কেল ৩৪:১৫, ১৬)
২ যিহোৱাই প্ৰতিটো ভেড়াৰ বিষয়ে চিন্তা কৰে। কিন্তু যিবিলাক দুৰ্বল, সেইবিলাকৰ বেছিকৈ যত্ন লয়। যিহোৱাৰ যিসকল সেৱকৰ তেওঁৰ লগত সম্পৰ্ক দুৰ্বল হৈ পৰিছে, তেওঁলোকক যিহোৱাই প্ৰাচীনসকলৰ যোগেদি সহায় কৰে। (যিহিষ্কেল ৩৪:১৫, ১৬ পঢ়ক।) ইয়াৰ উপৰিও সমস্যাৰ সময়ত আমি যিহোৱাৰ পৰা সহায় লোৱাটো তেওঁ বিচাৰে। যেনে, আমি অন্তৰৰ পৰা তেওঁলৈ প্ৰাৰ্থনা কৰা আৰু মণ্ডলীৰ ‘ৰখীয়া আৰু শিক্ষকৰ’ পৰা সহায় লোৱা।—ইফি. ৪:১১, ১২.
৩. প্ৰাচীনসকলৰ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰিলে আমাৰ কি লাভ হʼব?
৩ যিহোৱাই আমাৰ সহায় কৰিবলৈ প্ৰাচীনসকলৰ যি ব্যৱস্থা কৰিছে, তাৰ বিষয়ে আমি এই লেখত আৰু বেছিকৈ শিকিম। আমি এই তিনিটা প্ৰশ্নৰ উত্তৰ পাম। (১) আমি কেতিয়া প্ৰাচীনসকলৰ পৰা সহায় লোৱা উচিত? (২) আমি তেওঁলোকৰ পৰা কিয় সহায় লোৱা উচিত? আৰু (৩) তেওঁলোকে আমাক কেনেকৈ সহায় কৰে? হয়তো আজি যিহোৱাৰ লগত আমাৰ সম্পৰ্ক মজবুত আছে আৰু আমাক প্ৰাচীনসকলৰ পৰা সহায় লোৱাৰ প্ৰয়োজন নাই। কিন্তু এই লেখত ইয়াৰ বিষয়ে আলোচনা কৰিলে প্ৰাচীনসকলৰ ব্যৱস্থাৰ প্ৰতি আমাৰ কৃতজ্ঞতা বাঢ়িব আৰু আগলৈ গৈ যদি সহায় লʼবলগীয়া, তেনেহʼলে আমি গʼম পাম যে আমি তেওঁলোকৰ পৰা কেনেকৈ সহায় লʼব পাৰোঁ।
আমি কেতিয়া ‘প্ৰাচীনসকলক মাতা’ উচিত?
৪. যাকোব ৫:১৪-১৬, ১৯, ২০ পদত কেনে বেমাৰী ব্যক্তিৰ বিষয়ে কোৱা হৈছে আৰু আমি এইদৰে কিয় কʼব পাৰোঁ?
৪ যিসকলৰ যিহোৱাৰ লগত সম্পৰ্ক দুৰ্বল হৈ পৰিছে, তেওঁলোকক যিহোৱাই প্ৰাচীনসকলৰ যোগেদি সহায় কৰে। এই বিষয়ে যাকোবে লিখিলে, “তোমালোকৰ মাজত কোনোবা বেমাৰ আছে নে? তেনেহʼলে তেওঁ মণ্ডলীৰ প্ৰাচীনসকলক মাতক।” (যাকোব ৫:১৪-১৬, ১৯, ২০ পঢ়ক।) যাকোবে ইয়াত সঁচাকৈ হোৱা বেমাৰৰ বিষয়ে কোৱা নাছিল। আমি এইদৰে কিয় কʼব পাৰোঁ? কাৰণ তেওঁ লিখিলে যে যদি কোনোবা বেমাৰত আছে, তেনেহʼলে তেওঁ প্ৰাচীনসকলক মাতক, ডাক্তৰক মাতক বুলি লিখা নাছিল। তেওঁ এয়াও লিখিলে যে যেতিয়া সেই ব্যক্তিজনৰ পাপ ক্ষমা কৰি দিয়া হয়, তেতিয়া তেওঁ সুস্থ হৈ পৰে। কিন্তু চাবলৈ গʼলে যিজন ব্যক্তিৰ যিহোৱাৰ লগত সম্পৰ্ক দুৰ্বল হৈ পৰে, তেওঁৰ পৰিস্থিতি এজন বেমাৰী ব্যক্তিৰ দৰেই হয়। এজন বেমাৰী ব্যক্তিয়ে যি যি পদক্ষেপ লয়, তেৱোঁ সেই পদক্ষেপবোৰ লোৱা উচিত। যেনেকৈ এজন বেমাৰী মানুহে ডাক্তৰৰ ওচৰলৈ যায়, তেওঁক নিজৰ সমস্যাৰ বিষয়ে জনায় আৰু ডাক্তৰে যি কয়, সেইবোৰ পালন কৰে। ঠিক সেইদৰে যেতিয়া এজন ব্যক্তিৰ যিহোৱাৰ লগত সম্পৰ্ক দুৰ্বল হৈ পৰে, তেতিয়া তেওঁ প্ৰাচীনসকলৰ ওচৰলৈ যোৱা উচিত, তেওঁলোকক নিজৰ সমস্যাৰ বিষয়ে জনোৱা উচিত আৰু তেওঁলোকে বাইবেলৰ পৰা যি পৰামৰ্শ দিয়ে, সেইবোৰ পালন কৰা উচিত।
যেতিয়া আমি বেমাৰ হওঁ, তেতিয়া ডাক্তৰৰ ওচৰলৈ যাওঁ। ঠিক সেইদৰে যেতিয়া যিহোৱাৰ লগত আমাৰ সম্পৰ্ক দুৰ্বল হৈ পৰে, তেতিয়া আমি প্ৰাচীনসকলৰ ওচৰত যোৱা উচিত (অনুচ্ছেদ ৪ চাওক)
৫. যিহোৱাৰ লগত আমাৰ সম্পৰ্ক দুৰ্বল হʼবলৈ ধৰিছে বুলি আমি কেনেকৈ জানিব পাৰোঁ?
৫ যাকোব ৫ অধ্যায়ত কোৱা হৈছে যে যদি যিহোৱাৰ লগত আমাৰ সম্পৰ্ক দুৰ্বল হৈ পৰিছে, তেনেহʼলে আমি প্ৰাচীনসকলৰ লগত কথা পতা উচিত। আমি যিমান পাৰোঁ, সিমান সোনকালে এইদৰে কৰা উচিত। যদি আমি এইদৰে নকৰোঁ, তেনেহʼলে যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্ক সম্পূৰ্ণৰূপে শেষ হৈ যাব। কিন্তু এই ক্ষেত্ৰত আমি বিশ্বাসী হৈ নিজকে চালি-জাৰি চোৱা উচিত। কিয় বাৰু? কাৰণ বাইবেলত কোৱা হৈছে যে মানুহে মিছা প্ৰমাণ দি নিজকে ঠগিব পাৰে। (যাকো. ১:২২) আমি হয়তো নিজকে প্ৰমাণ দিব পাৰোঁ যে যিহোৱাৰ লগত আমাৰ সম্পৰ্ক মজবুত আছে, কিন্তু এইদৰে নহʼবও পাৰে। প্ৰথম শতিকাত চাৰ্দ্দিৰ মণ্ডলীৰ কিছুমান খ্ৰীষ্টানে এইদৰেই ভাবিছিল। সেইবাবে, যীচুৱে তেওঁলোকক সাৱধান কৰিলে আৰু যিহোৱাৰ লগত তেওঁলোকৰ সম্পৰ্ক মজবুত কৰাৰ প্ৰয়োজন আছে বুলি কʼলে। (প্ৰকা. ৩:১, ২) গতিকে যিহোৱাৰ লগত আমাৰ সম্পৰ্ক দুৰ্বল হʼবলৈ ধৰিছে বুলি আমি কেনেকৈ জানিব পাৰোঁ? চিন্তা কৰক, যেতিয়া আপুনি বাপ্তিষ্মা লৈছিল, তেতিয়া যিহোৱাৰ উপাসনাৰ বাবে আপোনাৰ যি উৎসাহ আছিল, সেই উৎসাহ এতিয়াও আছে নে? (প্ৰকা. ২:৪, ৫) এয়া জানিবলৈ নিজকে এনেধৰণৰ প্ৰশ্নবোৰ সোধক, ‘আগতে বাইবেল পঢ়ি আৰু মনন কৰি মই যিমান আনন্দ পাইছিলোঁ, এতিয়াও সিমানেই আনন্দ পাওঁ নে? মই কেতিয়াবা কেতিয়াবা সভাৰ বাবে তৈয়াৰী কৰোঁ আৰু তালৈ যাওঁ নে? প্ৰচাৰৰ বাবে মোৰ উৎসাহ আগতকৈ কমি গৈছে নে? মই সকলো সময়তে আনন্দ ফুৰ্তি কৰা আৰু বস্তুবোৰ কিনাৰ বিষয়ে ভাবি থাকোঁ নে?’ যদি আপোনাৰ অনুভৱ হয় যে এইবোৰৰ মাজৰ কোনো এটা বিষয়ত আপুনি দুৰ্বল হৈ পৰিছে, তেনেহʼলে লগে লগে পদক্ষেপ লওক। যদি আপুনি শুধৰণি কৰিব পৰা নাই বা এনে কাম কৰিলে যি যিহোৱাৰ দৃষ্টিত ভুল হয়, তেনেহʼলে আপুনি লগে লগে প্ৰাচীনসকলৰ পৰা সহায় লোৱা উচিত।
৬. যদি এজন ব্যক্তিয়ে গম্ভীৰ পাপ কৰে, তেনেহʼলে তেওঁ কি কৰা উচিত?
৬ কিছুমান পাপ ইমানেই গম্ভীৰ হয় যে যদি এজন ব্যক্তিয়ে অনুতাপ নকৰে, তেনেহʼলে তেওঁক মণ্ডলীৰ পৰা বাহিৰ কৰা হʼব। যদি আপুনি কিবা গম্ভীৰ পাপ কৰিছে, তেনেহʼলে সেই বিষয়ে আপুনি কোনো এজন প্ৰাচীনৰ লগত কথা পতা উচিত। (১ কৰি. ৫:১১-১৩) কাৰণ যিহোৱাৰ লগত আপোনাৰ সম্পৰ্ক বেয়া হৈ পৰিছে আৰু আপুনি সেয়া নিজেই ঠিক কৰিব নোৱাৰে। যদি আপুনি মুক্তিৰ মূল্যৰ বলিদানৰ আধাৰত ক্ষমা পাব বিচাৰে, তেনেহʼলে আপুনি যি ভুল কৰিছে তাৰ বাবে অনুতাপ কৰিব লাগিব আৰু “অনুতাপৰ যোগ্য কাম” কৰিব লাগিব। (পাঁচ. ২৬:২০) সেই কামবোৰৰ মাজৰ এটা হৈছে নিজৰ গম্ভীৰ পাপৰ বিষয়ে প্ৰাচীনসকলৰ লগত কথা পতা।
৭. গম্ভীৰ পাপ কৰা লোকসকলৰ উপৰিও আৰু কোনে প্ৰাচীনসকলৰ পৰা সহায় লʼব পাৰে?
৭ গম্ভীৰ পাপ কৰা লোকসকলৰ উপৰিও সেই ভাই-ভনীসকলেও প্ৰাচীনসকলৰ পৰা সহায় লʼব পাৰে, যিসকলে নিজৰ বেয়া ইচ্ছাৰ বিৰুদ্ধে যুঁজি আছে। (পাঁচ. ২০:৩৫) যেনে, আপুনি হয়তো সত্য শিকাৰ আগতে ড্ৰাগছ লৈছিল, পণʼগ্ৰাফী চাইছিল বা অনৈতিক জীৱন-যাপন কৰিছিল। কিন্তু সত্য শিকাৰ পাছতো আপোনাক সেই বেয়া কামবোৰ কৰিবলৈ মন যাব পাৰে আৰু আপুনি তাৰ বিৰুদ্ধে যুঁজি যুঁজি ভাগৰি পৰিব পাৰে। কিন্তু মনত ৰাখক আপুনি এই যুঁজ অকলে যুঁজাৰ প্ৰয়োজন নাই। আপুনি যদি বিচাৰে, তেনেহʼলে ইয়াৰ বিষয়ে প্ৰাচীনৰ লগত কথা পাতিব পাৰে। তেওঁ আপোনাৰ কথা মনোযোগেৰে শুনিব, বাইবেলৰ পৰা পৰামৰ্শ দিব আৰু আশ্বাস দিব যে এই বেয়া কামক অস্বীকাৰ কৰি আপুনি যিহোৱাক আনন্দিত কৰিব পাৰে। (উপ. ৪:১২) আপুনি হয়তো বহুত পৰিশ্ৰম কৰাৰ পাছতো নিজৰ বেয়া ইচ্ছাক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পৰা নাই, ইয়াৰ বাবেও আপুনি হয়তো নিৰাশ হৈ পৰিছে। এনে পৰিস্থিতিত প্ৰাচীনসকলে আপোনাক বিশ্বাস দিব যে যিহোৱাই আপোনাৰ পৰা আনন্দিত আছে। কাৰণ আপুনি প্ৰাচীনসকলৰ পৰা সহায় লৈছে আৰু যিহোৱাৰ লগত নিজৰ সম্পৰ্ক মজবুত কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰি আছে।—১ কৰি. ১০:১২.
৮. আমি নিজৰ সকলো ভুলৰ বিষয়ে প্ৰাচীনসকলৰ লগত কথা পতা উচিত নে? বুজাওক।
৮ এয়া সঁচা যে আমি প্ৰাচীনসকলৰ পৰা সহায় লʼব পাৰোঁ, কিন্তু আপুনি নিজৰ সকলো ভুলৰ বিষয়ে প্ৰাচীনসকলক জনোৱাৰ প্ৰয়োজন নাই। যেনে, আপুনি যদি কোনো ভাই বা ভনীক খঙেৰে কিবা বেয়াকৈ কৈছে, তেনেহʼলে সেই কথা প্ৰাচীনক জনোৱাৰ প্ৰয়োজন নাই। আপুনি যীচুৰ পৰামৰ্শ পালন কৰি সেই ভাই বা ভনীক ক্ষমা বিচাৰিব পাৰে আৰু তেওঁৰ লগত শান্তি স্থাপন কৰিব পাৰে। (মথি ৫:২৩, ২৪) ইয়াৰ উপৰিও কোমল স্বভাৱ, ধৈৰ্য্য আৰু আত্মসংযমৰ দৰে গুণবোৰৰ বিষয়ে আপুনি আমাৰ প্ৰকাশনবোৰত অনুসন্ধান কৰিব পাৰে আৰু চিন্তা কৰিব পাৰে যে আপুনি সেই গুণবোৰ আৰু ভালদৰে কেনেকৈ দেখুৱাব পাৰে। এইদৰে কৰাৰ পাছতো যদি সমস্যাটো সমাধান নহয়, তেনেহʼলে আপুনি কোনো প্ৰাচীনৰ সহায় লʼব পাৰে। প্ৰথম শতিকাত ইবদিয়া আৰু চুন্তুখীৰ মাজত যেতিয়া সমস্যা হৈছিল আৰু তেওঁলোকে সেয়া নিজে সমাধান কৰিব পৰা নাছিল, তেতিয়া তেওঁলোকক সহায় কৰিবলৈ পৌলে এজন ভাইক কৈছিল। ঠিক সেইদৰে প্ৰাচীনসকলে আপোনাকো সহায় কৰিব পাৰে।—ফিলি. ৪:২, ৩.
আমি প্ৰাচীনসকলক কিয় মাতা উচিত?
৯. আমি প্ৰাচীনসকলৰ লগত কথা পাতিবলৈ কিয় সংকোচ কৰা উচিত নহয়? (হিতোপদেশ ২৮:১৩)
৯ যদি আমি কিবা গম্ভীৰ পাপ কৰিছোঁ বা নিজৰ বেয়া ইচ্ছাক নিয়ন্ত্ৰণ কৰিব পৰা নাই, তেনেহʼলে প্ৰাচীনসকলৰ লগত কথা পাতিবলৈ আমাৰ লাজ লাগিব পাৰে। এইদৰে কৰিবলৈ আমাক সাহস আৰু বিশ্বাসৰ প্ৰয়োজন হʼব। তথাপিও আমি এইদৰে কৰিবলৈ সংকোচ কৰা উচিত নহয়। কিয় বাৰু? কাৰণ আমাক সহায় কৰিবলৈ যিহোৱাই প্ৰাচীনসকলক নিযুক্ত কৰিছে যাতে যিহোৱাৰ লগত আমাৰ সম্পৰ্ক মজবুত হʼব পাৰে। সেইবাবে, প্ৰাচীনসকলৰ সহায় লৈ আমি দেখুৱাও যে আমি যিহোৱাৰ ওপৰত ভৰসা কৰোঁ, তেওঁৰ আজ্ঞা পালন কৰিব বিচাৰোঁ আৰু নিজৰ বিশ্বাস মজবুত কৰি ৰাখিব বিচাৰোঁ। আমি এয়াও দেখুৱাও যে সঠিক পথত চলি থাকিবলৈ আমাক যিহোৱাৰ সহায়ৰ প্ৰয়োজন আছে। (গীত. ৯৪:১৮) যদি আমি কিবা পাপ কৰিছোঁ আৰু প্ৰাচীনসকলৰ ওচৰত সেয়া স্বীকাৰ কৰোঁ আৰু সেই পাপ আকৌ নকৰিম বুলি থিৰাং কৰোঁ, তেনেহʼলে যিহোৱাই আমাক ক্ষমা কৰিব বুলি আমি সম্পূৰ্ণ বিশ্বাস ৰাখিব পাৰোঁ।—হিতোপদেশ ২৮:১৩ পঢ়ক।
১০. যদি আমি নিজৰ পাপ লুকুৱাই ৰাখোঁ, তেনেহʼলে কি হʼব পাৰে?
১০ প্ৰাচীনসকলৰ ওচৰত নিজৰ পাপ স্বীকাৰ কৰিলে আমি বহুতো আশীৰ্বাদ পাওঁ। কিন্তু আমি যদি নিজৰ পাপ লুকুৱাই ৰাখোঁ, তেনেহʼলে বহুতো কষ্ট ভুগিবলগীয়া হয়। মন কৰক, যেতিয়া ৰজা দায়ূদে নিজৰ পাপ লুকুৱাই ৰাখিছিল, তেতিয়া তেওঁৰ কেনে অনুভৱ হৈছিল। তেওঁ দিনে-ৰাতিয়ে কেঁকাই আছিল আৰু চিন্তিত হৈ পৰিছিল। কাৰণ তেওঁ জানিছিল যে যিহোৱা তেওঁৰ পৰা আনন্দিত নাই। (গীত. ৩২:৩-৫) চিন্তা কৰক, যদি আমি শৰীৰত আঘাত পাওঁ বা বেমাৰ হওঁ আৰু ডাক্তৰৰ ওচৰলৈ নাযাওঁ, তেনেহʼলে কি হʼব। তেতিয়া এইবোৰ বাঢ়ি যাব। ঠিক সেইদৰে, যদি আমি কিবা পাপ কৰিছোঁ আৰু প্ৰাচীনসকলৰ পৰা সহায় নলওঁ, তেনেহʼলে যিহোৱাৰ লগত আমাৰ সম্পৰ্ক শেষ হৈ যাব পাৰে। এইদৰে হোৱাটো যিহোৱাই নিবিচাৰে। সেইবাবে, তেওঁৰ লগত “বিষয়টো সমাধান কৰি লোৱাটো” যিহোৱাই বিচাৰে। কিন্তু এয়া আমি কেনেকৈ কৰিব পাৰোঁ? প্ৰাচীনসকলৰ লগত কথা পতাৰ যোগেদি।—যিচ. ১:৫, ৬, ১৮ NW.
১১. যদি আমি গম্ভীৰ পাপ লুকুৱাই ৰাখোঁ, তেনেহʼলে আনৰ ওপৰত ইয়াৰ কি প্ৰভাৱ পৰিব?
১১ যদি আমি নিজৰ গম্ভীৰ পাপ লুকুৱাই ৰাখোঁ, তেনেহʼলে ইয়াৰ পৰা আনৰো হানি হʼব পাৰে। আমি পবিত্ৰ শক্তিক মণ্ডলীত কাম কৰিবলৈ বাধা দিয়াৰ দৰে হʼব আৰু ইয়াৰ পৰা মণ্ডলীৰ শান্তি নাইকিয়া হʼব পাৰে। (ইফি. ৪:৩০) যদি আনে কিবা গম্ভীৰ পাপ কৰিছে আৰু আমি তাৰ বিষয়ে গʼম পাওঁ, তেতিয়া আমি কি কৰা উচিত? প্ৰাচীনসকলৰ লগত কথা পাতিবলৈ আমি তেওঁক কোৱা উচিত। বহু সময়ৰ পাছতো যদি তেওঁ প্ৰাচীনসকলক নিজৰ পাপৰ বিষয়ে নজনায়, তেনেহʼলে আপুনি প্ৰাচীনসকলক ইয়াৰ বিষয়ে জনোৱা উচিত। এইদৰে আপুনি যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰিব। যদি আমি তেওঁৰ পাপ লুকুৱাই ৰাখোঁ, তেনেহʼলে যিহোৱাই তেওঁৰ লগতে আমাকো দোষী বুলি ভাবিব। (লেবী. ৫:১) আমি যিহোৱাক প্ৰেম কৰোঁ আৰু তেওঁৰ বিশ্বাসী হৈ থাকিব বিচাৰোঁ। সেইবাবে, প্ৰাচীনসকলক সকলো কথা জনাওক। এইদৰে কৰাৰ যোগেদি আমি মণ্ডলীক শুদ্ধ কৰি ৰাখিম আৰু সেই ভাই বা ভনীকো সহায় কৰিব পাৰিম, যাতে তেওঁ যিহোৱাৰ লগত নিজৰ সম্পৰ্ক আকৌ মজবুত কৰিব পাৰে।
প্ৰাচীনসকলে আমাক কেনেকৈ সহায় কৰে?
১২. যিজন ভাই বা ভনীৰ যিহোৱাৰ লগত সম্পৰ্ক দুৰ্বল হৈ পৰিছে, প্ৰাচীনসকলে তেওঁক কেনেকৈ সহায় কৰে?
১২ যিসকল ভাই-ভনীৰ যিহোৱাৰ লগত সম্পৰ্ক দুৰ্বল হৈ পৰিছে, তেওঁলোকক সহায় কৰাটো প্ৰাচীনসকলৰ দায়িত্ব হয়। (১ থিচ. ৫:১৪) যেতিয়া তেওঁলোকে এনে কোনো ভাই বা ভনীৰ লগত কথা পাতে, যিজনে পাপ কৰিছে, তেতিয়া তেওঁলোকে ভাবি-চিন্তি প্ৰশ্ন সোধা উচিত যাতে তেওঁৰ মনৰ কথা জানিব পাৰে। (হিতো. ২০:৫) আপুনি হয়তো নিজৰ ভুলৰ বাবে লাজ অনুভৱ কৰি আছে বা যি পৰিৱেশত ডাঙৰ-দীঘল হৈছে, তাৰ বাবে বা নিজৰ স্বভাৱৰ বাবে প্ৰাচীনসকলৰ লগত কথা পাতিবলৈ আপোনাৰ বাবে কঠিন হʼব পাৰে। কিন্তু তেওঁলোকৰ লগত কথা পাতিবলৈ সংকোচ নকৰিব, তাৰ পৰিৱৰ্তে তেওঁলোকক সকলো কথা জনাওক। আপুনি “অবিবেচনাযুক্ত” কথা কৈ পাম বুলি ভয় নকৰিব। (ইয়ো. ৬:৩) মনত ৰাখক, প্ৰাচীনসকলে আপোনাৰ বিষয়ে কোনো মতামত ভাবি নলʼব, তাৰ পৰিৱৰ্তে আপোনাৰ কথা মনোযোগেৰে শুনিব, বিষয়টো ভালদৰে বুজিবলৈ চেষ্টা কৰিব আৰু তাৰ পাছতহে বাইবেলৰ পৰা পৰামৰ্শ দিব। (হিতো. ১৮:১৩) প্ৰাচীনসকলে ভালদৰে জানে যে বিষয়টো এবাৰতে সমাধান কৰিব নোৱাৰি। সেইবাবে, তেওঁলোকে এবাৰতকৈ বেছি লগ কৰিবলৈ সাজু থাকে।
১৩. যেতিয়া প্ৰাচীনসকলে আমাৰ বাবে প্ৰাৰ্থনা কৰে আৰু বাইবেলৰ পদবোৰ মনত পেলাই দিয়ে, তেতিয়া ইয়াৰ পৰা আমি কেনেকৈ সহায় পাওঁ? (ছবিখনো চাওক।)
১৩ প্ৰাচীনসকলে জানে যে আপুনি নিজৰ ভুলৰ বাবে দোষী অনুভৱ কৰি আছে। সেইবাবে, যেতিয়া আপুনি তেওঁলোকক মাতিব, তেতিয়া তেওঁলোকে আপোনাক আৰু দোষী অনুভৱ নকৰাব। তাৰ পৰিৱৰ্তে আপোনাৰ বাবে প্ৰাৰ্থনা কৰিব আৰু সেই প্ৰাৰ্থনাই আপোনাৰ ওপৰত “গভীৰভাৱে প্ৰভাৱ” পেলাব। ইয়াৰ উপৰিও তেওঁলোকে ‘যিহোৱাৰ নামেৰে আপোনাৰ মূৰত তেল লগাব।’ (যাকো. ৫:১৪-১৬) ইয়াত ‘তেলৰ’ অৰ্থ হৈছে ঈশ্বৰৰ বাক্যত দিয়া সত্যতা। প্ৰাচীনসকলে আপোনাক এনে পদবোৰ মনত পেলাই দিব, যাৰ পৰা আপুনি শান্ত্বনা পাব আৰু যিহোৱাৰ লগত নিজৰ সম্পৰ্ক আৰু মজবুত কৰিব পাৰিব। (যিচ. ৫৭:১৮) বাইবেলৰ পৰা তেওঁলোকে আপোনাক এনে কথাবোৰ জনাব যাৰ পৰা সঠিক কাম কৰাৰ আপোনাৰ ইচ্ছা আৰু মজবুত হʼব। প্ৰাচীনসকলৰ যোগেদি আপুনি যিহোৱাৰ এই কথা শুনিব “এয়ে পথ, এয়েদি চলা।”—যিচ. ৩০:২১.
প্ৰাচীনসকলে বাইবেলৰ পদবোৰৰ পৰা আমাক শান্ত্বনা দিয়ে (অনুচ্ছেদ ১৩-১৪ চাওক)
১৪. “ভুল পদক্ষেপ” লোৱা লোকসকলক প্ৰাচীনসকলে কেনেকৈ সহায় কৰে? (গালাতীয়া ৬:১) (ছবিখনো চাওক।)
১৪ গালাতীয়া ৬:১ পঢ়ক। যেতিয়া এজন খ্ৰীষ্টানে “ভুল পদক্ষেপ” লয়, তেতিয়া তেওঁ যিহোৱাৰ মানদণ্ডৰ অনুসৰি নচলে। তেওঁ নভৱা-নিচিন্তাকৈ কিবা নিৰ্ণয় লয় বা গম্ভীৰ পাপ কৰে। প্ৰাচীনসকলে এনে ব্যক্তিক ‘কোমলতাৰে শুধৰণি কৰিবলৈ চেষ্টা কৰে।’ কাৰণ প্ৰাচীনসকলে তেওঁক বহুত প্ৰেম কৰে। যি গ্ৰীক শব্দৰ অনুবাদ “শুধৰণি” বুলি কৰা হৈছে, তাৰ অৰ্থ এয়াও হʼব পাৰে আঁতৰি যোৱা হাড়ডালক সঠিক ঠাইত বহোৱা, যাতে সেয়া ভালদৰে জোৰা লাগিব পাৰে। এজন ভাল ডাক্তৰে ৰোগীৰ ভাঙি যোৱা হাড়ডালক সাৱধানেৰে বহায়। তেওঁ এয়াও ধ্যান দিয়ে যে ৰোগীজনে যাতে বেছি কষ্ট নাপায় আৰু তেওঁৰ চিকিৎসাও হৈ যায়। ঠিক সেইদৰে প্ৰাচীনসকলে যেতিয়া কাৰোবাক শুধৰণি কৰে, তেতিয়া তেওঁলোকে ধ্যান দিয়ে যে তেওঁলোকে যাতে মৰমেৰে তেওঁক বুজায় আৰু তেওঁৰ কষ্ট নবঢ়ায়। প্ৰাচীনসকলক নিজৰ বিষয়েও সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে। আনক সহায় কৰাৰ সময়ত তেওঁলোকে মনত ৰাখে যে তেওঁলোকেও অসিদ্ধ হয় আৰু তেওঁলোকৰ পৰাও ভুল হয়। সেইবাবে, তেওঁলোকে নিজকে ভাল বুলি নাভাবে। তাৰ পৰিৱৰ্তে তেওঁলোকে নম্ৰ হৈ থাকে আৰু ভাই-ভনীসকলৰ লগত প্ৰেমেৰে ব্যৱহাৰ কৰে আৰু তেওঁলোকক সহানুভুতি দেখুৱায়।—১ পিত. ৩:৮.
১৫. যদি আমাৰ কিবা সমস্যা হয়, তেনেহʼলে আমি কি কৰা উচিত?
১৫ আমি প্ৰাচীনসকলৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা কৰিব পাৰোঁ। কাৰণ ভাই-ভনীসকলৰ ব্যক্তিগত কথা আনক জনোৱাৰ পৰিৱৰ্তে নিজৰ মাজতে ৰাখিবলৈ তেওঁলোকক শিকোৱা হৈছে। ইয়াৰ লগতে তেওঁলোকক এয়াও শিকোৱা হৈছে যে, তেওঁলোকে আনক নিজৰ মতামত জনোৱাৰ পৰিৱৰ্তে বাইবেলৰ পৰা পৰামৰ্শ দিয়া উচিত। ইয়াৰ উপৰিও ভাই-ভনীসকলক নিয়মীয়াকৈ সহায় কৰি থাকিবলৈ প্ৰাচীনসকলক শিকোৱা হৈছে। (হিতো. ১১:১৩; গালা. ৬:২) সকলো প্ৰাচীন একে নহয়, প্ৰতিজনৰে বেলেগ বেলেগ স্বভাৱ থাকে। কিছুমান প্ৰাচীনৰ বহুত অভিজ্ঞতা থাকে আৰু কিছুমানৰ কম। যি কি নহওক আমি নিজৰ সমস্যাৰ বিষয়ে যিকোনো প্ৰাচীনৰ লগত কথা পাতিব পাৰোঁ। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে আমি যি শুনিব বিচাৰোঁ সেয়া যেতিয়ালৈকে শুনিবলৈ নাপাওঁ, তেতিয়ালৈকে সকলো প্ৰাচীনৰ পৰা পৰামৰ্শ লৈ থাকিম। যদি আমি এইদৰে কৰোঁ, তেনেহʼলে আমি সেই লোকসকলৰ দৰে হৈ পৰিম, যিসকলে বাইবেলৰ “লাভজনক শিক্ষা” জানিবলৈ চেষ্টা কৰাৰ পৰিৱৰ্তে কেৱল ‘নিজে ভালপোৱা কথা শুনিব’ বিচাৰে। (২ তীম. ৪:৩) যেতিয়া আমি কোনো এজন প্ৰাচীনক নিজৰ সমস্যাৰ বিষয়ে জনাওঁ, তেতিয়া তেওঁ হয়তো আমাক সুধিব পাৰে যে আমি আন কোনো প্ৰাচীনৰ লগত ইয়াৰ বিষয়ে কথা পাতিছিলোঁ নে? যদি হয়, তেনেহʼলে তেওঁ হয়তো আমাক সুধিব পাৰে যে তেওঁ আমাক কি পৰামৰ্শ দিলে। সেই প্ৰাচীনজনে আমাক হয়তো এয়াও কʼব পাৰে যে তেওঁ আন প্ৰাচীনৰ লগত ইয়াৰ বিষয়ে কথা পাতিব আৰু তাৰ পাছত আমাক সহায় কৰিব।—হিতো. ১৩:১০.
নিৰ্ণয় লোৱাৰ দায়িত্ব আমাৰ
১৬. আমাৰ প্ৰতিজনৰে দায়িত্ব কি?
১৬ প্ৰাচীনসকলে আমাক মৰমেৰে পৰামৰ্শ দিয়ে আৰু সমস্যা আহিলে আমাক সহায় কৰে। কিন্তু তেওঁলোকে আমাৰ বাবে কেতিয়াও নিৰ্ণয় নলয়। নিৰ্ণয় লোৱাৰ দায়িত্ব আমাৰ হয়। আমি যিহোৱাক আনন্দিত কৰিবলৈ কি কৰিম সেয়া আমি প্ৰতিজনে নিজে নিৰ্ণয় লʼব লাগিব। (ৰোম. ১৪:১২) কিন্তু যিহোৱাই আমাক সঠিক নিৰ্ণয় লʼবলৈ আৰু তেওঁৰ বিশ্বাসী হৈ থাকিবলৈ সহায় কৰিব পাৰে। সেইবাবে, আমি কি কৰা উচিত আৰু কি কৰা উচিত নহয়, তাৰ বিষয়ে প্ৰাচীনসকলে আমাক জনোৱাৰ পৰিৱৰ্তে বাইবেলৰ পৰা জনাই যে কোনো এটা বিষয়ত যিহোৱাৰ চিন্তাধাৰা কি। যেতিয়া আমি বাইবেলৰ সেই পৰামৰ্শ পালন কৰোঁ, তেতিয়া আমি ‘নিজৰ চিন্তা কৰা শক্তিক’ ট্ৰেইনিং দিওঁ আৰু আমি ভাল নিৰ্ণয় লʼব পাৰোঁ।—ইব্ৰী ৫:১৪.
১৭. আমি কি কৰিবলৈ সংকোচ নকৰিম আৰু কিয়?
১৭ আনন্দৰ বিষয় যে যিহোৱাই নিজৰ মৰমৰ ভেড়াবোৰৰ ভালদৰে যত্ন লয়। তেওঁ যীচুক এই পৃথিৱীলৈ পঠিয়ালে, যি এজন বহুত “ভাল ৰখীয়া” আছিল। যীচুৱে আমাৰ বাবে নিজৰ জীৱন বলিদান দিলে যাতে আমি অনন্ত জীৱন পাব পাৰোঁ। (যোহ. ১০:১১) ইয়াৰ উপৰিও আমাৰ চোৱা-চিতা কৰিবলৈ যিহোৱাই মণ্ডলীত প্ৰাচীনসকলকো নিযুক্ত কৰিছে। এইদৰে তেওঁ নিজৰ এই প্ৰতিজ্ঞা পূৰ কৰিলে, “মই তোমালোকক মোৰ মনৰ দৰে ৰখীয়া দিম; তেওঁবিলাকে জ্ঞান আৰু বুদ্ধিৰে তোমালোকক চৰাব।” (যিৰি. ৩:১৫) গতিকে যেতিয়া যিহোৱাৰ লগত আমাৰ সম্পৰ্ক দুৰ্বল হʼবলৈ ধৰে বা আমি কিবা পাপ কৰোঁ, তেতিয়া আমি প্ৰাচীনসকলক মাতিবলৈ সংকোচ কৰা উচিত নহয়। যদি আমি এইদৰে কৰোঁ, তেনেহʼলে তেওঁলোকৰ যোগেদি আমি যিহোৱাৰ প্ৰেম অনুভৱ কৰিব পাৰিম।
গীত নং ৩১ যাঃৰ সৈতে নম্ৰ হৈ চলা!