ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 ছেপ্টেম্বৰ পৃষ্ঠা ৭
  • যিহোৱাৰ লোকসকলৰ বাবে কঠিন পৰিশ্ৰম কৰা প্ৰাচীনসকল

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ লোকসকলৰ বাবে কঠিন পৰিশ্ৰম কৰা প্ৰাচীনসকল
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • “প্ৰাচীনসকলক মাতক”
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • পাপ কৰা লোকসকলৰ লগত প্ৰেম আৰু দয়াৰে ব্যৱহাৰ কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • ভাইসকল—আপোনালোকে প্ৰাচীন হিচাপে সেৱা কৰিবলৈ আগবাঢ়ি আহিছে নে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • মই যিহোৱাৰ ওপৰত ভৰসা কৰোঁ বুলি মোৰ নিৰ্ণয়ৰ পৰা জানিব পাৰিনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 ছেপ্টেম্বৰ পৃষ্ঠা ৭

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

যিহোৱাৰ লোকসকলৰ বাবে কঠিন পৰিশ্ৰম কৰা প্ৰাচীনসকল

বহুতো লোকে অধিকাৰীসকলক ভাল নাপায় আৰু ইয়াৰ কাৰণো আছে। মানুহে বহু বছৰ ধৰি নিজৰ অধিকাৰৰ বেয়া ব্যৱহাৰ কৰি আহিছে। (মীখা ৭:৩) কিন্তু আমি আনন্দিত যে মণ্ডলীৰ প্ৰাচীনসকলে এইদৰে নকৰে। ভাই-ভনীসকলৰ ভালৰ বাবে নিজৰ অধিকাৰ ব্যৱহাৰ কৰিবলৈ তেওঁলোকক শিকোৱা হয়।—ইষ্টে ১০:৩; মথি ২০:২৫, ২৬.

প্ৰাচীনসকলে মণ্ডলীত যিবোৰ কাম কৰে, সেয়া যিহোৱা আৰু ভাই-ভনীসকলক প্ৰেম কৰাৰ বাবে কৰে। (যোহ ২১:১৬; ১ পিত ৫:১-৩) তেওঁলোকে যীচুৰ নিৰ্দেশনাৰ অনুসৰি কাম কৰে। তেওঁলোকে মেৰৰখীয়াৰ দৰে মেৰবোৰৰ যত্ন লয়। তেওঁলোকে প্ৰচাৰকসকলক সহায় কৰে যাতে তেওঁলোকে যিহোৱা আৰু ভাই-ভনীসকলৰ কাষ চাপিব পাৰে। যেতিয়া হঠাতে স্বাস্থ্যৰ লগত জড়িত সমস্যা হয় বা কিবা দুৰ্যোগ আহে, তেতিয়া প্ৰাচীনসকলে লগে লগে ভাই-ভনীসকলক সহায় কৰে আৰু শান্ত্বনা দিয়ে। যদি আপোনাক সহায়ৰ প্ৰয়োজন হয়, তেনেহʼলে নিজৰ মণ্ডলীৰ কোনো এজন প্ৰাচীনৰ লগত সংকোচ নকৰাকৈ কথা পাতক।—যাকো ৫:১৪.

“মেৰৰখীয়াসকলে নিজৰ মেৰবোৰৰ যত্ন লয়” ভিডিঅ’খনৰ এটা শ্য। এজন প্ৰাচীন ইলিয়াচক লগ পাই আনন্দিত হৈছে আৰু তেওঁক সাৱটি ধৰিছে।

মেৰৰখীয়াসকলে নিজৰ মেৰবোৰৰ যত্ন লয় নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • যেতিয়া প্ৰাচীনসকলে ভনী মাৰিয়ানাক সহায় কৰিলে, তেতিয়া তাইৰ কি লাভ হʼল?

  • যেতিয়া প্ৰাচীনসকলে ভাই ইলিয়াচক সহায় কৰিলে, তেতিয়া তেওঁৰ কি লাভ হʼল?

  • এই ভিডিঅʼখন চোৱাৰ পাছত আপুনি প্ৰাচীনসকলৰ কামৰ বিষয়ে কেনে অনুভৱ কৰে?

নিজে আগবাঢ়ি প্ৰাচীনসকলক জনাওক . . .

  • যেতিয়া আপোনাৰ ঠিকনা বা ফোন নম্বৰ সলনি হয়

  • যেতিয়া আপুনি কোনো ডাঙৰ সমস্যাৰ মাজেদি পাৰ হয়

  • যেতিয়া আপুনি বহু দিনৰ বাবে আন ঠাইলৈ যায়

  • যেতিয়া আপুনি বহুত বেমাৰ হৈ পৰে বা আপোনাক হস্পিতালত ভৰ্তি হʼবলগীয়া হয়

  • যেতিয়া আপুনি কিবা গম্ভীৰ পাপ কৰে

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক