‘মই কি কৰিব পাৰোঁ?’
১ চাৰ্লচ্ তেজ্ ৰাচেলে ১৮৭০ চনত সংগঠিত কৰা এটা সৰু বাইবেল অধ্যয়নৰ গ্ৰুপত থকা সদস্যসকলৰ মনত নিশ্চয় এই প্ৰশ্ন উদ্ভৱ হৈছিল যে ‘মই কি কৰিব পাৰোঁ?’ তেওঁলোকে যেনেকৈ ঈশ্বৰৰ উদ্দেশ্যক লাহে লাহে বুজি পালে, সেই বাইবেল বিদ্যাৰ্থীসকলে ঈশ্বৰৰ উদ্দেশ্যৰ বিষয়ে লোকসকলক সহায় কৰিবলৈ তেওঁলোকে কি কৰিব পাৰে এই বিষয়ে ভাৱি আচৰিত হৈছিল। কিয়নো তেওঁলোকে বিচাৰি পোৱা বাইবেলৰ জ্ঞানক গোটেই পৃথিৱীত প্ৰচাৰ কৰাটো এক বৃহৎ কাৰ্য্য আছিল।
২ কিন্তু আমি জানি সুখী হম যে তেওঁলোকে সফলতাৰে সেই কঠিন কাৰ্য্যক পূৰ্ণ কৰিলে। কেনেকৈ কৰিলে? তেওঁলোকৰ প্ৰত্যেক ব্যক্তিয়ে নিজ নিজ ভাগৰ দায়ীত্বক পূৰ্ণ কৰাৰ দ্বাৰা। আৰু ইয়াৰ ফলস্বৰূপে আজি যিহোৱাৰ সাক্ষীসকল গোটেই পৃথিৱীত জনাজাত হৈ পৰিল। তেওঁলোকে ২৩৪ খন দেশ আৰু সাগৰীয় দ্বীপপূঞ্জৰ ৯০,০০০ খন মণ্ডলীত প্ৰায় ষাঠি লাখ জন ৰাজ্যৰ ঘোষণাকাৰীৰ এক সংগঠন ৰূপে সেৱা কৰি আছে!—যিচ. ৬০:২২.
৩ আপোনাৰ পূৰ্ণ সমৰ্থন দিয়ক: এই অন্তিম দিনত কৰিবলগীয়া কাৰ্য্যৰ সম্পৰ্কে কৰা যীচুৰ বিস্ময়জনক ভৱিষ্যতবাণীত ভাগ লোৱাটো আমাৰ প্ৰত্যেকৰ বাবে এক অতি গুৰুত্বপূৰ্ণ দায়ীত্ব। (মাৰ্ক ১৩:১০) এই কাৰ্য্যৰ ভাৰ মাত্ৰ সীমিত সংখ্যাৰ প্ৰাচীন আৰু অগ্ৰগামীৰ ওপৰত এৰি দিব নোৱাৰি। প্ৰকৃততে, প্ৰত্যেক সমৰ্পিত খ্ৰীষ্টান ব্যক্তিৰ ইয়াত এক গুৰুত্বপূৰ্ণ ভাগ আছে। সকলো ধৰণৰ প্ৰচাৰ কাৰ্য্যত আমি সকলোৱে ভাগ লোৱা আৱশ্যক। (১ তীম. ১:১২) যিমান সম্ভৱ এই প্ৰচাৰ কাৰ্য্যৰ দ্বাৰা আমি নিজৰ আৰু আনৰ বাবে লাভ কঢ়িয়াই আনিব পাৰোঁ।—১ তীম. ৪:১৬.
৪ আমি প্ৰত্যেকে অন্য প্ৰকাৰেও খ্ৰীষ্টান ভ্ৰাতৃত্বত পূৰ্ণৰূপে সমৰ্থন দিব পাৰোঁ। নিয়মিতৰূপে সভাত উপস্থিত আৰু উৎসাহেৰে তাত ভাগ লৈ আমি মণ্ডলীক সমৰ্থন কৰিব পাৰোঁ। (গীত. ১২২:১, ৮, ৯) তদুপৰি, মণ্ডলীক নৈতিকৰূপে শুদ্ধ ৰখাত আমাৰ দায়ীত্বক পালন কৰিব পাৰোঁ। আমাৰ পৰিস্থিতিৰ অনুসৰি বিশ্বজুৰি প্ৰচাৰ কাৰ্য্যক সমৰ্থন কৰিবলৈ আৰ্থিকৰূপে সহায় আগবঢ়াব পাৰোঁ। ইয়াৰ ওপৰিও, আমি ৰাজ্যগৃহৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কাৰ্য্যত ভাগ লব পাৰোঁ। মুঠতে, সৰু, বৰ, নতুন, পুৰণি আমি সকলোৱে মণ্ডলীৰ প্ৰেম আৰু একতাৰ আত্মাক বৃদ্ধি কৰাত সহায় কৰিব পাৰোঁ।—কল. ৩:১২, ১৪.
৫ সেইবাবে আপুনি হয়তো নিজকে সুধিব পাৰে, ‘মই কি কৰিব পাৰোঁ?’ যদিও আপুনি আদায় কৰা আপোনাৰ দায়ীত্ব দেখাত সৰু হʼব পাৰে, কিন্তু মণ্ডলীৰ আধ্যাত্মিকতাত শক্তিশালী, কৰ্ম্মশীল আৰু সুস্থ কৰি ৰাখিবলৈ আপুনিও এক বিশেষ ভূমিকা আদায় কৰিব পাৰে। গতিকে যিহোৱাৰ নামক মহিমাম্বিত কৰাত আমি এক গুৰুত্বপূৰ্ণ ভাগ আদায় কৰোঁহঁক!