ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lff পাঠ ৫৫
  • নিজৰ মণ্ডলীক সহযোগ কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নিজৰ মণ্ডলীক সহযোগ কৰক
  • দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • গভীৰভাৱে ধ্যান কৰক
  • আমি কি শিকিলোঁ
  • বেছিকৈ জানক
  • আপোনালোকৰ প্ৰেমৰ বাবে যিহোৱাক ধন্যবাদ জনাওঁ
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • ‘যিহোৱাৰ উদ্দেশে দান’
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • কাম আৰু টকা-পইচাৰ বিষয়ে বাইবেলত কি কোৱা হৈছে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • যিহোৱাৰ সাক্ষীসকলৰ কাৰ্য্যৰ বাবে টকা-পইচা কʼৰপৰা আহে?
    যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে সঘনাই সোধা প্ৰশ্ন
আৰু চাওক
দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
lff পাঠ ৫৫
পাঠ ৫৫. ভাই-ভনীসকলে ৰাজ্যগৃহৰ চাৰিওফালে ভাল অৱস্থাত ৰাখিবলৈ সহায় কৰি আছে।

পাঠ ৫৫

নিজৰ মণ্ডলীক সহযোগ কৰক

ছপা সংস্কৰণ
ছপা সংস্কৰণ
ছপা সংস্কৰণ

গোটেই পৃথিৱীত থকা হাজাৰ হাজাৰ মণ্ডলীত লাখ লাখ লোকে আনন্দেৰে যিহোৱাৰ উপাসনা কৰে। তেওঁলোকে যি শিকিছে আৰু যি নিৰ্দেশনা লাভ কৰিছে, তাৰ প্ৰতি তেওঁলোক কৃতজ্ঞ। তেওঁলোকে বেলেগ বেলেগ উপায়েৰে মণ্ডলীত সহায় কৰি আছে। আপুনিও নিজৰ মণ্ডলীৰ প্ৰতি কৃতজ্ঞ নে? আপুনি নিজৰ মণ্ডলীক সহায় কৰিবলৈ কি কৰিব পাৰে? আহক চাওঁ।

১. মণ্ডলীক সহযোগ কৰিবলৈ আমি নিজৰ সময় আৰু শক্তিক কোনবোৰ কামত ব্যৱহাৰ কৰিব পাৰোঁ?

মণ্ডলীক আমি বেলেগ বেলেগ উপায়েৰে সহযোগ কৰিব পাৰোঁ। যেনে, যদি আমাৰ মণ্ডলীত বয়সস্থ ভাই-ভনী আছে বা কোনোবাই ভালদৰে খোজকাঢ়িব নোৱাৰে, তেনেহʼলে আমি তেওঁলোকক সভাত আহিবলৈ সহায় কৰিব পাৰোঁ। আমি আন কিছুমান উপায়েৰেও তেওঁলোকক সহায় কৰিব পাৰোঁ। যেনে, তেওঁলোকৰ বাবে বজাৰ কৰি দিব পাৰোঁ আৰু তেওঁলোকৰ ঘৰখন চাফ-চিকুণ কৰি দিব পাৰোঁ। (যাকোব ১:২৭ পঢ়ক।) ইয়াৰ উপৰিও, আমি ৰাজ্যগৃহ পৰিষ্কাৰ আৰু ভাল অৱস্থাত ৰাখিবলৈ সহায় কৰিব পাৰোঁ। এইদৰে কৰিবলৈ কোনেও আমাক হেঁচা নিদিয়ে, আমি নিজৰ “ইচ্ছামতে” এইদৰে কৰোঁ। কিয়নো আমি যিহোৱা আৰু ভাই-ভনীসকলক প্ৰেম কৰোঁ।—গীতমালা ১১০:৩.

বাপ্তিষ্মা লোৱা ভাই-ভনীসকলে আৰু বহুতো উপায়েৰে মণ্ডলীক সহায় কৰিব পাৰে। পৰিচাৰক আৰু প্ৰাচীনৰ কি কি গুণ থাকিব লাগে, তাৰ বিষয়ে বাইবেলত উল্লেখ আছে। যদি কোনো ভাইৰ সেই গুণবোৰ থাকে, তেনেহʼলে তেওঁ পৰিচাৰক হিচাপে সেৱা কৰিব পাৰে আৰু আগলৈ গৈ প্ৰাচীন হিচাপে সেৱা কৰাৰ সুযোগ থাকে। ইয়াৰ উপৰিও, মণ্ডলীৰ ভাই আৰু ভনী সকলোৱে পাইনিয়াৰ বা অগ্ৰগামী সেৱা কৰি প্ৰচাৰ কামক সহযোগ কৰিব পাৰে। কিছুমান ভাই-ভনীয়ে উপাসনা ঠাই নিৰ্মাণ কৰা কাৰ্য্যত সহায় কৰিব পাৰে বা প্ৰচাৰকৰ প্ৰয়োজন হোৱা মণ্ডলীত গৈ সেৱা কৰিব পাৰে।

২. মণ্ডলীক সহযোগ কৰিবলৈ আমি নিজৰ টকা আৰু বস্তু কেনেকৈ ভালদৰে ব্যৱহাৰ কৰিব পাৰোঁ?

আমি নিজৰ “সম্পত্তিৰে যিহোৱাক আদৰ” কৰিব পাৰোঁ। (হিতোপদেশ ৩:৯) মণ্ডলীক আৰু গোটেই পৃথিৱীত হৈ থকা প্ৰচাৰ কামক সহযোগ কৰিবলৈ আমি নিজৰ টকা আৰু মূল্যৱান বস্তু দান দিব পাৰোঁ। এইদৰে কৰি আমি আনন্দিত হওঁ। (২ কৰিন্থীয়া ৯:৭ পঢ়ক।) আমি যি দান কৰোঁ, সেয়া প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হোৱা ভাই-ভনীসকলক সহায় কৰিবলৈও ব্যৱহাৰ কৰা হয়। কিছুমান ভাই-ভনীয়ে দান দিবলৈ নিয়মীয়াকৈ কিছু টকা “সাঁচি” ৰাখে। (১ কৰিন্থীয়া ১৬:২ পঢ়ক।) আমি উপাসনা ঠাইত ৰখা দান-পাত্ৰত দান দিব পাৰোঁ বা donate.jw.org ৱেবছাইটত গৈ দান কৰিব পাৰোঁ। এইদৰে নিজৰ টকা আৰু মূল্যৱান বস্তু দান কৰি আমি দেখুৱাব পাৰোঁ যে আমি যিহোৱাক প্ৰেম কৰোঁ।

গভীৰভাৱে ধ্যান কৰক

মণ্ডলীক কেনেকৈ সহযোগ কৰিব পাৰি? আহক ইয়াৰ কিছুমান উপায়ৰ বিষয়ে আলোচনা কৰোঁ।

৩. আমি নিজৰ টকা-পইচা আৰু বস্তু দান কৰিব পাৰোঁ

আনন্দ মনেৰে দান দিয়া লোকসকলক যিহোৱাই প্ৰেম কৰে। যীচুৱেও নিজৰ পিতৃৰ দৰে হয়। উদাহৰণস্বৰূপে, যেতিয়া এগৰাকী বিধৱাই দান কৰিছিল, তেতিয়া যীচুৱে তেওঁৰ প্ৰশংসা কৰিলে। তেওঁ একেবাৰে দুখীয়া আছিল, তথাপিও তেওঁৰ ওচৰত যি আছিল, সেই সকলো দান কৰি দিলে। লূক ২১:১-৪ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • আমি বেছি টকা-পইচা দান কৰিলেহে যিহোৱা আনন্দিত হয় নে?

  • যেতিয়া আমি নিজ ইচ্ছাৰে দান কৰোঁ, তেতিয়া যিহোৱা আৰু যীচুক কেনেকুৱা লাগে?

আমি যি দান কৰোঁ, সেয়া বেলেগ বেলেগ কামত ব্যৱহাৰ কৰা হয়। সেয়া কেনেকৈ কৰা হয়? ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

ভিডিঅʼ: ‘যিহোৱাৰ উদ্দেশে দান’ (৪:৪৭)

  • গোটেই পৃথিৱীৰ মণ্ডলীয়ে লাভৱান হʼবলৈ আমাৰ দান কেনেকৈ ব্যৱহাৰ কৰা হয়?

এজন বৃদ্ধ ভায়ে দান-পাত্ৰত দান দিছে।

৪. আমি আৰু কি কি উপায়েৰে সহায় কৰিব পাৰোঁ?

প্ৰাচীন সময়ত যিহোৱাৰ সেৱকসকলে উপাসনা কৰা ঠাই ভাল অৱস্থাত ৰাখিছিল। তেওঁলোকে দান দিয়াৰ উপৰিও আৰু বহুতো উপায়েৰে সহযোগ কৰিছিল। ২ বংশাৱলি ৩৪:৯-১১ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • প্ৰতিজন ইস্ৰায়েলীয়ে যিহোৱাৰ ভৱনৰ চোৱা-চিতা কৰিবলৈ কেনেকৈ সহায় কৰিছিল?

ইস্ৰায়েলীসকলৰ দৰে বৰ্তমান সময়ৰ যিহোৱাৰ সাক্ষীসকলে কি কৰে, তাৰ বিষয়ে জানিবলৈ ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

ভিডিঅʼ: ৰাজ্যগৃহৰ চোৱা-চিতা কৰক (৩:৩১)

‘ৰাজ্যগৃহৰ চোৱা-চিতা কৰক’ নামৰ ভিডিঅʼৰ এখন দৃশ্য। পুৰুষ-তিৰোতা, সন্তান সকলোৱে মিলি ৰাজ্যগৃহ পৰিষ্কাৰ কৰি আছে।
  • ৰাজ্যগৃহ পৰিষ্কাৰ আৰু ভাল অৱস্থাত ৰখাটো কিয় প্ৰয়োজন?

  • এই কামত আপুনি কেনেকৈ সহায় কৰিব পাৰে?

স্বেচ্ছাসেৱকৰ এটা দলে ৰাজ্যগৃহৰ নিৰ্মাণ কামত সহায় কৰিছে।

৫. মণ্ডলীৰ দায়িত্ব লʼবলৈ ভাইসকলে আগবাঢ়ি আহিব পাৰে

মণ্ডলীক সহায় কৰিবলৈ ভাইসকলে আগবাঢ়ি আহিব পাৰে আৰু এইদৰে কৰিবলৈ বাইবেলে আমাক উৎসাহিত কৰিছে। ভাইসকলে এয়া কেনেকৈ কৰিব পাৰে, এই বিষয়ে জানিবলৈ ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

ভিডিঅʼ: ভাইসকল—ভাল কাম কৰিবলৈ আগবাঢ়ি আহক (৫:১৯)

  • মণ্ডলীক সহযোগ কৰিবলৈ ভাই ৰায়নে কেনেকৈ আগবাঢ়ি আহিল?

পৰিচাৰক আৰু প্ৰাচীনসকলৰ কি কি গুণ থাকিব লাগে, তাৰ বিষয়ে বাইবেলত উল্লেখ আছে। ১ তীমথিয় ৩:১-১৩ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • পৰিচাৰক বা প্ৰাচীন হʼবলৈ আগবাঢ়ি অহা ভাইসকলৰপৰা কি আশা কৰা হয়?

  • তেওঁলোকৰ পৰিয়ালৰপৰা কি আশা কৰা হয়?—পদ ৪ আৰু ১১ চাওক।

  • বাইবেলত দিয়া গুণবোৰ বিকশিত কৰিবলৈ এজন ভায়ে যেতিয়া পৰিশ্ৰম কৰে, তেতিয়া মণ্ডলীৰ ভাই-ভনীসকলে কেনেকৈ লাভৱান হয়?

এজন ডেকা ভায়ে হুইলচেয়াত এজন বৃদ্ধ ভাইক লৈ ঘৰে-ঘৰে প্ৰচাৰ কৰিছে।

কোনোবাই সুধিব পাৰে: “যিহোৱাৰ সাক্ষীসকলৰ কাৰ্য্যৰ বাবে টকা-পইচা কʼৰপৰা আহে?”

  • আপুনি কি উত্তৰ দিব?

আমি কি শিকিলোঁ

আমি নিজৰ সময়, শক্তি, পইচা আৰু আন বস্তুবোৰৰ যোগেদি মণ্ডলীক সহযোগ কৰিবলৈ যি পৰিশ্ৰম কৰোঁ, সেয়া যিহোৱাই মূল্যাংকন কৰে।

আপুনি কেনেকৈ উত্তৰ দিব?

  • মণ্ডলীক সহযোগ কৰিবলৈ আমি নিজৰ সময় আৰু শক্তি কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ?

  • মণ্ডলীক সহযোগ কৰিবলৈ আমি নিজৰ বস্তু আৰু টকা কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ?

  • আপুনি কি কি উপায়েৰে মণ্ডলীক সহযোগ কৰিব বিচাৰে?

লক্ষ্য

বেছিকৈ জানক

খ্ৰীষ্টানসকলে নিজৰ উপাৰ্জনৰ দশম ভাগ দিয়াটো যিহোৱাই বিচাৰেনে? আহক চাওঁ।

“উপাৰ্জনৰ দশম ভাগ দিয়াৰ বিষয়ে বাইবেলত কি লিখা আছে?” (ৱেবছাইটত দিয়া লেখ-হিন্দী)

বাইবেলত বাপ্তিষ্মা লোৱা ভাইসকলক কিছুমান দায়িত্ব দিয়া আছে যদি বাপ্তিষ্মা লোৱা ভনীসকলে এই দায়িত্ব পালন কৰিবলগীয়া হয়, তেনেহ’লে কি কথাৰ ওপৰত ধ্যান দিয়া উচিত?

“মণ্ডলীত প্ৰাচীনসকলৰ ভূমিকা কি?” (প্ৰহৰীদুৰ্গ, ফেব্ৰুৱাৰী ২০২১)

আহক এই ভিডিঅʼখনত চাওঁ যে আমাৰ ভাইসকলে সমস্যাৰ হোৱাৰ সত্ত্বেও নিজৰ ভাই-ভনীসকললৈ প্ৰকাশন লৈ যায়।

কংগোত বাইবেল আধাৰিত প্ৰকাশনৰ বিতৰণ (৪:২৫)

টকা-পইচাৰ ক্ষেত্ৰত আমাৰ সংগঠন কেনেকৈ আন ধাৰ্মিক সংগঠনবোৰতকৈ বেলেগ, আহক এই বিষয়ে চাওঁ।

“যিহোৱাৰ সাক্ষীসকলৰ কাৰ্য্যৰ বাবে টকা-পইচা কʼৰপৰা আহে?” (ৱেবছাইটত দিয়া লেখ)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক