খ্ৰীষ্টান হিচাপে জীৱন-যাপন
‘যিহোৱাৰ উদ্দেশে দান’
আমি কেনেকৈ ‘যিহোৱাৰ উদ্দেশে নিজ ইচ্ছাৰে দান’ দিব পাৰোঁ? (১বং ২৯:৫, ৯, ১৪) আমি নিজৰ এলেকাত আৰু বিশ্বজুৰি হৈ থকা যিহোৱাৰ সাক্ষীসকলৰ কাৰ্য্যৰ বাবে কি কি উপায়েৰে দান-বৰঙণি আগবঢ়াব পাৰোঁ, তাৰ বিষয়ে তলত উল্লেখ কৰা হৈছে।
দান-পাত্ৰ আৰু অনলাইনত পোৱা দান, এই কামবোৰৰ বাবে ব্যৱহাৰ কৰা হয়:
বিশ্বজুৰি হৈ থকা কাৰ্য্য
শাখা কাৰ্য্যালয় আৰু দূৰবৰ্ত্তী অনুবাদ কাৰ্য্যালয়বোৰ নিৰ্ম্মাণ আৰু তদাৰক কৰা
সংগঠনৰ বেলেগ বেলেগ স্কুল
বিশেষ পূৰ্ণ-সময়ৰ সেৱক
প্ৰাকৃতিক দুৰ্যোগৰ সময়ত লোকসকলক সহায়
ছপা কৰা, ডিজিটেল আৰু ভিডিঅ’ প্ৰকাশন
স্থানীয় মণ্ডলীৰ খৰচ-পাতি
ৰাজ্যগৃহৰ বাবে পানী, বিদ্যুৎ আৰু তদাৰক কৰাৰ বাবে মণ্ডলীৰ খৰচ-পাতি
তলত উল্লেখ কৰা কাৰ্য্যৰ বাবে শাখা কাৰ্য্যালয়লৈ মূলধন আগবঢ়োৱাৰ মণ্ডলীৰ প্ৰস্তাৱ:
পৃথিৱীজুৰি ৰাজ্যগৃহ আৰু সন্মিলন প্ৰেক্ষাগৃহ নিৰ্ম্মাণ
আন্তঃৰাষ্ট্ৰীয় সহযোগ ব্যৱস্থা
পৃথিৱীজুৰি হৈ থকা অন্যান্য কাৰ্য্য
অধিৱেশন আৰু সন্মিলন
আপোনাৰ আঞ্চলিক অধিৱেশনত লাভ কৰা দান-বৰঙণি পৃথিৱীজুৰি হৈ থকা কাৰ্য্যৰ বাবে পঠোৱা হয়। সেই ধন আঞ্চলিক অধিৱেশন, বিশেষ অধিৱেশন আৰু আন্তঃৰাষ্ট্ৰীয় অধিৱেশনৰ বাবে ব্যৱহাৰ কৰা হয়।
আপোনাৰ চাৰ্কিট সন্মিলনৰপৰা যি দান-বৰঙণি লাভ কৰা হয়, সেইবোৰ সন্মিলন প্ৰেক্ষাগৃহৰ ভাৰা দিয়াৰ বাবে, তাৰ তদাৰক কৰাৰ বাবে আৰু চাৰ্কিটৰ আন আন কাৰ্য্য কৰাৰ বাবে ব্যৱহাৰ কৰা হয়। চাৰ্কিটে হয়তো নিৰ্ণয় কৰিব পাৰে যে বাকী থকা ধনখিনি যিহোৱাৰ সাক্ষীসকলৰ পৃথিৱীজুৰি হৈ থকা কাৰ্য্যৰ বাবে পঠিয়াব নে নাই।