খ্ৰীষ্টান হিচাপে জীৱন-যাপন
আপোনালোকৰ প্ৰেমৰ বাবে যিহোৱাক ধন্যবাদ জনাওঁ
থিচলনীকীৰ মণ্ডলীৰ ভাই-ভনীয়ে সমস্যাৰ সময়ত আন ভাই-ভনীসকলক সহায় কৰিলে আৰু প্ৰেম দেখুৱালে। (২থিচ ১:৩, ৪) ঠিক সেইদৰে, আজি যিহোৱাৰ লোকসকলে বিশ্বজুৰিত থকা ভাই-ভনীসকলক প্ৰেম দেখুৱায়। jw.org-ত “আপুনি দিয়া দান কেনেকৈ ব্যৱহাৰ কৰা হয়?” লেখৰ ধাৰাবাহিকত কোৱা হৈছে যে আপুনি দিয়া দানৰপৰা সমস্যাত থকা ভাই-ভনীসকলক কেনেকৈ সহায় কৰা হৈছে। আমি আপোনালোকৰ প্ৰেম আৰু উদাৰতাৰ বাবে আপোনালোকৰ প্ৰশংসা কৰোঁ।
‘আমি সদায় আপোনালোকৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ’ নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
• আমি দিয়া দানৰপৰা কি কি কাম কৰা হয়?
• আৰ্থিক প্ৰয়োজন হোৱা ভাই-ভনীসকলক সহায় কৰাৰ উত্তম উপায় কি হয়?—jw.org-ত “অতিমাত্ৰাই অভাৱক পূৰ কৰে” লেখো পঢ়ক।