ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৩/০৩ পৃষ্ঠা ৭
  • ঘোষণাসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণাসমূহ
  • ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৩/০৩ পৃষ্ঠা ৭

ঘোষণাসমূহ

▪ উল্লেখ কৰা মাহৰ বাবে আলোচনী বিতৰণ। মাৰ্চ: জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় নামৰ কিতাপখন বিতৰণ কৰি গৃহস্থৰ সৈতে গৃহ বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ বিশেষভাৱে প্ৰচেষ্টা কৰক। এপ্ৰিল: প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীৰ বিতৰণ কৰক। প্ৰকাশকসকলে গৃহস্থক কোৱা উচিত যে যদি তেওঁলোকে ইচ্ছুক তেনেহʼলে বিশ্বব্যাপী কাৰ্য্যৰ বাবে তেওঁলোকে দান-বৰঙণি দিব পাৰে। যেতিয়া আগ্ৰহী ব্যক্তিসকলক পুনৰ সাক্ষাৎ কৰা হয় তেতিয়া তেওঁলোকক একমাত্ৰ সত্য ঈশ্বৰক উপাসনা কৰা নামৰ কিতাপখন বিতৰণ কৰিব পাৰে। যদি আগ্ৰহী ব্যক্তিসকলে ইতিমধ্যেই বিচাৰে ব্ৰচাৰখন আৰু জ্ঞান কিতাপৰ পৰা এসময়ত অধ্যয়ন কৰিছিল, তেওঁলোকৰ সৈতে পুনৰাই গৃহ বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ সকলো চেষ্টা কৰক। মে’: সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল। অন্যথা বিকল্পৰূপে আপুনি বাইবেল কাহিনীৰে ভৰা মোৰ কিতাপখন, বাইবেল—ঈশ্বৰৰ বাক্য নে মানুহৰ?, যুৱক-যুৱতীসকলে কৰা প্ৰশ্নৰ—ব্যৱহাৰিক উত্তৰ বা আপুনি পৰমদেশীয় পৃথিৱীত অনন্ত কাল জীয়াই থাকিব পাৰে, এই কিতাপবোৰ বিতৰণ কৰিব পাৰে। যদি মণ্ডলীত এই কিতাপবোৰ উপলব্ধ নাই আৰু ওচৰৰ কোনো মণ্ডলীত এই কিতাপবোৰ যথেষ্টমাত্ৰাত আছে, তেনেহʼলে তেওঁলোকৰ পৰা বিচাৰি সেইবোৰৰ ব্যৱহাৰ কৰিব পাৰে। জুন: জ্ঞান কিতাপ বা বিচাৰে ব্ৰচাৰখন বিতৰণ কৰক। যদি গৃহস্থৰ ওচৰত ইতিমধ্যেই এই প্ৰকাশনবোৰ আছে তেন্তে মণ্ডলীত উপলব্ধ থকা যি কোনো উপযুক্ত আলোচনী দিব পাৰে।

▪ যিসকল প্ৰকাশকে এপ্ৰিল মাহত সহযোগী অগ্ৰগামীৰূপে কাৰ্য্য কৰিব বিচাৰিছে তেওঁলোকে কোনো পলম নকৰাকৈ আঁচনি বনাই মণ্ডলীত আৱেদন পত্ৰ জমা দিয়া উচিত। এনে কৰিলে প্ৰাচীনসকলে প্ৰচাৰ কাৰ্য্যৰ বাবে আৱশ্যকীয় ব্যৱস্থা, যথেষ্টমাত্ৰাত আলোচনী আৰু সাহিত্য প্ৰবন্ধ কৰাত সুবিধা পাব। যিসকলক সহযোগী অগ্ৰগামী সেৱাৰ বাবে অনুমতি দিয়া হৈছে তেওঁলোকৰ নাম প্ৰত্যেক মাহে ঘোষণা কৰা উচিত।

▪ প্ৰচাৰকসকলে ব্যক্তিগতভাৱে আলোচনী বিচাৰি পঠোৱা আৱেদন পত্ৰ সংস্থাই গ্ৰহণ নকৰে। মণ্ডলীয়ে সংস্থালৈ মাহেকীয়া আলোচনীৰ নিৱেদন কৰাৰ আগতে প্ৰিজাইডিং ওভাৰচিয়াৰে প্ৰত্যেক মাহত ঘোষণা কৰিবলৈ ব্যৱস্থা কৰা উচিত যাতে ইচ্ছুক ভাই-ভনীসকলে ব্যক্তিগতভাৱে আলোচনীৰ নিৱেদন সেই ভাইজনক দিব পাৰে যিজনে আলোচনীৰ চোৱা-চিতা কৰে। অনুগ্ৰহ কৰি বিশেষ-অনুৰোধৰ আলোচনীবোৰৰ বিষয়ে মনত ৰখা উচিত।

▪ নতুন প্ৰকাশন উপলব্ধ:

ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুল শিক্ষাৰ পৰা লাভবান হোৱা —⁠ইংৰাজী, কানাড়ী, তেলেগু, তামিল, মালয়ালাম, হিন্দী

বাইবেলৰ পৰিচৰ্চ্চা কেনেকৈ আৰম্ভ আৰু একেৰাহে চলাই যাব পাৰি —⁠অসমীয়া

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক