বাইবেল অধ্যয়নৰ বাবে ঈশ্বৰক উপাসনা কৰা নামৰ কিতাপখন ব্যৱহাৰ কৰক
একমাত্ৰ সত্য ঈশ্বৰক উপাসনা কৰা, নামৰ কিতাপখন সত্যৰ পথত আগবাঢ়ি অহা নতুন ব্যক্তিসকলক, যিহোৱা আৰু তেওঁৰ সংগঠনৰ প্ৰতি গভীৰ মূল্যাঙ্কন দেখুৱাত সহায় কৰাৰ বাবে তৈয়াৰ কৰি উলিওৱা হৈছে। গতিকে এই কিতাপখনক দ্বিতীয় অধ্যয়নৰ কিতাপ হিচাবে বাইবেল বিদ্যাৰ্থীসকলৰ বাবে ব্যৱহাৰ কৰিব পাৰে। জুন ২০০০ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ ৪ পৃষ্ঠাত এইদৰে বৰ্ণনা কৰা হৈছিল: “যদিও এজন ব্যক্তিয়ে লাহে লাহে উন্নতি কৰিছে আৰু যিবোৰ শিকিছে তাক তেওঁ মূল্যাঙ্কন কৰিছে, তেনেহʼলে তেওঁৰ সৈতে বিচাৰে ব্ৰচাৰ আৰু জ্ঞান কিতাপখন সম্পূৰ্ণৰূপে অধ্যয়ন কৰা পাছতো অন্য কিতাপৰ সৈতে বাইবেল অধ্যয়ন চলাই থাকিব পাৰি। . . . কিন্তু সকলো সময়তে, প্ৰথমে বিচাৰে ব্ৰচাৰ আৰু জ্ঞান কিতাপখনৰ পৰা অধ্যয়ন কৰা আৱশ্যক।”
আন কোনবিলাকে বাইবেল অধ্যয়নত ব্যৱহাৰ কৰা ঈশ্বৰক উপাসনা কৰা নামৰ কিতাপখনৰ পৰা লাভবান হʼব পাৰে? সেই একেই প্ৰবন্ধটোত আগলৈ এইদৰে কৈছিল: “যদি এনে ব্যক্তিসকলক আপুনি জানে যিসকলে জ্ঞান পুস্তক অধ্যয়ন কৰা স্বত্বেও সমৰ্পণ আৰু বাপ্তিষ্মাৰ বাবে তৈয়াৰ হোৱা নাই, তেনেহʼলে আপুনি নিজে আগবাঢ়ি জ্ঞাত হোৱা আৱশ্যক যে তেওঁলোকে বাইবেল অধ্যয়ন পুনৰ আৰম্ভ কৰিবলৈ বিচাৰে নে নাই।” এতেকে আঁহক আমি মাৰ্চ আৰু এপ্ৰিল মাহটোত ঈশ্বৰক উপাসনা নামৰ কিতাপখনৰ পৰা তেনে লোকৰ সৈতে বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ এক বিশেষ প্ৰচেষ্টা কৰোঁহঁক।