পৰিচৰ্য্যা সভাৰ তালিকা
এপ্ৰিল ৮ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৩৯
১৩ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ। এপ্ৰিল ২২ তাৰিখৰ পৰা আৰম্ভ হোৱা সেৱা সভাত কৰিবলগীয়া আলোচনাৰ বাবে প্ৰস্তুত হʼবলৈ সকলোকে, যুৱক যুৱতীসকলে সোধে—মই কেনেকৈ প্ৰকৃত বন্ধু বনাব পাৰোঁ? নামৰ ভিডিঅখন চাই আহিবলৈ উৎসাহিত কৰক। ৮ পৃষ্ঠাত দিয়া পৰামৰ্শ অনুসাৰে পৃথকে দুটা উপস্থাপন প্ৰস্তুত কৰি প্ৰদৰ্শন কৰক যে কেনেকৈ এপ্ৰিল ১ প্ৰহৰীবুৰুজ আলোচনীখন বিতৰণ কৰিব পাৰি। প্ৰত্যেকটো উপস্থাপনত “মোৰ নিজা ধৰ্ম্ম আছে,” বুলি কোৱা লোকসকলৰ তৰ্ক-বিতৰ্ক প্ৰতিৰোধ কৰি পৃথকে প্ৰদৰ্শন কৰক।—ৰীজনিং কিতাপৰ ১৮- ১৯ পৃষ্ঠা চাওঁক।
১২ মি: স্থানীয় আৱশ্যকতাসমূহ।
২০ মি: “সকলোলৈ হিতজনক কৰ্ম্ম কৰোঁহঁক।”a প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰাৰ পিছত, এজন বা দুজন প্ৰকাশকক সাক্ষাৎকাৰ গ্ৰহণ কৰি সোধক যে তেওঁলোকে কেনেকৈ পৰিচৰ্য্যা কাৰ্য্য বৃদ্ধি কৰিছিল।
গীত ১৫৭ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
এপ্ৰিল ১৫ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১০১
১০ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপৰ্ট।
১৫ মি: অগ্ৰগামীসকলে একেৰাহে আনক সহায় কৰক। সেৱা ওভাৰচিয়াৰ, এজন পুস্তক অধ্যয়ন ওভাৰচিয়াৰ, এজন অগ্ৰগামী আৰু এজন প্ৰকাশকৰ সৈতে আলোচনা। সেৱা ওভাৰচিয়াজনে অগ্ৰগামীজনৰ সৈতে ছেপ্টেম্বৰ ১৯৯৮ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যা, ৮ পৃষ্ঠাত দিয়া পৰিলেখ অগ্ৰগামীয়ে আনক সহায় কৰা কাৰ্য্যক্ৰমটোক আলোচনা কৰে। তাৰ পিছত তেওঁ মঞ্চত থকা প্ৰত্যেকৰে সৈতে আলোচনা কৰে যে এই কাৰ্য্যক্ৰমত তেওঁ বা তাইৰ ভূমিকা কি আৰু এই উদ্দেশ্যে কেনেকৈ সেৱা কৰিব পাৰি। এই কাৰ্য্যত সফলতা পাবলৈ কি ব্যৱস্থা কৰা হʼল? সেৱা ওভাৰচিয়াৰজনে মণ্ডলীত থকা সকলো প্ৰকাশকক আমন্ত্ৰণ কৰি সোধে যে তেওঁলোকক পৰিচৰ্য্যা কাৰ্য্যত কোনো সহায়ৰ আৱশ্যক আছেনে। যিসকলক অতীতত সহায় কৰা হৈছিল, তেওঁলোককো আন বৈশিষ্টতাৰে প্ৰচাৰ কৰাত সহায় কৰিব পাৰে।
২০ মি: “পূৰ্ণসময় সেৱা কৰাৰ আনন্দ।”b ছুটী থকা সময়ছোৱাত সকলো ডেকা ব্যক্তিসকলক সহযোগী অগ্ৰগামী সেৱা কৰিবলৈ উৎসাহিত কৰক।
গীত ১৯৯ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
এপ্ৰিল ২২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৯০
১০ মি: স্থানীয় ঘোষণাসমূহ। ৮ পৃষ্ঠাত দিয়া পৰামৰ্শ ব্যৱহাৰ কৰি পৃথকে দুটা উপস্থাপন প্ৰস্তুত কৰক। এটাত এজন সহায়ক সেৱকে আৰু আনটোত এগৰাকী ভনীয়ে প্ৰদৰ্শন কৰি দেখুৱাই যে কেনেকৈ এপ্ৰিল ১, প্ৰহৰীবুৰুজ আলোচনীখন দিব পাৰি। প্ৰত্যেকটো প্ৰদৰ্শনৰ পিছত আৰম্ভণিৰ বাক্যশাৰী ব্যৱহাৰ কৰি গৃহস্থৰ ইচ্ছুকতা জগাই তুলক।
১০ মি: সময়মতে উপস্থিত হওঁক! এটা ভাষণ। এইটো আমাৰ উপাসনা আৰু সেৱাৰ গুৰুত্বপূৰ্ণ কাৰ্য্যৰ সৈতে জড়িত হৈ আছে, যাৰ বাবে “বিশেষ বিশেষ সময়” আৱশ্যক। (উপ. ৩:১) আমি ঈশ্বৰ-শাসিত ব্যৱস্থাসমূহৰ পৰা সম্পূৰ্ণকৈ লাভবান হʼব বিচাৰোঁ। মণ্ডলীৰ আৰু পৰিচৰ্য্যাৰ সেৱা সভাসমূহ নিযুক্ত সময় অনুযায়ী আৰম্ভ হোৱা উচিত। কিয়নো যিহোৱাই তেওঁৰ উদ্দেশ্য সম্পন্ন কৰাত কেতিয়াও পলম নকৰে। (হব. ২:৩) আমাক এই ক্ষেত্ৰত উন্নতি কৰা আৱশ্যকনে? কেতিয়াবা কিছুমান ব্যক্তিৰ হয়তো অপৰিহাৰ্য্যৰূপে পলম হʼব পাৰে। এক উত্তমৰূপে কৰা সংগঠিতৰ দ্বাৰা আমি সভাত গীত আৰু প্ৰাৰ্থনা আৰম্ভ হোৱা বা পৰিচৰ্য্যা সেৱাৰ ব্যৱস্থা কৰাৰ পিছত পলমকৈ উপস্থিত হোৱা কাৰ্য্যক অভ্যাসত পৰিণত হʼবলৈ দিয়া উচিত নহয়। আধ্যাত্মিক কাৰ্য্যসমূহত নিযুক্ত সময়ৰ আগতে উপস্থিত হোৱাটো এক উত্তম অভ্যাসত পৰিণত কৰিবলৈ এটা ব্যৱহাৰিক পদ্ধতিৰ বিষয়ে আলোচনা কৰক।—জুন ১৫, ১৯৯০ চনৰ প্ৰহৰীবুৰুজ, ২৯ পৃষ্ঠা চাওঁক।
২৫ মি: “এক উৎসাহপূৰ্ণ প্ৰত্যুত্তৰ!”c ১ অনু- চ্ছেদত মণ্ডলীয়ে যুৱক যুৱতীসকলে সোধে—মই কেনেকৈ প্ৰকৃত বন্ধু বনাব পাৰোঁ? নামৰ ভিডিঅ চলচিত্ৰখনৰ ওপৰত দিয়া মন্তব্য জড়িত কৰক। তাৰ পিছত ২-৭ অনুচ্ছেদটোত দিয়া প্ৰত্যেকটো প্ৰশ্ন শ্ৰোতাসকলৰ সৈতে আলোচনা কৰক। জুন মাহত আমাৰ সমুদায় ভ্ৰাতৃত্বৰ সঙ্গতি, নামৰ আন এখন ভিডিঅ চলচিত্ৰ প্ৰস্তুত কৰা হʼব।
গীত ১৯১ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
এপ্ৰিল ২৯ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৬২
১০ মি: স্থানীয় ঘোষণাসমূহ। সকলোকে এপ্ৰিল মাহৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ সোঁৱৰাই দিয়ক।
১৫ মি: “ৰাজ্যৰ প্ৰচাৰ কাৰ্য্যই জীৱন ৰক্ষাত সহায় কৰে!”d শাস্ত্ৰীয় পদসমূহ কিদৰে ব্যৱহাৰ কৰিব পাৰি এই বিষয়ে শ্ৰোতাসকলৰ মতামত সোধক।
২০ মি: ৰীজনিং কিতাপ ব্যৱহাৰ কৰি অনুসন্ধান কৰক। শ্ৰোতাসকলৰ সৈতে আলোচনা। প্ৰায়ে প্ৰচাৰ ক্ষেত্ৰত এনেবোৰ প্ৰশ্নৰ উদয় হয়, যিবোৰক সাধাৰণতে ৰীজনিং কিতাপত (৫-৬ পৃষ্ঠা) থকা “মূল বিষয়বস্তুসমূহৰ” তালিকাত নাথাকে। আমাৰ বিশ্বাসক সমৰ্থন কৰিবলৈ শাস্ত্ৰীয় পদসমূহৰ সম্পৰ্কে দিয়া “নিৰ্ঘন্ট” (৪৩৯-৪৪৫ পৃষ্ঠা) ব্যৱহাৰিক হʼব। শ্ৰোতাসকলক তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ নিৰ্ঘন্টৰ পৰা হেলনীয়াকৈ দিয়া প্ৰত্যেকটো শব্দক বিচাৰি সেই প্ৰশ্নটোৰ উত্তৰ দিবলৈ আমন্ত্ৰণ কৰক: ৰাষ্ট্ৰীয় “স্তুতিগীত” আৰু “পতাকা” সম্পৰ্কে খ্ৰীষ্টানসকলৰ দৃষ্টিভঙ্গী কি? ঈশ্বৰে কিয় “ধ্বংস” হʼবলৈ অনুমতি দিছে? “বিবাহ বিচ্ছেদ” সম্পৰ্কে বাইবেলৰ দৃষ্টিভঙ্গী কি? কিয় আৰু কেতিয়া এগৰাকী ভনীয়ে “মুৰত ওৰণি লোৱা” আৱশ্যক? “মাতৃ দিবস” কʼৰ পৰা আৰম্ভণি হৈছিল? বাইবেলত বৰ্ণনা কৰা ১,৪৪,০০০ জন যে বাস্তৱিক নম্বৰ তাক আমি কেনেকৈ জানিব পাৰোঁ? ধনী ব্যক্তি আৰু লাজাৰ দৃষ্টান্তটোৰ অৰ্থ কি? সকলোকে প্ৰচাৰ কাৰ্য্যত ৰীজনিং কিতাপখন ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰক।
গীত ২৮ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
মে ৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৪১
১০ মি: স্থানীয় ঘোষণাসমূহ। চাকৰিলৈ যাওঁতে আৰু ছুটীত কোনো ঠাইলৈ বা সাক্ষী নোহোৱা কোনো সম্বন্ধীয় লোকৰ ঘৰলৈ যাওঁতে কৰা অনিয়মিত প্ৰচাৰ কাৰ্য্যৰ অনুভৱ কʼবলৈ শ্ৰোতাসকলক আমন্ত্ৰণ কৰক।
১০ মি: “প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনী- সমূহৰ পৰা একেৰাহে লাভবান হওঁক।” শ্ৰোতাসকলৰ সৈতে আলোচনা।
২৫ মি: “আধ্যাত্মিকৰূপে কেনেকৈ এক শক্তিশালী পৰিয়াল গঢ়ি তুলিব পৰা যায়?”e বিষয়টো আলোচনা কৰাৰ পিছত ফেব্ৰুৱাৰী ১৫, ১৯৯৯ চনৰ প্ৰহৰীবুৰুজ, ১০-১২ পৃষ্ঠাত দিয়া লেখটোৰ পৰা কিছুমান ব্যৱহাৰিক অনুভৱ বৰ্ণনা কৰক।
গীত ১৭ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
[Footnotes]
a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।
b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।
c এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।
d এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।
e এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।