ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১২/০০ পৃষ্ঠা ২
  • পৰিচৰ্য্যা সভাৰ তালিকা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পৰিচৰ্য্যা সভাৰ তালিকা
  • ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • উপশীৰ্ষক
  • ডিচেম্বৰ ১১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • ডিচেম্বৰ ১৮ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • ডিচেম্বৰ ২৫ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • জানুৱাৰী ১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১২/০০ পৃষ্ঠা ২

পৰিচৰ্য্যা সভাৰ তালিকা

ডিচেম্বৰ ১১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৫০

১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ। যদি মণ্ডলীৰ স্টকত সৰ্বশ্ৰেষ্ঠ মানৱ বা মহান শিক্ষক কিতাপখন উপলব্ধ আছে, তেনেহʼলে বৰ্ণনা কৰক যে ইয়াক বন্ধৰ দিনবোৰত প্ৰচাৰ কাৰ্য্যত কেনেকৈ সঠিকৰূপে ব্যৱহাৰ কৰিব পৰা যায়। ডিচেম্বৰ ২৫ তাৰিখৰ পৰা আৰম্ভ হʼবলগীয়া সেৱা সভাৰ আলোচনাত ভাগ লবলৈ, সকলোকে বাইবেল​—⁠ঐতিহাসিক ফালৰ পৰা সঠিক আৰু ইয়াৰ ভৱিষ্যতবাণীসমূহ ভৰসাযুক্ত নামৰ ভিদিঅ’ কেছেটখন আগতীয়াকৈ চাই আহিবলৈ উৎসাহিত কৰক। যিসকলৰ ওচৰত এই ভিডিঅ কেছেটো আছে তেওঁলোকে আনকো চাবলৈ আমন্ত্ৰণ কৰিব পাৰে।

১৫ মি: “সকলো সময়তে যিহোৱালৈ ভয় ৰাখক।”a ইয়াৰ সৈতে জানুৱাৰী ৮, ১৯৯৮ চনৰ সচেতন! আলোচনীৰ ২৬ পৃষ্ঠাত দিয়া ঈশ্বৰীয় ভয়ৰ বিষয়ে থকা প্ৰবন্ধটোক সন্মিলিত কৰক। যিহোৱাক ভয়ৰ যোগেদি পোৱা লাভসমূহক উল্লেখ কৰক।

২০ মি: “সমকক্ষৰ হেঁচা আৰু প্ৰচাৰ কাৰ্য্যত ভাগ লোৱা আপোনাৰ বিশেষ অধিকাৰ।” ভাষণ আৰু সাক্ষাতকাৰ। সমকক্ষৰ হেঁচাত সন্মূখীন হোৱা ভাই-ভনীসকলক নিমন্ত্ৰণ কৰক যিসকলে এই হেঁচাৰ সন্মূখীন হোৱাৰ স্বত্ত্বেও প্ৰচাৰ কাৰ্য্যত উৎসাহিত হৈ থাকিবলৈ কেনেকৈ সফলতা লাভ কৰিলে।

গীত ৭৮ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

ডিচেম্বৰ ১৮ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৯৪

১৫ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপৰ্ট। ডিচেম্বৰ মাহৰ ২৫ তাৰিখ আৰু জানুৱাৰী মাহৰ ১ তাৰিখে প্ৰচাৰ কাৰ্য্য কৰিবলৈ ব্যৱস্থা কৰক আৰু মণ্ডলীক ইয়াৰ বিষয়ে জনাওঁক। এই প্ৰশ্নৰ উত্তৰ দিয়ক: কোনো অখ্ৰীষ্টীয় উৎসৱত অংশ গ্ৰহণ কৰাত নিষেধজ্ঞা আছেনে?​—⁠ৰীজনিং কিতাপৰ ১৭৮-১৮০ পৃষ্ঠা চাওঁক।

১২ মি: “২০০১ চনৰ ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুল।” স্কুল ওভাৰচিয়াৰৰ দ্বাৰা ভাষণ। সকলোকে সপ্তাহিক বাইবেল পাঠ আৰু স্কুলত উত্তমৰূপে নিজৰ নিযুক্তি ভাষণসমূহক প্ৰস্তুত কৰাত চেষ্টা কৰিবলৈ উৎসাহিত কৰক।

১৮ মি: “আপুনি সাহসী হৈ প্ৰচাৰ কাৰ্য্যত ভাগ লয়নে?”b বিষয়টোত থকা শাস্ত্ৰীয় পদবোৰত যুক্তি দৰ্শাই মন্তব্য দিয়ক। আমাৰ পৰিচৰ্য্যা কিতাপখনৰ ৮৬ পৃষ্ঠা ব্যৱহাৰ কৰি দেখুৱাক যে আমি কেনেকৈ সাহিয়াল হৈ প্ৰচাৰ কাৰ্য্যত অধিক কাৰ্য্যকাৰীৰূপে ভাগ লʼব পাৰোঁ।

গীত ১২৪ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

ডিচেম্বৰ ২৫ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১২৬

১০ মি: স্থানীয় ঘোষণাসমূহ। প্ৰচাৰ কাৰ্য্যত পোৱা কোনো অনুভৱৰ বিষয়ে কʼবলৈ শ্ৰোতাসকলক আমন্ত্ৰণ কৰক। জানুৱাৰী মাহত সাহিত্য বিতৰণৰ বাবে পুনৰ সোঁৱৰাই দিয়ক।

১০ মি: “চাৰ্কিট সন্মিলনৰ নতুন কাৰ্য্যক্ৰম।” প্ৰশ্ন আৰু উত্তৰ। আহিবলগীয়া চাৰ্কিট সন্মিলনৰ তাৰিখৰ বিষয়ে কওঁক আৰু সকলোকে সেই দুদিন উপস্থিত থাকিবলৈ উৎসাহিত কৰক। ইয়াৰ ওপৰিও সকলোকে বাইবেল অধ্যয়ন কৰা আগ্ৰহী ব্যক্তিসকলক সন্মিলনত উপস্থিত হʼবৰ বাবে আমন্ত্ৰণ কৰিবলৈ উৎসাহিত কৰক। কিয়নো এই চাৰ্কিট সন্মিলনে তেওঁলোকক মণ্ডলীৰ সভাবোৰত নিতৌ উপস্থিত হʼবলৈ প্ৰেৰণা দিব।

২৫ মি: “বাইবেল​—⁠ঐতিহাসিক ফালৰ পৰা সঠিক আৰু ইয়াৰ ভৱিষ্যতবাণীসূমহ ভৰসাযুক্ত।” শ্ৰোতাসকলৰ সৈতে আলোচনা কৰক। কেনেকৈ এই ভিডিঅ’ কেছেটখন আন লোকে ব্যৱহাৰ কৰিব পাৰে এই বিষয়ে পৰামৰ্শ দিয়ক। (১৯৯৯ বাৰ্ষিক পুস্তক, ৫১-৫২ পৃষ্ঠা) ফেব্ৰুৱাৰী মাহত আমি এই ভিডিঅʼৰ দ্বিতীয় খণ্ডক পুনৰ আলোচনা কৰিম যাৰ বিষয় হৈছে বাইবেল​—⁠মানৱজাতিৰ আটাইতকৈ প্ৰাচীন আধুনিক কিতাপ।

গীত ২১২ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

জানুৱাৰী ১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১৭১

১০ মি: স্থানীয় ঘোষণাসমূহ। যদি নতুন বছৰত আপোনাৰ মণ্ডলীত সভাবোৰৰ সময় সাল-সলনি কৰিছে, তেনেহʼলে সেই নতুন সময়ৰ অনুসৰি সকলোকে সভাবোৰত নিয়মীয়াকৈ উপস্থিত হʼবলৈ উৎসাহিত কৰক। এই সলনি কৰা সময়ৰ বিষয়ে বাইবেল অধ্যয়ন কৰা ব্যক্তি আৰু আগ্ৰহী ব্যক্তিক কওঁক। ইয়াৰ ওপৰিও হেণ্ডবিল বিলাকত সভাৰ নতুন সময়ৰ বিষয়ে উল্লেখ কৰি বিতৰণ কৰক। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা আগষ্ট মাহৰ সেৱা ৰিপৰ্ট আৰু আপোনাৰ মণ্ডলীয়ে আগষ্ট মাহত কেনেদৰে প্ৰচাৰ কাৰ্য্যৰ ৰিপৰ্ট দিলে, এই বিষয়ে উল্লেখ কৰক। সকলো প্ৰচাৰকক ডিচেম্বৰ মাহৰ পৰিচৰ্য্যাৰ ৰিপৰ্ট দিবলৈ সোঁৱৰাই দিয়ক।

১০ মি: “এদিনীয়া বিশেষ সন্মিলনৰ নতুন কাৰ্য্যক্ৰম।” এক ভাষণ দ্বাৰা প্ৰস্তুত কৰক। যদি আপুনি আহিবলগীয়া বিশেষ সন্মিলনৰ তাৰিখৰ বিষয়ে জানে, তেনেহʼলে মণ্ডলীক জনাওঁক। সকলোকে সন্মিলনৰ সম্পূৰ্ণ কাৰ্য্যক্ৰমত উপস্থিত থাকিবলৈ আৰু প্ৰচাৰকসকলক নতুনকৈ বাইবেল অধ্যয়নৰ কৰা বিদ্যাৰ্থীসকলক আমন্ত্ৰণ কৰিবলৈ উৎসাহিত কৰক।

২৫ মি: পুনৰ সাক্ষাতৰ বাবে কেনেকৈ প্ৰস্তুত থাকিব। এজন পিতৃয়ে নিজৰ পৰিয়ালৰ সৈতে আলোচনা কৰিব যে তেওঁলোকে প্ৰচাৰ কাৰ্য্যক কেনেকৈ অধিক কাৰ্য্যকাৰীৰূপে ভাগ লʼব পাৰে। আগ্ৰহী লোকসকলক সহায় কৰিবলৈ তেওঁ শাস্ত্ৰীয় যুক্তিবোৰৰ ওপৰত জোৰ দিয়ে। জুলাই ১, ১৯৯৯, প্ৰহৰীদুৰ্গ, ২২ পৃষ্ঠাৰ, ১৮ অনুচ্ছেদত দিয়া পৰামৰ্শবোৰ ব্যৱহাৰ কৰি তেওঁলোকে পুনৰ সাক্ষাতৰ বাবে প্ৰস্তুতি কৰে। সকলোৱে স্বীকাৰ কৰে যে আগ্ৰহী লোকক তেওঁলোকে পুনৰ সাক্ষাৎ কৰা আৱশ্যক। প্ৰথম সাক্ষাতত পোৱা প্ৰত্যুত্তৰৰ বিষয়ে সকলোৱে বৰ্ণনা কৰে আৰু পৰামৰ্শ দিয়ে যে পৰিয়ালৰ আন সদস্যসকলে পুনৰ সাক্ষাৎ কৰিবলৈ কেনেকৈ শাস্ত্ৰীয় পদবোৰ ব্যৱহাৰ কৰিব পাৰে। তেওঁলোকে বিচাৰে ব্ৰচাৰখনৰ এনে কিছুমান বিষয় উল্লেখ কৰে যিবোৰক পুনৰ সাক্ষাতৰ সময়ত কাৰ্য্যকাৰীৰূপে ব্যৱহাৰ কৰিব পাৰা যায়। পিতৃ-মাতৃয়ে তেওঁলোকৰ এজন সন্তানক পুনৰ সাক্ষাত সময়ত তেওঁ কি কʼব এই বিষয়ৰ ওপৰত অভ্যাস কৰায়। তেওঁলোকে আগন্তুক সপ্তাহত পুনৰ সাক্ষাৎ কৰিবলৈ এক নিৰ্দিষ্ট সময়ৰ বাছনি কৰে।

গীত ১৫১ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

[Footnotes]

a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টো পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰাই আলোচনা কৰক।

b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টো পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰাই আলোচনা কৰক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক