ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৮/০০ পৃষ্ঠা ৭
  • ঘোষণাসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণাসমূহ
  • ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৮/০০ পৃষ্ঠা ৭

ঘোষণাসমূহ

▪ আগষ্ট মাহৰ বাবে সাহিত্য বিতৰণ: তলত দিয়া ৩২ পৃষ্ঠাৰ যি কোনো ব্ৰচাৰ ব্যৱহাৰ কৰিব পাৰে: বাস্তৱতে ঈশ্বৰে আমাৰ বাবে চিন্তা কৰেনে?, পৃথিৱীত অনন্ত কাল জীৱনৰ আনন্দ লওঁক!, আপুনি ত্ৰিমূৰ্ত্তি বিশ্বাস কৰা উচিত নে?, সেই চৰকাৰে যি পৰমদেশ আনিব, যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া আমালৈ কি ঘটে?, জীৱনৰ উদ্দেশ্য কি—আপুনি ইয়াক কিদৰে পাব পাৰে?, আৰু যেতিয়া কোনো আপোনজনাৰ মৃত্যু হয়। ইয়াৰ ওপৰিও আন ব্ৰচাৰসমূহ হৈছে সকলোৰ বাবে এখন কিতাপ, আমাৰ সমস্যাসমূহ—কোনে ইয়াৰ সমাধান কৰিব?, মৃত্যুবিলাকৰ আত্মা—তেওঁলোকে আমাক সহায় কৰেনে অথবা হানি কৰে? তেওঁলোকে বাস্তৱতে অস্তিত্বত আছেনে?, আৰু কি কেতিয়াবা যুদ্ধ বিহীন সংসাৰ সম্ভৱ হʼবনে? ছেপ্টেম্বৰ: জীৱন—কেনেকৈ উৎপত্তি হʼল? ক্ৰমবিকাশ নে সৃষ্টিৰ দ্বাৰা? অক্টোবৰ: প্ৰহৰীদুৰ্গ আৰু সচেতন! আলোচনীৰ একোখনকৈ কপি। যেতিয়া পুনৰ সাক্ষ্যাতৰ সময়ত আগ্ৰহী লোক পোৱা যায়, তেওঁলোকক গ্ৰাহকৰ বাবে আগবঢ়াব পাৰে। নবেম্বৰ: কিংডম নিউজ নং ৩৬, “নতুন শতাব্দীত—আপোনাৰ ভৱিষ্যত কেনে হʼব? বিতৰণ কৰা হʼব। মণ্ডলীয়ে তেওঁলোকৰ এলেকাত থকা প্ৰত্যেকখন ঘৰত কিংডম নিউজ নং ৩৬-ৰ সৈতে বিচাৰে ব্ৰচাৰ বা জ্ঞান কিতাপখন আগবঢ়াব পাৰে। যদি গৃহস্থই আগতেই জ্ঞান কিতাপ বা বিচাৰে ব্ৰচাৰ লৈছে, তেনেহʼলে তেওঁলোকক চিৰকালৰ জীৱন বা সৃষ্টি কিতাপখন দিব পাৰে।

▪ প্ৰিজাইডিং ওভাৰচিয়াৰ বা তেওঁ নিযুক্ত কৰা কোনো ভায়ে ছেপ্তেম্বৰ ১ তাৰিখে বা যিমান সোনকালে সম্ভৱ হয় মণ্ডলীৰ হিছাপ-নিকাচ পৰীক্ষা কৰা উচিত। যেতিয়া ইয়াক কৰা হয় তেতিয়া পৰৱৰ্তী লেখ ৰিপৰ্ট পঢ়াৰ পাছত ইয়াক ঘোষণা কৰক।

▪ ২০০১ চনৰ সেৱা বছৰত প্ৰত্যেক মণ্ডলীৰ বাবে যথেষ্ট পৰিমাণৰ আৱেদন পত্ৰ উপলব্ধ কৰা হʼব। অনুগ্ৰহ কৰি জধে-মধে এই আৱেদন পত্ৰবোৰ ব্যৱহাৰ নকৰিব। সেইবিলাক মাত্ৰ নিৰ্দ্দিষ্ট উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰা উচিত।

▪ ২০০০ চনৰ আগষ্ট মাহৰ ৩১ তাৰিখ বা যিমান সোনকালে সম্ভৱ আলোচনী আৰু সাহিত্যসমূহৰ বছেৰেকীয়া হিছাপ-নিকাচ শেষ কৰা আৱশ্যক। এই তালিকা পত্ৰত উল্লেখ কৰা হিছাপ, আলোচনী চোৱা-চিতা কৰা ভাইৰ দ্বাৰা লোৱা আলোচনীৰ মাহেকীয়া হিছাপৰ সৈতে একেই হʼব, আৰু সাহিত্যসমূহৰ মুঠ হিচাপ (S(d)-18) সাহিত্য তালিকা পত্ৰখনত টোকি ৰখা উচিত। বৰ্তমান হাতত থকা আলোচনীসমূহৰ মুঠ সংখ্যা প্ৰত্যেক মণ্ডলীৰ সাহিত্য চোৱা-চিতা কৰা ভাইসকলৰ পৰা প্ৰাপ্ত কৰিব পাৰে। সাহিত্যবোৰ চোৱা-চিতা কৰা প্ৰত্যেক মণ্ডলীক তিনিখনকৈ (S(d)-18) সাহিত্য তালিকা পত্ৰ দিয়া হʼব। অনুগ্ৰহ কৰি ছেপ্টেম্বৰ ৬ তাৰিখৰ ভিতৰত সাহিত্য তালিকা পত্ৰখনৰ মূল কপিখন সংস্থালৈ প্ৰেৰণা কৰক। দ্বিতীয় কপিখন আপোনাৰ ফাইলত ৰাখক। তৃতীয় কপিখন আলোচনী বা সাহিত্যসমূহৰ হিছাপ-নিকাচৰ বাবে ব্যৱহাৰ কৰিব পাৰে। সাহিত্যবোৰ চোৱা-চিতা কৰা মণ্ডলীৰ চেক্ৰেটৰীয়ে সাহিত্যসমূহৰ হিছাপ-নিকাচ লিখা তালিকা পত্ৰখনক পৰিক্ষা কৰা উচিত। তাৰ পাছত সাহিত্যবোৰ চোৱা-চিতা কৰা মণ্ডলীৰ চেক্ৰেটৰী আৰু প্ৰিজাইডিং ওভাৰচিয়াৰে তালিকা পত্ৰখনত চহী কৰা আৱশ্যক।

▪ সংস্থাই ২০০০ চনৰ আগষ্ট মাহৰ ২৪ তাৰিখৰ পৰা ৩১ তাৰিখলৈকে লোনাভেলা বেথেলত থকা সকলো আলোচনী আৰু সাহিত্যৰ হিছাপ-নিকাচ কৰিব। সেই সময়ছোৱাত কোনো মণ্ডলীয়ে নিৱেদন কৰা সাহিত্য বা আলোচনী পঠোৱা বা গ্ৰহণ কৰা নহʼব।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক