ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৮/০০ পৃষ্ঠা ৫-৬
  • ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলৰ পুনৰ নিৰীক্ষণ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলৰ পুনৰ নিৰীক্ষণ
  • ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৮/০০ পৃষ্ঠা ৫-৬

ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলৰ পুনৰ নিৰীক্ষণ

২০০০ চনৰ মে মাহৰ ১ তাৰিখৰ পৰা আগষ্ট মাহৰ ২১ তাৰিখৰ লৈকে থকা ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলৰ ভাষণবোৰৰ ওপৰত আধাৰিত কৰি এই পুনৰ নিৰীক্ষণ আলোচনা কৰা হʼব। নিযুক্ত কৰা সময়ৰ অনুসৰি, আপুনি যাতে প্ৰশ্নসমূহৰ উত্তৰবোৰ লিখিব পাৰে তাৰ বাবে এখন বেলেগে কাগজ ব্যৱহাৰ কৰক।

[সূচনা: পুনৰ নিৰীক্ষণৰ সময়ত, যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ মাত্ৰ বাইবেল ব্যৱহাৰ কৰিব পাৰে। প্ৰশ্নসমূহৰ পাছত উল্লেখ কৰা সংখ্যাবোৰ ব্যক্তিগতৰূপে আপুনি অনুসন্ধান কৰাত সহায়ৰ বাবে দিয়া হৈছে। প্ৰহৰীদুৰ্গ-ৰ পৰা উত্তৰ বিচাৰি পাবলৈ সকলো প্ৰশ্নৰ পাছত পৃষ্ঠা বা অনুচ্ছেদৰ নম্বৰ নাথাকিবও পাৰে।]

প্ৰত্যেক নিম্নলিখিত বিৱৰণ শুদ্ধ নে অশুদ্ধ তাৰ উত্তৰ দিয়ক:

১. ইফ্ৰায়িমৰ লোকবিলাকে গিদিয়োনৰ সৈতে বিবাদ কৰিছিল। কিন্তু গিদিয়োনে ধৈৰ্য্য আৰু নম্ৰতাৰে তেওঁবিলাকক উত্তৰ দি তেওঁবিলাকৰ যুক্তিহীন সমলোচনাক ক্ষান্ত কৰি শান্তি বজাই ৰাখিছিল। (বিচা. ৮:১-৩) [সপ্তাহিক বাইবেল পাঠ]

২. যদিও মানোহে কৈছিল “আমি ঈশ্বৰক দেখা পালোঁ,” প্ৰকৃততে তেওঁ আৰু তেওঁৰ পত্নীয়ে যিহোৱাক নহয় কিন্তু মানৱ শৰীৰ ধাৰণ কৰা ঈশ্বৰৰ ব্যক্তিগত বাৰ্ত্তাবাহককহে দেখিছিল। (বিচা. ১৩:২২) [সপ্তাহিক বাইবেল পাঠ; w৮৮ ৫/১৫ পৃ. ২৩ অনু. ৩]

৩. যেনেকৈ এজনী স্ত্ৰীয়ে অনুভৱ কৰা উচিত যে তাইৰ সঙ্গীয়ে তেওঁক সন্মান আৰু গভীৰভাৱে ভাল পায়, তেনেকৈ স্বামীও অনুভৱ কৰা আৱশ্যক যে তেওঁৰ স্ত্ৰীয়ে তেওঁক শ্ৰদ্ধা কৰে। [kl পৃ. ১৪৪ অনু. ১২]

৪. ঈশ্বৰলৈ প্ৰাৰ্থনাত নিৱেদন কৰোঁতে আমাৰ আৱশ্যকতাবোৰক প্ৰথম স্থান দিয়া উচিত। [kl পৃ. ১৫৫ অনু. ১৩]

৫. বিচাৰকৰ্ত্তাবিলাক ২১:২৫ পদত এনে এটা সময়ৰ বিষয়ে উল্লেখ কৰিছে যেতিয়া যিহোৱাই ইস্ৰায়েল জাতিক কোনো পথ-প্ৰদৰ্শন নকৰাকৈ ত্যাগ কৰিছিল। [সপ্তাহিক বাইবেল পাঠ; w৯৫ ৬/১৫ পৃ. ২২ অনু. ১৬ চাওঁক।]

৬. নিয়ম-চন্দুকৰ ওপৰত থকা কৰূবে যিহোৱাৰ ৰাজকীয় উপস্থিতিক নিৰ্দ্দেশিত কৰে। যিহোৱাই “কৰূব দুটাৰ মাজত বসতি কৰা” বুলি কৈছিল। (১ চমূৱেল ৪:৪) [সপ্তাহিক বাইবেল পাঠ; w৮০ ১১/১ পৃ. ২৯ অনু. ২ চাওঁক।]

৭. নিৰুপায় অৱস্থাত যেতিয়া চৌলৰ সৈন্যসকলে তেজ পান কৰি কোনো দণ্ড নাপালে, ইয়াৰ অৰ্থ হৈছে কোনো এজন ব্যক্তিৰ জীৱন ৰক্ষা কৰিবলৈ ঈশ্বৰীয় ব্যৱস্থাক উলঙ্ঘন কৰাটো ন্যায়সঙ্গত কাৰণ। (১ চমূ. ১৪:২৪-৩৫) [সপ্তাহিক বাইবেল পাঠ; w৯৪ ৪/১৫ পৃ. ৩১ অনু. ৭-৯ চাওঁক।]

৮. “প্ৰমাণ” শব্দৰ সঠিক অৰ্থ হৈছে কোনো ব্যক্তিক বিশ্বাস জন্মাবলৈ বুজোৱা, ইয়াৰ বাবে আৱশ্যক নহয় যে আমি কোনো চতুৰতা পদ্ধতিক ব্যৱহাৰ কৰা। (২ তীম. ৩:১৪, ১৫) [w৯৮ ৫/১৫ পৃ. ২১ অনু. ৪]

৯. “জীৱনৰূপ বোকোচা” উক্তিটোৱে ঈশ্বৰীয় ব্যৱস্থাৰ দ্বাৰা কৰা পৰিত্ৰাণ আৰু সুৰক্ষাক বুজায়। যদিহে দায়ুদে ঈশ্বৰৰ দৃষ্টিত ৰক্তপাতৰ দোষৰ পৰা আতঁৰি থাকে ই তেওঁৰ বাবে লাভদায়ক আছিল।(১ চমূ. ২৫:২৯) [সপ্তাহিক বাইবেল পাঠ; w৯১ ৬/১৫ পৃ. ১৪ অনু. ৩ চাওঁক।]

১০. ২ চমূৱেল ৭:১৬ পদত উল্লেখ কৰা দায়ুদীয় ৰাজ্য চুক্তিত উল্লেখ কৰা বংশই মচীহলৈ নিৰ্দ্দেশিত কৰিছে আৰু ইয়ে আইনসঙ্গতভাৱে প্ৰমাণিত কৰিছিল যে এনে এজন ব্যক্তি দায়ুদৰ বংশৰ পৰা উৎপন্ন হʼবলগীয়া আছিল যিয়ে “সদাকাললৈকে” ৰাজত্ব কৰিব। [সপ্তাহিক বাইবেল পাঠ; ৮৯ ২/১ পৃ. ১৪ অনু. ২১–পৃ. ১৫ অনু. ২২ চাওঁক।]

নিম্নলিখিত প্ৰশ্নৰ উত্তৰ দিয়ক:

১১. গীতমালা ৩৪:১৮ পদত কি প্ৰতিশ্ৰুতি দিয়া হৈছে? [w৯৮ ৪/১ পৃ. ৩১ অনু. ২]

১২. যোচেফৰ উপনাম যে বাৰ্ণব্বা আছিল, এই কথাই কি সূচায়ইছে? (পাঁচ. ৪:৩৬) [w৯৮ ৪/১৫ পৃ. ২০ অনু. ৩, ফুটনোট]

১৩. এলীয়ে যিহোৱাতকৈ নিজৰ পুতেকসকলকহে অধিক সন্মান কৰিছিল বুলি বাইবেলে কিয় কৈছে? (১ চমূ. ২:১২, ২২-২৪, ২৯) [সপ্তাহিক বাইবেল পাঠ; ৯৬ ৯/১৫ পৃ. ১৩ অনু. ১৪ চাওঁক।]

১৪. যদিও ঈশ্বৰে ‘আমাৰ কি প্ৰয়োজন আছে তেওঁক বিচৰাৰ আগেয়ে তাক জানে,’ তথাপিও তেওঁলৈ সহায়ৰ বাবে কিয় প্ৰাৰ্থনা কৰিব লাগে? [kl পৃ. ১৫১ অনু. ৪]

১৫. প্ৰথম চমূৱেল ১:১-৭ পদৰ অনুসৰি চমূৱেলৰ পৰিয়ালে কি উল্লেখনীয় উদাহৰণ প্ৰস্তুত কৰিলে? [সপ্তাহিক বাইবেল পাঠ; w৯৮ ৩/১ পৃ. ১৬ অনু. ১২ চাওঁক।]

১৬. কি অৰ্থত কব পাৰি যে ‘ধনৰ মায়াই পথভ্ৰষ্ট কৰে’? (মথি ১৩:২২) [w৯৮ ৫/১৫ পৃ. ৫ অনু. ১]

১৭. কেনেকৈ যোনাথনে যিহোৱাৰ অভিষিক্ত দায়ুদক স্বীকাৰ কৰিছিল আৰু আজিৰ সময় ই কি নিৰ্দ্দেশিত কৰে? (১ চমূ. ১৮:১, ৩, ৪) [সপ্তাহিক বাইবেল পাঠ; w৮৯ ১/১ পৃ. ২৪, ২৬ অনু. ৪, ১৩ চাওঁক।]

১৮. যদিও ইয়োব “সিদ্ধ, সৰল” ব্যক্তি আছিল, কিন্তু ইয়োবৰ কিতাপে কেনেকৈ উল্লেখ কৰিছে যে তেওঁ এজন অসিদ্ধ ব্যক্তি আছিল? (ইয়ো. ১:৮) [w৯৮ ৫/১ পৃ. ৩১ অনু. ১]

১৯. “প্ৰাণপণে চেষ্টা কৰা,” এই বাক্যশাৰীৰ অৰ্থ কি? (লূক ১৩:২৪) [w৯৮ ৬/১৫ পৃ. ৩১ অনু. ১, ৪]

২০. যেতিয়া আমি অন্যৰ সৈতে কাৰ্য্য কৰোঁ, তেতিয়া ২ চমূৱেল ১২:২৬-২৮ পদত দিয়া কি গুৰুত্বপূৰ্ণ কথা আমি নিজৰ হৃদয়ত ৰখা উচিত? [সপ্তাহিক বাইবেল পাঠ; w৯৩ ১২/১ পৃ. ১৯ অনু. ১৯ চাওঁক।]

প্ৰত্যেক নিম্নলিখিত উক্তিক পূৰ্ণ কৰিবলৈ আৱশ্যকীয় শব্দ বা বাক্য দিয়ক:

২১. বিশ্বাসে বিবাহিত জীৱনক _________________________ আৰু _________________________ দিয়ে। [kl পৃ. ১৪১ অনু. ৬]

২২. সামান্য যুগ প্ৰথম শতাব্দীত যিহোৱাই _________________________ স্থাপন কৰিছিল। মন্ডলীবোৰ গঠন কৰা হৈছিল আৰু সেইবিলাকত পাঁচনি আৰু বৃদ্ধসকলৰ দ্বাৰা গঠিত _________________________ নিৰ্দ্দেশনৰ অধীনত কাৰ্য্য কৰিছিল। (পাঁচ. ১৫:২২-৩১) [kl পৃ. ১৬০ অনু. ৩]

২৩. যিহোৱাৰ নামৰ অৰ্থ হৈছে _________________________ আৰু এইটোও প্ৰকাশ কৰে যে তেওঁৰ _________________________ সম্পন্ন কৰিবলৈ যিহোৱাই যিকোনো আৱশ্যকীয় ভূমিকাক আদায় কৰে। [w৯৮ ৫/১ পৃ. ৫ অনু. ৩]

২৪. মন্ডলীৰ এলেকাত সকলো ধৰণৰ ব্যক্তিক ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰাটো _________________________ লোকসকলক বিচৰা এটা পদ্ধতি আৰু এই উত্তম কামৰ দ্বাৰা প্ৰমাণ কৰিব যে আপোনাৰ _________________________ আছে। [kl পৃ. ১৭৫ অনু. ৯]

২৫. ওচৰ-চুবুৰীয়া চমৰীয়াৰ দৃষ্টান্তত যীচুৱে দেখুৱাইছে যে এজন সত্য সৰল ব্যক্তি সেইজন, যিজনে মাত্ৰ ঈশ্বৰৰ _________________________ পালন কৰাই নহয় কিন্তু তেওঁৰ _________________________ অনুকৰণ কৰে। (লূক ১০:২৯-৩৭) [w৯৮ ৭/১ পৃ. ৩১ অনু. ২]

প্ৰত্যেক নিম্নলিখিত উক্তিৰ শুদ্ধ উত্তৰ বাচঁনি কৰক:

২৬. প্ৰাৰ্থনা হৈছে (এটা অৰ্থহীন দিশ, কোনো এটা পথ যাৰ দ্বাৰা কিছু লাভ, ঈশ্বৰৰ সৈতে এটা ঘনিষ্ঠ সম্পৰ্ক স্থাপন কৰা।) [kl পৃ. ১৫০ অনু. ৩]

২৭. বিচাৰকৰ্ত্তাবোৰৰ দ্বাৰা শাসন কৰা ইস্ৰায়েলৰ যুগ তেতিয়া শেষ হয়, যেতিয়া (চমূৱেলক; দায়ূদক; চৌলক) ৰজাৰূপে নিযুক্তি দিয়া হৈছিল আৰু তাৰ অলপ পাছতে যিহোৱাৰ সহায়ৰ দ্বাৰা (অম্মোনীয়াবিলাকক; মোৱাবীয়াবিলাকক; পলেষ্টীয়াবিলাকক) পৰাস্ত কৰা হৈছিল। (১ চমূ. ১১:৬, ১১) [সপ্তাহিক বাইবেল পাঠ; ৯৮ ১২/১৫ পৃ. ৯ অনু. ২–পৃ. ১০ অনু. ১ চাওঁক।]

২৮. (পাঁচনি পৌলে; তেওঁৰ পিতৃয়ে; তেওঁৰ মাতৃ আৰু আইতাকে) “পবিত্ৰ শাস্ত্ৰৰে” তীমথিক শিক্ষা দান কৰিছিল যিয়ে তেওঁক এজন উত্তম মিছনাৰী আৰু ওভাৰচিয়াৰ হʼবলৈ সহায় কৰিছিল। (২ তীম. ৩:১৪, ১৫; ফিলি. ২:১৯-২২) [w৯৮ ৫/১৫ পৃ. ৮ অনু. ৩–পৃ. ৯ অনু. ৫]

২৯. বাপ্তিস্মা হৈছে (আপোনাৰ আধ্যাত্মিক উন্নতিৰ শেষ, এজন নিয়োজিত সেৱক আৰু যিহোৱাৰ সাক্ষীৰূপে গোটেই জীৱন ঈশ্বৰৰ সেৱাৰ আৰম্ভণি, পৰিত্ৰাণৰ বাবে নিশ্চয়তা।) [kl পৃ. ১৭৮ অনু. ১৭]

৩০. যিসকলে যিহোৱা ঈশ্বৰক প্ৰেম কৰে আৰু পৰমদেশ পৃথিৱীত বাস কৰিব তেওঁলোকে (অনন্ত কাল, এহেজাৰ বছৰ, জীৱনৰ আয়ু ৭০ বা ৮০ বছৰ) জীয়াই থাকিব। [kl পৃ. ১৯০ অনু. ২২]

নিম্নলিখিত শাস্ত্ৰপদবোৰ তলত দিয়া তালিকাৰ উক্তিবোৰৰ সৈতে মিলাওঁক:

বিচা. ১১:৩০, ৩১; ১ চমূ. ১৫:২২; ৩০:২৪, ২৫; ২ ৰাজা. ৬:১৫-১৭; যাকো. ৫:১১

৩১. যিহোৱাই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে তেওঁৰ লোকসকলক তেওঁৰ ইচ্ছাৰ অনুসৰি সুৰক্ষা দিবলৈ নিজৰ স্বৰ্গীয় বাহিনীক ব্যৱহাৰ কৰিব। [w৯৮ ৪/১৫ পৃ. ২৯ অনু. ৫]

৩২. যদিও কেতিয়াবা চুক্তি কষ্টকৰ আৰু বহুমূলীয়া হʼব পাৰে কিন্তু নিজৰ চুক্তিৰ মতে মানি চলাটো মণ্ডলীৰ ওভাৰচিয়াৰসকলৰ দায়ীত্ব। [w৯৯ ৯/১৫ পৃ. ১০ অনু. ৩-৪]

৩৩. পৰিক্ষাৰ সময়ত নিষ্ঠা বজাই ৰখাৰ দ্বাৰা যিহোৱা ঈশ্বৰৰ পৰা মহান পুৰস্কাৰ লাভ হয়। [w৯৮ ৫/১ পৃ. ৩১ অনু. ৪]

৩৪. ঈশ্বৰৰ প্ৰকৃত প্ৰেমৰ আৱশ্যকতাসমূহ হৈছে ঈশ্বৰীয় নিৰ্দ্দেশনাৰ আজ্ঞাকাৰী হোৱা আৰু তেওঁলৈ কোনো বলিদান উৎসৰ্গা নকৰা। [সপ্তাহিক বাইবেল পাঠ; w৯৬ ৬/১৫ পৃ. অনু. ১ চাওঁক।]

৩৫. বৰ্ত্তমান সময়ত যিসকলে যিহোৱাৰ সংগঠনত সহায়কৰূপে সেৱা কৰে, ঈশ্বৰে তেওঁলোকক গভীৰভাৱে মূল্যাঙ্কন কৰে। [সপ্তাহিক বাইবেল পাঠ; w৮৬ ৯/১ পৃ. ২৮ অনু. ৪ চাওঁক।]

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক