আপুনি লাভৱান হৈছেনে?
১ বৰ্তমান সময়ত বহুতো লোকে দৈনন্দিন সমস্যাসমূহৰ পৰা কেনেকৈ মুক্ত হৈ এক সুখী জীৱন নিৰ্বাহ কৰিব পাৰে তাৰ বিষয়ে জানিব বিচাৰে। সেইবাবে সুখ-শান্তিৰ জীৱন প্ৰণালীৰ সহায় বিচাৰি তেওঁলোকে এনেধৰণৰ বহুতো কিতাপ অধ্যয়ন কৰে বা কোনো সংগঠনৰ সৈতে জৰিত্ব হয়। কিছুমানে হয়তো ইয়াৰ পৰা অলপ মাত্ৰাত লাভৱান হʼব পাৰে। কিন্তু বৰ্তমান সময়ত অতিবাহিত কৰা জীৱন প্ৰণালীবোৰলৈ লক্ষ্য কৰিলে এইটো কʼব পাৰিনে যে মানুহে লিখা সেই কিতাপ আৰু আনৰ পৰামৰ্শসমূহৰ যোগেদি সচাঁকৈ সুখ-শান্তিৰে জীৱন-যাপন কৰিবলৈ পথ বিচাৰি পাইছে? নিশ্চয়ে নহয়!—১ কৰি. ৩:১৮-২০.
২ আনহাতে, আমাৰ সৃষ্টিকৰ্ত্তা ঈশ্বৰে বিনা মূল্যেই সকলো লোকলৈ ব্যৱহাৰিক পৰামৰ্শ আগবঢ়াইছে, যিসকলে এই পৰামৰ্শ অনুযায়ী চলিব তেওঁলোক লাভৱান হʼব পাৰিব। কিয়নো যিহোৱাই বিচাৰে যে সকলোৱে তেওঁৰ শিক্ষা গ্ৰহণ কৰি লাভৱান হওঁক। সেইবাবে তেওঁৰ নিশ্বাসিত বাক্যৰ যোগেদি সঠিকভাৱে চলিবলৈ মানৱজাতিক ব্যৱহাৰিক মাৰ্গ-দৰ্শনৰ ব্যৱস্থা কৰিছে আৰু লগতে গোটেই পৃথিৱীত ঘোষণা কৰিবলৈ তেওঁ নিজৰ ৰাজ্যৰ শুভবাৰ্ত্তা দিছে। (গীত. ১৯:৭, ৮; মথি ২৪:১৪; ২ তীম. ৩:১৬) গতিকে চাব গʼলে যিহোৱাৰ শিক্ষা অনুসাৰে চলিলেহে আমি সচাঁকৈ এক সুখী জীৱন নিৰ্বাহ কৰিব পাৰিম।—যিচ. ৪৮:১৭, ১৮.
৩ কিয়নো বৰ্তমান সময়ৰ আত্মনিৰ্ভৰশীলতা কিতাপ বা আন জাগতিক পৰামৰ্শৰ তুলনাতকৈ একমাত্ৰ যিহোৱাৰ পথ-প্ৰদৰ্শন হৈছে সকলোতকৈ উত্তম। যদি আমি সম্পূৰ্ণৰূপে যিহোৱাই প্ৰৱন্ধ কৰা বাক্য আৰু তেওঁৰ সংগঠনৰ দ্বাৰা দিয়া শিক্ষা গ্ৰহণ কৰোঁ তেতিয়াহে আমি প্ৰকৃত সহায় আৰু চিৰস্থায়ী লাভ প্ৰাপ্ত কৰিব পাৰিম।—১ পিত. ৩:১০-১২.
৪ আপুনি মণ্ডলীৰ সভাবোৰৰ পৰা লাভৱান হওঁক: বৰ্তমান সময়ত প্ৰেমময় যিহোৱা ঈশ্বৰে আন্তৰিকভাৱে আমি তেওঁৰ পথত চলিবলৈ শিক্ষা দিবৰ বাবে ব্যৱস্থা কৰিছে আৰু যদি আমি তেওঁৰ পৰামৰ্শত কাণ দিওঁ তেতিয়াহে লাভৱান হʼম। গতিকে মণ্ডলীত হোৱা পাঁচখন সভাই হৈছে যিহোৱাৰ প্ৰেমময় প্ৰৱন্ধ। যেতিয়া আমি সভাত উপস্থিত হওঁ তেতিয়া ঈশ্বৰৰ প্ৰতি আমাৰ জ্ঞান বৃদ্ধি হয়। ইয়াৰ দ্বাৰাই আমি নিজকে সকলো ধৰণৰ বেয়া কাৰ্য্যৰ পৰা ৰক্ষা কৰি ঈশ্বৰৰ কাষ চাপিব পাৰোঁ আৰু আমাৰ বিশ্বাস দৃঢ় হʼব।
৫ ইয়াৰ উপৰিও মণ্ডলীৰ সভাবোৰে আমাৰ “হৃদয় বহল” কৰাত সহায় কৰে। (২ কৰি. ৬:১৩) তদুপৰি সভাবোৰত উপস্থিত হোৱাৰ দ্বাৰা আমি অন্য ভাই-ভনীসকলৰ সৈতে ভালদৰে পৰিচিত হʼব পাৰোঁ। তেওঁলোকৰ সৈতে কথা-বতৰা কৰাৰ যোগেদি উৎসাহিত হʼব পাৰোঁ, যেনেকৈ পাচঁনি পৌলে ৰোমীয়া মণ্ডলীলৈ পত্ৰ লিখিছিল। (ৰোমী. ১:১১, ১২) আৰু যেতিয়া তেওঁ হিব্ৰু মণ্ডলীলৈ লিখিছিল তেতিয়া তেওঁলোকক দস্তুৰমতে খ্ৰীষ্টান সঙ্গীসকলৰ সৈতে গোট খাবলৈ নেৰিবলৈ জোৰ কৈ পৰামৰ্শ দিছিল।—ইব্ৰী ১০:২৪, ২৫.
৬ আনন্দিত হৈ জীৱন-যাপন কৰাৰ দ্বাৰাই এইটো প্ৰকাশ কৰিব পাৰি যে আপুনি আনৰ কল্যাণৰ অৰ্থে ইচ্ছুক। আমি, ইজনে-সিজনৰ আনন্দক বৃদ্ধি কৰাৰ সুযোগ লবলৈ উৎসাহিত কৰিছোঁ। এই খ্ৰীষ্টান সভাবোৰে আমাক ব্যক্তিগতভাৱে লাভ প্ৰদান কৰিব আৰু ইয়াৰ উপৰিও আনৰ সৈতে ভাল সম্বন্ধ গঢ়ি তোলাত সহায় কৰিব। সেইবাবে আমি আন্তৰিকতাৰে সভাবোৰত অংশ গ্ৰহণ কৰা আৱশ্যক।
৭ পাচঁনি পৌলে তীমথিয়লৈ পত্ৰ লিখোঁতে সেই একেইদৰে পৰামৰ্শ দিছিল: “ভক্তিত নিপুণ হবলৈ অভ্যাস কৰা।” (১ তীম. ৪:৭) আমি নিজকে সুধিব পাৰোঁ: ‘মই তেনে অভ্যাস কৰিছোঁনে? মণ্ডলীৰ সভাবোৰত মই যি শুনিছোঁ তাৰ পৰা মই লাভৱান হৈছোঁনে?’ যদি আমি সভাত যি শুনো সেই অনুসাৰে চলো তেনেহʼলে আমি এই প্ৰশ্নবোৰৰ সঠিক উত্তৰ দিব পাৰিম। এইদৰে আমাৰ নিজ চকুৰে স্পষ্টকৈ দেখিবলৈ পাম যে যিসকল ভায়ে শিক্ষা দিয়ে তেওঁলোকে নিজৰ নহয় কিন্তু আমাৰ মহান শিক্ষক যিহোৱাহে তেওঁৰ লোকবিলাকক শিক্ষা দিবলৈ এই ভাই সকলক প্ৰবন্ধ কৰিছে।—যিচ. ৩০:২০.
৮ ঈশ্বৰ শাসিত স্কুল আৰু পৰিচৰ্য্যা সভা: এই দুখন সভাই আমাক প্ৰচাৰ কাৰ্য্যত ফলদায়কৰূপে কাৰ্য্য কৰিবলৈ সহায় কৰে। গতিকে ঈশ্বৰ শাসিত স্কুলেই হৈছে এনে এটা কাৰ্য্যক্ৰম যʼত বিদ্যাৰ্থীসকলে নিয়মীয়াকৈ পৰামৰ্শ আৰু উপদেশ লাভ কৰে। এই স্কুলত বিদ্যাৰ্থীসকলে ঈশ্বৰৰ বাক্যৰ শিক্ষক হৈ জন ভাষণ দিয়াত নিজকে প্ৰস্তুত কৰি তুলিবলৈ সুযোগ পায়। কিন্তু দৰাচলতে যদি আপুনি সম্পূৰ্ণৰূপে লাভৱান হʼবলৈ বিচাৰে তেনেহʼলে সেই স্কুলত নিয়মীয়কৈ ভাগ লবলৈ উপস্থিত হোৱা আৱশ্যক আৰু ইয়াৰ উপৰিও নিজৰ নিযুক্তি ভাষণৰ বাবে কঠোৰ পৰিশ্ৰম কৰা দৰকাৰ। এই স্কুলত পোৱা পৰামৰ্শ আৰু উপদেশসমূহক যদি আপুনি পালন কৰে তেতিয়াহে আপুনি উন্নতি কৰিব পাৰিব।
৯ সেৱা সভাই আমাৰ খ্ৰীষ্টান প্ৰচাৰ কাৰ্য্য আৰু শিষ্য বনোৱাৰ ওপৰত বিশেষকৈ গুৰুত্ব দিয়ে। এই দুখন সভাত যি যি বিষয়বস্তু প্ৰস্তুত কৰে তাৰ পৰা আপুনি আৰু আপোনাৰ পৰিয়ালে সম্পূৰ্ণকৈ লাভৱান হৈছেনে? যেনেকৈ এহাল খ্ৰীষ্টান দম্পতীয়ে এইদৰে কয়: “সেৱা সভাৰ পৰা আমি জানিব পাৰিলোঁ যে আমাৰ পৰিয়ালে একত্ৰিত হৈ নিতৌ দৈনিক শাস্ত্ৰৰ পাঠ আলোচনা কৰা উচিত। আমি আগতে কেতিয়াও তেনেদৰে কৰা নাছিলোঁ, কিন্তু এতিয়া আমি সকলোৱে একত্ৰিত হৈ নিতৌ দৈনিক শাস্ত্ৰৰ পাঠ আলোচনা কৰোঁ।” ইয়াৰ দ্বাৰা তেওঁলোকে কেনেকৈ লাভৱান হৈছিল? তেওঁলোকে এইদৰে কয়: “এতিয়া আমি টেবুলত আহাৰ খোৱাৰ সময়ত সকলোৱে আনন্দৰে কথা-বতৰা হৈ আৰু অধিকৰূপে আনন্দ লাভ কৰোঁ। আহাৰৰ সময়ত আমাৰ মাজত কোনো ধৰণৰ তৰ্ক-বিতৰ্ক নহয়।” তেওঁলোকৰ সৰু লʼৰা-ছোৱালীয়েও মণ্ডলীৰ সভাবোৰৰ পৰা লাভৱান হৈছেনে? নিশ্চয়ে হৈছে। মাতৃ গৰাকীয়ে এইদৰে কয়: “এইটো স্পষ্টকৈ দেখিবলৈ পোৱা গৈছে যে লʼৰা-ছোৱালীবিলাকে সভাবোৰ পৰা বহুত প্ৰভাৱিত হৈছে। উদাহৰণস্বৰূপে এবাৰ আমাৰ ছয় বছৰীয়া লʼৰাটোৱে মিছা কথা কোৱাৰ বাবে ধৰা পৰিছিল। কিন্তু সেই সপ্তাহত চলা ঈশ্বৰ-শাসিত পৰিচৰ্য্যা সভাৰ এক নম্বৰ ভাষণৰ বিষয় আছিল মিছা কথা কোৱাৰ পৰা বঞ্চিত থকা। ভাষণ চলি থকা সময়ত আমাৰ লʼৰাটোৱে দোষীভাৱে দেউতাকৰ মুখলৈ চালে আৰু মূৰ তল কৰি চকীখনত বহি থাকিল। আমাৰ লʼৰাটোৱে সেই ভাষণৰ মূল বিষয় বুজি পালে আৰু তাৰ পাছত কেতিয়াও তেনে কোনো সমস্যা হোৱা নাছিল।”
১০ ঠিক সেইদৰে, এগৰাকী অগ্ৰগামী ভনীয়ে সেৱা সভাত পৰিচৰ্য্যা কাৰ্য্যক উন্নত কৰিবৰ বাবে পোৱা পৰামৰ্শ কাৰণে আনন্দিত হৈছিল। তাই কিয় আনন্দিত হৈছিল? সেই ভনী গৰাকীয়ে এইদৰে কয়: “ই মোৰ বাবে একেবাৰে সহজ কাৰ্য্য হৈ পৰিল। কিয়নো প্ৰথমতে মই ভাৱিছিলোঁ যে আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত দিয়া পৰামৰ্শ অনুসৰি কাৰ্য্য কৰাতোঁ সহজ নহয়। কিন্তু সেৱা সভাত যেতিয়া মই এনে এটা বিষয় শুনিলোঁ যে আমি ইয়াক চেষ্টা কৰা আৱশ্যক, তেতিয়া মই সম্পূৰ্ণ উৎসাহিত হৈ পৰামৰ্শবোৰ পালন কৰিব ধৰিলোঁ। আৰু ইয়ে মোৰ প্ৰচাৰ কাৰ্য্যক সফল কৰি তুলিলে!” কিছু সপ্তাহলৈকে এই পৰামৰ্শবোৰক ব্যৱহাৰ কৰি বাইবেল অধ্যয়ন কৰাৰ চেষ্টাত লাগি থাকিল। অৱশেষত ভনী গৰাকীয়ে প্ৰচাৰ কাৰ্য্যত প্ৰথম সাক্ষাততে এনে এজনী ছোৱালীক লগ পাই যিগৰাকী প্ৰথমৰ পৰাই সহায়ৰ বাবে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিছিল। এইদৰে তাইৰ সৈতে বাইবেল অধ্যয়ন আৰম্ভ হয়।
১১ এতেকে যেতিয়া আপুনি নিজৰ ব্যক্তিগত বাচঁনিৰ ওপৰত আধাৰিত কোনো ভাষণ শুনে, সেই সময়ত আপোনাৰ এনে অনুভৱ নহয়নে যে যিহোৱাই নিজেই আপোনাৰ সৈতে কথা পাতিছে? এজন ভয়ে এইদৰে উপলব্ধি কৰিছিল। তেওঁ এইদৰে কৈছিল: “অলপতে হোৱা এখন সভাত এজন ভায়ে এটা ভাষণ দিয়ে। সেই ভাষণৰ বিষয় আছিল, মনোৰঞ্জন যিবিলাক খ্ৰীষ্টানসকলৰ বাবে উপযোগী আৰু যিবিলাক উপযোগী নহয়। ইয়াৰ আগতে মই টিভিত বক্সিং চোৱাত বহু আগ্ৰহী আছিলোঁ। কিন্তু সভাৰ পাছত মই সিদ্ধান্ত ললোঁ যে মই আৰু তেনেধৰণৰ কোনো খেল নাচাওঁ যিবোৰ খেল এজন খ্ৰীষ্টানৰ বাবে উপযুক্ত নহয়। তাৰ পাছত মই কেতিয়াও তেনেধৰণৰ খেল চোৱা নাছিলোঁ।” হয়, যিহেতু সেই ভাইজনে তেনেধৰণ হিংসুক খেলৰ প্ৰতি নিজৰ হাবিসাক বৃদ্ধি কৰিছিল কিন্তু তেওঁ নম্ৰভাৱে যিহোৱাৰ উপদেশক স্বীকাৰ কৰিলে।—গীত. ১১:৫.
১২ জন ভাষণ, প্ৰহৰীদূৰ্গʼৰ অধ্যয়ন, আৰু মণ্ডলীৰ পুস্তক অধ্যয়ন: প্ৰত্যেক সপ্তাহত বিভিন্ন বিষয়ৰ ওপৰত আধাৰিত কৰি জন ভাষণবোৰ দিয়া হয়। আপুনি এই ভাষণবোৰৰ পৰা কি লাভ কৰিছে? এজন খ্ৰীষ্টান স্বামীয়ে তেওঁ পোৱা লাভসমূহৰ বিষয়ে এইদৰে মন্তব্য দিয়ে: “এবাৰ এনে এটা জন ভাষণ দিয়া হৈছিল, যিয়ে আত্মাৰ ফলবিলাকৰ মূখ্য বিষয়বোৰৰ ওপৰত আভাস দিছিল। বক্তাজনে উল্লেখ কৰিছিল যে তেওঁ নিজেও এই ফলবিলাকক বিকাশিত কৰা আৱশ্যক, সেইবাবে তেওঁ প্ৰত্যেক সপ্তাহে আত্মাৰ ফলবিলাকৰ যি কোনো এটাক নিজৰ জীৱনত ব্যৱহাৰ আৰু কাৰ্য্য কৰিবলৈ বাচি লয়। আৰু সপ্তাহৰ শেষত তেওঁ নিজৰ জীৱনৰ সকলো দিশতে সেই আত্মাৰ ফলৰ অনুসাৰে কাৰ্য্য কৰে। তাৰ পাছৰ সপ্তাহত আন আত্মাৰ ফলৰ অনুসাৰে চলিবলৈ চেষ্টা কৰে। মোক এই পদ্ধতি বহুত ভাল লাগিল আৰু ময়ো সেই ভাইজনে কোৱা অনুসাৰে কাৰ্য্য কৰিবলৈ ধৰিলোঁ।” গতিকে জন ভাষণত আমি যি শিকোঁ, সেইবোৰক ব্যৱহাৰ কি যে লাভৱান হʼব পাৰি!
১৩ তেনেদৰে প্ৰহৰীদুৰ্গ অধ্যয়নেও আমাৰ জীৱনৰ বিভিন্ন দিশবোৰত বাইবেলৰ সিদ্ধান্তসমূহক ব্যৱহাৰ কৰিবলৈ শিক্ষা দিয়ে। এই সিদ্ধান্তসমূহে জীৱনত ঘটি থকা বহুতো দুখ-কষ্টৰ মাজতো আমাৰ মন আৰু হৃদয়ত সুস্থিৰতা বজাই ৰাখিবলৈ সহায় কৰে। এই প্ৰহৰীদুৰ্গ অধ্যয়নৰ যোগেদি আমাক বৰ্তমানৰ বুজা-পৰাৰ অনুসৰি সত্যত নতুন-নতুন জ্ঞান আহৰণ কৰিবলৈ সুযোগ দিয়ে। উদাহৰণস্বৰূপে, মে ১, ১৯৯৯ চনৰ প্ৰহৰীদুৰ্গʼত দিয়া “এইদৰে ঘটিব লাগে,” “যি জনে পঢ়ে, তেওঁ বুজক,” আৰু “সতৰ্ক আৰু পৰিশ্ৰমী হওঁক!” এনে প্ৰবন্ধবোৰৰ পৰা আমি লাভৱান হোৱা নাই নে? আপুনি নিজৰ কাৰ্য্যৰ দ্বাৰা দেখুৱাইছেনে যে যীচুৱে ভৱিষ্যতৰ বিষয়ে যি সাৱধানবাণী দিছিল তাক আপুনি গভীৰভাৱে লৈছে? যেতিয়া আমি ‘ধ্বংসকাৰী ঘিণলগীয়া বস্তু . . . পবিত্ৰ ঠাইত থকা দেখোঁ,’ (মথি ২৪:১৫-২২) তেতিয়া আপুনি আহিবলগীয়া পৰীক্ষাসমূহত স্থিৰে থাকিবলৈ নিজকে প্ৰস্তুত কৰিছেনে? আপোনাৰ জীৱন-পদ্ধতি আৰু লক্ষ্যয়ে এইটো প্ৰকাশ কৰিছেনে যে আপুনি ভৌতিক বস্তুবিলাকক প্ৰথম স্থান নিদি যিহোৱাৰ নামক মহিম্বাবিত কৰাত প্ৰথম স্থান দিছে? সেইবাবে এনেবোৰ ক্ষেত্ৰত প্ৰহৰীদুৰ্গ অধ্যয়নৰ পৰা আমি নিজেই লাভৱান নহওঁ নে?
১৪ আমি প্ৰত্যেক সপ্তাহত হোৱা মণ্ডলীৰ পুস্তক অধ্যয়নৰ পৰা কিমান লাভৱান হওঁ তাৰ বিষয়ে চিন্তা কৰক। পুস্তক অধ্যয়নত আমি এতিয়া দানিয়েলৰ ভৱিষ্যতবাণী প্ৰতি মনোযোগ দিয়ক! কিতাপখনৰ পৰা অধ্যয়ন কৰি আছোঁ। এই চাৰিমাহে আমি বাইবেলৰ দানিয়েল পুস্তকৰ ওপৰত আধাৰিত কিতাপখনক অধ্যয়ন কৰা দ্বাৰাই আমাৰ বিশ্বাস বৃদ্ধি হোৱাটো দেখিবলৈ পোৱা নাইনে? সেইবাবে যিহোৱাৰ প্ৰিয় ভৱিষ্যতবক্তা দানিয়েলৰ দৰে আমিও দুখ-কষ্টৰ সহন কৰিবলৈ আমাৰ বিশ্বাসক দৃঢ় কৰিব পাৰোঁ।
১৫ আনন্দৰে জীৱন-যাপন কৰিবলৈ যিহোৱাই আমাক শিক্ষা দিয়ে: যেতিয়া আমি ঈশ্বৰৰ আজ্ঞাৰ প্ৰতি মনোযোগ দিওঁ তেতিয়া আমি বহুতো হৃদয় বিদাৰক দুখ-কষ্টৰ পৰা হাত হাৰিব পাৰোঁ। ইয়াৰ উপৰিও আমি সুখেৰে জীৱন নিৰ্বাহ কৰাৰ অনুভৱ লাভ কৰিব পাৰোঁ। যিহোৱাৰ আজ্ঞাক পালন কৰিলে আমি মাত্ৰ নিৰীক্ষকেই নহʼম কিন্তু তেওঁৰ কাৰ্য্যতো ভাগ লʼম। এতেকে যিসকলে ঈশ্বৰৰ কাৰ্য্য কৰি আছে তেওঁলোক ধন্য।—১ কৰি. ৩:৯; যাকো. ১:২৫.
১৬ সেইকাৰণে মণ্ডলীৰ সভাবোৰত যি শুনে তাক আপুনি কাৰ্য্যত পৰিণত কৰিবলৈ সঠিকভাৱে বিবেচনা কৰক। (যোহ. ১৩:১৭) যদি আপুনি যিহোৱা ঈশ্বৰক সম্পূৰ্ণ হৃদয়েৰে সেৱা কৰে, তেতিয়াহʼলে আপুনি নিশ্চয়ে সুখী হʼব আৰু আপোনাৰ এক অৰ্থপূৰ্ণ জীৱন হʼব। ইয়াৰ উপৰিও আপুনি নিজেই লাভৱান হʼব।