সভাবোৰে কিশোৰ-কিশোৰীসকলক লাভৱান কৰে
১ এজনী কিশোৰীয়ে কৈছিল: “মই ভবো যে কিশোৰ-কিশোৰীসকলে জীৱন বহুতো কঠিন সমস্যাৰ সন্মূখীন হʼব লগীয়া হয়। আমি এনে লোকৰ মাজত আছোঁ যিসকলে ব্যভিচাৰ, ড্ৰাগচ্ সেৱন আৰু মদ্যপান কৰে।” আপুনিও সেইদৰে ভাবেনে? যদি সেইদৰে ভাবে, তেনেহʼলে এনেধৰণৰ বেয়া পৰিস্থিতিৰ সৈতে যুঁজ দিবলৈ আপোনাক কিহে সহায় কৰিব বুলি আপোনাৰ ধাৰণা হয়? ইয়াৰ বাবে আপোনাক বিশ্বাসৰ আৱশ্যক। গতিকে যিহোৱাৰ ধাৰ্ম্মিক পথত চলিবলৈ দৃঢ় বিশ্বাসৰ প্ৰয়োজন, যাৰ অবিহনে “ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য।” (ইব্ৰী ১১:৬) মণ্ডলীৰ সভাবোৰত উপস্থিত হোৱাৰ দ্বাৰাই আপোনাৰ খ্ৰীষ্টান বিশ্বাসক শক্তিশালী কৰিব আৰু যি বেয়া তাৰ পৰা আতঁৰি থকাত দৃঢ় হবলৈ সহায় কৰিব।
২ সভাবোৰৰ পৰা আমি বহুতো আধ্যাত্মিক বিষয় শিকিব পাৰোঁ: আহাৰ গ্ৰহণ কৰাত কেতিয়া আনন্দ লাভ কৰে? সেই সময়ত নহয়নে যেতিয়া আহাৰ বহুত সোৱাদলগা হয় আৰু যেতিয়া আমাৰ সৈতে অন্তৰঙ্গ বন্ধুসকল থাকে? ঠিক সেইদৰে সভাবোৰেও আমাক আধ্যাত্মিক ক্ষেত্ৰত আনন্দিত কৰে।
৩ সভাবোৰত বাইবেলৰ আকৰ্ষণীয় ভৱিষ্যতবাণীবোৰ অধ্যয়ন কৰাৰ দ্বাৰাই দৈনন্দিন জীৱনত অহা সমস্যাবোৰৰ সৈতে সফলতাৰে সন্মূখীন হʼবলৈ উন্নতিসাধক বিষয়বোৰ আলোচনা কৰা হয়। ইয়াৰ উপৰিও ব্যৱহাৰিক নিৰ্দ্দেশনা প্ৰস্তুত কৰা হয় যাতে জীৱনত উত্তম পদ্ধতিৰে জীৱন-যাপন কৰিবলৈ আৰু আপোনাৰ পথত অহা বাধাবোৰৰ সন্মূখীন হʼবলৈ শিকিব পাৰে। গতিকে সভাবোৰত পোৱা সঙ্গীসকল হৈছে সকলোতকৈ উত্তম আৰু ইয়াৰ আধ্যাত্মিক বাতাবৰণে আমাক মনোৰম আৰু সুৰক্ষা প্ৰদান কৰে। (গীত. ১৩৩:১) ইয়াৰ বিষয়ে এজনী কিশোৰীয়ে কৈছে: “স্কুলত থকা সময়খিনিত হেচাঁবোৰৰ সৈতে যুঁজি মই একেবাৰে ভাগৰি পৰোঁ। কিন্তু যেতিয়া মই সভাবোৰত উপস্থিত হওঁ সেই সময়ত বহুত সজীৱতা পাওঁ কিয়নো সভাবোৰ হৈছে শুকান মৰুভূমিৰ মাজত পানীৰ উৎস বিচাৰি পোৱাৰ দৰে। সভাবোৰত পোৱা সজীৱতাই মোক অন্য দিনাখনৰ সমস্যাৰ সৈতে যুঁজ কৰিবলৈ প্ৰেৰণা দিয়ে।” অন্য এজনী কিশোৰীয়ে কৈছে: “মই সেই অন্তৰঙ্গ বন্ধু বিচাৰি পালো যিসকলে যিহোৱাক প্ৰেম কৰে আৰু তেওঁলোকৰ বন্ধুত্বই মোক যিহোৱাৰ কাষ চাপিবলৈ সহায় কৰে।”
৪ আপুনি ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলত ভাগ লোৱাৰ দ্বাৰা বাইবেলৰ সূচনাবোৰ একত্ৰিত কৰিবলৈ আৰু বিষয়বোৰক ৰাজ্যগৃহত শ্ৰোতাসকলৰ আগত আলোচনাৰূপে প্ৰস্তুত কৰি ভাষণ দিবলৈ সহায় পাব। বিবেচনা কৰক, আনক ঈশ্বৰৰ বাক্যত থকা জীৱনদায়ক সত্যতাৰ বিষয়ে শিকোৱাত নিপূণ হোৱাটো কিমান যে লাভজনক।! ইয়াৰ বাহিৰে কিশোৰ-কিশোৰীসকলে এনেধৰণৰ বহুমূল্য শিক্ষা অন্য ঠাইত পাবনে?
৫ সভাবোৰৰ পৰা কেনেকৈ সম্পূৰ্ণৰূপে লাভৱান হʼব পাৰি: সভাবোৰৰ পৰা সম্পূৰ্ণৰূপে আধ্যাত্মিকতাত লাভৱান হʼবলৈ তিনিটা মূখ্য বিষয়ৰ ওপৰত ধ্যান দিয়া আৱশ্যক। সেইবোৰ হৈছে সভাৰ বাবে তৈয়াৰী কৰা, তাত ভাগ লোৱা আৰু শিকা বিষয়বোৰক অভ্যাস কৰা।
৬ সভাবোৰৰ বাবে তৈয়াৰী কৰক: সভাবোৰৰ বাবে নিয়মিতৰূপে প্ৰস্তুত হʼবলৈ তালিকা বনাওঁক। তেনেদৰে কৰিবলৈ আপুনি স্কুল, চাকৰি বা অন্য মনোৰঞ্জন কাৰ্য্যবোৰক বেছি গুৰুত্ব নিদিব। কিয়নো সেইবোৰে আপোনাক সভাবোৰৰ বাবে আগতীয়াকৈ তৈয়াৰ কৰা সময়ত বাধা সৃষ্টি কৰিব পাৰে। যদি আপুনি এইদৰে কৰে তেতিয়াহʼলে ইয়ে আপোনাক ভাল তালিকা তৈয়াৰী কৰিবলৈ সহায় কৰিব। সৰ্ব্বপ্ৰথমে, ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলৰ বাবে থকা সপ্তাহিক বাইবেল পাঠৰ তালিকাৰ অনুসৰি বাইবেল পাঠ কৰক। প্ৰত্যেক দিনে এই নিযুক্ত কৰি ৰখা বাইবেলৰ অধ্যায়বোৰক পঢ়িবলৈ আৰু ধ্যান কৰিবলৈ মাত্ৰ অলপহে সময় লাগে। মণ্ডলীৰ পুস্তক অধ্যয়ন আৰু প্ৰহৰীদূৰ্গ অধ্যয়নৰ বাবে আছুতীয়াকৈ সময় ৰাখক। কিছুমানে সভাৰ এদিন বা দুদিনৰ আগতে পাঠ কৰে। যদি সম্ভৱ হয়, তেনেহʼলে প্ৰত্যেক সপ্তাহৰ বাবে দিয়া সেৱা সভাৰ ভাগবোৰো তৈয়াৰী কৰক।
৭ সভাবোৰত ভাগ লওঁক: বাইবেলে বৰ্ণনা কৰিছে যে ১২ বছৰ বয়সৰ পৰাই যীচু মন্দিৰলৈ গৈছিল আৰু তাত পাঠ কৰা ব্যৱস্থাবোৰ শুনিছিল, প্ৰশ্ন কৰিছিল আৰু সেইবোৰৰ উত্তৰ দিছিল। (লূক ২:৪৬, ৪৭) ইয়াৰ অৰ্থ হৈছে তেওঁ সম্পূৰ্ণৰূপে ভাগ লৈছিল। যদি আমি সভাবোৰত ভাগ লʼবলৈ চেষ্টা কৰোঁ তেনেহʼলে সভাৰ পৰা অধিকৰূপে লাভৱান হম।—হিতো. ১৫:২৩.
৮ সভাবোৰত শিকোৱা সকলোবোৰ বিষয়ত উৎসাহেৰে মনোযোগ দিয়া আৱশ্যক। কেতিয়াবা কেতিয়াবা এটাতকৈ বেছি ভাষণ মনোযোগেৰ শুনিবলৈ কঠিন হয়। কিয়? কিয়নো বক্তাই ভাষণ দিয়াৰ সময়ত আপোনাৰ মন ইফালে-সিফালে ঘূৰি ফুৰিব পাৰে। ইয়াক আপুনি কেনেকৈ বাধা দিব পাৰে? টোকা লোৱাৰ দ্বাৰা। কিয়নো, এই টুকি ৰখা বিষয়বোৰে পাছলৈ আপোনাক আলোচনা কৰাৰ সময়ত সহায় কৰিব। টোকা লিখাৰ দ্বাৰাই আপুনি কাৰ্য্যক্ৰমৰ প্ৰতি মনোযোগ দিব পাৰিব। তদুপৰি বাইবেলৰ পৰা শাস্ত্ৰ বচন চাওঁক আৰু বক্তাই যেনেকৈ পঢ়ি যায় তাৰ সৈতে মিলাই যাওঁক।
৯ ইয়াৰ ওপৰিও, সভাবোৰত প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰাৰ সময়ত ভাগ লʼবলৈ লক্ষ্য বনাওঁক। আপুনি কি কব বিচাৰিছে তাৰ বিষয়ে যদি গভীৰভাৱে চিন্তা কৰে তেনেহʼলে আপুনি লাভৱান হʼব। কিয়নো হিতোপদেশ ১৫:২৮ পদত কৈছে: “ধাৰ্ম্মিকৰ মনে উত্তৰ দিবৰ নিমিত্তে চিন্তা কৰে।”
১০ যি শিকিছে তাক অভ্যাস কৰক: শেষ পদক্ষেপটো হৈছে আপুনি যি যি শিকিছে সেইবোৰ যেন আপোনাৰ “মাজত কাৰ্য্য সাধন” হয় তাৰ বাবে নিশ্চিত হওঁক। (১ থিচ. ২:১৩) সভাবোৰত শিকা ভাল-ভাল বিষয়বোৰ যিমানে নিজৰ জীৱনত প্ৰয়োগ কৰিব আপুনি সিমানে যিহোৱা ঈশ্বৰৰ কাষ চাপিব। তেওঁ আপোনাৰ বাবে প্ৰকৃত হʼব আৰু “সত্যত চলাৰ” দ্বাৰাই আপুনি মহান আনন্দ লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও আপোনাৰ জীৱনত সন্তোষ্টি হʼব।—৩ যোহ. ৪.
১১ এতেকে কিশোৰ ভাই আৰু ভনীসকল, যেনেকৈ আপোনালোকে নিয়মিতৰূপে সভাবোৰৰ বাবে তৈয়াৰী কৰিব, ইয়াত ভাগ লব আৰু যিবোৰ শিকিলে সেইবোৰ নিজৰ জীৱনত অভ্যাস কৰিব, আপুনি পূৰ্ণৰূপে আনন্দিত হʼব পাৰিব। একে সময়তে, আপুনি সেইবোৰৰ পৰা লাভৱানো হʼব। এইদৰে আপুনি স্বৰ্গীয় পিতৃ যিহোৱাৰ অনুগত হৈ থাকিবলৈ আপোনাৰ বিশ্বাসক শক্তিশালী কৰিব।—গীত. ১৪৫:১৮.