পাঠ ৫
আমাৰ সভাবোৰত আপুনি কি শিকিব পাৰিব?
আৰ্জেণ্টিনা
ছিয়েৰা লিওন
বেলজিয়াম
মালয়েচিয়া
আজি বহুতো লোকে ধৰ্মীয় অনুষ্ঠানবোৰত যাবলৈ বাদ দিছে। কিয়নো তেওঁলোকে বিচৰা জীৱনৰ গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি পোৱা নাই বা মনত শান্তি পোৱা নাই। তেনেহʼলে, আপুনি কিয় যিহোৱাৰ সাক্ষীসকলৰ সভাবোৰত উপস্থিত হোৱাটো উচিত? আপুনি তাত কি শিকিব পাৰিব?
আনৰ প্ৰতি যত্ন লোৱা আৰু প্ৰেম দেখুৱা লোকসকলক পাব। প্ৰথম শতিকাত বাস কৰা খ্ৰীষ্টানসকলৰ সংগঠিত মণ্ডলী আছিল। ঈশ্বৰক উপাসনা কৰিবলৈ, শাস্ত্ৰীয় পদবোৰ অধ্যয়ন আৰু এজনে-আনজনক উৎসাহিত কৰিবলৈ তেওঁলোকে সভাৰ ব্যৱস্থা কৰিছিল। (ইব্ৰী ১০:২৪, ২৫) মণ্ডলীৰ এনে প্ৰেমময় পৰিৱেশত উপস্থিত হৈ তেওঁলোকে নিজৰ প্ৰকৃত বন্ধু-বান্ধৱ বা আধ্যাত্মিক ভাই-ভনীসকলৰ লগত থকা যেন অনুভৱ কৰিছিল। (২ থিচলনীকীয়া ১:৩; ৩ যোহন ১৪) বৰ্তমান সময়ত আমিও প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ উদাহৰণ অনুকৰণ কৰি আনন্দ লাভ কৰোঁ।
বাইবেলৰ সিদ্ধান্তবোৰ শিকাৰ লাভ। পুৰুষ, তিৰোতা আৰু লʼৰা-ছোৱালী সকলোৱে সভাবোৰত উপস্থিত হোৱাৰ বিষয়ে বাইবেলত বৰ্ণনা আছে। ঠিক সেইদৰে, বৰ্তমান সময়তো যিহোৱাৰ সাক্ষীসকলৰ সভাবোৰত পুৰুষ, তিৰোতা আৰু লʼৰা-ছোৱালী সকলোৱে উপস্থিত হয়। এই সভাবোৰত নিপুণ শিক্ষকসকলে বাইবেলৰ সিদ্ধান্তবোৰ আমাৰ জীৱনত কেনেকৈ পালন কৰিব লাগে, তাৰ বিষয়ে শিক্ষা দিয়ে। (দ্বিতীয় বিবৰণ ৩১:১২; নহিমিয়া ৮:৮) ইয়াত উপস্থিত থকা সকলোৱে গীত গোৱা আৰু প্ৰশ্ন-উত্তৰত ভাগ লʼব পাৰে আৰু এইদৰে আমি প্ৰকৃত খ্ৰীষ্টানৰ আশাৰ ব্যক্ত কৰোঁ।—ইব্ৰী ১০:২৩.
ঈশ্বৰৰ ওপৰত আপোনাৰ বিশ্বাস দৃঢ় হʼব। পৌল নামৰ যীচুৰ শিষ্যজনে এইদৰে লিখিছিল: “তোমালোকৰ আৰু মোৰ উভয় পক্ষৰ আন্তৰিক বিশ্বাসৰ দ্বাৰাই তোমালোকৰ মাজত নিজেও আশ্বাস পাবলৈ, মই তোমালোকক চাবলৈ বৰ ইচ্ছা কৰিছোঁ।” (ৰোমীয়া ১: ১১, ১২) নিয়মীয়াকৈ এই সভাবোৰত উপস্থিত হৈ ভাই-ভনীবিলাকৰ লগত কথা-বতৰা পাতিলে আমাৰ বিশ্বাস দৃঢ় হয় আৰু বাইবেলৰ সিদ্ধান্তবোৰৰ অনুসৰি জীৱন অতিবাহিত কৰিবলৈ উৎসাহিত কৰে।
আপুনি নিজেই এই অনুভৱ লাভ কৰিবলৈ অহা সপ্তাহৰ আমাৰ মণ্ডলীৰ সভাত উপস্থিত হʼব বিচাৰেনে? আপোনাক আন্তৰিকতাৰে আদৰণি জনোৱা হʼব। এই সভাবোৰত উপস্থিত হোৱাৰ বাবে কোনো টকা-পইচা দিব নালাগে।
আমাৰ মণ্ডলীৰ সভাবোৰে কাৰ উদাহৰণ অনুকৰণ কৰে?
খ্ৰীষ্টান সভাবোৰত উপস্থিত হোৱাৰ যোগেদি আমি কেনেকৈ লাভৱান হʼম?