ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১০/৯৯ পৃষ্ঠা ১
  • সভাবোৰৰ পৰা কেনেকৈ অধিক আনন্দ লাভ কৰিব পাৰোঁ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সভাবোৰৰ পৰা কেনেকৈ অধিক আনন্দ লাভ কৰিব পাৰোঁ
  • ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • যিহোৱাৰ সাক্ষীসকলৰ সভাৰপৰা আপুনি কেনেকৈ লাভৱান হʼব পাৰে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • সভাবোৰে কিশোৰ-কিশোৰীসকলক লাভৱান কৰে
    ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আমাৰ সভাবোৰত আপুনি কি শিকিব পাৰিব?
    বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১০/৯৯ পৃষ্ঠা ১

সভাবোৰৰ পৰা কেনেকৈ অধিক আনন্দ লাভ কৰিব পাৰোঁ

১ আমাৰ আধ্যাত্মিকক বজায় ৰাখিবলৈ গুৰুত্বপূৰ্ণ সাধন হৈছে সভা। এইবোৰ পৰা যি আনন্দ আমি লাভ কৰোঁ, সেই সভাবোৰৰ পৰা আগতে, সেই সময়ত আৰু পাছত আমি কি কৰোঁ তাৰ সৈতে পোনপতীয়াকৈ সমন্ধ আছে। আমি সকলো সময়তে সভাবোৰত উপস্থিত হয় নিজকে আৰু আনক কেনেকৈ এই আনন্দ বজাই ৰাখিবলৈ সহায় কৰিব পাৰোঁ?

২ সভাৰ আগত: প্ৰত্যক্ষভাৱে সভাৰ প্ৰস্তুতি দ্বাৰাই সভাৰ পৰা আমি আনন্দ লাভ কৰিব পাৰোঁ। যেতিয়া আমি ভালদৰে প্ৰস্তুত কৰি যাওঁ, আমি অধিক পৰিমাণে মনোযোগ দিওঁ আৰু কাৰ্য্যক্ৰমত অংশ লওঁ। ইয়াৰ ওপৰিও, নিৰ্দেশ অনুযায়ী আৰু উপস্থিত দৰ্শকৰ প্ৰতি আগ্ৰহ ৰাখি যিকোনো সভাৰ দায়ীত্ব থাকিলে আমি ভালদৰে সেই বাৰ্ত্তা বিনিময় কৰা বিষয়ত পৰিপক্কৰূপে প্ৰস্তুতি কৰোঁ। আমি নিখূতভাৱে ইয়াৰ আখৰা কৰা উচিত। যেতিয়া আমি প্ৰতিজনক সভাৰ যোগেদি সক্ৰিয় আৰু উৎকৃষ্টতাৰে লাভৱান কৰিবলৈ বৰঙণি যোগাওঁ, তেতিয়া আমাৰ ব্যক্তিগত উন্নতিৰ সাক্ষী দিয়াৰ ওপৰিও আমি অফুৰন্ত আনন্দ লাভ কৰোঁ।—১ তীম. ৪:১৫, ১৬.

৩ সভাৰ সময়ত: সভাত মন্তব্য দিয়াৰ যোগেদি আমি তেওঁলোকক বেছি সহায় কৰি আনন্দ লাভ কৰিব পাৰোঁ। মণ্ডলীত থকা প্ৰত্যেক শ্ৰোতাসকলে অংশ লোৱাৰ বাবে থকা বিষয়ক ব্যক্তিগত দায়ীত্বৰূপে দৃষ্টি কৰা উচিত। মন্তব্য দৰাচলতে সংক্ষিপ্ত আৰু স্তোতঃস্পোত হোৱা আৱশ্যক যাতে সকলোৰে ভালকৈ আয়ত্ব কৰিব পাৰে। বিষয়টোৰ সমন্ধে থকা সৰু সৰু অনুভৱে বহু উৎসাহিত আৰু অনুপ্ৰাণিত কৰে, কিন্তু আমি সাৱধান হোৱা উচিত যে কাৰ্য্যক্ৰমৰ অনুসাৰিহে সেইবোৰ সন্মিলিত কৰিব লাগে। (হিতো. ১৫:২৩; পাঁচ. ১৫:৩) যেতিয়া সভাৰ এটা অংশ প্ৰস্তুত কৰা হয়, আমি উৎসাহী আৰু দৃঢ়ভাৱে দিয়াৰ আৱশ্যক যাতে ই আগ্ৰহী, বাস্তৱিক আৰু ব্যৱহাৰিক হয়।

৪ সভাৰ পিছত: সকলোৰ সৈতে ভাৱ বিনিময় কৰা, বন্ধুত্ব সম্ভাষণ জনোৱা, আৰু সভাত শিকা মূল বিষয়বোৰ বিনিময়ৰ যোগেদি আমি লাভৱান হব পাৰোঁ। ডেকা, বুঢ়া আৰু নতুনকৈ অংশ লোৱাজনৰ ভাতৃত্বৰ গভীৰ প্ৰেম দেখি আমি আনন্দ প্ৰকাশ কৰা আৱশ্যক। সভাত উপস্থিত হব নোৱাৰা জনৰ লগত ঋণাত্মক কথা পতাৰ পৰিবৰ্ত্তে আমি সভাত উপস্থিত হোৱাৰ পৰা লাভ কৰা আনন্দৰ ভাগ তেওঁৰ লগত বিনিময় কৰিব লাগে যাতে তেওঁলোকে সভাত উপস্থিত হবলৈ উৎসাহিত হয়।—ইব্ৰী ১০:২৪, ২৫.

৫ উৎসাহৰ ভাৱ বিনিময়ৰ ব্যৱস্থাৰ উপযোগীতাকণ আমি যাতে নেহেৰুৱাওঁ। (ৰোমী. ১:১১, ১২) প্ৰতি সবিনয়ৰ প্ৰচেষ্টা সুদৃঢ় বৰঙনিৰে, আমি খ্ৰীষ্টানৰ সভাত উপস্থিত থাকি আনন্দ বিৰাজ কৰিব পাৰোঁ।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক