অক্টোবৰ মাহৰ বাবে পৰিচৰ্য্যা সভা
অক্টোবৰ ৪ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৬৪
১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যা-ৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ।
১৭ মি: “সন্তানবিলাক—‘যিহোৱাই দিয়া অধিপত্য।’” প্ৰশ্ন আৰু উত্তৰ, পৰিয়ালৰ মূখীয়াল হোৱা এজন প্ৰাচীনৰ দ্বাৰা প্ৰস্তুতি। সঘনাই পৰিৱৰ্তন হোৱা পৰিৱেশৰ পৰা আমাৰ লৰা-ছোৱালীক নিৰাপত্তা দিবলৈ নিয়মিত পৰিয়াল অধ্যয়নৰ আৱশ্যকতাৰ সম্পৰ্কে উল্লেখ কৰক। আপোনাৰ মণ্ডলীত থকা সেই পৰিয়ালসকলৰ সংখ্যা উল্লেখ কৰক যিসকলক এতিয়াও নিজৰ পৰিয়াল অধ্যয়ন আৰম্ভ কৰা আৱশ্যক। নিয়মিত অধ্যয়নৰ তালিকাৰ বাবে থকা পিতৃ-মাতৃৰ যি দায়ীত্ব তাৰ আৱশ্যকতাৰ প্ৰতি জোৰ দিয়ক।
১৮ মি: আলোচনীৰ প্ৰতি জাগ্ৰত হওঁক! যোৱা মাহত মণ্ডলীয়ে কিমান আলোচনী বিতৰণ কৰিলে তাৰে মূঠ সংখ্যাৰ হিচাপ লওঁক। সংস্থাৰ পৰা পোৱা আলোচনীৰ সৈতে ইয়াক কেনেকৈ তুলনা কৰিব পাৰি? যদি ইয়াত বৃহতৰূপে পাৰ্থক্য আছে তেনেহʼলে ইয়াক সম্পূৰ্ণ কৰিবলৈ কি কৰা আৱশ্যক? ইয়াত উল্লেখ কৰা ওপৰত মন্তব্য দিবলৈ শ্ৰোতাসকলক নিমন্ত্ৰণ কৰক: (১) সকলো প্ৰচাৰকে যথেষ্ট আলোচনী অৰ্ডাৰ কৰা উচিত কিন্তু ইয়াক উচিতৰূপে ব্যৱহাৰ কৰা উচিত। (২) প্ৰত্যেক শনিবাৰে আলোচনী দিনৰূপে দৃষ্টি কৰক। (৩) প্ৰত্যেক মাহতে কিছুমান আলোচনীৰ কাৰ্য্যবোৰক সন্মিলিত কৰিবলৈ ব্যক্তিগত সেৱাৰ তালিকা বনাওঁক। (৪) কথা-বতৰা আৰম্ভ কৰিবলৈ আলোচনী ব্যৱহাৰ কৰি বেছিকৈ অনিয়মিত সাক্ষী দিয়া কাৰ্য্য কৰিবলৈ অভিপ্ৰায় ৰাখক। (৫) ব্যৱসায়ী আৰু বৃত্তিজীৱী লোকসকলৰ বাবে বিশেষভাৱে বিষয়বোৰ বাচঁনি কৰক যিসকল সেইবোৰত আগ্ৰহী। (৬) আলোচনী বিতৰণৰ এক সঠিক ৰেকৰ্ড ৰাখক, আৰু আলোচনী প্ৰবাহ স্থাপন কৰক, নতুন বিচাৰ্য্য বিষয়বোৰক সকলো সময়তে লগত লৈ যাওঁক। (৭) আলোচনীৰ পুৰণি কপিবোৰ ভালদৰে ব্যৱহাৰ কৰক যাতে এটাও গোট খাই নাথাকে। চলিত আলোচনীবোৰ প্ৰদৰ্শন কৰক আৰু আগ্ৰহী জন্মোৱা বিষয়টোক উল্লেখ কৰক। এজন ডেকা আৰু এজন নবালকে প্ৰত্যেক উপস্থাপনকক চমুকৈ আলোচনীৰে প্ৰস্তুত কৰক।—১৯৯৬ আমাৰ ৰাজ্য পৰিচৰ্য্যা-ৰ অন্তপত্ৰখন চাওঁক।
গীত ১০৫ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
অক্টোবৰ ১১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৯৪
১০ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপৰ্ট।
১৫ মি: স্থানীয় আৱশ্যকসমূহ।
২০ মি: “সভাবোৰৰ পৰা কেনেকৈ অধিক আনন্দ লাভ কৰিব পাৰোঁ।” প্ৰশ্ন আৰু উত্তৰ। নিৰ্দিষ্ট উদাহৰণবোৰ বৰ্ণনা কৰক যে সভাত আমি এজনে আনজনক কেনেকৈ সাহানুভূতি আৰু উৎসাহী দেখুৱাব পাৰোঁ। ইয়াৰ সমন্ধে থকা অনুভৱবোৰ কবলৈ শ্ৰোতাসকলক নিমন্ত্ৰণ কৰক।
গীত ১৫২ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
অক্টোবৰ ১৮ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৯৬
১৫ মি: স্থানীয় ঘোষণাসমূহ আৰু ক্ষেত্ৰ সেৱাৰ অনুভৱ। “নতুন বিশেষ সন্মিলন দিনৰ কাৰ্য্যক্ৰম” পুনৰ আলোচনা।
১৫ মি: “আপুনি স্থানান্তৰ হৈছেনে?” চেক্ৰেটেৰীৰ দ্বাৰা এক উৎসাহজনক ভাষণ। যেতিয়া প্ৰচাৰকৰ এখন মণ্ডলীৰ পৰা আন এখন মণ্ডলীলৈ স্থানান্তৰ কৰাটো আৱশ্যক হয়, এইটো গুৰুত্বপূৰ্ণ যে তেওঁলোকে যেন ভালদৰে নতুন পৰিস্থিতিত নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে যাতে যিকোনো আধ্যাত্মিকত ব্যাঘাত জন্মোৱা কাৰণবোৰৰ পৰা আতঁৰি থাকিব। এনেধৰণৰ আচঁনিবোৰ বিষয়ে প্ৰাচীনক জানিব দিয়ক যাতে তেওঁ তেওঁলোকৰ বাবে এই সমন্ধে নতুন মণ্ডলীত অনুৰোধ কৰিব পাৰে।
১৫ মি: “বিচাৰে ব্ৰচাৰৰ সৈতে অধ্যয়ন আৰম্ভ।” প্ৰশ্ন আৰু উত্তৰৰ সৈতে বিবেচনা।
গীত ১৪২ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
অক্টোবৰ ২৫ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৭৯
১৫ মি: স্থানীয় ঘোষণাসমূহ। নৱেম্বৰ মাহত বিচাৰে ব্ৰচাৰ বা জ্ঞান কিতাপখন আগবঢ়াবলৈ সকলোকে প্ৰস্তুত কৰাত সহায় কৰক। সকলো একগোট হয় এটা উপস্থাপন প্ৰস্তুত কৰি প্ৰশ্নৰ ওপৰত কেন্দ্ৰিত কৰক, “ঈশ্বৰ সকলো প্ৰাৰ্থনাৰ উত্তৰ দিয়েনে?” ব্ৰচাৰখনৰ ৭ নং পাঠটোৰ পৰা বা কিতাপখনৰ অধ্যায় ১৬-ৰ, ১২-১৪ অনুচ্ছেদটো ইঙ্গিত প্ৰয়োগ কৰক। এটা সৰল উপস্থাপনেৰে শাস্ত্ৰীয় পদৰ মূল্যাঙ্কণ কৰি নিদেৰ্শনাৰে প্ৰস্তুত কৰক।
১৫ মি: বাইবেল প্ৰশ্নবিলাকৰ উত্তৰ বিচাৰক। এজন সহায়ক সেৱকে এজন প্ৰকাশক যিজনে আগ্ৰহী ব্যক্তিৰ সৈতে বাইবেল প্ৰশ্ন-উত্তৰ কৰিছে তেওঁৰ লগত আলোচনা কৰক। উত্তৰ বৰং দিয়াতকৈ, সহায়ক সেৱকে ইয়াৰ উত্তৰ কেনেকৈ পাব পাৰে বৰ্ণনা কৰক। প্ৰথমে, তেওঁ স্কুল নিৰ্দেশনা পুস্তক-ৰ আধ্যায় ৭-ৰ ৮-৯ অনুচ্ছেদত থকা পৰামৰ্শসমূহ পুনৰ আলোচনা কৰিব পাৰে। তাৰ পিছত, তেওঁলোকে সাধাৰণতে স্থানীয় এলেকাত উদয় হোৱা প্ৰশ্ন অনুসন্ধান কৰিব লাগে। তেওঁলোকে বিষয়টোৰ লগত সম্পৰ্ক উপযুক্ত বৰ্ণনা বিচাৰিব লাগে আৰু বাইবেলৰ উত্তৰৰ নিদ্ধাৰিত যুক্তি স্বীকাৰ কৰিব পৰা বিষয় বিচাৰি ওলিয়াব লাগে। শ্ৰোতাসকলক এনেধৰণৰ ফলপ্ৰসু অধ্যয়নেৰে বাইবেলৰ প্ৰশ্ন ওপৰত অনুসন্ধান কৰিবলৈ উৎসাহিত কৰিব লাগে।
১৫ মি: আমাৰ লক্ষ্য হোৱা আৱশ্যক। ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা। প্ৰহৰীদুৰ্গ মাৰ্চ ১৫, ১৯৯৭, ১১ পৃষ্ঠাত থকা বক্সৰ উল্লেখিত ব্যৱহাৰিক লক্ষ্যৰ পুনৰ আলোচনা কৰক। সহযোগী আৰু নিয়মিত অগ্ৰগামী সেৱাত ভাগী হবলৈ উৎসাহ অন্তভূক্ত কৰক। বৰ্ণনা কৰক যে কেনেকৈ এনেধৰণৰ লক্ষ্যত উপনীত হৈ ব্যক্তিগতভাৱে আমি লাভৱান হব পাৰোঁ। এই ঈশ্বৰ-শাসিত লক্ষ্যত উপনীত হৈ পোৱা আনন্দ শ্ৰোতাসকলক দৃষ্টিগোচৰ কৰিবলৈ আমন্ত্ৰণ কৰক।
গীত ১৫১ আৰু সামাপ্তিৰ প্ৰাৰ্থনা।