নতুন বিশেষ সন্মিলন দিনৰ কাৰ্য্যক্ৰম
বিশেষ সন্মিলন দিনৰ কাৰ্য্যক্ৰম ২০০০ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হব আৰু ইয়াৰ বিষয় হৈছে “ঈশ্বৰৰ গভীৰ কথাক অনুসন্ধান কৰে।” (১ কৰি. ২:১০) কি মূল্যবান কথা আমি শিকিম?
বহুত মানুহৰ জ্ঞানৰ অম্বেষণে, তেওঁলোকে পোৱা জ্ঞানৰ যোগেদি সবলতা লাভ কৰিব পৰা নাই। বাইবেলে আমাক উদগণি দিয়ে যে চাৰ্কিট ওভাৰচিয়াৰে দিয়া “ঈশ্বৰৰ বাক্যৰ অনুসন্ধানে সবলতা কৰে,” ভাষণত বুজোৱা হব। পৰিদৰ্শিত বক্তাই ঈশ্বৰৰ গভীৰ কথাক অনুসন্ধান আৰু শুভবাৰ্ত্তা প্ৰচাৰৰ মাজত সম্পৰ্ক গঢ়িব যাতে তেওঁৰ সম্বোধিত ভাষণৰ প্ৰশ্ন হব “আপুনি ৰাজ্যৰ প্ৰচাৰ কাৰ্য্যক কেনে দৃষ্টিভঙ্গী ৰাখে?”
পিতৃ-মাতৃয়ে কেনেকৈ নিজৰ লৰা-ছোৱালীক ঈশ্বৰৰ বাক্যৰ গভীৰতাক বিচাৰি পাবলৈ সহায় কৰিব পাৰে? “নিজৰ লৰা-ছোৱালীক ঈশ্বৰৰ বাক্য বিষয়ে বাৰম্বাৰ উপদেশ দিয়ক,” এই ভাষণত ব্যৱহাৰিক পৰামৰ্শ প্ৰস্তুত কৰা হব। মণ্ডলীত থকা প্ৰাপ্তবয়স্ক লোকসকলৰ আধ্যাত্মিকতৰ সৈতে মিলা-মিছাৰ দ্বাৰাই খ্ৰীষ্টান যুবকসকলে স্ফুৰ্তিদায়কৰূপে প্ৰভাৱিত হয়। কেনেকৈ তেওঁলোকে উত্তমৰূপে লাভৱান হʼল তাৰে উদাহৰণ “যুৱকসকল যিসকলে বয়োবৃদ্ধ ব্যক্তিৰ পৰা শিকে” ভাগত উল্লেখ কৰা হব।
যিহোৱা হৈছে সকলো গুপনীয়তাৰ প্ৰকাশক। এই সময়ত আমি পৰিশ্ৰমীক মূল্য দি গুপুতে থকা আধ্যাত্মিক ভাণ্ডাৰৰ অনুসন্ধান কিয় কৰা উচিত? পৰিদৰ্শিত বক্তাই তেওঁৰ বক্তব্যত “যিহোৱাই গভীৰ কথাক ক্ৰমনুগতিত প্ৰকাশ কৰে” যোগেদি প্ৰাচীন আৰু আধুনিক সময়ত যিহোৱাৰ কি ভাৱ প্ৰকাশ কৰে বাখ্যা কৰিব। ই আমাক “ঈশ্বৰৰ গভীৰ কথাক অনুসন্ধান কৰে” বিষয়ক অহৰহ বুজিবলৈ শক্তি যোগাব।
এতিয়াই উপস্থিত হবলৈ আচঁনি তৈয়াৰ কৰক। যিসকলে যিহোৱাত সমৰ্পিত হৈ বাপ্তিষ্মা লবলৈ অভিপ্ৰায় ৰাখিছে তেওঁলোকে অতি সোনকালে প্ৰিজাইডিং ওভাৰচিয়াৰক জনোৱা উচিত। আমাৰ আন্তৰিক ইচ্ছা ঈশ্বৰৰ বাক্যৰ প্ৰতি অন্বেষণ কৰাৰ বিষয়ে আমি যি শুনিম তাৰে দৃঢ় হব পাৰিম। সেইবাবে আধ্যাত্মিক নিৰ্দেশনৰ এই বিশেষ দিনটো নেহেৰুৱাব!