ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১/০২ পৃষ্ঠা ৭
  • এদিনীয়া নতুন বিশেষ সন্মিলনৰ কাৰ্য্যক্ৰম

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এদিনীয়া নতুন বিশেষ সন্মিলনৰ কাৰ্য্যক্ৰম
  • ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • এদিনীয়া বিশেষ সন্মিলনৰ নতুন কাৰ্য্যক্ৰম
    ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • বিশেষ সন্মিলনৰ নতুন কাৰ্য্যক্ৰম
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • এদিনীয়া বিশেষ সন্মিলনৰ নতুন কাৰ্য্যক্ৰম
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • সন্মিলনৰ কাৰ্য্যক্ৰমসমূহৰ পুনৰ নিৰীক্ষণ কৰাৰ নতুন ব্যৱস্থা
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১/০২ পৃষ্ঠা ৭

এদিনীয়া নতুন বিশেষ সন্মিলনৰ কাৰ্য্যক্ৰম

নতুন সেৱা বছৰৰ এদিনীয়া বিশেষ সন্মিলনৰ কাৰ্য্যক্ৰমৰ বিষয়টো দৃঢ়ভাৱে শাস্ত্ৰীয় পদৰ ওপৰত আধাৰিত। সেই পদটো হৈছে: “তোমালোকে ঈশ্বৰৰ বশীভূত হোৱা​—⁠কিন্তু চয়তানক প্ৰতিৰোধ কৰা।” (যাকো. ৪:⁠৭) এই প্ৰত্যাহ্বানজনক সময়ছোৱাত এইয়া হৈছে এক যথাৰ্থ পথ-প্ৰদৰ্শক! আমি যিহোৱাৰ আজ্ঞাসমূহক পালন কৰাৰ অৰ্থ হৈছে পোনপটীয়াকৈ চয়তানৰ সম্মুখীন হোৱা। চয়তানে আমাৰ বিশ্বাসক নষ্ট কৰিবলৈ তৈয়াৰ কৰা দুষ্ট অভিসন্ধিক প্ৰতিৰোধ কৰি আমি কেনেকৈ বিশ্বাসত দৃঢ় হৈ থাকিব পাৰোঁ, এই বিষয়ে সেই এদিনীয়া বিশেষ সন্মিলনৰ কাৰ্য্যক্ৰমত শিকোৱা হʼব। এই সন্মিলনত আমি কেনে বহুমূলীয়া আধ্যাত্মিক ৰত্ন লাভ কৰিম?

“পৰিয়ালৰূপে আমি ঈশ্বৰৰ প্ৰতি অধীনতা দেখুৱা,” ভাষণটোত চাৰ্কিত ওভাৰচিয়াৰে বৰ্ণনা কৰিব যে এই জগতৰ হেঁচাক প্ৰতিৰোধ কৰি আমি কেনেকৈ নিজৰ পৰিয়ালটোক আধ্যাত্মিকৰূপে শক্তিশালী কৰিব পাৰোঁ। অতিথি বক্তাজনে দিয়া দিনটোৰ প্ৰথম ভাষণৰ বিষয় হৈছে: “চয়তানক বিৰুদ্ধ কৰাৰ অৰ্থ কি।” এই ভাষণত বৰ্ণনা কৰা হʼব যে চয়তানে আমাৰ আধ্যাত্মিকতাক ধ্বংস কৰিবলৈ লোৱা লক্ষ্যক প্ৰতিৰোধ কৰিবলৈ কেনেকৈ আৰু কিয় এক সুনিশ্চিত পদক্ষেপ লোৱা আৱশ্যক। এই ভাষণৰ দুটা ভাগ বিশেষকৈ ডেকা ব্যক্তিসকলৰ বাবে তৈয়াৰ কৰা হৈছে, তেওঁলোকো চয়তানৰ ফান্দৰ প্ৰতি সতৰ্ক হোৱা উচিত। বৰ্তমান সময়ত বহুতো বয়সস্থ খ্ৰীষ্টান ভাই-ভনীয়ে এই জগতৰ অভিলাষৰ অনুসাৰে চলিবলৈ অস্বীকাৰ কৰিছে। এই সন্মিলনত আমি তেওঁলোকৰ কিছুমানৰ অভিজ্ঞতাৰ বিষয়ে শুনিবলৈ পাম।

যিসকলৰ দ্বাৰা মানৱ সমাজ সৃষ্টি হৈছে, তেনে অধিকাৰীসকলৰ অধীন হোৱা আৱশ্যক। অতিথি বক্তাজনে তেওঁৰ শেষৰ ভাষণটোত, আমি নিশ্চয়তাৰে ঈশ্বৰীয় অধীনতা দেখুৱাৰ চাৰিটা ক্ষেত্ৰৰ বিষয়ে উল্লেখ কৰিব: (১) চৰকাৰৰ প্ৰতি অধীন হোৱা, (২) মণ্ডলীত অধীন হোৱা, (৩) চাকৰিৰ স্থলত অধীন হোৱা আৰু (৪) পৰিয়ালত অধীন হোৱা। কি যে এক কাৰ্য্যকাৰী কাৰ্য্যক্ৰম!

এই এদিনীয়া বিশেষ সন্মিলনত যিসকলে বাপ্তিষ্মা লʼব বিচাৰে তেওঁলোকে যিমান সোনকালে সম্ভৱ আগতীয়াকৈ প্ৰিজাইডিং ওভাৰচিয়াৰক জনোৱা আৱশ্যক। আমাৰ সকলোৱে সেই এদিনীয়া বিশেষ সন্মিলনত উপস্থিত হʼবলৈ নিজৰ নিজৰ কেলেণ্ডাৰত সন্মিলন হʼব লগা তাৰিখটোক চিহ্ন দিয়া উচিত। নিজকে চিৰকালৰ বাবে যিহোৱাৰ অধীন হৈ আমি তেওঁৰ পৰা অনন্তকলীয়া আশীৰ্ব্বাদ লাভ কৰিব পাৰিম।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক