বিশেষ সন্মিলনৰ নতুন কাৰ্য্যক্ৰম
১ যিহেতু প্ৰচাৰৰ মাধ্যম আৰু জাগতিক শিক্ষাবিদসকলে ভৌতিকভাৱে ধনৱান ব্যক্তিক প্ৰশংসা কৰে, কিন্তু ইয়াৰ বিপৰীতে ঈশ্বৰৰ বাক্যই আমাক আগ্ৰহ কৰিছে যে, “উত্তম কৰ্ম্মৰূপ ধনত ধনৱন্ত হওক।” (১ তীম. ৬:১৮) এয়াই হৈছে ২০০৩ চনৰ এপ্ৰিল মাহৰ পৰা আৰম্ভ হʼবলগীয়া বিশেষ সন্মিলনৰ বিষয়বস্তু। এই সন্মিলনৰ পৰা আমি কেনেকৈ উৎসাহিত হʼব পাৰিম?
২ এই সন্মিলনত পৰিব্ৰাজক অধ্যক্ষই আলোচনা কৰি কʼব যে, “ঈশ্বৰৰ দৃষ্টিত ধনৱন্ত হোৱা” মানে কি আৰু তেওঁ আধ্যাত্মিকৰূপে ধনৱন্ত হʼবলৈ চেষ্টা কৰা কিছুমানৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিব। দিনটোৰ প্ৰথম ভাষণত পৰিদৰ্শিত বক্তাই বুজাই দিব যে ঈশ্বৰৰ লোকসকলে কেনেকৈ “শস্য দোৱাৰ এই সময়ছোৱাত উত্তম কৰ্ম্ম কৰা” কাৰ্য্যক সম্পন্ন কৰিছে। তেওঁলোকৰ প্ৰত্যেকজনে আমাক বৰ্তমান সময়ত ঈশ্বৰে নিযুক্তি কৰা শস্য দোৱা কাৰ্য্যক সম্পন্ন কৰাত সম্পূৰ্ণৰূপে ভাগ লʼবলৈ উৎসাহিত কৰিব।
৩ আমাৰ খ্ৰীষ্টান যুৱক-যুৱতীসকলে আধ্যাত্মিকৰূপে ধনৱন্ত হʼবলৈ কৰা চেষ্টা দেখি আমি কিমান যে সন্তুষ্টি লাভ কৰোঁ! এনে কৰাৰ দ্বাৰা তেওঁলোকে যিহোৱাৰ প্ৰশংসা আৰু ভৱিষ্যতৰ বিশেষাধিকাৰৰ বাবে এক উত্তম আধাৰশিলা স্থাপন কৰিছে। “যিহোৱাক স্তুতি কৰিবলৈ কৰা উত্তম কৰ্ম্মৰ বাবে যুৱকসকল বাস্তৱতে প্ৰশংসনীয়” নামৰ ভাষণটোৱে বৰ্তমান সময়ত খ্ৰীষ্টান যুৱক-যুৱতীসকলে সম্পন্ন কৰা উত্তম কৰ্ম্মৰ বিষয়ে আলোকপাত কৰিব।
৪ উত্তম কৰ্ম্ম কৰাৰ দ্বাৰা কেনে পৰিণামসমূহ লাভ কৰিব পাৰি? এই বিষয়ে পৰিদৰ্শিত বক্তাই নিজৰ ভাষণ আলোচনা কৰিব আৰু সেই ভাষণৰ বিষয় হৈছে, “একেৰাহে উত্তম কৰ্ম্ম কৰি যিহোৱাৰ আশীৰ্ব্বাদসমূহ লাভ কৰা।” তেওঁ আশীৰ্ব্বাদসমূহ লাভ কৰাৰ এই চাৰিটা ক্ষেত্ৰৰ বিষয়ে বিবেচনা কৰিব: (১) ব্যক্তিগত, (২) পৰিয়াল, (৩) মণ্ডলী, (৪) বিশ্বব্যাপী সংগঠনৰূপে।
৫ যিসকলে নিজকে যিহোৱালৈ সমৰ্পণ কৰিলে তেওঁলোকে বাপ্তিষ্মা লোৱাৰ সুযোগ আছে। যদি আপুনিও তেনে পদক্ষেপ লʼবলৈ সাজু আছে, তেনেহʼলে কোনো পলম নকৰাকৈ মণ্ডলীৰ পৰিচালক অধ্যক্ষক এই বিষয়ে অৱগত কৰক।
৬ যেতিয়া আপোনাৰ অঞ্চলত হʼবলগীয়া বিশেষ সন্মিলনৰ তাৰিখৰ বিষয়ে ঘোষণা কৰে তেতিয়া তাত উপস্থিত হʼবলৈ নিশ্চিত আঁচনি বনাওক। আৰম্ভণিৰ গীত আৰু প্ৰাৰ্থনাৰ পূৰ্বেই তাত উপস্থিত থাকিবলৈ সকলো প্ৰকাৰে প্ৰচেষ্টা কৰক। বিশেষ সন্মিলনত উপস্থিত হৈ তাৰ সকলো কাৰ্য্যক্ৰমক মনোযোগেৰে শুনাৰ দ্বাৰা যিহোৱা ঈশ্বৰৰ দৃষ্টিত একেৰাহে প্ৰকৃত ধনৱান ব্যক্তি হʼবলৈ কৰা চেষ্টাক দৃঢ় কৰিব।